চীনৰ ইতিহাস
১৫ প্ৰবন্ধ
-
হান ৰাজবংশ
হান ৰাজবংশ হৈছে কিন (Qin) ৰাজবংশৰ (খ্ৰী:পূ: ২২১-২০৭) পিছতে চীনৰ দ্বিতীয়টো ৰাজবংশ। এই ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল বিদ্ৰোহী নেতা লিউ বাং। মৃত্যুৰ পিছত তেওঁ হান সম্ৰাট গাউজু হিচাপে পৰিচয় লাভ কৰে। মাজতে কিছু বছৰ জিন (Xin) ৰাজবংশৰ (৯-২৩ চন) আধিপত্য চলিছিল যদিও হান ৰাজবংশই পুনৰ ক্ষমতা দখল কৰে।
-
চিং ৰাজবংশ
চিং ৰাজবংশ (清朝, Qīng Cháo) আছিল চীনৰ ইতিহাসৰ অন্তিম ৰাজবংশ, যিয়ে ১৬৪৪ খ্ৰীষ্টাব্দৰ পৰা ১৯১২ খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল। ই ম্যানচু জাতিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াক চীনৰ এখন বিস্তৃত আৰু বৈচিত্ৰ্যপূৰ্ণ সাম্ৰাজ্য হিচাপে গণ্য কৰা হয়।
-
মিং ৰাজবংশ
মিং ৰাজবংশ (明朝, Míng Cháo) আছিল চীন দেশৰ এখন ঐতিহাসিক ৰাজবংশ, যি ১৩৬৮ খ্ৰীষ্টাব্দৰ পৰা ১৬৪৪ খ্ৰীষ্টাব্দলৈকে শাসন চলাইছিল। ই ইয়ুৱান ৰাজবংশৰ মংগোল শাসন শেষ কৰি চীনৰ ওপৰত চীনীয় শাসনৰ পুনঃপ্ৰতিষ্ঠা কৰিছিল।
-
ঝৌ ৰাজবংশ
ঝৌ ৰাজবংশ (; Old Chinese (B&S): *tiw) এটি চীনা ৰাজবংশ যিয়ে শ্বাং ৰাজবংশৰ পাছত শাসন কৰিছিল। এই ৰাজবংশৰ শাসন ৭৮৯ বছৰলৈকে চলিছিল। ই চীনা ইতিহাসৰ আতাইতকৈ দীৰ্ঘ কালৰ বাবে ৰাজ কৰা বংশ। এই ৰাজবংশৰ উপাধি আছিল জি। তেওঁলোকৰ সামৰিক নিয়ন্ত্ৰণ চলিছিল খ্ৰীষ্টপূৰ্ব ১০৪৬ৰ পৰা খ্ৰীষ্টপূৰ্ব ৭৭১লৈ।
-
যুদ্ধৰত ৰাজ্যৰ যুগ
যুদ্ধৰত ৰাজ্যৰ যুগ (পৰম্পৰাগত চীনা: 戰國時代; সৰলীকৃত চীনা: 战国时代; পিন্যিন: Zhànguó Shídài) চীনা ইতিহাসৰ এটি যুগ য'ত যুদ্ধ, কূটনৈতিক আৰু সামৰিক সংস্কাৰ তথা একীকৰণৰ চেষ্টা বহলকৈ দেখা গৈছিল।
-
জিন ৰাজবংশ
জিন ৰাজবংশ বা জিন সাম্ৰাজ্য যাক কোনো কোনোৱে চিমা জিন বা দুই জিনৰ নামেৰেও অভিহিত কৰে, এটি সাম্ৰাজ্যবাদী চীনা ৰাজবংশ। এই ৰাজবংশ ২৬৬ৰ পৰা ৪২০ চনলৈ অস্তিত্বত আছিল। চিমা য়ান, যি চিমা ঝাওৰ জ্যেষ্ঠ পুত্ৰ, এই সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক, যাৰ বিপৰীতে, চিমা ঝাও আছিল জিনৰ ৰজা।
-
শ্বাং ৰাজবংশ
শ্বাং ৰাজবংশ বা য়িন ৰাজবংশ শ্বাঙৰ টাঙৰ (চেং টাং) দ্বাৰা স্থাপিত এক চীনা ৰাজবংশ। এই ৰাজবংশই হালধীয়া নদীৰ উপত্যকাত শাসন কৰিছিল খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দীত। পৰম্পৰাগত বিশ্বাস অনুযায়ী তেওঁলোকৰ আগতে শ্বিয়া আৰু তেওঁলোকৰ পাছত পশ্চিমীয়া ঝৌ ৰাজবংশই চীন শাসন কৰিছিল।
-
শ্বিয়া ৰাজবংশ
