অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

জেনোয়িজ দুৰ্গ, ছুদাক

জেনোয়িজ দুৰ্গ (Genoese fortress, Sudak, Генуезька фортеця; Генуэзская крепость; Ceneviz qalesi; fortezza genovese) বা ছুদাক দুৰ্গ হৈছে ছুদাকৰ ক্ৰিমিয়াত অৱস্থিত এটা দুৰ্গ। ইয়াক ১৩শ–১৫শ শতিকাত জেনোয়িজসকলে নিৰ্মাণ কৰিছিল। দুৰ্গটোৰ মুঠ মাটি-কালি ২৭.৯ হেক্টৰ।

হালনাগাদ: ১৮ আগষ্ট ২০২৬ ৩০১ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জেনোয়িজ দুৰ্গ (Genoese fortress, Sudak, Генуезька фортеця; Генуэзская крепость; Ceneviz qalesi; fortezza genovese) বা ছুদাক দুৰ্গ হৈছে ছুদাকৰ ক্ৰিমিয়াত অৱস্থিত এটা দুৰ্গ। ইয়াক ১৩শ–১৫শ শতিকাত জেনোয়িজসকলে নিৰ্মাণ কৰিছিল। দুৰ্গটোৰ মুঠ মাটি-কালি ২৭.৯ হেক্টৰ।১

ইতিহাস

ছুদাকৰ ওচৰত প্ৰথম প্ৰতিৰক্ষা ব্যৱস্থা ৰোমানসকলে ৩য়–৪ৰ্থ শতিকাত নিৰ্মাণ কৰিছিল।২ বস্পোৰানসকলৰো ছৌগদাইয়া (ছুদাক)ত নিজা প্ৰতিৰক্ষা ব্যৱস্থা আছিল। ১৩শ শতিকাত জেনোয়িজসকলে ছৌগদাইয়াত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰে। ১৩শ শতিকাৰ শেষভাগৰপৰা ১৪শ শতিকাৰ আৰম্ভণিলৈ নগৰৰ কেন্দ্ৰৰ চাৰিওফালে শিলৰ প্ৰতিৰক্ষা ব্যৱস্থা নিৰ্মাণ কৰা হৈছিল। ১৪শ শতিকাৰ প্ৰথমাৰ্ধত মংগোলসকলে নগৰখন আক্ৰমণ কৰে আৰু ইয়াৰ ফলত মূল জেনোয়িজ প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস হয়। খান বাৰ্দি বেগৰ মৃত্যুৰ পাছত জেনোয়া গণৰাজ্যই ছৌগদাইয়া পুনৰ দখল কৰে, যাক তেতিয়া ছলদাইয়া বুলি কোৱা হৈছিল, আৰু নগৰখনৰ চাৰিওফালে এটা নতুন দুৰ্গ নিৰ্মাণ কৰা হৈছিল।১ দুৰ্গটোৰ ইতিহাসৰ এই সময়ছোৱা জেনোয়িজসকলে দেৱালত এৰি যোৱা শিলালিপিৰ বাবে আটাইতকৈ ভালদৰে অধ্যয়ন কৰা হৈছে।৩ ১৪৭৫ চনত ছুদাক অট্টোমান সাম্ৰাজ্যৰ নিয়ন্ত্ৰণলৈ আহে। ১৭৭১ চনত ছুদাক ৰাছিয়ান সাম্ৰাজ্যৰ সশস্ত্ৰ বাহিনীয়ে দখল কৰে। ৰাছিয়ান সাম্ৰাজ্যৰ শাসনৰ অধীনত দুৰ্গটোৱে ইয়াৰ গুৰুত্ব আৰু কৌশলগত মূল্য হেৰুৱায়। সেয়েহে জেনোয়িজসকলৰ নিৰ্মাণসমূহ আৰু দুৰ্গটোৰ কিছু অংশ ভাঙি পেলোৱা হয় আৰু ইটাসমূহ নতুন নিৰ্মাণত ব্যৱহাৰ কৰা হয়।১

১৯২৫ চনত জেনোয়িজ দুৰ্গৰ এলেকাত এটা ঐতিহাসিক আৰু প্ৰত্নতাত্ত্বিক সংগ্ৰহালয় স্থাপন কৰা হয়, যিটো ১৯২৬ চনত মস্কো ৰাজ্যিক ঐতিহাসিক সংগ্ৰহালয়ৰ অংশ হয়। ১৯৫৮ চনত ক্ৰিমিয়া ইউক্ৰেইনীয় ছোভিয়েট সমাজবাদী গণৰাজ্যলৈ হস্তান্তৰ কৰাৰ পাছত দুৰ্গটো ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চল "কিয়েভৰ ছফিয়া"ৰ অংশ হয়। ১৯৫৯ চনৰপৰা পুনৰুদ্ধাৰৰ কাম চলি আহিছে।১ জেনোয়িজ দুৰ্গক ইউক্ৰেইনৰ সাতটা আশ্চৰ্যৰ বাবে মনোনীত কৰা হৈছিল।৪ ২০০৭ চনত দুৰ্গটো অস্থায়ী বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰা হয়৫ আৰু ২০১০ চনত ক'লা সাগৰ আৰু ভূমধ্য সাগৰৰ জেনোয়িজ দুৰ্গসমূহৰ এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় মনোনয়নৰ অংশ হয়।৬

