ভাৰতৰ ৰাজবংশ
৬ প্ৰবন্ধ
-
মোগল সাম্ৰাজ্য
মোগল সাম্ৰাজ্য বা মোগল চলতনত (আৰবী:চল্তনাত আল হিন্দীয়া; ফাৰ্চী:বিলাদ-ই-হিন্দোস্তান; ঐতিহাসিক হিন্দী:মুগলিয়া চলতনত) দক্ষিণ এছিয়াৰ এক প্ৰাৰম্ভিক আধুনিক সাম্ৰাজ্য আছিল।
-
চোল ৰাজবংশ
চোল ৰাজবংশ (Chola dynasty) দক্ষিণ ভাৰতৰ তামিলাকম তামিল সামুদ্ৰিক সাম্ৰাজ্য (thalassocratic) আৰু বিশ্ব ইতিহাসৰ অন্যতম দীৰ্ঘদিনীয়া বংশ আছিল। মৌৰ্য সাম্ৰাজ্যৰ অশোকৰ ৰাজত্বকালৰ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ শিলালিপিৰ পৰা চোলসকলৰ বিষয়ে সময়ৰ উল্লেখ থকা তথ্য পোৱা যায়।
-
পল্লৱ ৰাজবংশ
পল্লৱ ৰাজবংশ (Pallava dynasty) দাক্ষিণাত্যৰ এক উল্লেখযোগ্য অংশৰ বা টোণ্ডাইমণ্ডলমৰ শাসক আছিল। ২৭৫ খ্ৰীষ্টাব্দৰ পৰা ৮৯৭ খ্ৰীষ্টাব্দলৈকে এই ৰাজবংশৰ অস্তিত্ব আছিল। সাতবাহন ৰাজবংশৰ পতনৰ পিছত এই বংশটোৱে প্ৰাধান্য লাভ কৰে। ইয়াৰ পূৰ্বে পল্লৱসকল সাতবাহন ৰাজবংশৰ সামন্ত আছিল।
-
পাণ্ড্য ৰাজবংশ
পাণ্ড্য ৰাজবংশ (Pandya dynasty) দক্ষিণ ভাৰতৰ এটা প্ৰাচীন তামিল ৰাজবংশ আছিল। তেওঁলোকক মাদুৰাইৰ পাণ্ড্য বুলিও কোৱা হয়। তামিলাকমৰ তিনিটা প্ৰখ্যাত বংশৰ অন্যতম; আন দুটা ৰাজবংশ হৈছে চোল আৰু চেৰা।
-
সাতবাহন ৰাজবংশ
সাতবাহন (Satavahana dynasty) দাক্ষিণাত্য অঞ্চলৰ এটা প্ৰাচীন ভাৰতীয় ৰাজবংশ আছিল, যাক পুৰাণত অন্ধ্ৰ বুলিও কোৱা হৈছে। আধুনিক বিজ্ঞসকলৰ অধিকাংশই বিশ্বাস কৰে যে সাতবাহন শাসন খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ শেষৰ ফালে আৰম্ভ হৈছিল আৰু খ্ৰীষ্টীয় তৃতীয় শতিকাৰ আৰম্ভণিলৈকে চলিছিল যদিও কিছুমানে পুৰাণৰ ভিত্তিত…
-
মাৰাঠা সাম্ৰাজ্য
মাৰাঠা সাম্ৰাজ্য (Marathi: मराठा साम्राज्य) সোতৰ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈকে (১৬৭৪ - ১৮১৮) সমগ্ৰ ভাৰতবৰ্ষৰ অধিকাংশ অঞ্চলতে বিদ্যমান এক ঐতিহাসিক সাম্ৰাজ্য।