অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

মোগাও গুহা

মোগাও গুহা ( Mogao Caves) হৈছে চীনৰ গানছু প্ৰদেশৰ ডুনহুয়াং চহৰৰ মাজমজিয়াৰ পৰা ২৫ কিলোমিটাৰ (১৬ মাইল) দক্ষিণ-পূবে অৱস্থিত ৫০০টা মন্দিৰৰ এটা গোট, যাক হাজাৰ বুদ্ধ গ্ৰ’ট’ বুলিও কোৱা হয়। ডানহুয়াং ৰেচম পথৰ এটা অ’এছিছ, ঐতিহাসিকভাৱে ধৰ্মীয় আৰু সাংস্কৃতিক সংযোগস্থল হিচাপে পৰিচিত।

হালনাগাদ: ৩১ আগষ্ট ২০২৬ ৮৯২ শব্দ · ৫ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মোগাও গুহা ( Mogao Caves) হৈছে চীনৰ গানছু প্ৰদেশৰ ডুনহুয়াং চহৰৰ মাজমজিয়াৰ পৰা ২৫ কিলোমিটাৰ (১৬ মাইল) দক্ষিণ-পূবে অৱস্থিত ৫০০টা মন্দিৰৰ১ এটা গোট, যাক হাজাৰ বুদ্ধ গ্ৰ’ট’ বুলিও কোৱা হয়। ডানহুয়াং ৰেচম পথৰ এটা অ’এছিছ, ঐতিহাসিকভাৱে ধৰ্মীয় আৰু সাংস্কৃতিক সংযোগস্থল হিচাপে পৰিচিত। এই গুহাবোৰক "ডুনহুয়াং গুহা" বুলিও ক'ব পাৰি; কিন্তু এই নামটো ডুনহুয়াং অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা অন্যান্য বৌদ্ধ গুহা স্থান যেনে পশ্চিম হাজাৰ বুদ্ধ গুহা, পূব হাজাৰ বুদ্ধ গুহা, ইউলিন গুহা আৰু পাঁচটা মন্দিৰ গুহা আদি অন্তৰ্ভুক্ত কৰিবলৈও সামূহিক শব্দ হিচাপে ব্যৱহাৰ কৰা হয়। এই গুহাবোৰত ১০০০ বছৰ আগৰ বৌদ্ধ শিল্পৰ কিছুমান উত্তম উদাহৰণ পোৱা যায়।২প্ৰথম গুহাবোৰ ৩৬৬ খ্ৰীষ্টাব্দত বৌদ্ধ ধ্যান আৰু পূজাৰ স্থান হিচাপে খনন কৰা হৈছিল, পিছলৈ গুহাবোৰ তীৰ্থস্থানত পৰিণত হয় আৰু চতুৰ্দশ শতিকালৈকে এই ঠাইত গুহা নিৰ্মাণৰ কাম চলি থাকে।২৩ চীনৰ বৌদ্ধ গুহাসমূহৰ ভিতৰত মোগাও গুহা আটাইতকৈ বিখ্যাত আৰু লংমেন গুহা আৰু ইউংগাং গুহাৰ সৈতে মিলি চীনৰ তিনিটা প্ৰাচীন বৌদ্ধ ভাস্কৰ্য্যৰ স্থানৰ ভিতৰত অন্যতম।

১৯০০ চনত একাদশ শতিকাত দেৱালেৰে আবৃত তথাকথিত "লাইব্ৰেৰী গুহা"ত এক উল্লেখযোগ্য নথি-পত্ৰৰ সংগ্ৰহ আৱিষ্কাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত পুথিভঁৰালটোৰ বিষয়বস্তু বিশ্বজুৰি বিয়পি পৰে আৰু এতিয়া বেইজিং, লণ্ডন, পেৰিছ আৰু বাৰ্লিনত সৰ্ববৃহৎ সংগ্ৰহ পোৱা যায়। ডুনহুয়াং পাণ্ডুলিপি আৰু অন্যান্য সামগ্ৰীৰ ওপৰত বিদ্বান কৰ্মৰ সমন্বয় আৰু সংগ্ৰহৰ বাবে আন্তঃৰাষ্ট্ৰীয় ডুনহুয়াং প্ৰকল্পৰ কাম চলি আছে। বৰ্তমান এই গুহাসমূহ পৰ্যটকৰ মাজত অতি জনপ্ৰিয় যদিও সংৰক্ষণৰ বাবে দৰ্শনাৰ্থীৰ সংখ্যা সীমিত।৪

