পুৰণি আৰু মধ্যযুগীয় অসম
৩৬ প্ৰবন্ধ
-
কুমাৰ ভাস্কৰ বৰ্মা
কুমাৰ ভাস্কৰ বৰ্মা বৰ্মণ ৰাজবংশৰ অন্তৰ্গত কামৰূপ ৰাজ্যৰ এক প্ৰসিদ্ধ ৰজা। ৰজা হৰ্ষবৰ্দ্ধনৰ যুগত তেওঁৰ কূটনৈতিক মৰ্যাদা বৃদ্ধি পাইছিল, আৰু উত্তৰাধিকাৰী নথকাৰ বাবে তেওঁৰ মৃত্যুৰ পিছত কামৰূপত নতুন ৰাজবংশৰ উত্থান ঘটে।
-
পাল ৰাজবংশ (কামৰূপ)
পাল ৰাজবংশ (Pala dynasty)ই আনুমানিক ৯৯০ খ্ৰীষ্টাব্দৰ পৰা ১১৩৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ সতি-সন্ততি নথকাত সেই বংশ লোপ পাইছিল। প্ৰজাসকলে ব্ৰহ্মপাল নামৰ পুৰণি নৰক বংশীয় কোঁৱৰ এজনক ৰজা মনোনীত কৰিছিল।
-
বৰ্মণ ৰাজবংশ
বৰ্মণ বংশ (Varman dynasty) খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্যবৰ্মা নামৰ ৰজা এজনে কামৰূপত প্ৰতিষ্ঠা কৰে। এই বংশই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল। এই বংশ সেই সময়ৰ গুপ্ত বংশৰ সমসাময়িক আছিল।
-
শালস্তম্ভ ৰাজবংশ
শালস্তম্ভ বংশ সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপ্পেশ্বৰ নামে ঠাইত পাতে। ড° ডম্বৰুধৰ নাথৰ মতে শালস্তম্ভ চুতীয়া জাতিৰ লোক। কিন্তু এই বংশৰ ৰজাবিলাকে নিজকে ভগদত্তৰ বংশধৰ বুলিহে পৰিচয় দিছিল।
-
পুষ্য বৰ্মা
পুষ্য বৰ্মা (Pushya Varman)(ৰাজত্ব ৩৫০-৩৭৪) হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা। তেওঁ ৩৫০ খ্ৰীষ্টাব্দত কামৰূপত এই বংশৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ সময়তে ব্ৰাহ্মণ সকলৰ প্ৰভাৱ ৰাজ্যখনত বৃদ্ধি পাইছিল। তেওঁ মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল।
-
কোচ হাজো
কোচ হাজো (১৫৮১ - ১৬১৬) কোচ ৰাজবংশৰ ৰজা ৰঘুদেৱ আৰু তেওঁৰ পুত্ৰ পৰীক্ষিত নাৰায়ণৰ ৰাজ্য আছিল। এই ৰাজ্যৰ সীমা ব্ৰহ্মপুত্ৰ নদৰ উত্তৰে পশ্চিমে সোণকোষ নদীৰ পৰা পূবে ভাৰেলী নদী পৰ্যন্ত বিস্তৃত আছিল। কমতা ৰাজ্যৰ বিভাজনৰ পিছত এই ৰাজ্য গঠন কৰা হৈছিল। কমতা ৰাজ্য মধ্যযুগত কোচ ৰজা নৰনাৰায়ণৰ শাসনৰ অধীনত আছিল।
-
ব্ৰহ্মপাল
ব্ৰহ্মপাল (Brahma Pala) হৈছে কামৰূপ ৰাজ্যৰ পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ কোনো সতি-সন্ততি নাছিল। সেয়ে শালস্তম্ভ বংশ লোপ পাইছিল। প্ৰজাবিলাকে পুৰণি নৰক বংশীয় কোঁৱৰ ব্ৰহ্মপালক ৰজা মনোনীত কৰিছিল। এওঁ ৯০০ খ্ৰীষ্টাব্দৰ পৰা ৯২০ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল।
-
ধৰ্ম পাল
ধৰ্ম পাল (১০৩৫–১০৬০) কামৰূপ ৰাজ্যৰ পাল বংশৰ শাসক আছিল। তেওঁ হৰ্ষ পালৰ পুত্ৰ আৰু উত্তৰাধিকাৰী আছিল।
-
ভূতি বৰ্মা
