ইতিহাস
প্ৰাচীন সভ্যতাৰ পৰা আধুনিক কাললৈ — ৰাজ্য, যুদ্ধ, আন্দোলন আৰু ঘটনাপ্ৰবাহ · ৫৮৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মোগাও গুহা
মোগাও গুহা ( Mogao Caves) হৈছে চীনৰ গানছু প্ৰদেশৰ ডুনহুয়াং চহৰৰ মাজমজিয়াৰ পৰা ২৫ কিলোমিটাৰ (১৬ মাইল) দক্ষিণ-পূবে অৱস্থিত ৫০০টা মন্দিৰৰ এটা গোট, যাক হাজাৰ বুদ্ধ গ্ৰ’ট’ বুলিও কোৱা হয়। ডানহুয়াং ৰেচম পথৰ এটা অ’এছিছ, ঐতিহাসিকভাৱে ধৰ্মীয় আৰু সাংস্কৃতিক সংযোগস্থল হিচাপে পৰিচিত।
-
যুম কাক্স
যুম কাক্স (মায়া উচ্চাৰণ: [jum kʼaːʃ], "অৰণ্যৰ প্ৰভু"), যুমকা(Yumká) নামেৰেও জনাজাত বন্য গছ-গছনিৰ দেৱতা আৰু ইয়াৰ প্ৰাণীৰ ৰক্ষকৰ বাবে এটা য়ুকাটেক মায়া নাম।
-
লিংগ পৃথকীকৰণ
লিংগ পৃথকীকৰণ ( Sex segregation) হ'ল মানুহৰ জৈৱিক লিংগ অনুসৰি শাৰীৰিক, আইনী আৰু সাংস্কৃতিক বিচ্ছেদ। লিংগ পৃথকীকৰণে বৈষম্যৰ কোনো দিশ নোহোৱাকৈ কেৱল লিংগৰ দ্বাৰা আক্ষৰিক শাৰীৰিক আৰু স্থানীয় পৃথকীকৰণক বুজায়৷ বহু পৰিস্থিতিত যৌন বিচ্ছেদ বিতৰ্কিত বিষয় হ’ব পাৰে।
-
লিচিনিয়া ইউকাৰিছ
লিচিনিয়া ইউকাৰিছ (খ্ৰীষ্টপূৰ্ব ১ম শতিকা) এগৰাকী প্ৰাচীন ৰোমান মঞ্চ অভিনেত্ৰী আছিল, যিয়ে ১৪ বছৰ বয়সতে মৃত্যু বৰণ কৰিছিল। তেওঁৰ সমাধিৰ শিলালিপিত তেওঁৰ পিতৃৰ দ্বাৰা উল্লেখ কৰা হৈছে যে তেওঁ প্ৰাচীন ৰোমৰ নাট্যশালাৰ এটা উজ্জ্বল নক্ষত্ৰ আছিল।
-
লীলাৱতী সিং
লীলাৱতী সিং (Lilavati Singh; জন্ম:১৪ ডিচেম্বৰ ১৮৬৮ - মৃত্যু: ৯ মে ১৯০৯) যাক লিলিৱতী সিং নামেৰেও জনা যায়। তেওঁ এগৰাকী শিক্ষয়িত্ৰী আৰু লক্ষ্ণৌৰ ইছাবেলা থোবাৰ্ন কলেজৰ সাহিত্য আৰু দৰ্শনৰ অধ্যাপিকা আছিল।
-
লুচাই অভিযান
লুচাই অভিযান (Lushai Expedition) ১৮৭১-৭২ চনত ব্ৰিটিছ ভাৰতীয় সেনাই কৰা এক আক্ৰমণমূলক অভিযান। জেনেৰেল ব্ৰন্ল' আৰু বুৰ্চিয়াৰে ইয়াৰ নেতৃত্ব লৈছিল। ইয়াৰ উদ্দেশ্য আছিল লুচাইসকলে অসমত আক্ৰমণ চলাই অপহৰণ কৰা ব্ৰিটিছ লোকসকলৰ উদ্ধাৰ। অপহৃত লোকৰ মাজত মেৰী ৱিন্চেষ্টাৰ নামৰ এক ছয়বছৰীয়া ছোৱালীও আছিল।
-
শদিয়া সৰ্প স্তম্ভ
