অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

১৯৪৬ চনৰ ভাৰতীয় নৌসেনা বিদ্ৰোহ

১৯৪৬ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে ভাৰতীয় নৌসেনাৰ নাৱিক, সৈন্য, আৰক্ষী কৰ্মী আৰু সাধাৰণ নাগৰিকৰ এক ব্যৰ্থ বিদ্ৰোহ আছিল ৰয়েল ইণ্ডিয়ান নেভীৰ বিদ্ৰোহ।

হালনাগাদ: ১০ জুন ২০২৬ ৫৬০ শব্দ · ৩ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

১৯৪৬ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে ভাৰতীয় নৌসেনাৰ নাৱিক, সৈন্য, আৰক্ষী কৰ্মী আৰু সাধাৰণ নাগৰিকৰ এক ব্যৰ্থ বিদ্ৰোহ আছিল ৰয়েল ইণ্ডিয়ান নেভীৰ বিদ্ৰোহ। বোম্বাইৰ (বৰ্তমানৰ মুম্বাই) প্ৰাৰম্ভিক সূত্ৰপাতৰ পৰা এই বিদ্ৰোহ বিয়পি পৰিছিল আৰু কৰাচীৰ পৰা কলিকতালৈকে (বৰ্তমানৰ কলকাতা) সমগ্ৰ ব্ৰিটিছ ভাৰততে সমৰ্থন লাভ কৰিছিল, আৰু অৱশেষত ৫৬ খন জাহাজ আৰু উপকূলীয় প্ৰতিষ্ঠানৰ ১০,০০০ ৰো অধিক নাৱিক ইয়াৰ সৈতে জড়িত হৈ পৰিছিল। এই বিদ্ৰোহ এক বিপ্লৱলৈ ৰূপান্তৰিত হোৱাত ব্যৰ্থ হৈছিল কাৰণ ব্ৰিটিছ কৰ্তৃপক্ষই বিদ্ৰোহ দমন কৰিবলৈ অধিক শক্তিশালী বাহিনী গোটোৱাৰ পিছত নাৱিকসকলক আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছিল।১ ২

বিদ্ৰোহী আৰ. আই. এন. (RIN) নাৱিকসকলে ব্ৰিটিছ কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰাৰ লগে লগে বিদ্ৰোহৰ সমাপ্তি ঘটে। স্বাধীনতাৰ প্ৰাকক্ষণত এই ধৰণৰ অস্থিৰতাৰ ৰাজনৈতিক আৰু সামৰিক বিপদ উপলব্ধি কৰি, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু মুছলিম লীগে ভাৰতীয় নাৱিকসকলক আত্মসমৰ্পণ কৰিবলৈ সৈমান কৰাইছিল আৰু এই বিদ্ৰোহক গৰিহণা দিছিল। কংগ্ৰেছৰ নেতাসকলৰ দৃষ্টিভংগী আছিল যে যদিহে অনাকাংক্ষিত পৰিণতিৰ সৈতে এক সশস্ত্ৰ বিদ্ৰোহ সফল হয়, তেন্তে স্বাধীনতা সংগ্ৰামৰ শান্তিপূৰ্ণ সমাপ্তি আৰু নিৰ্বিঘ্নে ক্ষমতা হস্তান্তৰৰ তেওঁলোকৰ যি ধাৰণা আছিল, সেয়া ব্যৰ্থ হৈ পৰিব। ৩ ভাৰতৰ কমিউনিষ্ট পাৰ্টি আছিল একমাত্ৰ সৰ্বভাৰতীয় ৰাজনৈতিক সংগঠন যিয়ে এই বিদ্ৰোহক সমৰ্থন জনাইছিল। পৰৱৰ্তী সময়ত ব্ৰিটিছ কৰ্তৃপক্ষই নৌ বিদ্ৰোহক "ব্ৰিটিছ ৰাজমুকুটৰ বিৰুদ্ধে মধ্যপ্ৰাচ্যৰ পৰা দূৰ-প্ৰাচ্যলৈকে বিয়পি পৰা এক বৃহৎ কমিউনিষ্ট ষড়যন্ত্ৰ" বুলি আখ্যা দিছিল।

১৮ ফেব্ৰুৱাৰীত সাধাৰণ সা-সুবিধাসমূহৰ প্ৰতিবাদত ৰাজকীয় ভাৰতীয় নৌসেনাৰ (Royal Indian Navy) নাৱিকসকলৰ এক ধৰ্মঘট হিচাপে আৰ. আই. এন. (RIN) বিদ্ৰোহ আৰম্ভ হৈছিল। বিদ্ৰোহৰ তৎকালীন মূল বিষয়সমূহ আছিল জীৱন ধাৰণৰ পৰিৱেশ আৰু খাদ্য। ১৯ ফেব্ৰুৱাৰীৰ সন্ধিয়া পৰলৈ এখন নৌসেনা কেন্দ্ৰীয় ধৰ্মঘট কমিটী (Naval Central Strike committee) নিৰ্বাচিত কৰা হৈছিল। এই ধৰ্মঘটে ভাৰতীয় জনসাধাৰণৰ মাজত কিছু পৰিমাণে সমৰ্থন লাভ কৰিছিল, যদিও তেওঁলোকৰ ৰাজনৈতিক নেতৃত্বই ইয়াক সমৰ্থন কৰা নাছিল, কাৰণ তেওঁলোকে স্বাধীনতাৰ প্ৰাকক্ষণত এনে সামৰিক বিদ্ৰোহৰ বিপদবোৰ দেখা পাইছিল। বিদ্ৰোহীসকলৰ কাৰ্যকলাপক বিভিন্ন প্ৰতিবাদী প্ৰদৰ্শনৰ জৰিয়তে সমৰ্থন কৰা হৈছিল, যাৰ ভিতৰত বোম্বাইত অনুষ্ঠিত একদিনীয়া সাধাৰণ ধৰ্মঘটো অন্তৰ্ভুক্ত আছিল। এই ধৰ্মঘট অন্যান্য চহৰসমূহলৈকো বিয়পি পৰিছিল আৰু ইয়াত ৰাজকীয় ভাৰতীয় বায়ু সেনা (Royal Indian Air Force) আৰু স্থানীয় আৰক্ষী বাহিনীৰ একাংশয়ো যোগদান কৰিছিল।

