দ্বিতীয় বিশ্বযুদ্ধ
৮ প্ৰবন্ধ
-
দ্বিতীয় বিশ্বযুদ্ধ
দ্বিতীয় বিশ্বযুদ্ধ (World War II) বুলিলে ১৯৩৯ চনৰ পৰা ১৯৪৫ চনৰ কালছোৱাত, সমগ্ৰ বিশ্বজুৰি হোৱা যুদ্ধলানিকে বুজা যায়। বিশ্বৰ মহাশক্তি সমূহৰ লগতে, প্ৰায় সকলোবোৰ দেশেই জড়িত হৈ পৰা এই যুদ্ধত দুটি বিপৰীত সামৰিক জোঁটৰ সৃষ্টি হয়, মিত্ৰশক্তি আৰু অক্ষীয়শক্তি।
-
ইহুদী গণহত্যা
ইহুদী গণহত্যা বা হ'লকাষ্ট (The Holocaust, השואה) আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউৰোপীয় ইহুদী ধৰ্মালম্বী লোকসকলৰ ওপৰত কৰা গণহত্যা। ১৯৪১ চনৰ পৰা ১৯৪৫ চনৰ মাজত জাৰ্মান অধিকৃত ইউৰোপত নাজী জাৰ্মানী আৰু ইয়াৰ সহযোগীসকলে নিয়মিতভাবে প্ৰায় ৬০ লাখ ইহুদীক হত্যা কৰেছিল, এয়া আছিল সেইসময়ৰ ইউৰোপৰ ইহুদী…
-
শীতল যুদ্ধ
শীতল যুদ্ধ (Cold War; холо́дная война́, kholodnaya voĭna) হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰসমূহ আৰু ছ'ভিয়েট সংঘ আৰু ইয়াৰ মিত্ৰসমূহৰ মাজত থকা ৰাজনৈতিক আৰু সামৰিক উত্তেজনাপূৰ্ণ অৱস্থা।
-
ফেচিবাদ
ফেচিবাদ (Fascism) হৈছে এক স্বৈৰাচাৰী, উগ্ৰ জাতীয়তাবাদ-ভিত্তিক ৰাজনৈতিক মতবাদ, যি সাধাৰণতে গণতন্ত্ৰ, ব্যক্তি-স্বাধীনতা আৰু সমাজবাদৰ বিপৰীতত অৱস্থিত। ফেচিবাদত ৰাজ্যক কেন্দ্ৰীয় শক্তি হিচাপে গণ্য কৰা হয় আৰু এজন একনায়ক নেতাক ধৰ্মীয় আস্থাৰ দৰে পূজা কৰা হয়।
-
ইউনিট ৭৩১
দ্বিতীয় বিশ্বযুদ্ধৰ দ্বিতীয় চীন-জাপান যুদ্ধৰ(১৯৩৭-১৯৪৫) সময়ছোৱাত প্ৰাণনাশী মানৱ সম্পৰীক্ষা কৰা জাপানী সেনাৰ এটা গোপন জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ গৱেষণা আৰু বিকাশ গোটক ইউনিট ৭৩১ বোলা হয়। ৰাজকীয় জাপানী সেনাই কৰা কিছুমান কুখ্যাত যুদ্ধ অপৰাধৰ বাবে ই দায়ী আছিল।
-
কামিকাজি
কামিকাজি, আনুষ্ঠানিকভাৱে Tokubetsu Kōgekitai বুলিলে দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰফালে মিত্ৰ পক্ষৰ জাহাজৰ ওপৰত আত্মঘাতী আক্ৰমণ চলোৱা জাপানী বৈমানিকসকলক বুজায়। পৰম্পাৰগত বিমান আক্ৰমণতকৈ অধিক ক্ষতি কৰিবলৈ এই পন্থা লোৱা হৈছিল।
-
জন মেনাৰ্ড কেইনছ
জন মেনাৰ্ড কেইনছ (ইংৰাজী: John Maynard Keynes; জন্ম: ৫ জুন ১৮৮৩ – মৃত্যু: ২১ এপ্ৰিল ১৯৪৬) এজন খ্যাতনামা ইংৰাজ অৰ্থনীতিবিদ আছিল। তেওঁ ২০শ শতিকাৰ অন্যতম প্ৰভাৱশালী চিন্তাবিদ হিচাপে পৰিগণিত।
-
শ্বাৰ্ল দ্য গ'ল
শ্বাৰ্ল অঁদ্ৰে জ’জেফ মাৰি দ্য গ’ল (Charles de Gaulle,; ২২ নৱেম্বৰ ১৮৯০ – ৯ নৱেম্বৰ ১৯৭০) এজন ফৰাচী সেনাপতি আৰু ৰাষ্ট্ৰনেতা আছিল, যিয়ে দ্বিতীয় বিশ্বযুদ্ধত নাজী জাৰ্মানীৰ বিৰুদ্ধে মুক্ত ফৰাচী বাহিনীক নেতৃত্ব দিছিল আৰু ১৯৪৪–৪৬ চনত ফৰাচী গণৰাজ্যৰ অস্থায়ী চৰকাৰৰ অধ্যক্ষতা কৰিছিল।