হালধীয়া চোলাবোৰৰ আন্দোলন (Mouvement des gilets jaunes; মুভম দে জিলে জোন) ২০১৮ চনৰ ১৭ নৱেম্বৰৰ পৰা ইন্ধনজাত সামগ্ৰী বিশেষকৈ ডিজেলৰ মুল্যবৃদ্ধিৰ বিৰুদ্ধে ফ্ৰান্সত আৰম্ভ হোৱা এক প্ৰতিবাদী আন্দোলন। আন্দোলনকাৰী সকলে ফ্ৰান্সত ২০০৮ চনৰে পৰা বাহনচালক সকলৰ বাবে চৰকাৰে বাধ্যতামূলক কৰা হালধীয়া ৰঙৰ চোলা পৰিধান কৰি পেৰিছ আৰু অন্যান্য অঞ্চলৰ ৰাজপথত আন্দোলনত নমাৰ বাবে এই আন্দোলন হালধীয়া চোলাবোৰৰ আন্দোলন (Movement of the Yellow Vests) হিচাপে জনাজাত হয়।১
ইন্ধনজাত সামগ্ৰীৰ মুল্যবৃদ্ধি আন্দোলনৰ প্ৰধান কাৰণ যদিও লাহে লাহে অধিক সংখ্যক সাধাৰণ জনতাই সামগ্ৰিক ভাৱে জীৱন ধাৰণৰ ক্ৰমবৰ্ধমান খৰচৰ পৰা পৰিত্ৰাণ বিচাৰি স্বতঃস্ফূৰ্ত ভাৱে এই প্ৰতিবাদী আন্দোলনত যোগ দিবলৈ আৰম্ভ কৰে। আনহাতে ফৰাচী প্ৰশাসনৰ মতে কিছুমান কেচ্চাৰ (casseurs, পেশাদাৰী আন্দোলনকাৰী), লুটপাতিয়া আৰু অৰাজকতাবাদীয়ে আন্দোলনক জঙ্গী ৰূপলৈ নিবৰ বাবে প্ৰচেষ্টা চলাইছে। এই আন্দোলনৰ কোনো নিৰ্ধাৰিত দাবী অথবা নেতা পোহৰলৈ অহা নাই যদিও কিছু সংখ্যকে ৰাষ্ট্ৰপতিৰ পদত্যাগ দাবী কৰিবলৈ লোৱাৰ ফলত ফ্ৰান্সৰ চৰকাৰে দেশত জৰুৰী অৱস্থা ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।২
পটভূমি
ভাৰতীয় মুদ্ৰাৰ হিচাপত ফ্ৰান্সত ২০ আগষ্ট, ২০১৮ ত ডিজেলৰ মুল্য প্ৰতি লিটাৰত ১১৬.৯৩ টকাৰ পৰা ৮ অক্টোবৰত সৰ্বোচ্চ ১২৩.৪১ টকা হয়গৈ।৩ নৱেম্বৰ মাহত মূল্য হ্ৰাস পায় যদিও ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে জানুৱাৰী, ২০১৯ ত পুনৰ গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিৰোধৰ দোহাই দি ইন্ধনৰ ওপৰত কৰ বৃদ্ধিৰ পোষকতা কৰে যাৰ প্ৰতিবাদত ফ্ৰান্সৰ ৭০-৮০ শতাংশ জনতায়ে এই আন্দোলনৰ সমৰ্থন কৰিছে বুলি প্ৰকাশ পাইছে। আন্দোলনকাৰী সকলৰ মতে ৰাষ্ট্ৰপতিয়ে পৃথিৱী শেষ হোৱাৰ কথা চিন্তা নকৰি ৰাইজৰ মাহৰ শেষৰ কথা ভাবক আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ কৰিবলৈ যত্নপৰ হওক।
আৰম্ভণি
দক্ষিণ-পূৱ পেৰিছত প্ৰসাধন সামগ্ৰীৰ ব্যৱসায় কৰা প্ৰিছলিয়া লোডস্কী নামৰ এগৰাকী মহিলাই ২০১৮ মে' মাহত change.org নামৰ ৱেবছাইট এটিৰ যোগেদি এখন অনলাইন আবেদন প্ৰচাৰ কৰে য'ত তেওঁ ইন্ধনৰ মূল্য হ্ৰাস কৰোৱাৰ বাবে সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰে। তেওঁ আবেদন খনত দেখুৱাই যে ইন্ধনৰ মূল্যত ৫০ শতাংশতকৈয়ো অধিক কৰ সোমাই আছে। তেওঁৰ আবেদনখন অক্টোবৰলৈকে কাৰো চকুত পৰা নাছিল। সেইসময়ত এৰিক ড্ৰঁ নামৰ এজন ট্ৰাক চালকে ফেইচবুকত আবেদনখন প্ৰচাৰ কৰে। স্থানীয় বাতৰি কাকতেও সেইখন প্ৰচাৰ কৰি ৰাইজৰ অভিমত বিচাৰে। আজিলৈকে সেই আবেদনৰ সমৰ্থনত প্ৰায় ১২ লক্ষ মানুহৰ সাক্ষৰ পৰিছে। ট্ৰাক চালক জনে ৰাজহুৱা স্বপ্ৰচাৰ-মাধ্যমৰ যোগেদি ১৭ নৱেম্বৰত ইন্ধনৰ মূল্য হ্ৰাসৰ বাবে এক কাৰ-ৰেলীৰ আহ্বান জনায়। লগে লগে অনেক সংগঠনে সেই দিনাই নিজা নিজাকৈ বিভিন্ন কাৰ্য্যসূচী ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ মন মেলে। প্ৰথমে ৰাইজে বাহনচালক সকলৰ বাবে চৰকাৰে বাধ্যতামূলক কৰা হালধীয়া ৰঙৰ চোলাবোৰ নিজৰ গাড়ীৰ আইনাত ৰাখি সাংকেতিক ভাৱে নিজৰ সমৰ্থন জাহিৰ কৰিবলৈ একমত হয়। ১৭ নবেম্বৰৰ দিনা স্বতঃস্ফূৰ্ত ভাৱে প্ৰায় তিনি লক্ষ মানুহে হালধীয়া চোলা পিন্ধি ফ্ৰান্সৰ বিভিন্ন ৰাজপথলৈ উলাই আহে।৪
প্ৰসাৰ
১ ডিচেম্বৰ, ২০১৮ ত পেৰিছৰ বিখ্যাত আৰ্ক দি ত্ৰিয়াম্ফ (বিজয় স্তম্ভ)ৰ বাকৰিত হালধীয়া চোলা পিন্ধা আন্দোলনকাৰী সকলে একত্ৰিত হৈ স্মৃতিশৌধটিৰ ক্ষতিসাধন কৰে আৰু ৰাজপথত বাহন আৰু অন্যান্য দোকান-পোহাৰত অগ্নিসংযোগ কৰি প্ৰতিবাদ অব্যাহত ৰাখে। প্ৰতিবাদী কাৰ্য্যসূচীসমূহ আন্দোলনকাৰীসকলে সপ্তাহান্তত অৰ্থাৎ শনিবাৰে শনিবাৰে সবল ৰূপত ৰূপায়ণ কৰা দেখা যায় আৰু এই সাপ্তাহিক প্ৰতিবাদ সমূহক কাৰ্য্য-১, কাৰ্য্য-২, কাৰ্য্য-৩, কাৰ্য্য-৪ এইধৰণে অভিহিত কৰা হৈছে।
কাৰ্য্য-৪, শনিবাৰ ৮ ডিচেম্বৰ, ২০১৮ ত সংঘটিত হয়। চৰকাৰে পেৰিছ আৰু অন্যান্য অঞ্চলত গণহিংসাত্মক কাৰ্য্য সংঘটিত হ'ব পৰা সংবেদনশীল ৰাজহুৱা স্থানসমূহত আগতীয়াকৈ সাৱধানতামূলক ভাৱে বিভিন্ন নিষেধাজ্ঞা আৰু পুলিছবাহিনী মোতায়েন কৰা স্বত্বেও সমগ্ৰদেশত প্ৰায় ১,২৫,০০০ জন হালধীয়া চোলা পৰিহিত লোক ৰাজপথলৈ উলাই আহে। ১০,০০০ হালধীয়া চোলা পেৰিছৰ ৰাজপথত দেখা যায়। প্ৰায় এক সহস্ৰ লোকক চৰকাৰী বাহিনীয়ে আটক কৰে আৰু শতাধিক লোক আহত হয়।৫
২০১৭ চনৰ ছেপ্টেম্বৰত কাৰ্য্যকাল আৰম্ভ কৰিয়েই ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে আশীৰ দশকৰ পৰা দেশখনত উচ্চ আয় হোৱা ধনীক শ্ৰেণীৰ ওপৰত প্ৰযোজ্য বাৰ্ষিক সম্পত্তি কৰ (Impôt de solidarité sur la fortune, আম্প' দ্ চলিদাৰিতেঁ চ' লাঁ ফহঁট্যোন, চমূকৈ ISF, ইংৰাজীত Solidarity Tax on Wealth) পৰিহাৰ কৰে। দেশৰ ধনীসকলৰ ব্যৱসায়ৰ স্বাৰ্থত মেক্ৰনে সম্পত্তি কৰ বাতিল কৰিব বুলি নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিল আৰু সেইমতে তেওঁ সেই প্ৰতিশ্ৰুতি লগে লগে পূৰণ কৰিছিল। আন্দোলনকাৰী সকলৰ এক অভিযোগ এই যে ধনী সকলৰ সম্পত্তি কৰ ৰেহাই দি সাধাৰণ জনতাৰ ওপৰত তেওঁ অধিক কৰৰ বোজা জাপি দিছে। আন্দোলন ঠাণ্ডা কৰিবৰ বাবে ফ্ৰান্সে ২০১৯-ৰ জানুৱাৰী মাহৰ পৰা ইন্ধনৰ ওপৰত প্ৰস্তাৱিত কৰবৃদ্ধি বাতিল কৰিলে। আনহাতে আগতে বাতিল কৰা সম্পত্তি কৰ পুনৰ লগোৱাৰ বাবে বিবেচনাও কৰিছে।৬
