দ্য শ্ব’ৰচুক বা শিক্ষিন মন্দিৰ (সৰল চীনা ভাষাত: 七个星佛寺; পৰম্পৰাগত চীনা ভাষাত: 七個星佛寺; pinyin: Qīgèxīng Fósì; lit. 'Seven-Stars Buddhist Temple') হৈছে চীনৰ জিনজিয়াঙৰ ইয়াংকি হুই স্বায়ত্তশাসিত কাউণ্টিৰ কাৰাছাহৰ চহৰৰ পৰা প্ৰায় ২৫–৩০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত এটি ধ্বংসপ্ৰাপ্ত বৌদ্ধ স্থান। খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দৰ দ্বিতীয়াৰ্ধত এই স্থান চিল্ক ৰ’ডৰ উত্তৰ পথৰ কাষৰ এটা প্ৰধান ধৰ্মীয় কেন্দ্ৰ আছিল। তুৰ্কী ভাষাত এই স্থানৰ আন এটা নাম হৈছে Ming-oi (明屋, "হাজাৰ ঘৰ")।১
নামসমূহ

এই স্থানৰ চীনা নাম কিগেক্সিং-ক শিকচিন, শিক্সিন, চিক্সিন, বা জিগেক্সিং বুলিও বানান কৰা হয়। তৃতীয় জাৰ্মান টাৰফান অভিযান ৰ সময়ত এই স্থানত কাম কৰা পুৰাতত্ত্ববিদ এলবাৰ্ট গ্ৰনৱেডে এই স্থানটোক "ষ্ৰুক" বুলি উল্লেখ কৰিছিল (উইঘুৰ নাম জৰ্কুৱাৰ পৰা উদ্ভৱ হোৱা) এই নামটো কেতিয়াবা শ্ব’ৰচুক, চোৰচুক, বা শ্বৰচুক বুলিও বানান কৰা হয় আৰু ইয়াৰ আশে-পাশে থকা ঘাঁহৰ মৈদানবোৰত নিমখ জমা থকাৰ কথা উল্লেখ কৰিব পাৰে।২৩ এই স্থানক "মিং অই" বা "মিংগই" (明屋) বুলিও কোৱা হয়। উইঘুৰ ভাষাত ইয়াৰ আক্ষৰিক অৰ্থ হৈছে "হাজাৰ বাসস্থান" আৰু ইয়াক এই এলেকাত থকা কিজিল গুহাৰ দৰে অন্যান্য মন্দিৰ আদি বুজাবৰ বাবেও ব্যৱহাৰ কৰা হয়।
ইতিহাস

কিগেক্সিং আৰ্চি বা অগ্নি (এতিয়া কাৰাছাৰ/কাৰাছেহেৰা নামেৰে জনাজাত) নগৰ ৰাজ্য অংশ আছিল। আৰ্চীক (Ārśi)টোচাৰিয়ান এ বা অগ্নিয়ান নামেৰে জনাজাত বিলুপ্ত ইণ্ডো-ইউৰোপীয় ভাষাৰ জন্মস্থান বুলি বিশ্বাস কৰা হয় আৰু চীনত বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তন ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ আছিল। খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ শেষৰ ফালে বৌদ্ধ গ্ৰন্থ আৰু চৰকাৰী নথি-পত্ৰ টোচাৰিয়ান এ.ত লিখা হৈছিল। আৰ্চিক চীনা উৎসসমূহত, হান ৰাজবংশ আৰম্ভণিতে, য়াঙ্কি ৰাজ্য হিচাপে উল্লেখ কৰা হৈছিল (চীনাঃ焉耆)।
৯৪ খ্ৰীষ্টাব্দত তাৰিম অৱবাহিকা পুনৰ জয়ৰ সময়ত হান ৰাজবংশই কিগেক্সিং জয় কৰিছিল। বৌদ্ধ সন্ন্যাসী ফাক্সিয়ানে প্ৰায় ৪০০ খ্ৰীষ্টাব্দত য়াংকি অঞ্চল ভ্ৰমণ কৰিছিল আৰু হিনায়ানা বৌদ্ধ ধৰ্ম পালন কৰা প্ৰায় ৪০০০ সন্ন্যাসীৰ উপস্থিতিৰ কথা উল্লেখ কৰিছিল।
তৃতীয় জাৰ্মান টাৰফান অভিযানৰ সময়ত (১৯০৫-১৯০৭) এলবাৰ্ট গ্ৰুণৱেডেল, ১৯০৭ চনৰ ডিচেম্বৰত অৰেল ষ্টেইন আৰু লগতে ৰাছিয়ান তুৰ্কিস্তান অভিযান (১৯০৯-১৯১০) ৰ সময়ত ছেৰগেই অ’লডেনবৰ্গে এই স্থানৰ তদন্ত কৰিছিল।
বাহ্যিক সংযোগসমূহ
- প্ৰাচীন ((ছিল্ক ৰোড|চিল্ক ৰ’ডৰ)) সৈতে পশ্চিম বাৰ্লিন ৰাজ্যিক সংগ্ৰহালয়ৰ পৰা মধ্য এছিয়াৰ কলা, মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্টৰ এক প্ৰদৰ্শনী সূচী (পিডিএফ হিচাপে অনলাইনত উপলব্ধ) য’ত কিগেক্সিং বৌদ্ধ মন্দিৰৰ ধ্বংসাৱশেষৰ সামগ্ৰী আছে।
তথ্যসূত্ৰ
- ↑ British Museum. www.britishmuseum.org
- ↑ Hansen. (2012-07-17). The Silk Road: A New History. Oxford University Press. ISBN 978-0-19-993921-3
- ↑ Stein. (1912). Ruins Of Desert Cathay: personal narrative of explorations in Central Asia and westernmost China. পৃ. 365
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিক্ষিন মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬৩৮১০৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।