ভাৰতৰ সাম্ৰাজ্য আৰু ৰাজ্য
১৯ প্ৰবন্ধ
-
আহোম ৰাজ্য
আহোম ৰাজ্য (পূৰ্বনাম অসম ৰাজ্য; টাই-আহোম নাম মু'ঙ দুন চুন খাম) ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় ৬০০ বছৰ ধৰি টিকি থকা এক মধ্যযুগীয় ৰাজতান্ত্ৰিক ৰাজ্য আছিল। এই ৰাজ্যই উত্তৰ-পূব ভাৰতত এক শক্তিশালী ৰাজনৈতিক-সামৰিক ব্যৱস্থা গঢ় দি মোগল সাম্ৰাজ্যৰ প্ৰসাৰ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয় আৰু শেষত ১৮২৬ চনত…
-
চুতীয়া ৰাজ্য
চুতীয়া ৰাজ্য আছিল ত্ৰয়োদশ শতিকাৰ পৰা ষোড়শ শতিকাৰ প্ৰথম ভাগলৈকে পূব অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত গঢ় লৈ উঠা এখন বৃহৎ মধ্যযুগীয় ৰাজতান্ত্ৰিক ৰাজ্য। শদিয়াক কেন্দ্ৰ কৰি ই উত্তৰ-পূব সীমান্ত-বাণিজ্য, সাংস্কৃতিক-ধৰ্মীয় প্রতিষ্ঠান আৰু আঞ্চলিক ৰাজনীতিত দীৰ্ঘকাল প্ৰভাৱ বিস্তাৰ কৰিছিল।
-
কামৰূপ ৰাজ্য
কামৰূপ ৰাজ্য (প্ৰাগজ্যোতিষ) আছিল অসমৰ প্ৰথম স্পষ্ট ঐতিহাসিক ৰাজ্য, যি প্ৰায় ৩৫০ চনৰ পৰা ১১৪০ চনলৈ ব্ৰহ্মপুত্ৰ উপত্যকাত কেন্দ্ৰ কৰি দীৰ্ঘ সময় ধৰি টিকি আছিল।
-
প্ৰাগজ্যোতিষপুৰ
প্ৰাগজ্যোতিষপুৰ মধ্যযুগত বৰ্মন ৰাজবংশৰ শাসনকালীন এক ঐতিহাসিক নগৰ আৰু কামৰূপ ৰাজ্যৰ ৰাজধানী হিচাপে পৰিচিত। সপ্তম শতিকাৰ পিছত ‘প্ৰাগজ্যোতিষপুৰ’ নাম অধিক প্ৰচলিত হয় যদিও নগৰখনৰ সঠিক অৱস্থান সম্পৰ্কে ইতিহাসবিদসকলৰ মাজত বহুমত আছে।
-
মোগল সাম্ৰাজ্য
মোগল সাম্ৰাজ্য বা মোগল চলতনত (আৰবী:চল্তনাত আল হিন্দীয়া; ফাৰ্চী:বিলাদ-ই-হিন্দোস্তান; ঐতিহাসিক হিন্দী:মুগলিয়া চলতনত) দক্ষিণ এছিয়াৰ এক প্ৰাৰম্ভিক আধুনিক সাম্ৰাজ্য আছিল।
-
গুপ্ত সাম্ৰাজ্য
গুপ্ত সাম্ৰাজ্য (गुप्तसाम्राज्य, ) হৈছে প্ৰাচীন ভাৰতত মহাৰাজ শ্ৰী গুপ্তই প্ৰতিষ্ঠা কৰা এক সাম্ৰাজ্য। এই সাম্ৰাজ্য ভাৰত উপমহাদেশৰ প্ৰায়ভাগ অঞ্চললৈকে বিস্তৃত আছিল। গুপ্ত সাম্ৰাজ্যৰ কাল হৈছে ৩২০-ৰ পৰা ৫৫০ চন।
-
মৌৰ্য সাম্ৰাজ্য
