ভাৰতৰ ইতিহাস
২৯ প্ৰবন্ধ
-
ভাৰতৰ স্বাধীনতা আন্দোলন
ভাৰতৰ স্বাধীনতা আন্দোলন বুলিলে দক্ষিণ এছিয়াৰ একাংশত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পাচৰচোৱাত ব্ৰিটিছ চৰকাৰৰ শাসনৰ প্ৰতিবাদ কৰি তেওঁলোকক শাসনভাৰ এৰি গুচি যাবলৈ দাবীৰ পৰিপ্ৰেক্ষিতত তৎকালীন ব্ৰিটিছ শাসনৰ বিৰোধিতাত উদ্ভুত বিভিন্ন ৰাজনৈতীক সংৰচন, দৰ্শন আৰু আন্দোলনকে বুজা যায়।
-
মহাযান
মহাযান একাধিক বৌদ্ধ পৰম্পৰা, লেখ, দৰ্শন আৰু কাৰ্যৰ এক বহল গোটক বুজোৱা এক সংজ্ঞা। মহাযানৰ বিকাশ ভাৰতত হৈছিল, খ্ৰীষ্টপূৰ্ব ১০০ৰ পাছত। মহাযান আৰু থেৰবাদ বৌদ্ধ ধৰ্মত অস্তিত্বত থকা দুই মুখ্য পৰম্পৰা। মহাযানে আগৰ বৌদ্ধ শিক্ষাৰ লগতে তলুনামূলকভাৱে নতুন লেখ, যেনে মহাযান সূত্ৰসমূহক মান্যতা প্ৰদান কৰে।
-
বেংগল প্ৰেচিডেঞ্চি
বেংগল প্ৰেচিডেঞ্চি, আনুষ্ঠানিকভাৱে প্ৰেচিডেঞ্চি অৱ ফ'ৰ্ট ৱিলিয়াম আৰু পাছলৈ বেংগল প্ৰদেশ, ব্ৰিটিছ ভাৰতৰ এটি ভাগ আছিল। ভৌগোলিকভাৱে নিজৰ আটাইতকৈ প্ৰসাৰিত অৱস্থাত বেংগল প্ৰেচিডেঞ্চিত দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বৃহৎ অঞ্চল অন্তৰ্ভুক্ত আছিল।
-
ভাৰতৰ বিভাজন
১৯৪৭ চনত ভাৰতৰ বিভাজনৰ জৰিয়তে ব্ৰিটিছ ভাৰতক দুখন স্বতন্ত্ৰ ডমিনিয়ন ৰাষ্ট্ৰ, ইউনিয়ন অৱ ইণ্ডিয়া আৰু ডমিনিয়ন অৱ পাকিস্তানত বিভক্ত কৰা হয়। ভাৰতীয় সংঘ ভাৰতীয় গণৰাজ্য, আৰু পাকিস্তানৰ আধিপত্য হৈছে ইছলামিক ৰিপাব্লিক অৱ পাকিস্তান আৰু পিপলছ ৰিপাব্লিক অৱ বাংলাদেশ।
-
মগধ
মগধ আছিল প্ৰাচীন ভাৰতৰ পূব গংগা সমভূমিত অৱস্থিত এখন ৰাজ্য। দ্বিতীয় নগৰায়ন যুগৰ ষোল্লখন মহাজনপদৰ ভিতৰত মগধ আছিল অন্যতম। এই অঞ্চলত কেইবাটাও বংশই শাসন কৰিছিল, যিয়ে আন মহাজনপদবোৰৰ ওপৰত প্ৰভাৱ পেলাইছিল, জয় কৰিছিল আৰু নিজৰ ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল।
-
বংগ বিভাজন (১৯০৫)
