দেৱী আন্দোলন (Goddess movement) বুলিলে দেৱী বা নাৰী উপাসনাকেন্দ্ৰীক আধ্যাত্মিক বিশ্বাস বা আচাৰক (মূলতঃ নিওপেগান বা নব্যবিধৰ্মবাদ, Neopagan) বুজা যায়। ১৯৭০ৰ দশকত প্ৰধানকৈ উত্তৰ আমেৰিকা, পশ্চিম ইউৰোপ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত ইয়াৰ উদ্ভৱ হৈছিল। ১ এই আন্দোলন পুৰুষপ্ৰধান হিচাপে সংগঠিত ধৰ্মৰ ধাৰণাসমূহৰ প্ৰতিক্ৰিয়া হিচাপে বৃদ্ধি পাইছিল।২ দেৱী আন্দোলনত দেৱী উপাসনা কৰা হয় আৰু নাৰীৰ ওপৰত, বা এক বা একাধিক নাৰীত্ব বা লিংগৰ ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
দেৱী আন্দোলন হৈছে নব্যবিধৰ্মবাদ বা নিওপেগানৰ এক ব্যাপক কিন্তু অ-কেন্দ্ৰীভূত প্ৰৱণতা। সেয়েহে ইয়াত বিশ্বাসৰ কোনো কেন্দ্ৰীভূত ধাৰণা নাই।৩ পূজা কৰা দেৱীৰ নাম আৰু সংখ্যাৰ পৰা দেৱী আন্দোলনত ব্যৱহৃত নিৰ্দিষ্ট ৰীতি-নীতি বা প্ৰথাসমূহ ব্যাপকভাৱে পৃথক হয়। উদাহৰণস্বৰূপে, ডায়েনিক ৱিক্কা বা ডায়েনিক ডাইনীবিদ্যাত কেৱল দেৱীসকলক উপাসনা কৰা হয় যদিও আন ধৰ্ম বা পৰম্পৰাত এনে কৰা নহয়। ধৰ্মবিশ্বাসৰ এই পন্থাসমূহে একেশ্বৰবাদীৰ পৰা বহুধৰ্মী পন্থালৈকে বিভিন্ন ধৰ্মীয় প্ৰকাৰক সামৰি লয়। সাধাৰণ বহুত্ববাদী বিশ্বাসৰ অৰ্থ হৈছে যে এজন স্ব-পৰিচিত দেৱী উপাসকে তাত্ত্বিকভাৱে সমগ্ৰ বিশ্বৰ সংস্কৃতিৰ পৰা যিকোনো সংখ্যক বিভিন্ন দেৱীক উপাসনা কৰিব পাৰে।৪৫ ইয়াৰ বৈশিষ্ট্যৰ ওপৰত আধাৰিত কৰি দেৱী আন্দোলনক সাংস্কৃতিক ধৰ্মীয়তাৰ এক প্ৰকাৰ বুলিও কোৱা হয় আৰু ই বৈচিত্ৰ্যপূৰ্ণ, ভৌগোলিকভাৱে বিস্তৃত আৰু অধিক গতিশীল।৬
পৃষ্ঠভূমি
ঊনবিংশ শতিকাত, প্ৰথম তৰংগৰ কিছুসংখ্যক নাৰীবাদী যেনে মাটিল্ডা জছলিন গেজ আৰু এলিজাবেথ কেডি ষ্টেণ্টনে তেওঁলোকৰ এগৰাকী দেৱীৰ বৰ্ণনাৰে দেৱী আন্দোলন সম্পৰ্কত তেওঁলোকৰ ধাৰণা প্ৰকাশ কৰিছিল।৭ ইয়াৰ বিপৰীতে জোহান জেকব বাচোফেনৰ দৰে নৃতত্ত্ববিদসকলে প্ৰাগৈতিহাসিক মাতৃতান্ত্ৰিক দেৱী সংস্কৃতিৰ ধাৰণাসমূহ পৰীক্ষা কৰিছিল। কিছুসংখ্যক নাৰীবাদীয়ে দাবী কৰে যে নাৰী ধৰ্মতত্ত্বসমূহ অধিক প্ৰাচীন আৰু এইসমূহ নৱ প্ৰস্তৰ যুগত বা ৩০ হাজাৰ বছৰ আগেয়ে উদ্ভৱ হৈছিল।৮ কোৱা হয় যে খ্ৰীষ্টান ধৰ্মই ১ম থিওডোছিয়াছৰ দ্বাৰা কেইবাটাও আদেশৰ জৰিয়তে সকলো প্ৰাক-খ্ৰীষ্টান ধৰ্মক অবৈধ ঘোষণা কৰাৰ সময়ত এই ধৰ্মতত্ত্বসমূহ দমন কৰা হৈছিল।