মৌৰ্য সাম্ৰাজ্য (Sanskrit: मौर्य साम्राज्यम:)লৌহ যুগৰ অবিভক্ত প্ৰাচীন ভাৰতৰ এক বৃহৎ ৰাজনৈতিক শক্তি। খ্ৰীষ্টপূৰ্ব ৩২২-১৮৫ লৈকে মৌৰ্য ৰাজবংশই মৌৰ্য সাম্ৰাজ্যত ৰাজত্ব কৰিছিল।
-
শালস্তম্ভ ৰাজবংশ
শালস্তম্ভ বংশ সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপ্পেশ্বৰ নামে ঠাইত পাতে। ড° ডম্বৰুধৰ নাথৰ মতে শালস্তম্ভ চুতীয়া জাতিৰ লোক। কিন্তু এই বংশৰ ৰজাবিলাকে নিজকে ভগদত্তৰ বংশধৰ বুলিহে পৰিচয় দিছিল।
-
পাল সাম্ৰাজ্য
পাল সাম্ৰাজ্য (Pala Empire; ৭৫০-১১৬১ খ্ৰীষ্টাব্দ) ভাৰতীয় উপমহাদেশৰ উত্তৰ-ধ্ৰুপদী যুগৰ এক সাম্ৰাজ্যবাদী শক্তি আছিল, যাৰ উৎপত্তি বংগ অঞ্চলত হৈছিল। সাম্ৰাজ্যখনৰ শাসক বংশ ‘পাল’ৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।
-
চোল ৰাজবংশ
চোল ৰাজবংশ (Chola dynasty) দক্ষিণ ভাৰতৰ তামিলাকম তামিল সামুদ্ৰিক সাম্ৰাজ্য (thalassocratic) আৰু বিশ্ব ইতিহাসৰ অন্যতম দীৰ্ঘদিনীয়া বংশ আছিল। মৌৰ্য সাম্ৰাজ্যৰ অশোকৰ ৰাজত্বকালৰ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ শিলালিপিৰ পৰা চোলসকলৰ বিষয়ে সময়ৰ উল্লেখ থকা তথ্য পোৱা যায়।
-
পল্লৱ ৰাজবংশ
পল্লৱ ৰাজবংশ (Pallava dynasty) দাক্ষিণাত্যৰ এক উল্লেখযোগ্য অংশৰ বা টোণ্ডাইমণ্ডলমৰ শাসক আছিল। ২৭৫ খ্ৰীষ্টাব্দৰ পৰা ৮৯৭ খ্ৰীষ্টাব্দলৈকে এই ৰাজবংশৰ অস্তিত্ব আছিল। সাতবাহন ৰাজবংশৰ পতনৰ পিছত এই বংশটোৱে প্ৰাধান্য লাভ কৰে। ইয়াৰ পূৰ্বে পল্লৱসকল সাতবাহন ৰাজবংশৰ সামন্ত আছিল।
-
পাণ্ড্য ৰাজবংশ
পাণ্ড্য ৰাজবংশ (Pandya dynasty) দক্ষিণ ভাৰতৰ এটা প্ৰাচীন তামিল ৰাজবংশ আছিল। তেওঁলোকক মাদুৰাইৰ পাণ্ড্য বুলিও কোৱা হয়। তামিলাকমৰ তিনিটা প্ৰখ্যাত বংশৰ অন্যতম; আন দুটা ৰাজবংশ হৈছে চোল আৰু চেৰা।
-
সাতবাহন ৰাজবংশ