প্ৰথমটো বংগ বিভাজন (Partition of Bengal, ১৯০৫; বংগ ভংগ) আছিল ব্ৰিটিছ শাসকৰ দ্বাৰা ঘোষিত হোৱা বংগ প্ৰদেশৰ এক পুনৰ্গঠন। এই পুনৰ্গঠনে পূৰ্বীয় সংখ্যাগৰিষ্ঠ মুছলমান বসতিপ্ৰধান অঞ্চলসমূহক পশ্চিমৰ সংখ্যাগৰিষ্ঠ হিন্দু বসতিপ্ৰধান অঞ্চলৰ পৰা পৃথক কৰিছিল।
-
বংগ চুবাহ
বংগ চুবাঃ (সুবাহ বাংলা; ) বা মোগল বংগ (মোগল বাংলা) আছিল মোগল সাম্ৰাজ্যৰ সৰ্ববৃহৎ ভাগ (যি পাছলৈ এক স্বতন্ত্ৰ ৰাজ্য হ'লগৈ)। ১৬ৰ পৰা ১৮ শতিকালৈ ই পশ্চিম বংগ আৰু বাংলাদেশকে ধৰি বংগ অঞ্চলৰ অধিকাংশ সামৰিছিল, য'ত বৰ্তমানৰ বিহাৰ, ঝাৰখণ্ড আৰু উৰিষ্যাৰ অংশও আছিল। এই চুবাহৰ সৃষ্টি হৈছিল বংগ চুলতানীৰ পতনৰ পাছত।
-
কিৰাট
কিৰাট বা কিৰাত (किरात) পৰ্বতীয়া অঞ্চল বিশেষকৈ হিমালয় আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল অঞ্চলত বসবাস কৰা লোকসকলক বুজোৱা সাধাৰণ সংস্কৃত শব্দ। কিৰাটসকল মূলত চীনা-তিব্বতীয় গোষ্ঠীৰ অন্তৰ্গত আছিল বুলি বিশ্বাস কৰা হয়।
-
ক’ৰ'মণ্ডল আৰু বেংগল চেটলমেণ্টছ্ প্ৰেচিডেঞ্চি
ক’ৰ'মণ্ডল আৰু বেংগল চেটলমেণ্টছ্ প্ৰেচিডেঞ্চি (Presidency of Coromandel and Bengal Settlements) ব্ৰিটিছ ভাৰতৰ এটা প্ৰশাসনিক বিভাগ আছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৬৮২ চনৰ ১৭ জুলাইত এই প্ৰেচিডেঞ্চি প্ৰতিষ্ঠা কৰিছিল।
-
ভাৰতৰ ইতিহাস
ভাৰতৰ ইতিহাসে মূলতঃ ভাৰতীয় উপমহাদেশৰ প্ৰাচীন-মধ্যযুগীয় আৰু প্ৰাক-আধুনিক ইতিহাসক বুজায়, খ্ৰীষ্টপূৰ্ব ৩য় সহস্ৰাব্দৰ পৰা খ্ৰীষ্টীয় ২০ শতিকাৰ মাজভাগলৈকে। খ্ৰীষ্টৰ জন্মৰ প্ৰায় দহ লাখ(?) বছৰৰ আগৰ দেশত প্ৰথম মানৱ বসতি দেখা যায়।
-
বংগৰ বিভাজন (১৯৪৭)
১৯৪৭ চনৰ বংগৰ বিভাজন হ'ল ভাৰতৰ বিভাজনৰ এটি অংশ, য'ত ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰদেশক ৰেডক্লিফ ৰেখাৰে বিভাজিত কৰা হৈছিল। বংগৰ এভাগ (পশ্চিম দিশৰ হিন্দু সংখ্যাগড়িষ্ঠতা থকা ভাগ) থাকিল ভাৰতৰ ওচৰত (পশ্চিমবংগ ৰাজ্য) আৰু আনটো ভাগ (পূব দিশৰ মুছলিম সংখ্যাগড়িষ্ঠতা থকা ভাগ) হৈ পৰিল পাকিস্তানৰ অংগ (পূব পাকিস্তান)।
-
বংগ চুলতানী
