ঐতিহাসিক কীৰ্তিচিহ্ন
৪৬ প্ৰবন্ধ
-
সোমপুৰ মহাবিহাৰ
সোমপুৰ মহাবিহাৰ বা পাহাৰপুৰ বৌদ্ধবিহাৰ বাংলাদেশৰ এটা প্ৰধান বৌদ্ধ মঠ (mahavihara)। এই বৌদ্ধবিহাৰ বৰ্তমান বাংলাদেশৰ বাদালগাছি, নাওগাঁওত অৱস্থিত। ভাৰত উপমহাদেশৰ বৌদ্ধ বিহাৰসমূহৰ ভিতৰত এইটো এটা অন্যতম আৰু দেশৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক স্থান।
-
সমাধি
এটা সমাধি (প্ৰাচীন গ্ৰীক ভাষাৰ τύμβος tumbos, অৰ্থাৎ "টিলা" বা "সমাধিস্থল স্মৃতিসৌধ") হৈছে মৃতকৰ শৰীৰৰ শেষ অৱস্থানৰ ঠাই। ই মাটিৰ ওপৰত বা তলত হ’ব পাৰে আৰু আকৃতি, আকাৰ আৰু সাংস্কৃতিক তাৎপৰ্যৰ ক্ষেত্ৰত বহু পৰিমাণে ভিন্ন হ’ব পাৰে।
-
কান্নুৰ দুৰ্গ
কান্নুৰ দুৰ্গ বা চেণ্ট এঞ্জেলো দুৰ্গ আৰব সাগৰৰফালে থকা এটা দুৰ্গ, যিটো কেৰেলাৰ কান্নুৰৰপৰা ৩ কিলোমিটাৰ দূৰত অৱস্থিত।
-
দাঁতৰ বুদ্ধ মন্দিৰ (শ্ৰীলংকা)
দাঁতৰ মন্দিৰ ( Temple of the Tooth) (সিংহল ভাষাত: ශ් රී දළදා මාළිගාව) বা ডালডা মালিগাৱা শ্ৰীলংকাৰ কাণ্ডীত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। পূৰ্বৰ কেণ্ডি ৰাজ্যৰ ৰাজপ্ৰসাদ য’ত আছিল, তাতেই বুদ্ধৰ দাঁতৰ অৱশেষ নিৰ্মিত ঘৰটো আছে।
-
মহাস্থানগড়
মহাস্থানগড় (Mahasthangarh)বাংলাদেশৰ এক অন্যতম প্ৰাচীন ঐতিহাসিক স্থান। এই প্ৰসিদ্ধ নগৰখন ইতিহাসত পুণ্ড্ৰবৰ্ধন বা পুণ্ড্ৰনগৰ নামেও পৰিচিত আছিল। এটা সময়ত মহাস্থানগড় বাংলাদেশৰ ৰাজধানী আছিল।
-
মোতি মছজিদ
ভাৰতৰ পুৰণি দিল্লীৰ লালকিল্লা কমপ্লেক্সৰ ভিতৰত থকা মোতি মছজিদ (অৰ্থ 'মুকুতা মছজিদ') হৈছে ১৭ শতিকাৰ এক ঐতিহাসিক মছজিদ, যিটো উপাসনাৰ বাবে নহয়। ইয়াক মোগল সম্ৰাট ঔৰংজেবে নিৰ্মাণ কৰিছিল, দিল্লী ঘেৰাওৰ সময়ত ক্ষতিগ্ৰস্ত হৈছিল আৰু পৰৱৰ্তী সময়ত ইংৰাজে পুনৰ নিৰ্মাণ কৰিছিল।
-
আলাই দৰৱাজা
আলাই দৰৱাজা ভাৰতৰ দিল্লীৰ মেহৰৌলিৰ কুতুব কমপ্লেক্সত থকা কুৱাতুল ইছলাম মছজিদৰ দক্ষিণৰ দুৱাৰমুখ। ১৩১১ চনত চুলতান আলাউদ্দিন খিলজীৰদ্বাৰা ধ্বংসপ্ৰাপ্ত হিন্দু মন্দিৰৰ অৱশিষ্টৰ ওপৰত নিৰ্মিত আৰু ৰঙা বেলেগ বেলেগ শিলৰদ্বাৰা নিৰ্মিত এইখন বৰ্গক্ষেত্ৰৰ গম্বুজযুক্ত গেটহাউচ যাৰ প্ৰৱেশদ্বাৰ খোলা আৰু ইয়াত এটা…
-
ইব্ৰাহিম লোডীৰ সমাধি
ইব্ৰাহিম লোডীৰ সমাধি ভাৰতৰ হাৰিয়ানাৰ পানীপথত আছে আৰু ই হৈছে লোডী বংশৰ শেষ চুলতান ইব্ৰাহিম লোডীৰ সমাধি।
-
চুফুট-কালে