গঠন

ওচৰৰ পাহাৰৰপৰা জেনোয়িজ দুৰ্গৰ দৃশ্য। তলৰ স্তৰ সন্মুখত আৰু ওপৰৰ স্তৰ পিছফালে আছে।
ওচৰৰ পাহাৰৰপৰা জেনোয়িজ দুৰ্গৰ দৃশ্য। তলৰ স্তৰ সন্মুখত আৰু ওপৰৰ স্তৰ পিছফালে আছে।ছবি: This photography was created by Artem Topchiy (user Art-top). Other photos see h · CC BY-SA 3.0

জেনোয়িজ দুৰ্গটো এটা পাহাৰৰ ওপৰত অৱস্থিত। ইয়াৰ দক্ষিণফালে কৃষ্ণ সাগৰ আৰু উত্তৰফালে এটা খাল আছে। দুৰ্গটো দুটা অংশত বিভক্ত: ওপৰৰ স্তৰ আৰু তলৰ স্তৰ।

তলৰ স্তৰ

তলৰ স্তৰটো দুৰ্গটোৰ উত্তৰ অংশ গঠন কৰে। তলৰ স্তৰৰ দেৱাল ৬–৮ মিটাৰ ওখ আৰু ১.৫–২ মিটাৰ বহল। ইয়াত ১৫ মিটাৰ ওখ চৈধ্যটা স্তম্ভ আৰু মুখ্য প্ৰৱেশদ্বাৰ আছে।৪

ওপৰৰ স্তৰ

ওপৰৰ স্তৰটো সাগৰৰ ওচৰত থকা দুৰ্গটোৰ দক্ষিণ অংশ গঠন কৰে। ইয়াত কনছুলৰ দুৰ্গ আৰু কেইবাটাও স্তম্ভ আছে।৪ ওপৰৰ স্তৰৰ উল্লেখযোগ্য স্তম্ভসমূহ হৈছে প্ৰহৰী স্তম্ভ, কোণৰ স্তম্ভ আৰু জৰ্জৰ স্তম্ভ।

নগৰ

জেনোয়িজ দুৰ্গে আগুৰি ৰখা এলেকাত কেইবাটাও অট্টালিকা আছে। দেৱালৰ বাহিৰতো কিছুমান গঠন আছে। ইয়াৰ ভিতৰত সংৰক্ষণ ভৱন, পানীৰ জলাধাৰ, পাদিশাহ জামি মছজিদ, বাৰজন পাঁচনিৰ গীৰ্জা আৰু ৰাছিয়ান সাম্ৰাজ্যৰ সেনাই নিৰ্মাণ কৰা বেৰেকৰ অৱশেষ আছে।

তথ্যসূত্ৰ

  1. ↑ uk:Судацька фортеця. National Sanctuary "Sophia of Kyiv"
  2. ↑ Vus, O. V. ru:Приморские castella tumultaria Судака в контексте военно-инженерной практики римлян в Крыму в IV веке. «Византийская мозаика»: Сборник публичных лекций Эллино-византийского лектория при Свято-Пантелеимоновском храме. পৃ. 178–183. ISBN 978-966-372-833-9
  3. ↑ Zharkykh, M. I. СУДАЦЬКА ФОРТЕЦЯ, ГЕНУЕЗЬКА ФОРТЕЦЯ. ইউক্ৰেইনৰ ইতিহাসৰ বিশ্বকোষ
  4. ↑ Генуезька фортеця. 7 Wonders of Ukraine
  5. ↑ Ministry of Construction, Architecture, Housing and Municipal Economies of Ukraine. Complex of the Sudak Fortress Monuments of the 6th - 16th c.. UNESCO World Heritage Centre
  6. ↑ Permanent Delegation of Ukraine to UNESCO. Trading Posts and Fortifications on Genoese Trade Routes. From the Mediterranean to the Black Sea. UNESCO World Heritage Centre

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইনৰ দুৰ্গ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেনোয়িজ দুৰ্গ, ছুদাক” প্ৰবন্ধৰ সংশোধন ৬২৮৭৬৭ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।