বংগ চুলতানী (Middle Bengali: শাহী বাঙ্গালা Shahī Baṅgala, Classical Persian: Saltanat-e-Bangālah) বংগ অঞ্চলত ১৪, ১৫ আৰু ১৬ শতিকাত বিয়পি থকা এখন ৰাজ্য। ই গংগা-ব্ৰহ্মপুত্ৰ ব-দ্বীপৰ আতাইতকৈ শক্তিশালী ৰাজ্য আছিল। উৰিষ্যা, ত্ৰিপুৰা আৰু আৰাকান আছিল এই ৰাজ্যৰ তলতীয়া ৰাজ্য।
-
মাদ্ৰাচ প্ৰেচিডেঞ্চি
মাদ্ৰাচ প্ৰেচিডেঞ্চি বা মাদ্ৰাচ প্ৰদেশ (Madras Presidency বা Madras Province) ব্ৰিটিছ ভাৰতৰ এক উপবিভাগ (প্ৰদেশ) আছিল, যাক অধিকাৰিকভাবে ফ’ৰ্ট চেণ্ট জৰ্জ প্ৰেচিডেঞ্চি বুলি কোৱা হৈছিল আৰু পিছলৈ ভাৰতৰ ডমিনিয়ন হৈছিল।
-
আকবৰৰ নৱৰত্ন
ভাৰতৰ মহান মোগল বাদশ্বাহ আকবৰ স্বয়ং নিৰক্ষৰ হোৱা সত্ত্বেও ইতিহাসবিদ, চিত্ৰকাৰ, বিচাৰক, ধৰ্মগুৰু, কলাকাৰ তথা বুদ্ধিজীৱীৰ বিশেষ প্ৰেমী আছিল। কোৱা হয় যে আকবৰৰ ৰাজসভাত এনে ন(৯)জন গুণী ব্যক্তি আছিল যাক কালক্ৰমত আকবৰৰ নৱৰত্ন বুলি জনা গৈছিল।
-
আগ্ৰা প্ৰেচিডেঞ্চি
আগ্ৰা প্ৰেচিডেঞ্চি (Presidency of Agra) ব্ৰিটিছ ভাৰতত গঠন হোৱা চাৰিখন প্ৰেচিডেঞ্চিৰ ভিতৰত এখন আছিল আৰু ১৯ শতিকাৰ প্ৰথমাৰ্ধত ভাৰতক বিভক্ত কৰা আঠটা পৃথক পৃথক প্ৰশাসনীয় গোটৰ অন্যতম আছিল। অন্য তিনিখন প্ৰেচিডেঞ্চি আছিল- বেংগল, বম্বে, আৰু মাদ্ৰাচ প্ৰেচিডেঞ্চি।
-
বঙ্গদৰ্শন
বঙ্গদৰ্শন হ'ল ১৮৭২ চনত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে প্ৰতিষ্ঠা কৰা এখন বাংলা সাহিত্য আলোচনী। এইখন ১৯০১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সম্পাদনাত পুনৰ প্ৰকাশিত হৈছিল। এই আলোচনীখনে বাঙালীৰ পৰিচয় গঢ়িবলৈ আৰু বঙ্গত ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
ৰণজিৎ সিংহ
ৰণজিৎ সিংহ (; ১৩ নৱেম্বৰ ১৭৮০ – ২৭ জুন ১৮৩৯) আছিল শিখ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম মহাৰাজ, তেওঁ ১৮০১ চনৰ পৰা ১৮৩৯ চনলৈকে তেওঁৰ মৃত্যুলৈকে শাসন কৰিছিল। উনবিংশ শতিকাৰ আৰম্ভণিতে তেওঁ উত্তৰ-পশ্চিম ভাৰতৰ উপমহাদেশত শাসন কৰিছিল।