ব্যুৎপত্তিবিজ্ঞান

সাধাৰণতে চীনা ভাষাত এই গুহাবোৰক হাজাৰ বুদ্ধৰ গুহা বুলি কোৱা হয়, যিটো নাম ইয়াৰ প্ৰতিষ্ঠাৰ কিংবদন্তিৰ পৰাই আহিছে বুলি একাংশ পণ্ডিতে অনুমান কৰিছে, যেতিয়া এজন সন্ন্যাসী ইউজুনে এই স্থানত হাজাৰ বুদ্ধৰ দৰ্শন পাইছিল। এই নামটো অৱশ্যে সেই স্থানত থকা বৃহৎ সংখ্যক বুদ্ধৰ মূৰ্তিৰ পৰা বা এই গুহাবোৰৰ দেৱালত অংকন কৰা ক্ষুদ্ৰ আকৃতিৰ বুদ্ধৰ মূৰ্তিবোৰৰ পৰাও আহিব পাৰে কাৰণ এই মূৰ্তিবোৰক কথিত ভাষাত "হাজাৰ বুদ্ধ" বুলি কোৱা হয়।৫ "মোগাও গুহা" নামটো টাং বংশৰ পৰাই ব্যৱহাৰ হৈ আহিছে, সেই সময়ত "মোগাও" বুলিলে সেই স্থানত অৱস্থিত প্ৰশাসনিক জিলাক বুজোৱা হৈছিল।৬ "মোগাও"ৰ অৰ্থ হ'ব পাৰে "অপ্ৰতিদ্বন্দ্বী" বা "অতুলনীয়" (আক্ষৰিক অৰ্থত "কোনোতকৈ উচ্চ", য'ত "মো"ৰ অৰ্থ হ'ল "কোনোৱেই নহয়" আৰু "গাও"ৰ অৰ্থ হ'ল "উচ্চ"),৭৮ যদি "মো"ক "মৰুভূমি"ৰ বাবে চীনা শব্দৰ এটা ৰূপ বুলি গণ্য কৰা হয়, তেন্তে ইয়াৰ অৰ্থ "মৰুভূমিৰ উচ্চ স্থান"ও হ'ব পাৰে। ৯ "মোগাও" নামটো ডুনহুয়াং চহৰৰ প্ৰশাসনৰ অধীনত থকা এখন আধুনিক চহৰৰ বাবেও ব্যৱহাৰ কৰা হয়: মোগাও চহৰ।১০১১

ইতিহাস

খ্ৰীষ্টপূৰ্ব ১১১ চনত হান বংশৰ সম্ৰাট ৱুডিয়ে জিয়ংনুসকলৰ পৰা ৰক্ষা পাবলৈ ডুনহুয়াঙক সীমান্ত সামৰিক আউটপোষ্ট হিচাপে প্ৰতিষ্ঠা কৰে। ইয়াৰ উপৰিও ই পশ্চিম দিশৰ এক গুৰুত্বপূৰ্ণ দুৱাৰমুখ আৰু ৰেচম পথৰ বাণিজ্যৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ লগতে বৌদ্ধ ধৰ্মৰ দৰে বিভিন্ন ধৰ্ম আৰু জনগোষ্ঠীৰ মিলনস্থলী হৈ পৰিল। ডুনহুয়াঙৰ ওচৰৰ মোগাও গুহাসমূহ প্ৰথমে খ্ৰীষ্টীয় চতুৰ্থ শতিকাত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াক বৌদ্ধ ধৰ্মৰ পূজা আৰু তীৰ্থযাত্ৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এই গুহাবোৰত ৪ লাখ বৰ্গফুটতকৈও অধিক ঠাইৰ মিউৰেল আৰু ভাস্কৰ্য্য আছে, যাৰ ফলত ই বিশ্বৰ ভিতৰতে বৌদ্ধ শিল্পৰ সৰ্ববৃহৎ সংগ্ৰহ।১২

