টাই-আহোম সাহিত্য
৭ প্ৰবন্ধ
-
বুৰঞ্জী
বুৰঞ্জী হৈছে টাই-আহোম সমাজত গঢ় লৈ উঠা লিখিত ইতিহাস-লেখনৰ এক পৰম্পৰা, য’ত ৰাষ্ট্ৰশাসন, বংশ-পরম্পৰা, যুদ্ধ-কূটনীতি আদিৰ তথ্য সংৰক্ষিত থাকে। এই বুৰঞ্জীসমূহে অসম আৰু কাষৰীয়া অঞ্চলসমূহৰ অতীত বুজিবলৈ আজিও গুৰুত্বপূৰ্ণ প্ৰামাণ্য উৎসৰ ভূমিকা পালন কৰে।
-
টাই-আহোম ভাষা
টাই-আহোম ভাষা অসম আৰু অৰুণাচল প্ৰদেশত টাই-আহোম জনগোষ্ঠীৰ পৰম্পৰাগত ক্ৰা-দাই (টাই) ভাষা, যাৰ নিজা টাই-আহোম লিপি আছে। মধ্যযুগীয় আহোম ৰাজ্যত ই ৰাজভাষা আছিল আৰু আজিও সীমিত সংখ্যক ভাষাভাষীৰ মাজত তথা শিক্ষানুষ্ঠানীয় পাঠ্যক্ৰমৰ জৰিয়তে পুনৰুজ্জীৱনৰ প্ৰচেষ্টা চলি আছে।
-
টাই-আহোম লিপি
লিক টাই-আহোম (Tai Ahom Script) বা অসমাখৰ হ'ল এক প্ৰকাৰৰ লিপি যাক টাই-আহোম ভাষা আৰু কিছু ক্ষেত্ৰত অসমীয়া ভাষা লিখাত ব্যৱহাৰ কৰা হয়। এই লিপি টাই-আহোম জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। অসমৰ বুৰঞ্জী সমূহ এই লিপিত লিখা হৈছিল।
-
লাক-নি
লাক-নি হল টাই-আহোম সকলৰ পৰম্পৰাত বৰ্ষপঞ্জী। আহোম সাহিত্য আৰু বুৰঞ্জীসমূহত দিন-তাৰিখ সমুহ লাক-নি প্ৰথাতে লিখা হৈছিল। মুঠ ষাঠিটা লাক-নি মিলি এটা তাও ছি ঙা (আৱৰ্তন) পূৰ্ণ হয়। ষাঠি বছৰীয়া আৱৰ্তনৰ এই প্ৰথা চীনা তথা অইন এছীয় দেশ সমূহতো দেখা যায়। লাক-নি প্ৰথাত মুঠ বাৰটা মাহ আৰু দহটা বাৰ থাকে।
-
লিট্ লাই পেঞ কা কা
তাঈ আহোমৰ আদি শাস্ত্ৰ সমূহৰ ভিতৰত লিৎ লাই পেঞ্ কা কা হ'ল এখন মূল শাস্ত্ৰ। অসমীয়াত এইখনক বিৱৰ্ত্তন শাস্ত্ৰ বুলি আখ্যা দিব পাৰি। মলুং চাও বাণী দেও বাণী দেওধাই বৰুৱাৰ মতে 'লিৎ লাই পেঞ্ কা কা'ৰ অৰ্থ হ'ল -'সৃ্ষ্টি পুনৰ অৱতাৰণা বা প্ৰত্যাগমন বিৱৰণ সম্বলিত খোদিত ফলি বা শাস্ত্ৰ' (লিৎ লাই= সৃষ্টি পুনৰ…
-
টাই-আহোম সাহিত্য
আহোম যুগৰ পূৰ্ব্বে অসমৰ ৰজাসকলে ৰজাসকলে ৰজাঘৰীয়া বিষয়ত সংস্কৃত ভাষা ব্যৱহাৰ কৰিছিল। অসমৰ পুৰণি শিলালিপি আৰু তামৰ ফলিসমূহে এই কথা প্ৰমাণ কৰে। আহোমৰ দিনত টাই ভাষাৰ লগতে অসমীয়া ভাষা ৰাজকাৰ্যত ব্যৱহাৰ কৰা হয়। কছাৰী, কোচ, দৰং, জয়ন্তীয়া আদি ৰাজ-দৰবাৰতো অসমীয়া ভাষাই প্ৰাধান্য পাইছিল।
-
টাই আহোম চিত্ৰশৈলী
মধ্যযুগীয় অসমীয়া চিত্ৰশৈলীৰ এটা শৈলী টাই-আহোম শৈলী ৰূপে জনা যায়। বহিঃ ভাৰতৰপৰা ইয়ালৈ অহা এই চিত্ৰাংকন শৈলী উজনিৰ বৌদ্ধবিহাৰসমূহৰ ভিতৰতে সীমাবদ্ধ। এই শৈলীত চিত্ৰিত মাত্ৰ দুখনি পুথিচিত্ৰ উদ্ধাৰ হৈছে-- ফুং চিন (১৪৭৩ খ্ৰী:) আৰু চুক-টান্তা-কিম্পং (১৫২৩ খ্ৰী:)।