অসম আন্দোলন
৫ প্ৰবন্ধ
-
অসম গণ পৰিষদ
অসম গণ পৰিষদ অসমৰ এক প্ৰধান আঞ্চলিক ৰাজনৈতিক দল, যাৰ জন্ম অসম আন্দোলনৰ ৰাজনৈতিক পৰিণতিত। দলটোৱে ১৯৮৫–১৯৮৯ আৰু ১৯৯৬–২০০১ কালছোৱাত চৰকাৰ গঠন কৰাৰ উপৰিও সাম্প্ৰতিক কালত ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ সৈতে সহভাগিতাৰ জৰিয়তে ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় ভূমিকা বজাই ৰাখিছে।
-
অসম আন্দোলন
অসম আন্দোলন আছিল ১৯৭৯–১৯৮৫ সময়ছোৱাত অসমত অবৈধ অনুপ্ৰবেশকাৰীৰ পৰিচয় নিৰ্ণয় আৰু ভোটাৰ তালিকাৰ শুদ্ধীকৰণক কেন্দ্ৰ কৰি গঢ়ি উঠা এক বিস্তৃত জন-আন্দোলন। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত চলা এই আন্দোলনৰ অন্ত ১৫ আগষ্ট ১৯৮৫ তাৰিখে অসম চুক্তি সাক্ষৰিত হোৱাত ঘটে।
-
খৰ্গেশ্বৰ তালুকদাৰ
খৰ্গেশ্বৰ তালুকদাৰ ( জন্ম: ২৩ জুন ১৯৫৯-১০ ডিচেম্বৰ ১৯৭৯) ৰ জন্ম হৈছিল অবিভক্ত কামৰূপ জিলা আৰু বৰ্তমানৰ বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ উজান বৰবৰী গাঁৱত। তেওঁ অসম আন্দোলনৰ প্ৰথম শ্বহীদ। তেওঁৰ পিতৃ আছিল গৌৰীকান্ত তালুকদাৰ আৰু মাতৃ সাবিত্ৰীবালা। খৰ্গেশ্বৰ তালুকদাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী আছিল।
-
অসম আন্দোলনৰ শ্বহীদ সকলৰ তালিকা
অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়।
-
লালেটাপু সংঘৰ্ষ
লালেটাপু সংঘৰ্ষ হৈছে ১৯৮৩ চনৰ ২০ মাৰ্চত শোণিতপুৰ জিলাৰ জীয়াভৰলীৰ পাৰৰ লালেটাপু অঞ্চলত থলুৱা অসমীয়া আৰু বহিৰাগতৰ মাজত সংঘটিত এক সংঘৰ্ষ। এই সংঘৰ্ষত 'ভূপেন ডেকা', 'বলীন নাথ', 'প্ৰসন্ন বৰুৱা', 'বীৰেণ মিশ্ৰ', 'শ্যাম কুণ্ডু', 'জয়ৰাম বৰুৱা', 'পলাশ ৰাজবংশী', আৰু 'বল্লভ নাথ' নামৰ আঠজন লোক শ্বহীদ হৈছিল।