শদিয়া সৰ্প স্তম্ভ, ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশৰ ঐতিহাসিক শদিয়া অঞ্চলত স্থাপিত এক প্ৰাচীন অষ্টকাতৰ শিল স্তম্ভ। এই স্তম্ভটো চুতীয়া ৰাজ্যৰ দিনত দিবাং আৰু দিক্ৰং নৈৰ মাজৰ এখন নগৰৰ মুখত আন কিছু ভগনাৱশেষৰ লগত দেখা পোৱা গৈছিল।
-
শনিবাৰৰ মাতৃসকল
শনিবাৰৰ মাতৃসকল তুৰস্কৰ ইস্তানবুলৰ গালাটাছাৰাইত প্ৰতি শনিবাৰে দুপৰীয়া আধা ঘণ্টা সময় ধৰি গোট খায় আৰু প্ৰথম অৱস্থাত নিৰুদ্দেশ হোৱা আত্মীয়ৰ বিষয়ে স্পষ্টীকৰণ বিচাৰে।
-
শাৰ্লেমেন
শাৰ্লেমেন ( / ˈʃɑːrləmeɪn /; ২ এপ্ৰিল ৭৪৮ – ২৮ জানুৱাৰী ৮১৪) ৭৬৮ চনৰ পৰা ফ্ৰেংকৰ ৰজা, ৭৭৪ চনৰ পৰা লম্বাৰ্ডৰ ৰজা আৰু ৮০০ চনৰ পৰা পশ্চিম আৰু মধ্য ইউৰোপৰ বেছিভাগ অঞ্চল একত্ৰিত কৰি শাসন কৰিছিল।
-
শিক্ষিন মন্দিৰ
দ্য শ্ব’ৰচুক বা শিক্ষিন মন্দিৰ (সৰল চীনা ভাষাত: 七个星佛寺; পৰম্পৰাগত চীনা ভাষাত: 七個星佛寺; pinyin: Qīgèxīng Fósì; lit. 'Seven-Stars Buddhist Temple') হৈছে চীনৰ জিনজিয়াঙৰ ইয়াংকি হুই স্বায়ত্তশাসিত কাউণ্টিৰ কাৰাছাহৰ চহৰৰ পৰা প্ৰায় ২৫–৩০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত এটি ধ্বংসপ্ৰাপ্ত বৌদ্ধ স্থান।
-
শ্বাৰ্ল দ্য গ'ল
শ্বাৰ্ল অঁদ্ৰে জ’জেফ মাৰি দ্য গ’ল (Charles de Gaulle,; ২২ নৱেম্বৰ ১৮৯০ – ৯ নৱেম্বৰ ১৯৭০) এজন ফৰাচী সেনাপতি আৰু ৰাষ্ট্ৰনেতা আছিল, যিয়ে দ্বিতীয় বিশ্বযুদ্ধত নাজী জাৰ্মানীৰ বিৰুদ্ধে মুক্ত ফৰাচী বাহিনীক নেতৃত্ব দিছিল আৰু ১৯৪৪–৪৬ চনত ফৰাচী গণৰাজ্যৰ অস্থায়ী চৰকাৰৰ অধ্যক্ষতা কৰিছিল।
-
সংযুক্তা
সমযুক্তা বা সংযুক্তা নামেৰেও পৰিচিত, কনৌজৰ ৰজা জয়চান্দৰ কন্যা আৰু পৃথ্বীৰাজ চৌহানৰ তিনিগৰাকী পত্নীৰ ভিতৰত এগৰাকী। পৃথ্বীৰাজ আৰু সংযুক্তাৰ মাজৰ প্ৰেম চন্দ বৰ্দাইয়ে পৃথ্বীৰাজ ৰাসোত ৰচনা কৰা ভাৰতৰ অন্যতম জনপ্ৰিয় মধ্যযুগীয় ৰোমাঞ্চপূৰ্ণ কাহিনী।
-
সবুজ বুৰ্জ
সবুজ বুৰ্জ (Sabz Burj) (শাব্দিক অৰ্থ: ‘সেউজীয়া টাৱাৰ’) দিল্লীৰ নিজামুদ্দিন কমপ্লেক্সৰ ওচৰত, হুমায়ুনৰ সমাধিৰ পশ্চিমে মথুৰা ৰোডৰ এটা সংযোগস্থলত অৱস্থিত অষ্টভুজাকাৰ মোগল যুগৰ এটা সমাধি-স্থাপত্য। ১৫৩০ৰ দশকত নিৰ্মিত এই স্থাপত্যটো মোগল যুগৰ আটাইতকৈ প্ৰাচীন অট্টালিকাসমূহৰ ভিতৰত অন্যতম।