ভূতি বৰ্মা (Bhuti Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ অষ্টমজন ৰজা আছিল। এওঁ ৫১৮ খ্ৰীষ্টাব্দৰ পৰা ৫৪২ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁ বিজনানাৱতীক (Vijnanavati) বিয়া কৰাইছিল। ইয়াৰ পিছত তেওঁলোকৰে পুত্ৰ চন্দ্ৰমুখ বৰ্মা ভূতি বৰ্মাৰ উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
খেন্ বংশ
খেন্ বংশ মধ্যযুগত কমতা ৰাজ্য শাসন কৰা এটা ৰাজবংশ। কমতাপুৰত ১৫ শতিকাৰ শেষৰ ফালে অৰাজকতা সৃষ্টি হোৱাত নীলধ্বজ নামৰ এজনে ১৪৪০ চনত কমতাপুৰৰ সিংহাসন দখল কৰে। তেৱেঁই কামৰূপ-কমতাত খেন্ বা খান বা সেন বংশৰ পাতনি মেলে। নীলধ্বজৰ পাছত পুতেক চক্ৰধ্বজ আৰু তাৰ পাছত চক্ৰধ্বজৰ পুত্ৰ নীলাম্বৰ ৰজা হয়।
-
বব্ৰুবাহন
বব্ৰুবাহন মণিপুৰ ৰাজ্যৰ ৰাজকন্যা চিত্ৰাংগদা আৰু তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুতেক আছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত যেতিয়া পঞ্চপাণ্ডৱে হস্তিনাপুৰত ৰাজত্ব কৰিছিল, তেতিয়া বব্ৰুবাহনে মণিপুৰত ৰাজত্ব কৰিছিল। তেওঁ পাণ্ডৱৰ অশ্বমেধ ঘোঁৰা বন্দী কৰি থৈ পিতৃ অৰ্জুনৰ লগত যুদ্ধ কৰি অৰ্জুনক পৰাস্ত কৰে।
-
ইন্দ্ৰপাল
ইন্দ্ৰপাল দশম শতিকাৰ পাল বংশৰ এগৰাকী ৰজা। ইন্দ্ৰপালৰ পিতৃ আছিল পুৰন্দৰপাল। কিন্তু পিতামহ ৰত্ন পালৰ জীৱিত অৱস্থাতে পিতৃৰ মৃত্যু হোৱাত পিতামহৰ পাছতে কামৰূপৰ ৰাজপাটত উঠে। ইন্দ্ৰপালে ৰাষ্ট্ৰকূট ৰাজকুমাৰী ৰাজ্যদেৱীক বিয়া কৰাইছিল। তেখেতে প্ৰায় ২৫ বছৰ ৰাজত্ব কৰিছিল।
-
কল্যাণ বৰ্মা
কল্যাণ বৰ্মা (Kalyana Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ চতুৰ্থজন ৰজা আছিল। এওঁ বল বৰ্মা আৰু ৰত্নাৱতীৰ পুত্ৰ আছিল। এওঁ ৪২২ খ্ৰীষ্টাব্দৰ পৰা ৪৪৬ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁ গন্ধৰ্বৱতীক বিয়া কৰাইছিল। তেওঁৰ পিছত গণপতি বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
মহেন্দ্ৰ বৰ্মা
মহেন্দ্ৰ বৰ্মা (Mahendra Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ ষষ্ঠজন ৰজা আছিল। এওঁ গণপতি বৰ্মা আৰু য়াজিয়াৱতীৰ পুত্ৰ আছিল। এওঁ ৪৭০ খ্ৰীষ্টাব্দৰ পৰা ৪৯৪ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁ সুব্ৰতাক বিয়া কৰইছিল। তেওঁৰ পিছত তেওঁৰ পুত্ৰ নাৰায়ণ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
আৰিমত্ত
আৰিমত্ত কামৰূপ ৰাজ্যৰ এজন ৰজা আছিল। এওঁ বৰ্তমানৰ কামৰূপৰ বেতনা নামৰ ঠাইৰ ওচৰত বৈদ্যৰ গড়ত ৰাজধানী পাতি ৰাজত্ব কৰিছিল। গুৱাহাটীৰ পশ্চিমত ৰামচন্দ্ৰ নামৰ এজন ৰজা আছিল। এওঁৰে পুতেক হৈছে আৰিমত্ত। আৰিমত্তৰ মূৰটো হেনো আৰি মাছৰ দৰে দীঘলীয়া আছিল। সেইবাবে তেওঁ আৰিমত্ত নাম পাইছিল।
-
গণপতি বৰ্মা