ভাৰতীয় নৌসেনাৰ কৰ্মীসকলে নিজকে "ইণ্ডিয়ান নেচনেল নেভী" (ভাৰতীয় ৰাষ্ট্ৰীয় নৌসেনা) বুলি মাতিবলৈ আৰম্ভ কৰিছিল আৰু ব্ৰিটিছ বিষয়াসকলক বাওঁহাতেৰে চেল্যুট জনাবলৈ লৈছিল। কিছুমান ঠাইত, ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীৰ নন-কমিছণ্ড অফিচাৰসকলে (NCO) ব্ৰিটিছ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশ আওকাণ আৰু অমান্য কৰিছিল। মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই) আৰু পুনাত (বৰ্তমানৰ পুনে), ব্ৰিটিছ সেনাছাউনিসমূহে ভাৰতীয় সেনাবাহিনীৰ জোৱানসকলৰ মাজত হোৱা কিছু অস্থিৰতাৰ সন্মুখীন হ'বলগীয়া হৈছিল। কৰাচীৰ পৰা কলিকতালৈকে ব্যাপক সংঘৰ্ষ বা দাঙ্গা সংঘটিত হৈছিল। লক্ষণীয়ভাৱে, বিদ্ৰোহী জাহাজসমূহত কংগ্ৰেছ, মুছলিম লীগ আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ (CPI) ৰঙা পতাকা - এই তিনিখন পতাকা একেলগে বান্ধি উত্তোলন কৰা হৈছিল, যিয়ে বিদ্ৰোহীসকলৰ মাজৰ একতা প্ৰতিপন্ন কৰিছিল আৰু সাম্প্ৰদায়িক বিষয়সমূহক গুৰুত্বহীন কৰি তুলিছিল।

নৌসেনা কেন্দ্ৰীয় ধৰ্মঘট কমিটীৰ (NCSC) সভাপতি এম. এছ. খান আৰু কংগ্ৰেছৰ বল্লভ ভাই পেটেলৰ মাজত হোৱা এখন বৈঠকৰ পিছত, কাকো নিৰ্যাতিত কৰা নহ'ব বুলি দিয়া এক আশ্বাসৰ ভিত্তিত এই বিদ্ৰোহ প্ৰত্যাহাৰ কৰা হৈছিল। ৪ পৰৱৰ্তী মাহবোৰত নৌসেনাৰ নাৱিকসকলৰ একাংশ দলক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু অত্যন্ত কষ্টকৰ পৰিৱেশ থকা শিবিৰসমূহত বন্দী কৰি ৰখা হৈছিল, আৰু লগতে আত্মসমৰ্পণৰ সেই চৰ্তটোও আছিল, যিয়ে তেওঁলোকক নিৰ্যাতনৰ পৰা সুৰক্ষা প্ৰদান কৰিছিল। এই সংকটটো সমাধান কৰিবলৈ বোম্বাইলৈ প্ৰেৰণ কৰা পেটেলে ধৰ্মঘটকাৰীসকলক তেওঁলোকৰ কাৰ্যসূচী সামৰিবলৈ আহ্বান জনাই এক বিবৃতি জাৰি কৰিছিল, যাক পিছলৈ মুছলিম লীগৰ হৈ মহম্মদ আলী জিন্নাই কলিকতাত জাৰি কৰা আন এক বিবৃতিৰ জৰিয়তেও সমৰ্থন জনোৱা হৈছিল। এই প্ৰবল চাপৰ ফলত ধৰ্মঘটকাৰীসকলে সেও মানিছিল। তাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছিল, আৰু তাৰ পিছত কোৰ্ট মাৰ্শ্বাল কৰা হৈছিল আৰু ৰাজকীয় ভাৰতীয় নৌসেনাৰ পৰা ৪৭৬ জন নাৱিকক বৰ্খাস্ত কৰা হৈছিল। স্বাধীনতাৰ পিছত এই বৰ্খাস্ত হোৱা লোকসকলৰ কাকোৱেই ভাৰতীয় বা পাকিস্তানী নৌসেনাত পুনৰ নিযুক্তি দিয়া হোৱা নাছিল।

তথ্যসূত্ৰ

  1. ↑ Bell; Elleman, B.A. (2003). Naval Mutinies of the Twentieth Century: An International Perspective. Cass series. Frank Cass. পৃ. 6. ISBN 978-0-7146-5460-7
  2. ↑ Mohanan 2019
  3. ↑ Narasiah, K. R. A. (7 May 2022). 1946 Last War of Independence Royal Indian Navy Mutiny review: The 1946 naval uprising. The Hindu
  4. ↑ Spector 1981, পৃ. 274

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা আন্দোলন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৪৬ চনৰ ভাৰতীয় নৌসেনা বিদ্ৰোহ” প্ৰবন্ধৰ সংশোধন ৬১১৬৯৭ (১০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।