২৯ ডিচেম্বৰ, ২০১৮ ৰ প্ৰতিবাদী কাৰ্য্যসূচীত আন্দোলনকাৰীসকলে ফ্ৰান্সৰ কিছুমান সংবাদ মাধ্যমে আন্দোলনক নিস্তেজ কৰিবলৈ ভুৱা বাতৰি প্ৰচাৰ কৰিছে বুলি সেইসমূহৰ কাৰ্য্যালয়বোৰকো লক্ষ্য কৰি লয়।৭
২ জানুৱাৰী, ২০১৯ ত ট্ৰাক চালক এৰিক ড্ৰঁক আকস্মিক ভাৱে অশান্তি বিয়পোৱাৰ দোষ জাপি দি পুলিছে আটক কৰে।৮
পৰিসংখ্যা
| +হালধীয়া চোলাবোৰৰ আন্দোলনৰ ৰেহ-ৰূপ৯১০ | প্ৰতিবাদী কাৰ্য্যসূচী | তাৰিখ | প্ৰতিবাদকাৰী | নিহত | আহত | আটক |
| কাৰ্য্য-১ | ১৭ নৱেম্বৰ, ২০১৮ | প্ৰায় ২,৮২,০০০ | ১ | ৪০৯ | ৭৩ | |
| কাৰ্য্য-২ | ২৪ নৱেম্বৰ, ২০১৮ | প্ৰায় ১,৬৬,০০০ | ০ | ৮৪ | ৩০৭ | |
| কাৰ্য্য-৩ | ১ ডিচেম্বৰ, ২০১৮ | প্ৰায় ১,৩৬,০০০ | ০ | ২৬৩ | ৬৩০ | |
| কাৰ্য্য-৪ | ৮ ডিচেম্বৰ, ২০১৮ | প্ৰায় ১,২৫,০০০ | ০ | ১১৮ | ১৭২৩ | |
| কাৰ্য্য-৫ | ১৫ ডিচেম্বৰ, ২০১৮ | প্ৰায় ৬৬,০০০১১ | ১১২ | ০ | ৪৬১২ | |
| কাৰ্য্য-৬ (Day of Rage)১৩ | ২২ ডিচেম্বৰ, ২০১৮ | প্ৰায় ২৩,৮০০১৪ | ১১৩ | ০ | ২২০১৩ |
তথ্যসূত্ৰ
- ↑ Rubin, Alissa J. (2018-12-02). Macron Returns to Turmoil, as France Weighs State of Emergency. The New York Times
- ↑ Davies, Pascale. (2018-12-02). https://www.euronews.com/2018/12/02/france-to-consider-state-of-emergency-to-prevent-riots-after-yellow-vest-protest
- ↑ France diesel prices, 24-Dec-2018. GlobalPetrpPrices.com
- ↑ Rubin, Alissa J. (2018-12-03). France’s Yellow Vest Protests: The Movement That Has Put Paris on Edge. The New York Times
- ↑ (2018-12-08). Hundreds detained in violent French riots. BBC News
- ↑ Samuel, Henry. (2018-12-05). Macron scraps fuel tax increase as panicked Elysée warns of thousands of yellow vest protesters coming to 'smash and kill. The Telegraph''
- ↑ www.apnews.com/318b9324e5484f86bfea4203e5503283
- ↑ news.abs-cbn.com/overseas/01/03/19/yellow-vest-l
- ↑ (2018-12-09). French PM seeks 'unity' after new unrest. BBC News
- ↑ Paris Cleans Up After Latest Riot; Nearly 1,800 Arrested
- ↑ Arrests made as French 'yellow vests' protest for fifth Saturday
- ↑ (2018-12-16). Man dies after crashing into truck at 'yellow vest' roadblock
- ↑ (2018-12-22). Shocking moment Paris cop pulls a GUN on rioters as car crash victim is 10th to die
- ↑ France's 'yellow vests' block borders ahead of Christmas
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হালধীয়া চোলাবোৰৰ আন্দোলন” প্ৰবন্ধৰ সংশোধন ৪৬৭১২০ (৩০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।