সাধাৰণতে মোগাও গুহা নিৰ্মাণৰ কাম খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ কোনোবা এটা সময়ত আৰম্ভ হোৱা বুলি ধৰা হয়, যেতিয়া ডুনহুয়াং পূৰ্বৰ লিয়াং বংশৰ নিয়ন্ত্ৰণত আছিল। সম্ৰাজ্ঞী ৱু জেটিয়ানৰ ৰাজত্বকালত লি জংছিউৰ ফ’কান জি নামৰ এখন গ্ৰন্থ অনুসৰি লে জুন নামৰ এজন বৌদ্ধ সন্ন্যাসীয়ে ৩৬৬ খ্ৰীষ্টাব্দত সেই স্থানত সোণালী পোহৰত গা ধুই থকা হাজাৰ বুদ্ধৰ দৰ্শন দেখিছিল, যাৰ ফলত তেওঁ ইয়াত এটা গুহা নিৰ্মাণৰ বাবে অনুপ্ৰাণিত হৈছিল।১৩ এই কাহিনীটো আন উৎসতো পোৱা যায়, যেনে ৩৩২ নং গুহাত থকা এটা স্তম্ভৰ ওপৰত লিখা শিলালিপি, কিন্তু আন এটা নথি, শ্বাঝৌ টুজিং (শ্বাঝৌৰ ভূগোল)ত ইয়াৰ প্ৰাচীন তাৰিখ ৩৫৩ বুলি উল্লেখ কৰা হৈছে।১৪ পিছলৈ ফালিয়াং নামৰ আন এজন সন্ন্যাসীয়ে তেওঁলোকৰ লগত যোগ দিলে আৰু সেই ঠাইখন ক্ৰমান্বয়ে বাঢ়ি আহিল, উত্তৰ লিয়াঙৰ সময়লৈকে সেই স্থানত সন্ন্যাসীৰ এটা সৰু সম্প্ৰদায় আছিল। প্ৰথম অৱস্থাত গুহাবোৰ কেৱল অকলশৰীয়া সন্ন্যাসীসকলে ধ্যান কৰাৰ ঠাই আছিল যদিও পিছলৈ ইয়াৰ বৃদ্ধি হৈ চাৰিওফালৰ মঠসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰিছিল।

বৰ্তমানলৈকে বাকী থকা আটাইতকৈ প্ৰাচীন সজ্জিত মোগাও গুহাসমূহ (গুহা ২৬৮, ২৭২ আৰু ২৭৫), উত্তৰ ৱেই আক্ৰমণৰ পূৰ্বে ৪১৯ আৰু ৪৩৯ খ্ৰীষ্টাব্দৰ ভিতৰত উত্তৰ লিয়াং যুগত নিৰ্মাণ আৰু সজাই তোলা হৈছিল। কিজিল গুহা (যেনে গুহা ১৭)ৰ সৈতে বহুতো শৈলীগত বৈশিষ্ট্য আছে।১৫১৬ তাৰ পিছত উত্তৰ ৱেই আৰু উত্তৰ ঝৌ ৰাজকীয় পৰিয়ালৰ সদস্যসকলে অসংখ্য গুহা নিৰ্মাণ কৰিছিল আৰু অল্পকালীন ছুই বংশৰ সময়ছোৱাত এই অঞ্চলটোৱে গঢ়ি উঠে। টাং বংশৰ সময়লৈকে গুহাৰ সংখ্যা হাজাৰৰো অধিক হৈছিল।১৭

টাং বংশৰ সময়ত ডুনহুয়াং ৰেচম পথৰ ব্যৱসায়ৰ এক প্ৰধান কেন্দ্ৰ আৰু ধৰ্মীয় প্ৰধান কেন্দ্ৰত পৰিণত হয়। এই সময়ছোৱাত মোগাওত বৃহৎ সংখ্যক গুহা নিৰ্মাণ কৰা হৈছিল, য’ত দুটা বিশাল বুদ্ধ মূৰ্তিও আছিল। ইয়াৰে আটাইতকৈ ডাঙৰটো ৬৯৫ চনত নিৰ্মাণ কৰা হৈছিল, সম্ৰাজ্ঞী ৱু জেটিয়ানে সমগ্ৰ দেশতে বিশাল মূৰ্তি নিৰ্মাণৰ নিৰ্দেশৰ পিছত।১৮ ৮৪৫ চনত সম্ৰাট ৱুজঙৰ নিৰ্দেশত বৌদ্ধসকলৰ অত্যাচাৰৰ পৰা এই স্থান ৰক্ষা পৰে কাৰণ তেতিয়া ই তিব্বতৰ নিয়ন্ত্ৰণত আছিল। তিব্বতী আধিপত্যৰ এই সময়ছোৱাত (৭৮৭–৮৪৮) ডুনহুয়াং কেৱল দখল কৰাই নহয়, তিব্বতী সাম্ৰাজ্যৰ আৰ্হিত নিৰ্মিত এক বিশাল প্ৰশাসনিক ব্যৱস্থাৰ অংশ হৈ পৰে। এই অঞ্চলটো "খ্ৰম" নামৰ ব্যৱস্থাৰ অধীনত পৰিচালিত হৈছিল, য'ত তিব্বতৰ ৰাজনৈতিক ক্ষমতা আৰু হান প্ৰশাসনিক পদ্ধতিৰ সৈতে একত্ৰিত কৰিছিল।