শ্বিয়া ৰাজবংশ পৰম্পৰাগত চীনা বিশ্বাস অনুযায়ী প্ৰথম চীনা ৰান্জবংশ। লোক বিশ্বাস অনুযায়ী, পাঁচ সম্ৰাটৰ অন্তিম সম্ৰাট শ্বুনে মহান য়ুক সিংহাসন দিছিল, যাৰ পাছত তেওঁ শ্বিয়া ৰাজবংশৰ স্থাপনা কৰিছিল। পৰম্পৰাগত ইতিহাস লিখনত পোৱা যায় যে শ্বিয়া ৰাজবংশৰ পাছত শ্বাং ৰাজবংশই চীন শাসন কৰিছিল।
-
শৰৎ আৰু বসন্তৰ যুগ
শৰৎ আৰু বসন্তৰ যুগ (সৰলীকৃত চীনা: 春秋时代; পৰম্পৰাগত চীনা: 春秋時代, পিন্যিন: Chūnqiū Shídài) চীনৰ ইতিহাসৰ এটি সময়, যি আনুমানিক খ্ৰীষ্টপূৰ্ব ৭৭১ৰ পৰা খ্ৰীষ্টপূৰ্ব ৪৭৬লৈকে (বা খ্ৰীষ্টপূৰ্ব ৪০৩) ঝৌ সাম্ৰাজ্যৰ শেষৰ ফালে দেখা গৈছিল। এই কাল পূব ঝৌ কালৰ অন্তৰ্গত।
-
কন্দৰ্পধৰ্ম
কন্দৰ্পধৰ্ম (কিছুমান উৎসত কন্দৰ্পবৰ্মন ৰূপেও উল্লিখিত) আছিল চম্পা ৰাজ্যৰ এজন প্ৰাচীন ৰজা, যিয়ে ভিয়েটনামৰ কেন্দ্ৰীয় অঞ্চলত ষষ্ঠ শতাব্দীৰ শেষ ভাগৰপৰা সপ্তম শতাব্দীৰ আৰম্ভণিলৈকে শাসন কৰিছিল। তেওঁ শম্ভুবৰ্মনৰ পুত্ৰ আৰু প্ৰভাসধৰ্মৰ পিতা আছিল।
-
ছিন ৰাজ্য
ছিন ৰাজ্য (চীনা: 秦; পিন্যিন: Qín) এখন চীনা ৰাজ্য যিয়ে যুদ্ধৰত ৰাজ্যৰ যুগৰ শেষত আন ৰাজ্যসমূহক পৰাস্ত কৰি প্ৰথম ঐক্যবদ্ধ চীনা সাম্ৰাজ্যৰ সৃষ্টি কৰিছিল। চিন সাম্ৰাজ্যৰ আধিপত্য কেৱল ১৫ বছৰৰ বাবে আছিল, খ্ৰীষ্টপূৰ্ব ২২১ৰ পৰা খ্ৰীষ্টপূৰ্ব ২০৭লৈ। চীন দেশৰ নাম ছিনৰ পৰাই অহা।
-
তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট
তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট চীনৰ উত্তৰ ভাগৰ মিথকত পোৱা শাসক বা দেৱতাৰ দুটি গোট। তিনি সাৰ্বভৌম পাঁচ ৰজাতকৈ আগতে বাস কৰিছিল, যাৰ কাল খ্ৰীষ্টপূৰ্ব ৩১২৬ৰ পৰা খ্ৰীষ্টপূৰ্ব ২০৭০। বৰ্তমানে এওঁলোক সাংস্কৃতিক নায়ক।
-
তিনি ৰাজ্য
তিনি ৰাজ্য চীন দেশৰ ইতিহাসত দেখা পোৱা এটি কাল যি ২২০ খ্ৰীষ্টাব্দৰ পৰা ২৮০ খ্ৰীষ্টাব্দলৈ বৰ্তি আছিল। ই চাও ৱেই, শ্বু হান আৰু পূৰ্বী ৱুৰ মাজত ত্ৰিপক্ষীয়ভাৱে বিভাজিত চীনক বুজায়। এই কালৰ আগত হান বংশৰ শাসন আছিল আৰু পাছত জিন বংশৰ।
-
টাং সাম্ৰাজ্য
টাং সাম্ৰাজ্য (唐朝, Táng Cháo) আছিল চীনৰ ইতিহাসৰ এটা সোণালী যুগ, যিয়ে ৬১৮ খ্ৰীষ্টাব্দৰ পৰা ৯০৭ খ্ৰীষ্টাব্দলৈকে বিস্তৃত আছিল। ই চুই ৰাজবংশৰ পতনৰ পিছত স্থাপিত হয় আৰু চীনা সভ্যতা, শিল্প, সাহিত্য, বিজ্ঞান আৰু ধৰ্মীয় সহনশীলতাৰ দিশত এক অভূতপূৰ্ব উন্নয়ন ঘটায়।
-
পেকিং মানৱ
পেকিং মানৱ এটি মানৱ প্ৰজাতি যাক ১৯২৭ চনত ডেভিড ব্লেকে আৱিষ্কাৰ কৰিছিল। পেকিং মানৱৰ মস্তিষ্কৰ আকাৰ প্ৰায় ১০০০ কিউবিক চেণ্টিমিটাৰ, কিন্তু কিছু কিছু মস্তিষ্কৰ আকাৰ প্ৰায় ১৩০০ কিউবিক চেণ্টিমিটাৰ পাইছিলগৈ, যি আধুনিক মানৱত মস্তিষ্কৰ সমান।