অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

সংযুক্তা

সমযুক্তা বা সংযুক্তা নামেৰেও পৰিচিত, কনৌজৰ ৰজা জয়চান্দৰ কন্যা আৰু পৃথ্বীৰাজ চৌহানৰ তিনিগৰাকী পত্নীৰ ভিতৰত এগৰাকী। পৃথ্বীৰাজ আৰু সংযুক্তাৰ মাজৰ প্ৰেম চন্দ বৰ্দাইয়ে পৃথ্বীৰাজ ৰাসোত ৰচনা কৰা ভাৰতৰ অন্যতম জনপ্ৰিয় মধ্যযুগীয় ৰোমাঞ্চপূৰ্ণ কাহিনী।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৪৫৮ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সমযুক্তা বা সংযুক্তা নামেৰেও পৰিচিত, কনৌজৰ ৰজা জয়চান্দৰ কন্যা আৰু পৃথ্বীৰাজ চৌহানৰ তিনিগৰাকী পত্নীৰ ভিতৰত এগৰাকী।১ পৃথ্বীৰাজ আৰু সংযুক্তাৰ মাজৰ প্ৰেম চন্দ বৰ্দাইয়ে পৃথ্বীৰাজ ৰাসোত ৰচনা কৰা ভাৰতৰ অন্যতম জনপ্ৰিয় মধ্যযুগীয় ৰোমাঞ্চপূৰ্ণ কাহিনী।২৩

কিংবদন্তি

ৰাজত্বকালৰ শিখৰত পৃথ্বীৰাজে ভাৰতৰ বিশাল অঞ্চলসমূহ নিজৰ ৰাজ্যৰ লগত সংযুক্ত কৰিছিল আৰু তেওঁৰ খ্যাতি সমগ্ৰ উপমহাদেশ আৰু আফগানিস্তানলৈকে বিয়পি পৰিছিল। বহু ক্ষুদ্ৰ ৰজাই তেওঁৰ ক্ষমতাৰ প্ৰতি ঈৰ্ষা আৰু সতৰ্ক আছিল, তাৰ ভিতৰত কনৌজৰ ৰাজা জয়চান্দো আছিল। জয়চান্দৰ কন্যা সংযুক্তা আছিল অতুলনীয় সৌন্দৰ্য্যৰ বাবে পৰিচিত এগৰাকী মনোমুগ্ধকৰ ছোৱালী। তেওঁ পৃথ্বীৰাজৰ প্ৰেমত পৰিছিল বুলি কোৱা হয়–আন দুগৰাকী ৰাজকুমাৰী শশীব্ৰতা আৰু পদ্মৱতীৰ দৰেই৪—যিহেতু তেওঁৰ সুনামে সংযুক্তাৰ চকু কপালত তুলিছিল। সংযউক্তাই তাৰ বাহিৰে আন কাৰো প্ৰতি আকৰ্ষিত নাছিল। নিজৰফালৰপৰা পৃথ্বীৰাজেও সংযুক্তাৰ মৰমলগা কথা শুনি তাইৰ প্ৰেমত পৰিছিল। কিন্তু জয়চান্দ আৰু পৃথ্বীৰাজ প্ৰতিদ্বন্দ্বী আছিল।৫

প্ৰেমৰ কথা গম পাই ৰাজা জয়চান্দে ক্ষোভিত হৈ পৰে যে, তেওঁৰ অজ্ঞাতে তেওঁৰ কন্যাই প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছে। জয়চান্দে পৃথ্বীৰাজক অপমান কৰাৰ সিদ্ধান্ত লয় আৰু ১১৮৫ খ্ৰীষ্টাব্দত কন্যাৰ বাবে স্বয়ম্বৰৰ ব্যৱস্থা কৰে। তেওঁ এই অনুষ্ঠানলৈ পৃথ্বীৰাজৰ বাহিৰে দূৰ-দূৰণিৰপৰা ৰাজাক আমন্ত্ৰণ জনাইছিল, প্ৰতিজন যোগ্য ৰাজকুমাৰ আৰু ৰজাক। তাৰ পিছত তেওঁ পৃথ্বীৰাজৰ মাটিৰ মূৰ্তি এটা সাজিবলৈ নিৰ্দেশ দিলে, যিয়ে জয়চান্দৰ দৰবাৰত দ্বাৰপাল (বা, ৰূপক "দুৱাৰমক্ষী") হিচাপে কাম কৰিছিল। পৃথ্বীৰাজ চৌহানে আগতীয়া স্বয়ম্বৰৰ কথা শুনি হ’বলগীয়া কইনাৰ সৈতে পলায়নৰ পৰিকল্পনা ৰচনা কৰিলে। অনুষ্ঠানৰদিনা সংযুক্তাই আনুষ্ঠানিক মালা লৈ তেওঁৰ উগ্ৰ প্ৰণয়প্ৰাৰ্থীসকলক উপেক্ষা কৰি তেওঁলোকৰ আগেৰে দৰবাৰৰ মাজেৰে খোজ কাঢ়ি গৈছিল। তেওঁ দুৱাৰেদি পাৰ হৈ আহি পৃথ্বীৰাজৰ প্ৰতিমূৰ্তিৰ ডিঙিত মালা পিন্ধাই দিলে আৰু স্বামী বুলি ঘোষণা কৰিলে। ইফালে মূৰ্তিটোৰ আঁৰত লুকাই থকা পৃথ্বীৰাজে সংযুক্তাক কোলাত বহুৱাই ঘোঁৰাত উঠাই দিল্লীলৈ লৈ গ’ল। ৰাজা জয়চান্দ ক্ষুব্ধ হৈ পৰিল।৬ ইয়াৰ ফলত দিল্লী আৰু কনৌজৰ মাজত বিভাজন ঘটিছিল, যাৰ সুযোগ পাছলৈ আফগানিস্তানৰ মহম্মদ ঘোৰীয়ে গ্ৰহণ কৰিছিল।