গণপতি বৰ্মা (Ganapati Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ পঞ্চমজন ৰজা আছিল। এওঁ কল্যাণ বৰ্মা আৰু গন্ধৰ্বৱতীৰ পুত্ৰ আছিল। এওঁ ৪৪৬ খ্ৰীষ্টাব্দৰ পৰা ৪৭০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁ য়াজিয়াৱতীক বিয়া কৰাইছিল। তেওঁৰ পিছত মহেন্দ্ৰ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
গো পাল
গো পাল কামৰূপ ৰাজ্যৰ পাল বংশৰ ইন্দ্ৰ পাল আৰু তেওঁৰ ৰাণী ৰাজ্য দেৱীৰ উত্তৰাধিকাৰী আৰু পুত্ৰ আছিল, যিয়ে ৯৯০-১০১৫ খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল। তলত দিয়া বৰ্ণনা ধৰ্ম পালৰ অনুদান তামৰ ফলিৰপৰা লোৱা হৈছে:
-
বল বৰ্মা
বল বৰ্মা (Bala Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ তৃতীয়জন ৰজা আছিল। এওঁ সমুদ্ৰ বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৩৯৮ খ্ৰীষ্টাব্দৰ পৰা ৪২২ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁৰ পত্নীৰ নাম আছিল ৰত্নাৱতী আছিল। তেওঁৰ পিছত কল্যাণ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
স্থিত বৰ্মা
স্থিত বৰ্মা (Sthita Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ ৰজা আছিল। এওঁ চন্দ্ৰমুখা বৰ্মা আৰু ভগাৱতীৰ পুত্ৰ আছিল। এওঁ ৫৬৬ খ্ৰীষ্টাব্দৰ পৰা ৫৯০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁ নয়নাদেৱীক বিয়া কৰাইছিল। তেওঁৰ পিছত সুষ্ঠিত বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
ৰত্ন পাল
ৰত্ন পাল (ৰাজত্বকাল ৯২০-৯৬০) কামৰূপ ৰাজ্যৰ পাল বংশৰ (৯০০–১১০০) ৰজা ব্ৰহ্মপালৰ পুত্ৰ। তেওঁৰ পিছত তেওঁৰ নাতি ইন্দ্ৰ পাল ৰাজপাটত বহে। গো পালৰ গছ তল শিলালিপিবোৰে ৰত্ন পালৰ কৃতিত্ব আৰু তাৰিখৰ ওপৰত যথেষ্ট আলোকপাত কৰিছে।
-
ৰত্নধ্বজপাল
ৰত্নধ্বজপাল চুতীয়া ৰজাসকলৰ মাজত এজন উল্লেখযোগ্য ৰজা আছিল। তেওঁ ৰজা হোৱাৰ সময় প্ৰায় ১২৪৪ খ্ৰীষ্টাব্দ। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক বীৰপালৰ ৰাণীয়ে ৰূপৱতীয়ে হেনো কুবেৰৰ পূজা কৰি এটি পুত্ৰ সন্তান লাভ কৰে। তেওঁৰ নাম গৌৰনাৰায়ণ আছিল।
-
চন্দ্ৰমুখ বৰ্মা
চন্দ্ৰমুখ বৰ্মা (Chandramukha Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ নৱমতম ৰজা আছিল। এওঁ ভূতি বৰ্মা আৰু বিজনানাৱতীৰ পুত্ৰ আছিল। এওঁ ৫৪২খ্ৰীষ্টাব্দৰ পৰা ৫৬৬ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁ ভগাৱতীক বিয়া কৰাইছিল। তেওঁৰ পিছত স্থিত বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
দুৰ্জয়
thumb|right|250px|মদন কামদেৱত পালৰ গঠনশৈলী দুৰ্জয় নগৰ বৰ্তমান উত্তৰ গুৱাহাটীত, ৯০০ চনৰপৰা ১১০০ খ্ৰীষ্টাব্দলৈ পাল বংশৰ অধীনত কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল।