৮ দ্বিতীয় তৰংগৰ নাৰীবাদ আন্দোলনৰ সময়ত এই ধাৰণাবোৰে অতিৰিক্ত আকৰ্ষণ লাভ কৰিছিল। দ্বিতীয়-তৰংগ নাৰীবাদ আন্দোলনৰ সময়ত এই ধাৰণাবোৰে অতিৰিক্ত আকৰ্ষণ লাভ কৰিছিল। ১৯৬০ আৰু ১৯৭০ ৰ দশকত ধৰ্মৰ ইতিহাসৰ প্ৰতি আগ্ৰহী হোৱা নাৰীবাদীসকলে হেলেন ডিনাৰ (১৯৬৫),৯ যাৰ গ্ৰন্থ মাদাৰ্ছ এণ্ড আমাজনচ: এন আউটলাইন অৱ ফিমেল এম্পায়াৰছ প্ৰথমবাৰৰ বাবে ১৯৩২ চনত জাৰ্মান ভাষাত প্ৰকাশিত হৈছিল; মেৰী এষ্টাৰ হাৰ্ডিং (১৯৩৫),১০ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী গুৰুত্বপূৰ্ণ জাংগিয়ান মনোবিশ্লেষক; এলিজাবেথ গৌল্ড ডেভিছ (১৯৭১); আৰু মাৰ্লিন ষ্টোনৰ (১৯৭৬) ৰচনাৰ কথাও উল্লেখ কৰে।
১৯৭০-ৰ দশকৰ পৰা দেৱী আধ্যাত্মিকতাই এক স্বীকৃত আন্তৰ্জাতিক সাংস্কৃতিক আন্দোলন হিচাপে আত্মপ্ৰকাশ কৰিছে।১১ ১৯৭৮ চনত কেৰল পি খ্ৰীষ্টৰ বহুল ভাৱে পুনৰ মুদ্ৰিত এগৰাকী সৰ্বোচ্চ দেৱীৰ প্ৰাচীন ধৰ্ম থকাৰ ধাৰণাটোৰ সপক্ষে যুক্তি দিয়া হোৱাই ৱুমেন নীড দ্য গডেছ১২ নামৰ ৰচনাখন কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গ্ৰেট গডেছ ৰি-ইমাৰ্জিং শীৰ্ষক সন্মিলনত পাঁচশৰো অধিক দৰ্শকৰ সন্মুখত মুখ্য ভাষণ হিচাপে উপস্থাপন কৰা হৈছিল।১৩ ইয়াক প্ৰথমবাৰৰ বাবে হেৰিচিজ: এ ফেমিনিষ্ট পাব্লিকেচন অন আৰ্ট এণ্ড পলিটিক্সৰ (১৯৭৮) দ্য গ্ৰেট গডেছ নামৰ সংখ্যাত প্ৰকাশ কৰা হৈছিল।১৪ কেৰল পি খ্ৰীষ্টে কালজয়ী নাৰীবাদী ধৰ্মতত্ত্ব ৱিভিং দ্য ভিজনছ: নিউ পেটাৰ্ণছ ইন ফেমিনিষ্ট স্পিৰিচুৱেলিটি (১৯৮৯) আৰু ৱুমেনস্পিৰিট ৰাইজিং (১৯৭৯/১৯৮৯)ৰ সহ-সম্পাদনা কৰিছিল। ইয়াৰে পিছৰখনত তেওঁৰ ৰচনা হোৱাই ৱুমেন নীড দ্য গডেছ অন্তৰ্ভুক্ত কৰা হৈছিল। ১২
পৰিভাষা
দেৱী আন্দোলনৰ চলতি পৰিভাষাত ব্যৱহৃত সম্পৰ্কিত শব্দবোৰৰ ভিতৰত নিম্নলিখিতসমূহ অন্তৰ্ভুক্ত হৈ থাকে:
- দেৱীসকলে এক নিৰ্দিষ্ট সংস্কৃতিৰ সৈতে স্পষ্টভাৱে সম্পৰ্কিত স্থানীয় বা নিৰ্দিষ্ট দেৱতাক বুজায় আৰু প্ৰায়ে নিৰ্দিষ্ট দিশ, গুণাগুণ আৰু শক্তিৰ সৈতে সম্পৰ্কিত (উদাহৰণ স্বৰূপে: মেছোপটেমিয়াৰ দেৱী ইনান্না/ইষ্টাৰ; এথেনা; বা হিন্দু দেৱী যেনে সৰস্বতী শিক্ষা, কবিতা, সংগীত, অনুপ্ৰেৰণা আৰু জ্ঞানৰ দেৱী; লক্ষ্মী আৰু সম্পদ আৰু সাৰ্বভৌমত্বৰ দেৱী)।
- দেৱী বা মহান দেৱী (আদ্যাশক্তি) হৈছে এগৰাকী দেৱী যাক প্ৰাথমিক বা প্ৰধান বুলি গণ্য কৰা হয়। এনে ধৰণৰ ধৰ্মীয় ব্যৱস্থা ঐতিহাসিকভাৱে বহুতো সংস্কৃতিত বিদ্যমান আছিল যদিও ইয়াৰ নাম আৰু বৈশিষ্ট্য ভিন্ন। যদি কোনো পুৰুষ দেৱতা থাকে, তেন্তে তেওঁক প্ৰায়ে দেৱীগৰাকীৰ সমকক্ষ বুলি গণ্য কৰা হয়, বা তেওঁৰ শক্তিবোৰ দেৱীগৰাকীৰ পৰা আহৰণ কৰা বুলি ভবা হয়।১৫ এই শব্দবোৰে সাধাৰণতে সংস্কৃতিসমূহৰ মাজত একে ধৰণৰ একক দেৱতাক বুজোৱাৰ পৰিৱৰ্তে বহুতো প্ৰাচীন সংস্কৃতিত সচৰাচৰ হোৱা ধাৰণাকহে সূচায় যাক দেৱী আন্দোলনৰ লোকসকলে পুনৰুদ্ধাৰ কৰিব বিচাৰে।৪
- দেৱী আধ্যাত্মিকতাক কেতিয়াবা দেৱী আন্দোলনৰ সমাৰ্থক হিচাপে আৰু কেতিয়াবা দেৱী আন্দোলনৰ অংশ ৰূপত আধ্যাত্মিক অনুশীলন হিচাপে ব্যৱহাৰ কৰা হয়।১ ই দেৱী আন্দোলনৰ লোকাচাৰকো বুজাব পাৰে।১৬
ৱিক্কা

নব্যবিধৰ্মবাদৰ অংশ ৱিক্কা পন্থাই দেৱীক তেওঁৰ সংগী শিঙাল দেৱতাৰ সৈতে এক প্ৰধাম আৰু গুৰুত্বপূৰ্ণ দেৱতা হিচাপে গণ্য কৰে। প্ৰাচীনতম ৱিক্কান প্ৰকাশনসমূহে ৱিক্কাক ডাইনী সম্প্ৰদায়ৰ জনজাতীয় দেৱী বুলি বৰ্ণনা কৰিছিল। অৱশ্যে এই দেৱীগৰাকী সৰ্বশক্তিমান বা সৰ্বজনীন নহয়।১৭
ৱিক্কাৰ বহুতো প্ৰকাৰত দেৱীগৰাকীক এক সৰ্বজনীন দেৱতা হিচাপে গণ্য কৰি অহা হৈছে আৰু ই চাৰ্জ অফ দ্য গডেছ নামৰ পুথিত থকা তেওঁৰ বৰ্ণনাৰ সৈতে অধিক সামঞ্জস্যপূৰ্ণ। এই ৰূপত তেওঁ হৈছে ইজিপ্তৰ দেৱী আইচিছৰ দৰে স্বৰ্গৰ ৰাণী; তেওঁ গ্ৰীক দেৱী গেইয়াৰ দৰে ওৰেটো জীৱনটো গৰ্ভধাৰণ কৰে। আইচিছৰ দৰেই১৮ তেওঁক আন সকলো দেৱীৰ একত্ৰিৰ ৰূপ বুলি ধৰা হয় যি বিভিন্ন সংস্কৃতিত তেওঁৰ বিভিন্ন নাম আৰু দিশপ্ৰতিনিধিত্ব কৰে।
তথ্যসূত্ৰ
- ↑ Rountree, Kathryn. (2004). Embracing the Witch and the Goddess: Feminist Ritual-makers in New Zealand. Psychology Press. পৃ. ix, 9. ISBN 0415303583
- ↑ O'Brien, Jodi. (2008). Encyclopedia of Gender and Society. SAGE Publications. পৃ. 709. ISBN 9781452266022
- ↑ Reid-Bowen, Paul. (2016). Goddess as Nature: Towards a Philosophical Thealogy. Routledge. পৃ. 23. ISBN 9780754656272