সাতবাহন (Satavahana dynasty) দাক্ষিণাত্য অঞ্চলৰ এটা প্ৰাচীন ভাৰতীয় ৰাজবংশ আছিল, যাক পুৰাণত অন্ধ্ৰ বুলিও কোৱা হৈছে। আধুনিক বিজ্ঞসকলৰ অধিকাংশই বিশ্বাস কৰে যে সাতবাহন শাসন খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ শেষৰ ফালে আৰম্ভ হৈছিল আৰু খ্ৰীষ্টীয় তৃতীয় শতিকাৰ আৰম্ভণিলৈকে চলিছিল যদিও কিছুমানে পুৰাণৰ ভিত্তিত…
-
প্ৰাগজ্যোতিষপুৰ ৰাজ্য
পৌৰাণিক যুগত অসমৰ নাম প্ৰাগজ্যোতিষপুৰ ৰাজ্য আছিল। তাৰ পাছত ই লাহে লাহে কামৰূপ নামেৰে জনাজাত হয়। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজত্ব কৰিবলৈ লোৱাৰে পৰা কামৰূপ ৰাজ্য সকলোৰে মাজত অসম নামেৰে পৰিচিত হ’বলৈ ধৰে।
-
মহাৰাণা
মহাৰাণা ("মহান ৰাণা") এক ভাৰতীয় ৰাজকীয় উপাধি ৰাণাৰ এক ভিন্নতা। মহাৰাণাই 'মহাৰাজ' বা 'উচ্চ ৰজা'ক বুজায়, যিটো "মহাৰাজ" শব্দৰ সৈতে মিল আছে। এই শব্দটো সংস্কৃত “মহাৰাণক’’ উপাধিৰ পৰা উদ্ভৱ হৈছে।
-
মাৰাঠা সাম্ৰাজ্য
মাৰাঠা সাম্ৰাজ্য (Marathi: मराठा साम्राज्य) সোতৰ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈকে (১৬৭৪ - ১৮১৮) সমগ্ৰ ভাৰতবৰ্ষৰ অধিকাংশ অঞ্চলতে বিদ্যমান এক ঐতিহাসিক সাম্ৰাজ্য।
-
মাৰৱাৰ
মাৰৱাৰ (Marwar) ভাৰতৰ ৰাজস্থান ৰাজ্যৰ পশ্চিম অংশত অৱস্থিত এক সাংস্কৃতিক আৰু ঐতিহাসিক অঞ্চল। ইয়াক যোধপুৰ অঞ্চল বুলিও কোৱা হয়। ৰাজস্থানৰ বিখ্যাত থৰ মৰুভূমিও এই অঞ্চলত অৱস্থিত, যি পশ্চিমে পাকিস্তানৰ সিন্ধু প্ৰদেশলৈকে বিস্তৃত। এই অঞ্চলৰ স্থানীয় ভাষাটি হʼল মাৰোৱাৰী।
-
মটক ৰাজ্য
মটক ৰাজ্য বা মটক সাম্ৰাজ্য অসমৰ আহোম ৰাজ্যৰ ভিতৰত ১৯ শতিকাৰ স্বায়ত্তশাসিত অঞ্চল। ইয়াক বৰসেনাপতি ("গ্ৰেট জেনেৰেল") দ্বাৰা পৰিচালিত কৰিছিল।
-
বিজয়নগৰ সাম্ৰাজ্য
বিজয়নগৰ সাম্ৰাজ্য (Vijayanagara Empire) কৰ্ণাট ৰাজ্য বুলিও জনাজাত ৷ বিজয়নগৰ মধ্যযুগৰ শেষৰ ফালে ব্যপ্ত হৈ উঠা এখন হিন্দু সাম্ৰাজ্য যিয়ে দক্ষিণ ভাৰতৰ বহু অংশ শাসন কৰিছিল। ১৩৩৬ চনত চন্দ্ৰবংশ ঠালৰ যাদৱ বংশৰ অন্তৰ্গত সংগম বংশৰ হৰিহৰ-প্ৰথম আৰু বুক্কা ৰায়-প্ৰথম ভাতৃদ্বয়ে ইয়াক প্ৰতিষ্ঠা কৰে।