-
নাৰায়ণ বৰ্মা
নাৰায়ণ বৰ্মা (Narayana Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ সপ্তম ৰজা আছিল। এওঁ মহেন্দ্ৰ বৰ্মা আৰু ৰাণী সুব্ৰতাৰ পুত্ৰ আছিল। এওঁ ৪৯৪ খ্ৰীষ্টাব্দৰ পৰা ৫১৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল। তেওঁৰ পিছত ভূতি বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
সমুদ্ৰ বৰ্মা
সমুদ্ৰ বৰ্মা (Samudra Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ দ্বিতীয়জন ৰজা আছিল। এওঁ বৰ্মণ ৰাজবংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৩৭৪ খ্ৰীষ্টাব্দৰ পৰা ৩৯৮ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত তেওঁৰ পুত্ৰ বল বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল। তেওঁ দত্তদেৱীক বিয়া কৰাইছিল।
-
সুস্থিত বৰ্মা
সুস্থিত বৰ্মা (Susthita Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ একাদশতম ৰজা আছিল। তেওঁক শ্ৰী-মৃগাঙ্ক নামেৰেও জনা গৈছিল। এওঁ স্থিত বৰ্মা আৰু নয়নাদেৱীৰ পুত্ৰ আছিল। এওঁ ৫৯০ খ্ৰীষ্টাব্দৰ পৰা ৫৯৫ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত সুপ্ৰতিষ্ঠিত বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
ৰাজ্য পাল
ৰাজ্য পাল (ৰাজ্য পাল ৯২৫–৯৬২) পাল বংশৰ অষ্টম সম্ৰাট আছিল। তেওঁ পিতৃ নাৰায়ণ পালৰ উত্তৰাধিকাৰী হয়। তেওঁ ৩২ বছৰ ৰাজত্ব কৰিছিল। ভাৰত কলা ভৱন শিলালিপি তেওঁৰ ২য় ৰাজত্বকালৰ বুলি কোৱা হৈছে, তেওঁৰ পিছত তেওঁৰ পুত্ৰ তৃতীয় গো পাল ৰাজপাটত বহে।
-
সুপ্ৰতিস্থিত বৰ্মা
সুপ্ৰতিস্থিত বৰ্মা (Supratisthita Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ দ্বাদশ ৰজা আছিল। এওঁ সুস্থিত বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৫৯৫ খ্ৰীষ্টাব্দৰ পৰা ৬০০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত তেওঁৰ ভাতৃ ভাস্কৰ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
হৰ্ষ পাল
হৰ্ষ পাল কামৰূপ ৰাজ্যৰ পাল বংশৰ শাসক গো পাল আৰু ৰাণী নয়নাৰ পুত্ৰ। তেওঁ ১০১৫-১০৩৫ খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল। ধৰ্ম পালৰ তামৰ ফলিৰ বৰ্ণনাত উল্লেখ আছে যে বিখ্যাত আৰু উৎসাহী ৰজা গো পালৰ এগৰাকী উচ্চ খ্যাতিসম্পন্ন নয়না নামৰ পত্নী আছিল।
-
ডবকা ৰাজ্য
ডবকা বৰ্তমান অসমৰ মধ্য অংশত অৱস্থিত প্ৰাচীন ভাৰতৰ এখন ৰাজ্য। ডবকাৰ নাম ৪ৰ্থ শতিকাৰ সমুদ্ৰগুপ্তৰ দিনৰ এলাহাবাদ শিলালিপিত পোৱা যায় য'ত ইয়াক গুপ্ত সাম্ৰাজ্যৰ পাঁচখন সীমান্ত ৰাজ্যৰ এখন বুলি কোৱা হৈছে। লিউ শ্বং ৰাজবংশৰ শ্বুং-শ্বু ইতিহাসত ৰাজ্যখনৰ নাম কপিলী বুলি আছে (এতিয়াৰ এখন নদীৰ নাম)।