- ↑ Christ, Carol P. (1997). Rebirth of the Goddess: Finding Meaning in Feminist Spirituality. Routledge. ISBN 978-1-1367-6384-7
- ↑ Christ, Carol P. (2003). She Who Changes: Re-imagining the Divine in the World. Palgrave MacMillan. ISBN 978-1-4039-6083-2
- ↑ Griffin, Wendy. (1999). Daughters of the Goddess: Studies of Identity, Healing, and Empowerment. AltaMira Press. পৃ. 61. ISBN 074250347X
- ↑ Stein, Diane. (2001). Diane Stein's Guide to Goddess Craft. The Crossing Press. পৃ. 23. ISBN 1580910912
- ↑ Frank Parsons, Susan. (2002). The Cambridge Companion to Feminist Theology. Cambridge University Press. পৃ. 79. ISBN 052166327X
- ↑ Diner, Helen. (1965). Mothers and Amazons. Julian Press
- ↑ Harding, M. Esther, MD. (1935). Woman's Mysteries: Ancient and Modern. Longmans, Green and Co
- ↑ Tøllefsen, Inga Bårdsen; Giudice, Christian. (2017). Female Leaders in New Religious Movements. Palgrave Macmillan. পৃ. 244. ISBN 978-3-319-61526-4
- ↑ Christ, Carol P. why-women-need-the-goddess-part-1/cufo Why Women Need the Goddess. GoddessAriadne.org. Ariadne Institute
- ↑ Carol Christ -- interviewed for the Signs out of Time project. Belili Productions
- ↑ Christ, Carol P. (1978). Why Women Need the Goddess. Heresies Magazine
- ↑ Gttner-Abendroth, Heide. (1987). Matriarchal Mythology in Former Times and Today (pamphlet). Crossing Press
- ↑ Beavis, Mary Ann. (2016). Christian Goddess Spirituality: Enchanting Christianity. Routledge. পৃ. 29. ISBN 9781138936881
- ↑ Gardner, Gerald. (2004). The Meaning of Witchcraft. Weiser Books. পৃ. 26–27. ISBN 978-1-5786-3309-8
- ↑ Betz. (1989). The Greek Magical Papyri in Translation: Including the Demotic Spells. University of Chicago Press. ISBN 978-0-2260-4447-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱী আন্দোলন” প্ৰবন্ধৰ সংশোধন ৬৩১৪৫০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।