চুফুট-কালে (Chufut-Kale) হৈছে ক্ৰিমিয়ান পৰ্বতমালাত অৱস্থিত মধ্যযুগীয় যুগৰ এখন দুৰ্গ-নগৰ, যি বৰ্তমান ধ্বংসাৱশেষত পৰিণত হৈছে। ই ক্ৰিমিয়ান কাৰাইট সংস্কৃতিৰ এটা ৰাষ্ট্ৰীয় স্মাৰক আৰু বাখচিছাৰাইৰপৰা মাত্ৰ ৩ কিলোমিটাৰ (১.৯ মাইল) পূবে অৱস্থিত। ইয়াৰ নাম ক্ৰিমিয়ান তাতাৰ আৰু তুৰ্কী ভাষাৰপৰা অহা।
-
নাগিনা মছজিদ
নাগিনা মছজিদ, যাক ৰত্ন মছজিদ আৰু জুৱেল মছজিদ বুলিও কোৱা হয়, ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ আগ্ৰাত অৱস্থিত আৰু ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত।
-
নৌৱত খানা
নৌৱত খানা বা নক্কাৰ খানা হৈছে পুৰণি দিল্লীৰ লালকিল্লাত বাহিৰৰ আৰু ভিতৰৰ চোতালৰ মাজৰ প্ৰৱেশদ্বাৰত থকা ঢোলঘৰ। একাংশ ইতিহাসবিদৰ মতে ১৮ শতিকাৰ আৰম্ভণিতে মোগল সম্ৰাট জাহান্দৰ শ্বাহ আৰু ফাৰুখছিয়াৰৰ হত্যাকাণ্ডৰ স্থান।
-
বেগা বেগম
বেগা বেগম ( Bega Begum) (১৫১১-১৭ জানুৱাৰী ১৫৮২) মোগল সাম্ৰাজ্যৰ সম্ৰাট হুমায়ুনৰ প্ৰথম পত্নী হিচাপে জান-ই-কালান নামেৰে জনাজাত আছিল আৰু হজলৈ যোৱাৰ পিছত তেওঁ হাজী বেগম নামেৰেও পৰিচিত হৈছিল।
-
মতিহাৰ কুঠী
ৰাজশাহী বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত আৰু ইয়াৰ মূল দুৱাৰৰ ওচৰতে অৱস্থিত মতিহাৰ কুঠী এটা ঔপনিৱেশিক ভৱন। বৰ্তমান ইয়াক বিশ্ববিদ্যালয়খনৰ কাৰ্যালয় বিএনচিচি হিচাপে ব্যৱহাৰ কৰা হয়। সাধাৰণ ৰূপত ই চৰ্দাৰ কুঠীৰ সৈতে মিল আছে গতিকে ইয়াক ১৭৮১ চনত ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিৰ্মাণ কৰে।
-
ময়নামতী
ময়নামতী (Môynamoti) নামে ঠাইখণ্ড বাংলাদেশৰ এক বিচ্ছিন্ন নিম্নভূমি অঞ্চল, সৰু সৰু খাতযুক্ত পাহাৰ, য'ত খ্ৰীষ্টপূৰ্ব ৮ম আৰু দ্বাদশ শতিকাৰ ভিতৰৰ ৫০টাতকৈও অধিক প্ৰাচীন বৌদ্ধ বসতিস্থল আছিল বুলি চিহ্নিত কৰা হৈছে। ই বংগদেশৰ প্ৰাচীন ত্ৰিপুৰা অঞ্চলৰ এক অংশ আছিল।
-
শ্বিশ গুম্বাদ
শ্বিছ গুম্বাদ ("গ্লেজড গম্বুজ"), লোডী বংশৰ এটা সমাধি আৰু ১৪৮৯ চনৰপৰা ১৫১৭ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা বুলি অনুমান কৰা হয়; ইতিহাসবিদ চাইমন ডিগবীয়ে কাষৰ মছজিদটোৰ এটা শিলালিপিৰ ভিত্তিত যুক্তি দিছে যে ইয়াক ১৪৯৪ খ্ৰীষ্টাব্দত সম্পূৰ্ণ কৰা হৈছিল।
-
আকবৰী মহল