-
সোণামতী
সোণামতী ( Sonamoti) অসম বুৰঞ্জীৰ সততে চৰ্চা নোহোৱা এক নাৰী, যাক গদাপাণি বা গদাধৰ সিংহই আত্মগোপন কালত লগ পাইছিল আৰু তেওঁক পলুৱাই পঠিওৱা বাবে চাওদাঙৰ দ্বাৰা সোণামতী নিৰ্যাতিতা হৈছিল৷ ড° মঞ্জু বৰাই পৰিচালনা কৰা অসমীয়া চলচ্চিত্ৰ জয়মতীত (২০০৬) সোণামতী চৰিত্ৰটি চিত্ৰায়িত কৰা হৈছে৷
-
স্কিথীয় নেপলিছ
স্কিথীয় নেপলিছ ( Scythian Neapolis), চৰকাৰীভাবে কেৰমেনচিক, খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ শেষৰফালৰপৰা খ্ৰীষ্টীয় ৩য় শতিকাৰ দ্বিতীয়াৰ্ধলৈ ক্ৰিমিয়া উপদ্বীপত অস্তিত্ব থকা এটা ইৰানীয় বসতি আছিল। পূৰ্বতে ইয়াক টাউৰিক খেৰছোনেছছৰ এখন নগৰ বুলি গণ্য কৰা হৈছিল।
-
স্বধয়া পুৰীৰ লক্ষ্মীনাৰায়ণৰ তামৰ ফলি
স্বধয়া পুৰীৰ লক্ষ্মীনাৰায়ণৰ তামৰ ফলি হৈছে ১৩২৩ শকৰ তাম্ৰ ফলি য'ত ঘিলামৰা তামৰ ফলি আৰু ধেনুখনা তামৰ ফলি নামেৰে দুখন তামৰ ফলি অন্তৰ্ভুক্ত হৈ আছে। ইয়াত লক্ষ্মীনাৰায়ণ আৰু সত্যনাৰায়ণ ৰজাই বাসুদেৱৰ সেৱা-পূজাৰ উদ্দেশ্যে ভূমি দান দিয়াৰ কথা উল্লেখ আছে। লক্ষ্মীনাৰায়ণ আছিল চুতীয়া ৰজা।
-
স্বাধীনতা সংগ্ৰহালয়, ঢাকা
স্বাধীনতা সংগ্ৰহালয়, ঢাকা ( Independence Museum) বাংলাদেশত অৱস্থিত৷ ইয়াত বাংলাদেশৰ স্বাধীনতাৰ সংগ্ৰামৰ চিত্ৰ বৰ্ণনা কৰা আছে। ইয়াত মোগল শাসন কালৰ পৰা ১৯৭১ চনৰ স্বাধীনতা লাভলৈকে জাতিটোৰ ইতিহাস দেখুওৱা হৈছে ৷ ই দেশৰ প্ৰথম আৰু একমাত্ৰ ভূগৰ্ভস্থ সংগ্ৰহালয়।
-
সৰ্বভাৰতীয় কৃষক সভা
সৰ্বভাৰতীয় কৃষক সভা (অল ইণ্ডিয়া কৃষক সভা, অখিল ভাৰতীয় কৃষক সভা বা এ আই কে এচ নামেৰেও পৰিচিত) আছিল ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ কৃষক ফ্ৰণ্ট। ১৯৩৬ চনত সহজানন্দ সৰস্বতীয়ে এই গুৰুত্বপূৰ্ণ কৃষক সংগঠনটো প্ৰতিষ্ঠা কৰে। পাছলৈ ই দুটা ভাগত বিভক্ত হয়।
-
হালধীয়া চোলাবোৰৰ আন্দোলন
