ভাৰতৰ পুৰাতাত্বিক ক্ষেত্ৰ
৬ প্ৰবন্ধ
-
লোথাল
লোথাল সিন্ধু নদীৰ পাৰত গঢ় লৈ উঠা প্ৰাচীন সিন্ধু সভ্যতাৰ অন্তৰ্গত এখন নগৰ আৰু প্ৰায় ৩৭০০ খ্ৰীষ্টপূৰ্বতেই মানুহৰ প্ৰথম বসতি আৰম্ভ হোৱা এই নগৰখন বৰ্তমানৰ গুজৰাটৰ ভাল অঞ্চলত অৱস্থিত।
-
ধোলাভীড়া
ধোলাভীড়া (ધોળાવીરા) গুজৰাটৰ কচ্ছ জিলাত অৱস্থিত এক পুৰাতাত্বিক ক্ষেত্ৰ। ক্ষেত্ৰখনৰ নামটো ১ কি:মি: দূৰত্বত অৱস্থিত একে নামৰ গাঁওখনৰ পৰা লোৱা হৈছে। স্থানীয়ভাৱে কটাড়া টিম্বা নামেৰে জনাজাত ধোলাভীড়াত সিন্ধু সভ্যতাৰ নগৰৰ ভগ্নাৱশেষ আছে।
-
চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যান
চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যান (Champaner-Pavagadh Archaeological Park) গুজৰাট ৰাজ্যৰ পাঁচমহল জিলাত অৱস্থিত। ২০০৪ চনত প্ৰাকৃতিক ক্ষেত্ৰ হিচাপে ই ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰে। ইয়াত অনেক অখননকৃত পুৰাতাত্বিক, ঐতিহাসিক আৰু জীৱ-সাংস্কৃতিক ঐতিহ্য সম্পত্তি আছে।
-
ঊনকোটি
ঊনকোটি ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ঊনকোটি জিলাৰ কৈলাসহৰ মহকুমাত অৱস্থিত এক পুৰাতত্ত্বিক আৰু শৈৱ উপাসনাৰ স্থান। বিশাল শিলত কটা মূৰ্তি, সকাহেৰে পৰিপূৰ্ণ ই এক প্ৰাচীন উপাসনাস্থলী আৰু ত্ৰিপুৰা ৰাজ্যৰ অন্যতম মুখ্য পৰ্যটনস্থলী।
-
শ্যামসুন্দৰ টিলা
শ্যামসুন্দৰ টিলা ১৯৯৮-৯৯ৰ পৰা ২০০০-২০০১ চন পৰ্যন্ত হোৱা প্ৰত্নত্বাত্তিক খনন পিছত সম্পূৰ্ণ ৰূপে উন্মোচিত হোৱা ভাৰতৰ ত্ৰিপুৰাৰ এক ইটাৰে নিৰ্মিত বৌদ্ধ সন্ন্যাস স্থল। ইয়াৰ ওপৰৰ অংশ বৰ্তমান ধ্বংস-প্ৰায় অৱস্থাত আছে। এই বৌদ্ধ মন্দিৰটোৰ কেন্দ্ৰীয় গৰ্ভগৃহ চাৰিটা প্ৰধান দিশেৰে সংযুক্ত।
-
ৰাখীগড়ী
ৰাখীগড়ী বা ৰাখী গড়ী হৈছে হান্সী জিলাৰ এখন গাঁও আৰু প্ৰত্নতাত্ত্বিক স্থান। ই উত্তৰ ভাৰতৰ হাৰিয়ানা ৰাজ্যত অৱস্থিত। এই স্থান দিল্লীৰপৰা প্ৰায় ১৫০ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত। ই ঘগ্গৰ নদীৰ সমভূমিত অৱস্থিত আৰু ঋতুভিত্তিক ঘগ্গৰ নদীৰপৰা প্ৰায় ২৭ কিলোমিটাৰ দূৰত।