-
অজাতশত্ৰু
অজাতশত্ৰু ( বৌদ্ধ পৰম্পৰাৰ পালি ভাষাত অজাতশত্তু (পালি: Ajātasattu]) আৰু সংস্কৃত ভাষাত অজাতশত্ৰু (সংস্কৃত: Ajātaśatru) বা জৈন পৰম্পৰাত কুণিকা আৰু কুনিয়া) খ্ৰীষ্টপূৰ্ব ৪৯২ৰপৰা ৪৬০ চনলৈকে ৰাজত্ব কৰিছিল, বা প্ৰায় ৪০৫ৰ পৰা... ৩৭৩ খ্ৰীষ্টপূৰ্ব।
-
আব্বাক্কা চৌটা
ৰাণী আব্বাক্কা চৌটা (Abbakka Chowta) উল্লালৰ প্ৰথম টুলুভা ৰাণী আছিল। তেওঁ ষোড়শ শতিকাৰ শেষাৰ্ধত পৰ্তুগীজসকলৰ সৈতে যুঁজিছিল। তেওঁ চৌটা ৰাজবংশৰ আছিল আৰু ভাৰতৰ উপকূলীয় কৰ্ণাটক (টুলুনাডু)ৰ কিছু অংশত শাসন কৰিছিল। তেওঁলোকৰ ৰাজধানী আছিল পুট্টিগে।
-
চালুক্য বংশ
চালুক্য বংশ (Chalukya Dynasty) আছিল ধ্ৰুপদী ভাৰতীয় বংশ যিয়ে ষষ্ঠ আৰু দ্বাদশ শতিকাৰ ভিতৰত দক্ষিণ আৰু মধ্য ভাৰতৰ বৃহৎ অংশত শাসন কৰিছিল। এই সময়ছোৱাত তেওঁলোকে তিনিটা সম্পৰ্কীয় অথচ ব্যক্তিগত বংশ হিচাপে শাসন কৰিছিল।
-
প্ৰাচীন ভাৰতীয় সভ্যতা
ভাৰতত মানুহৰ বসবাসৰ ইতিহাস কেইবালাখো বছৰৰো প্ৰাচীন। প্ৰাচীন ভাৰতত আদিম মানৱৰ বহু পদচিহ্ন পোৱা গৈছে। ইজিপ্ত, ছুমেৰীয় আৰু ক্ৰীট সভ্যতাৰ পিছতেই ভাৰতীয় আৰু চৈনিক সভ্যতাৰ স্থান। খ্ৰীষ্ট পূৰ্ব আঢ়ৈ হাজাৰ বছৰ মানতেই ভাৰতৰ পশ্চিম প্ৰান্তৰ সিন্ধু উপত্যকাত প্ৰাচীন ভাৰতীয় নগৰ সভ্যতাৰ নিদৰ্শন পোৱা গৈছে।
-
বক্সাৰ যুদ্ধ
বক্সাৰ যুদ্ধ ১৭৬৪ চনৰ ২২ আৰু ২৩ অক্টোবৰত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাহিনী আৰু বেনাৰস ৰাজ্যৰ মহাৰাজ বলৱণ্ত সিং, বংগৰ নবাব মিৰ কাছিম, আৱধৰ নবাব ছুজা-উদ-দৌলা আৰু মোগল সম্ৰাট শ্বাহ আলম আদিৰ সংযুক্ত বাহিনীৰ মাজত বাক্সাৰ যুদ্ধ হৈছিল। ব্ৰিটিছ সেনাৰ কমাণ্ডাৰ আছিল মেজৰ হেক্টৰ মুনৰো।
-
বেগা বেগম
বেগা বেগম ( Bega Begum) (১৫১১-১৭ জানুৱাৰী ১৫৮২) মোগল সাম্ৰাজ্যৰ সম্ৰাট হুমায়ুনৰ প্ৰথম পত্নী হিচাপে জান-ই-কালান নামেৰে জনাজাত আছিল আৰু হজলৈ যোৱাৰ পিছত তেওঁ হাজী বেগম নামেৰেও পৰিচিত হৈছিল।
-
ভাৰত গণৰাজ্যৰ ইতিহাস