হালধীয়া চোলাবোৰৰ আন্দোলন (Mouvement des gilets jaunes; মুভম দে জিলে জোন) ২০১৮ চনৰ ১৭ নৱেম্বৰৰ পৰা ইন্ধনজাত সামগ্ৰী বিশেষকৈ ডিজেলৰ মুল্যবৃদ্ধিৰ বিৰুদ্ধে ফ্ৰান্সত আৰম্ভ হোৱা এক প্ৰতিবাদী আন্দোলন।
-
হিন্দী বিৰোধী আন্দোলন
হিন্দী বিৰোধী আন্দোলন বুলিলে ২০ শতিকাৰ মাজভাগত ভাৰতৰ কিছুমান বিশেষ অঞ্চলত উদ্ভৱ হোৱা এক উল্লেখযোগ্য সামাজিক-ৰাজনৈতিক আন্দোলনক বুজায়। এই প্ৰতিবাদৰ মূল উদ্দেশ্য আছিল ভাৰতৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে হিন্দী জাপি দিয়াৰ পৰা প্ৰতিহত কৰা।
-
হুৰাকান
হুৰাকান (/ˈhʊrəkən, ˈhʊrəkɑːn/; স্পেনিছ: হুৰাকান; মায়া ভাষা: হুনৰাকান, "এটা ভৰিৰ"), প্ৰায়ে U Kʼux Kaj, "আকাশৰ হৃদয়" বুলি কোৱা হয়, হৈছে বতাহ, ধুমুহা, জুইৰ Kʼicheʼ মায়া দেৱতা আৰু মানৱতা সৃষ্টিৰ তিনিওটা প্ৰচেষ্টাতে অংশগ্ৰহণ কৰা সৃষ্টিকৰ্তা দেৱতাসকলৰ ভিতৰত অন্যতম।
-
হৰমুজৰ যুদ্ধ
হৰমুজ যুদ্ধ বা পাৰস্যৰ উপসাগৰৰ যুদ্ধ হৈছে ১৬২৫ চনৰ ১১–১২ ফেব্ৰুৱাৰীত সংঘটিত হোৱা যুদ্ধ। "সম্ভৱতঃ পাৰস্য উপসাগৰত হোৱা আটাইতকৈ ডাঙৰ নৌসেনাৰ যুদ্ধ।" এই যুদ্ধত পৰ্তুগীজ বাহিনীৰ বিৰুদ্ধে ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী (VOC) আৰু ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী (EIC)ৰ সংযুক্তভাৱে পৰ্তুগীজৰ বিৰুদ্ধে থিয় দিছিল।
-
১৯২৩ চনৰ নেপাল-ব্ৰিটেইন চুক্তি
১৯২৩ চনৰ নেপাল-ব্ৰিটেইন চুক্তি নেপাল-ব্ৰিটেইন চুক্তিৰ বিষয়ে প্ৰথমবাৰৰ বাবে ১৯২১ চনত আলোচনা কৰা হৈছিল আৰু ১৯২৩ চনৰ ২১ ডিচেম্বৰত সিংগা দৰবাৰত চূড়ান্ত চুক্তি স্বাক্ষৰিত হৈছিল।এই চুক্তি ব্ৰিটিছৰ দ্বাৰা প্ৰথম আনুষ্ঠানিক স্বীকৃতি আছিল যে নেপালে এক স্বাধীন ৰাষ্ট্ৰ হিচাপে ইয়াৰ বৈদেশিক নীতি যিকোনো ধৰণে…
-
১৯৪৬ চনৰ ভাৰতীয় নৌসেনা বিদ্ৰোহ
১৯৪৬ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে ভাৰতীয় নৌসেনাৰ নাৱিক, সৈন্য, আৰক্ষী কৰ্মী আৰু সাধাৰণ নাগৰিকৰ এক ব্যৰ্থ বিদ্ৰোহ আছিল ৰয়েল ইণ্ডিয়ান নেভীৰ বিদ্ৰোহ।
-
২০০৬ চনৰ নেপালী বিপ্লৱ