আকবৰী মহল আগ্ৰা দুৰ্গৰ জেনানা (হাৰেম কোৱাৰ্টাৰ)ত অৱস্থিত এটা ৰাজপ্ৰাসাদ। ই সম্ৰাটৰ অধীনৰ হাৰেমৰ মহিলাসকলৰ বাসগৃহ হিচাপে ব্যৱহৃত হৈছিল আৰু সম্ৰাটৰ বাবে জিৰণি লোৱাৰ ঠাই হিচাপে ব্যৱহাৰ কৰা হৈছিল।
-
আভুকানা বুদ্ধ মূৰ্তি
আভুকানা বুদ্ধ মূৰ্তি ( Avukana Buddha statue) উত্তৰ মধ্য শ্ৰীলংকাৰ কেকিৰাৱাৰ ওচৰত প্ৰতিষ্ঠিত হৈছে। ১৪ মিটাৰ (৪৬ ফুট)তকৈ অধিক উচ্চতাৰ এই প্ৰতিমূৰ্তিটোত বুদ্ধই “অভয় মুদ্ৰা’’ৰ দৰেই আশ্বাস দিবলৈ হাত তুলি থকা ভংগীত নিৰ্মাণ কৰা হৈছে।
-
আলাদিন টাৱাৰ
আলাদিন টাৱাৰ (Aladdin Tower) , যাক আলাডল টাৱাৰ বুলিও কোৱা হয় আৰু ইয়াক গুণবাদ-ই আলা আল-দিন অৰ্থাৎ আলাদিনৰ গম্বুজ বুলিও কোৱা হয়, এয়া আলাদিনৰ সমাধিস্থল। ইৰাণৰ তেহৰাণ প্ৰদেশৰ বাৰামিনৰ মাজ-মজিয়াত অৱস্থিত। ১৯৩২ চনত ইলখানিদ যুগত এই টাৱাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল।
-
আহমেদনগৰ দুৰ্গ
আহমেদ নগৰ দুৰ্গ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ আহমেদনগৰৰ সমীপত ভিংগাৰ নলাৰ সমীপত আহমেদনগৰ দুৰ্গ অৱস্থিত। ই আছিল আহমেদনগৰ চুলতান ৰাজ্যৰ মুখ্য কাৰ্যালয়। ১৮০৩ চনত দ্বিতীয় এংলো-মাৰাঠা যুদ্ধৰ সময়ত ইংৰাজে দখল কৰে। ব্ৰিটিছ ৰাজৰ সময়ত ইয়াক কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল।
-
আৰ্দাশিৰ প্ৰাসাদ
আৰ্দাশিৰ প্ৰাসাদ (Palace of Ardashir) (পাৰ্চী: آتشکده, আক্ষৰিক অৰ্থত 'অগ্নি মন্দিৰ') নামেৰেও জনাজাত। এই মহল পৰ্বতৰ ঢালত অৱস্থিত এটা প্ৰাসাদ, যাৰ ওপৰত কালেহ ডখতাৰ অৱস্থিত।
-
উডচাইড ষ্ট'ৰ
উডচাইড ষ্ট'ৰ বা ট্ৰিপ ষ্ট'ৰ কেলিফৰ্ণিয়াৰ ছান মেটিঅ' কাউণ্টিৰ উডচাইডৰ কিংছ মাউণ্টেইন ৰোডৰ ৩৩০০ ট্ৰিপ ৰোডত অৱস্থিত। এই ভৱনটো ১৯৮৫ চনৰ পৰা ঐতিহাসিক স্থানৰ ৰাষ্ট্ৰীয় পঞ্জীত অন্তৰ্ভুক্ত হৈ আছে আৰু ১৯৪৯ চনৰ পৰা ছান মেটিঅ' কাউণ্টিৰ এক কেলিফৰ্ণিয়া ঐতিহাসিক কীৰ্তিচিহ্ন হিচাপে তালিকাভুক্ত হৈছে।
-
কলন মছজিদ
কলন মছজিদ বা কালান মছজিদ ভাৰতৰ পুৰণি দিল্লীৰ চতুৰ্দশ শতিকাৰ এটা মছজিদ। খান-ই-জাহান তিলাংগানীয়ে নিৰ্মাণ কৰা সাতটা মছজিদৰ ভিতৰত ই অন্যতম।
-
কাৰ্ণালৰ মোগল সেতু
ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ কৰ্ণালত থকা মোগল সেতুখন শ্বাহজাহানৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল আৰু জাহাংগীৰৰ তুজক-ই-জাহাংগীৰীৰ স্মৃতিগ্ৰন্থত ইয়াৰ উল্লেখ আছে।
-
কৰ্ণালা দুৰ্গ
