অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

স্বাধীনতা সংগ্ৰহালয়, ঢাকা

স্বাধীনতা সংগ্ৰহালয়, ঢাকা ( Independence Museum) বাংলাদেশত অৱস্থিত৷ ইয়াত বাংলাদেশৰ স্বাধীনতাৰ সংগ্ৰামৰ চিত্ৰ বৰ্ণনা কৰা আছে। ইয়াত মোগল শাসন কালৰ পৰা ১৯৭১ চনৰ স্বাধীনতা লাভলৈকে জাতিটোৰ ইতিহাস দেখুওৱা হৈছে ৷ ই দেশৰ প্ৰথম আৰু একমাত্ৰ ভূগৰ্ভস্থ সংগ্ৰহালয়।

হালনাগাদ: ৩০ ডিচেম্বৰ ২০২৫ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ
সংগ্ৰহালয়ত গেলেৰী
সংগ্ৰহালয়ত গেলেৰীছবি: Tanweer Morshed · CC BY-SA 4.0

স্বাধীনতা সংগ্ৰহালয়, ঢাকা ( Independence Museum) বাংলাদেশত অৱস্থিত৷ ইয়াত বাংলাদেশৰ স্বাধীনতাৰ সংগ্ৰামৰ চিত্ৰ বৰ্ণনা কৰা আছে। ইয়াত মোগল শাসন কালৰ পৰা ১৯৭১ চনৰ স্বাধীনতা লাভলৈকে জাতিটোৰ ইতিহাস দেখুওৱা হৈছে ৷ ই দেশৰ প্ৰথম আৰু একমাত্ৰ ভূগৰ্ভস্থ সংগ্ৰহালয়। সংগ্ৰহালয়টো, মুঠ ৬৭ একৰ ভূমিৰ শ্বেখ মুজিবুৰ ৰহমানে স্বাধীনতাৰ সংগ্ৰাম ঘোষণা কৰি ঐতিহাসিক ভাষণ দিয়া স্থান আৰু বাংলাদেশৰ মুক্তিযুদ্ধৰ পিছত পাকিস্তানী বাহিনীয়ে আত্মসমৰ্পণ কৰা স্থানৰ এটা অংশ। ২০১৫ চনৰ ২৫ মাৰ্চত বাংলাদেশৰ ৪৫ সংখ্যক স্বাধীনতা দিৱসত এই সংগ্ৰহালয়টো জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়। ১

স্থাপত্য

এই আণ্ডাৰগ্ৰাউণ্ড মিউজিয়ামটো মাল্টিমিডিয়া প্ৰজেকচন থিয়েটাৰ, বৃত্তাকাৰ ৰংগমঞ্চ, তিনিটা পানীৰ পুল, বাংলা জাতীয়তাবাদৰ অনন্তকালৰ প্ৰতীক শিখা চিৰন্তনী(চিৰন্তন শিখা), বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ আধাৰত নিৰ্মিত প্ৰাচীৰ আৰু অন্যান্য আনুষংগিক সা-সুবিধাসমূহ অন্তৰ্ভুক্ত কৰা এক মাষ্টাৰ প্লেনৰ অংশ। ২ তদুপৰি, এই কমপ্লেক্সত ১৫৫ খন আসনযুক্ত এটা প্ৰেক্ষাগৃহ আছে। ৩ ঠাইখনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে এটা স্মৃতিসৌধ, যাৰ নাম “টাৱাৰ অৱ লাইট’’, যিটো ৫০ মিটাৰ উচ্চতাৰ টাৱাৰ আৰু ই কাঁচৰ পেনেলৰ পুঁজিৰে গঠিত। ৩ এই সংগ্ৰহালয়টো লাইট হাউচ বা “টাৱাৰ অৱ লাইট’’ৰ ঠিক তলতে অৱস্থিত। ৪ সংগ্ৰহালয়টোৰ মুকলি এলেকাত ৫৬৬৯ বৰ্গমিটাৰ টাইলছৰ মজিয়া আছে। ৪ ইয়াৰ মাটিৰ তলৰ মজিয়াৰ মাজত এটা ফোৱাৰা আছে, য’ত ছাদৰ ওপৰৰ পৰা পানী সৰি পৰে। বাংলাদেশী স্থপতিবিদ কাশ্বেফ মেহবুব চৌধুৰী আৰু মেৰিনা তবাচ্ছুমে ১৯৯৭ চনত এখন ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিযোগিতাত জয়ী হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকক এই প্ৰকল্পৰ বাবে নিযুক্তি দিয়া হৈছিল। ৫ কমপ্লেক্সটোৰ মুঠ নিৰ্মাণ ব্যয় আছিল ১.৭৫ বিলিয়ন টকা ৷৬ ৭

প্ৰদৰ্শনী

সংগ্ৰহালয়টোত ১৪৪টা কাঁচৰ পেনেলত ৩০০ৰো অধিক ঐতিহাসিক ফটো সংগ্ৰহ কৰা আছে, য’ত বাংলাদেশৰ প্ৰায়বোৰ ঐতিহাসিক তথ্য চিত্ৰিত কৰা হৈছে।৮ সংগ্ৰহালয়টোত প্ৰদৰ্শিত হৈছে বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ৰ বিভিন্ন টেৰাকোটা ছবি আৰু কাগজত অংকিত ছবিৰ টুকুৰা। বিদেশী বাতৰি কাকত আৰু মুক্তিযুদ্ধৰ বিভিন্ন পৰিঘটনা দেখুওৱা প্ৰতিবেদনৰ প্ৰতিলিপিও গেলেৰীত ৰখা হৈছে। এই গেলেৰীখনত বাংলাদেশৰ কিছুমান উল্লেখযোগ্য প্ৰত্নতাত্ত্বিক সমল আৰু কীৰ্তিচিহ্নও প্ৰদৰ্শিত হৈছে। পাকিস্তান সেনাৰ লেফটেনেণ্ট জেনেৰেল আমিৰ আব্দুল্লা খান নিয়াজীয়ে আত্মসমৰ্পণৰ সময়ত স্বাক্ষৰ কৰা নথিখন যি টেবুলৰ ওপৰত থৈছিল, সেই টেবুলখনৰো এটা প্ৰতিৰূপ গেলেৰীত ৰখা হৈছে। ১ ৮

তথ্যসূত্ৰ

  1. ↑ (March 27, 2015). Independence Museum opens. Prothom Alo
  2. ↑ (2017-05-17). Frozen in time. Dhaka Tribune
  3. ↑ (2016-08-13). Glass Tower complex not completed in 17 years. The Independent
  4. ↑ Rahman; Nuzrat, Soniha; liza, Ashrafun Nahar. (2020-10-18). Evaluating the Phenomenon of Urban Heat Island Effect of Suhrawardy Udyan, Dhaka. International Journal of Scientific & Engineering Research. পৃ. 1658
  5. ↑ Marina Tabassum. Archnet
  6. ↑ Urbana. Worldview
  7. ↑ (January 20, 2016). Independence Museum Opened. Prothom Alo
  8. ↑ (March 28, 2015). Visitors swarm Museum of Independence

সম্পৰ্কিত শ্ৰেণী

ঐতিহাসিক কীৰ্তিচিহ্নবাংলাদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বাধীনতা সংগ্ৰহালয়, ঢাকা” প্ৰবন্ধৰ সংশোধন ৫৬৬৬৮২ (৩০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।