২০০৬ চনৰ নেপালী বিপ্লৱ বা ২০০৬ চনৰ গণতন্ত্ৰ আন্দোলন (নেপালী ভাষাত: ) তেতিয়াৰ নেপালৰ ৰজা জ্ঞানেন্দ্ৰৰ প্ৰত্যক্ষ আৰু অগণতান্ত্ৰিক শাসনৰ বিৰুদ্ধে হোৱা ৰাজনৈতিক আন্দোলন। এই আন্দোলনক কোনো কোনোৱে দ্বিতীয় জন আন্দোলনো আখ্যা দিয়ে, এই কথা বুজাবলৈ যে ই ১৯৯০ চনৰ জন আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ দৰে।
-
২০২৫ চনৰ অসম খনিৰ ঘটনা
২০২৫ চনৰ ৬ জানুৱাৰীত ভাৰতৰ অসমৰ ডিমা হাছাও জিলাৰ অবৈধ কয়লা খনিত আবদ্ধ হৈ পৰে খনিকৰৰ দল এটা। ওচৰৰ অব্যৱহৃত খনিৰপৰা পানী ওলাই অহাত তেওঁলোক আবদ্ধ হৈ পৰে।
-
২০২৫-দিল্লী কাৰ বিস্ফোৰণ
২০২৫ চনৰ ১০ নৱেম্বৰত ভাৰতৰ দিল্লীৰ লালকিল্লাৰ সমীপত গাড়ী বোমা বিস্ফোৰণ সংঘটিত হয়। এই বোমা বিস্ফোৰণত কমেও ১৩ জন লোক নিহত হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক আহত হয়। দিল্লী আৰক্ষীয়ে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ বিধান আৰোপ কৰি গোচৰৰ তদন্তৰ সৈতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা জড়িত হৈ পৰে।
-
ৰঙা ফিচো
ৰঙা ফিচো (ক্ৰ'ৱেচিয়ান: Crveni Fićo) ক্ৰ'ৱেচিয়াৰ অচিজেকত থকা এটা স্মৃতিসৌধ। ক্ৰ'ৱেচিয়াৰ স্বাধীনতা যুদ্ধৰ আৰম্ভণিতে যুগোস্লাভিয়া সেনাবাহিনীৰ টেংকে জাষ্টাভা ৭৫০ (ফিচো) গাড়ী ধ্বংস কৰাৰ স্মৃতিত এই গাড়ীখন ক্ৰ'ৱেচিয়াৰ প্ৰতিৰোধৰ প্ৰতীক হৈ পৰিছিল।
-
ৰহাৰ ৰহদৈ
ৰহাৰ ৰহদৈ ( Rohar Rohdoi) নামে পৰিচিত ৰহদৈ নামৰ নাৰীগৰাকী নগাঁও জিলাৰ ৰহাৰ বাসিন্দা আছিল বাবে তেওঁক “ৰহাৰ ৰহদৈ’’ নামে জনা যায়৷ এওঁ আহোম ৰজা গদাধৰ সিংহৰ সময়ৰ আছিল৷ ল’ৰাৰজাৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ আহোম ৰাজকোঁৱৰ গদাপাণি নানা ঠাইত আত্মগোপন কৰি থাকিবলগীয়া হৈছিল৷ ইয়াৰ বাবেই নগা পৰ্ব্বতত কিছুদিন…
-
ৰাখীগড়ী
ৰাখীগড়ী বা ৰাখী গড়ী হৈছে হান্সী জিলাৰ এখন গাঁও আৰু প্ৰত্নতাত্ত্বিক স্থান। ই উত্তৰ ভাৰতৰ হাৰিয়ানা ৰাজ্যত অৱস্থিত। এই স্থান দিল্লীৰপৰা প্ৰায় ১৫০ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত। ই ঘগ্গৰ নদীৰ সমভূমিত অৱস্থিত আৰু ঋতুভিত্তিক ঘগ্গৰ নদীৰপৰা প্ৰায় ২৭ কিলোমিটাৰ দূৰত।