কৰ্ণালা দুৰ্গ ভাৰতৰ মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ পানভেল চহৰৰপৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বত থকা এটা পাহাৰীয়া দুৰ্গ বা ফানেল হিল বুলিও কোৱা হয় কৰ্ণালা দুৰ্গ। বৰ্তমান ই কৰ্ণালা পক্ষী অভয়াৰণ্যৰ ভিতৰত এক সংৰক্ষিত স্থান।
-
খোৱাজা খিজৰৰ সমাধি
খোৱাজা খিজৰৰ সমাধি ভাৰতৰ হাৰিয়ানাৰ শোনিপটৰ জাটোৱাৰাত অৱস্থিত এটা মকবৰা। ইয়াক ইব্ৰাহিম লোডীয়ে ১৫২২–১৫২৪ খ্ৰীষ্টাব্দৰ সময়ছোৱাত দৰিয়া খানৰ পুত্ৰ মুছলমান সন্ত খোৱাজা খিজৰৰ স্মৃতিত নিৰ্মাণ কৰিছিল। পাঁচশ বছৰ পুৰণি এই সমাধিটো ইব্ৰাহিম লোডীয়ে লোডী বংশৰ শেষ নিৰ্মাণ হিচাপে নিৰ্মাণ কৰিছিল।
-
গুৰু কা তাল
গুৰু কা তাল নৱম গুৰু শ্ৰীগুৰু টেগ বাহাদুৰদেৱৰ স্মৃতিত উছৰ্গিত এক ঐতিহাসিক শিখ তীৰ্থস্থান। গুৰু কা তাল আগ্ৰাৰ ছিকন্দ্ৰাৰ ওচৰত। গুৰু টেগ বাহাদুৰে মোগল সম্ৰাট ঔৰংগজেৱৰ ওচৰত আত্মসমৰ্পনৰ প্ৰস্তাৱ দিয়া ঠাইত গুৰুদ্বাৰা নিৰ্মাণ কৰা হৈছিল।
-
ছিৰপুৰ মহাসমুন্দ
ছিৰপুৰ ছত্তীশগড় ৰাজ্যৰ মহাছামুণ্ড জিলাৰ এখন গাঁও, মহানদী নদীৰ পাৰত, মহাসমুন্দ চহৰৰপৰা ৩৫ কিলোমিটাৰ আৰু ৰায়পুৰৰপৰা ৭৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত। প্ৰাচীন কালত ছিৰপুৰ পাণ্ডুবংশী বংশৰ ৰাজধানী আছিল।
-
জলমহল
জলমহল, যাক নৰ্নৌলৰ জলমহল বা জলপ্ৰাসাদ বুলিও কোৱা হয়, ভাৰতৰ হাৰিয়ানাৰ নৰ্নৌলত অৱস্থিত ১৬ শতিকাৰ শেষৰফালে নিৰ্মিত এটা ৰাজপ্ৰাসাদ, দুৰ্গ আৰু কৃত্ৰিম হ্ৰদ। নৰ্নৌলৰ এজন মোগল গৱৰ্ণৰে নিৰ্মাণ কৰা এই গাঁথনিটোৱে বৰ্তমান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে কাম কৰি আছে।
-
টেপে ছ'ফালিন
টেপে ছ'ফালিন (Tappe Sofalin) হৈছে নিকট পূবৰ এটা প্ৰাচীন প্ৰত্নতাত্ত্বিক স্থান। ইৰাণৰ উত্তৰ-মধ্য মালভূমিত আলবৰ্জ পৰ্বতমালাৰ দক্ষিণে তেহৰাণ সমভূমিত অৱস্থিত। আধুনিক বাৰামিন চহৰৰপৰা প্ৰায় ১০ কিলোমিটাৰ পূবে আৰু তেহৰাণৰপৰা ৩৫ কিলোমিটাৰ দক্ষিণ-পূবে ইৰাণৰ তেহৰাণ প্ৰদেশত অৱস্থিত।
-
নুৰ শ্বছমা
নুৰ শ্বছমা হৈছে ১৬১৫ চনত মোগল সম্ৰাট জাহাংগীৰে চিকাৰৰ সময়ত ৰ’বৰ বাবে নিৰ্মাণ কৰা এটা ৰাজপ্ৰাসাদ আৰু তেওঁৰ নিজৰ নাম নুৰ-উদ্দিন মহম্মদ জাহাংগীৰৰ নামেৰে এই ঠাইখনৰ নাম শ্বছমা-ই-নুৰ (چشما نور – পোহৰৰ বসন্ত) ৰখা হৈছিল। বৰ্তমান ভাৰতৰ আজমেৰত অৱস্থিত আৰু এতিয়া ই কেৱল এটা ধ্বংসপ্ৰাপ্ত মণ্ডপ।