ভাৰত গণৰাজ্যৰ ইতিহাস আৰম্ভ হৈছিল ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত ব্ৰিটিছ কমনৱেলথৰ অধীনত স্বতন্ত্ৰ আধিপত্য হিচাপে আত্মপ্ৰকাশ কৰে। ১৯৫০ চনত গণৰাজ্য ঘোষণা কৰাৰ আগতে ষষ্ঠ জৰ্জ (আলবাৰ্ট ফ্ৰেডেৰিক আৰ্থাৰ জৰ্জ) এই দেশৰ ৰজা আছিল।
-
ভাৰতৰ সাংস্কৃতিক ইতিহাস
ভাৰতীয় সংস্কৃতি (ইংৰাজী: Indian culture) প্ৰায়ে কেইবাটাও সংস্কৃতিৰ সংমিশ্ৰণ হিচাপে অভিহিত কৰা হয়, যি সিন্ধু উপত্যকা সভ্যতা আৰু অন্যান্য প্ৰাচীন সাংস্কৃতিক ক্ষেত্ৰসমূহৰপৰা আৰম্ভ হোৱা কেইবা হাজাৰ বছৰ পুৰণি ইতিহাসৰদ্বাৰা প্ৰভাবিত হৈছে।
-
নয়নিকা
নয়নিকা বা নাগনিকা (খ্ৰীষ্টপূৰ্ব ১ম শতিকা) আছিল সাতবাহন ৰাজবংশৰ ৰজা প্ৰথম সাতকৰ্ণীৰ পত্নী। স্বামীৰ মৃত্যুৰ সময়ত সিহঁতৰ পুত্ৰ বেদশ্ৰী আৰু শক্তিশ্ৰী নাবালক আছিল বাবে তাই সতবাহন বংশৰ ৰাণী হিচাপে শাসনভাৰ চলাইছিল।
-
পানীপথৰ প্ৰথম যুদ্ধ
পানীপথৰ প্ৰথম যুদ্ধ ১৫২৬ চনৰ ২১ এপ্ৰিল তাৰিখে উত্তৰ ভাৰতৰ দিল্লীৰ চুলতান ইব্ৰাহিম খান লোডীৰ বিৰুদ্ধে বাবৰৰ আগ্ৰাসী বাহিনীৰ মাজত হৈছিল। বাবৰৰ বাহিনীয়ে বাৰুদৰ আগ্নেয়াস্ত্ৰ আৰু কামান ব্যৱহাৰ কৰি ইব্ৰাহিমক পৰাস্ত কৰে। ভাৰত উপমহাদেশত বাৰুদ অস্ত্ৰৰ সৈতে জড়িত প্ৰাচীন যুদ্ধৰ ভিতৰত এয়া আছিল অন্যতম।
-
মহেন্দ্ৰপাল
মহেন্দ্ৰপাল ভাৰতৰ বেংগল অঞ্চলৰ পাল সাম্ৰাজ্যৰ চতুৰ্থ ৰজা। তেওঁ ৰজা দেৱপালৰ আৰু মাতৃ ৰাণী মাহাতাৰ পুত্ৰ কিন্তু ১৯৮৭ত জগজ্জীবনপুৰত তেওঁৰ তাম্ৰশাসন আবিষ্কাৰ হ'ল আৰু এই কথা পোহৰলৈ আহিল যে দেবপালৰ পিছত মহেন্দ্ৰপালহে ৰজা হৈছিল।
-
ৰাহিলা
ৰাহিলা (IAST: Rāhila; শাসনকাল অনুমাণিক ৮৮৫–৯০৫ খ্ৰী. চ.) চন্দেলা ৰাজবংশৰ এজন ৰজা আছিল। তেওঁ তেতিয়াৰ জেজাকভুক্তি অঞ্চলত (বৰ্তমানৰ মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ বুণ্ডেলখণ্ড) শাসন কৰিছিল। ৰাহিলা তেওঁৰ পূৰ্বসূৰী বিজয়শক্তিৰ পুত্ৰ আছিল। আৰ. কে. দীক্ষিতে তেওঁৰ শাসনকাল অনুমাণিক ৮৮৫–৯০৫ খ্ৰী.