ঐতিহাসিকতা

সংযুক্তাৰ ঐতিহাসিকতাক লৈ এক বিতৰ্কৰ বিষয় হৈ পৰিছিল। পৃথ্বীৰাজ ৰাসো ঐতিহাসিকভাৱে অবিশ্বাস্য গ্ৰন্থ, ষোড়শ শতিকাৰপৰাই ক্ষত্ৰীয় শাসকসকলৰ পৃষ্ঠপোষকতাত ই সজ্জিত হৈ আহিছে। কিন্তু দশৰথ শৰ্মাৰ দৰে কিছুমান পণ্ডিতৰ মতে পৃথ্বীৰাজ চৌহানৰ ৰাজত্বকালত ৰচিত অধিক নিৰ্ভৰযোগ্য পৃথ্বীৰাজ বিজয়ত সংযুক্তাৰ উল্লেখো আছে।৭

পৃথ্বীৰাজ বিজয়ৰ একাদশ অধ্যায়ৰ এটা আধৰুৱা বিষয়-বস্তুৱে গংগা নদীৰ পাৰত (ঠিক সংযুক্তাৰ দৰেই) বাস কৰা এগৰাকী নামহীন নাৰীৰ প্ৰতি পৃথ্বীৰাজৰ প্ৰেমৰ কথা উল্লেখ কৰিছে। এই মহিলাগৰাকীক কিংবদন্তি অপ্সৰা (আকাশী অপেশ্বৰী) তিলোত্তমাৰ অৱতাৰ হিচাপে উল্লেখ কৰা হৈছে। কিন্তু এই মহিলাগৰাকী সংযুক্তাৰ সৈতে একে হ'লেও পৃথ্বীৰাজ ৰাসোত সম্যুক অপহৰণ কৰি পৃথ্বীৰাজ চৌহানৰ সৈতে বিবাহৰ আখ্যান সমৰ্থন কৰিব পৰাকৈ কোনো সুনিৰ্দিষ্ট প্ৰমাণ পোৱা নাযায়।৮

আধুনিক ভাৰতীয় সংস্কৃতি

সংস্কৃতত "সংযুক্তা" অৰ্থ "সম্যুক্তা" আধুনিক ভাৰতৰ জনপ্ৰিয় কন্যাৰ নাম। পৃথ্বীৰাজ চৌহানৰ জীৱন ষ্টাৰ প্লাছত প্ৰচাৰিত ধৰতী কা বীৰ যোধা পৃথ্বীৰাজ চৌহান নামৰ টেলিভিছন শ্ব'ৰ বিষয়-বস্তুও হৈ পৰিছে, সেই ধাৰাবাহিকত সংযুক্তাৰ চৰিত্ৰটো মুগ্ধা চাফেকাৰে অভিনয় কৰিছিল।৯ ১৯৬২ চনত ৰাণী সংযুক্তা নামৰ এখন ঐতিহাসিক ছবি নিৰ্মাণ কৰা হয় য'ত পদ্মিনী আৰু এম জি ৰামচন্দ্ৰনে মুখ্য চৰিত্ৰত অভিনয় কৰে।১০ ২০২২ চনত চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ সম্ৰাত পৃথ্বীৰাজ ছবিত সংযুক্তাৰ চৰিত্ৰত অভিনয় কৰিছে মনুষী চিল্লাৰে।১১ ২০০৮ চনত ভাৰতীয় এনিমেটেড ছবি বীৰ্যোধ পৃথ্বীৰাজ চৌহানত, ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে তেওঁৰ কণ্ঠদান কৰিছিল মোনা ঘোষ শ্বেট্টীয়ে।

তথ্যসূত্ৰ

  1. ↑ Cynthia Talbot 2015, পৃ. 132
  2. ↑ Prithviraja III. Encyclopædia Britannica
  3. ↑ Tripāṭhī, Candrabalī. (2005). The Evolution of Ideals of Womenhood in Indian Society. Gyan Books. ISBN 978-81-7835-425-5
  4. ↑ Cynthia Talbot 2015, পৃ. 284
  5. ↑ Everything you must know about Sanyogita · Prithviraj Chauhan's wife history ·. Reality of Indian history
  6. ↑ Kumar, Pradeep. (11 October 2016). कैसे बिना आँखों के पृथ्वीराज चौहान ने मुहम्मद गोरी को मार गिराया. newstrend.news. Newstrend
  7. ↑ Cynthia Talbot 2015, পৃ. 40
  8. ↑ Cynthia Talbot 2015, পৃ. 40
  9. ↑ 'My fans want me to do a historical drama', says Mugdha Chaphekar. Free Press Journal
  10. ↑ (19 September 2015). Rani Samyuktha (1962). The Hindu. THG PUBLISHING PVT LTD
  11. ↑ (16 November 2019). Prithviraj: Akshay Kumar, Manushi Chhilar's historical drama goes on floors; film to release on Diwali 2020. The Firstpost

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংযুক্তা” প্ৰবন্ধৰ সংশোধন ৬৪০২৫৫ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।