গুহা

এই গুহাবোৰ প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা শিলৰ কাষত কাটি পেলোৱা হৈছিল। তাৰ শিখৰত, টাং বংশৰ সময়ত, হাজাৰৰো অধিক গুহা আছিল যদিও সময়ৰ লগে লগে আটাইতকৈ পুৰণি গুহাকে ধৰি বহুতো গুহা ধ্বংস হৈছিল। মোগাওত বৰ্তমান ৭৩৫টা গুহা আছে; ইয়াৰে আটাইতকৈ বিখ্যাত হৈছে শিলৰ দক্ষিণ দিশত অৱস্থিত ৪৮৭টা গুহা, যিবোৰে তীৰ্থযাত্ৰা আৰু পূজাৰ স্থান হিচাপে কাম কৰিছিল। উত্তৰ দিশতো ২৪৮টা গুহা পোৱা গৈছে, যিবোৰ সন্ন্যাসীৰ বাসস্থান, ধ্যান কক্ষ আৰু সমাধিস্থল আছিল। দক্ষিণ অংশৰ গুহাবোৰ বিশৃংখলভাৱে সজাই তোলা হৈছে, আনহাতে উত্তৰ অংশৰ গুহাবোৰ বেছিভাগেই সমতল।

ডুনহুয়াঙত ধনী স্থানীয় পৰিয়ালে বহুতো গুহা "পৰিয়ালৰ গুহা" হিচাপে নিৰ্মাণ কৰিছিল। মানুহে নিজৰ ধৰ্মীয় ভক্তি প্ৰদৰ্শন আৰু পৰিয়ালৰ পৰিচয়বোধক শক্তিশালী কৰিবলৈ এই গুহাবোৰ ব্যৱহাৰ কৰিছিল। পৃষ্ঠপোষকৰ পৰা পোৱা শিলালিপি আৰু গুহাসমূহত দাতাৰ ছবিসমূহে সাধাৰণতে পাৰিবাৰিক সম্পৰ্ক আৰু সামাজিক মৰ্যাদাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।১৯

তথ্যসূত্ৰ

  1. ↑ Murray, Stuart A. P. (2009). The Library: An Illustrated History. Skyhorse Publishing. পৃ. 49. ISBN 978-1-61608-453-0
  2. ↑ Mogao Caves. UNESCO
  3. ↑ Zhang Wenbin
  4. ↑ Makinen, Julie. (27 September 2014). Getty Institute helps save China's Mogao Grottoes from tourism's impact. Los Angeles Times
  5. ↑ Chung 1994, পৃ. 29–30
  6. ↑ (1996). Asia and Oceania: International Dictionary of Historic Places. Routledge. পৃ. 242. ISBN 978-1-884964-04-6
  7. ↑ Riefe, Jordan. (13 May 2016). [https://www.theguardian.com/artanddesign/2016/may/13/dunhuang-caves-artifacts-ancient-history-chinese-civilization-getty-institute-silk-road-los-angeles Artifacts from ancient Chinese cave temples সাধাৰণতে চীনা ভাষাত এই গুহাবোৰক হাজাৰ বুদ্ধৰ গুহা বুলি কোৱা হয়, যিটো নাম ইয়াৰ প্ৰতিষ্ঠাৰ কিংবদন্তিৰ পৰাই আহিছে বুলি একাংশ পণ্ডিতে অনুমান কৰিছে, যেতিয়া এজন সন্ন্যাসী ইউজুনে এই স্থানত হাজাৰ বুদ্ধৰ দৰ্শন পাইছিল। এই নামটো অৱশ্যে সেই স্থানত থকা বৃহৎ সংখ্যক বুদ্ধৰ মূৰ্তিৰ পৰা বা এই গুহাবোৰৰ দেৱালত অংকন কৰা ক্ষুদ্ৰ আকৃতিৰ বুদ্ধৰ মূৰ্তিবোৰৰ পৰাও আহিব পাৰে কাৰণ এই মূৰ্তিবোৰক কথিত ভাষাত \"হাজাৰ বুদ্ধ\" বুলি কোৱা হয়।(1) \"মোগাও গুহা\" নামটো টাং বংশৰ পৰাই ব্যৱহাৰ হৈ আহিছে, সেই সময়ত \"মোগাও\" বুলিলে সেই স্থানত অৱস্থিত প্ৰশাসনিক জিলাক বুজোৱা হৈছিল।(2) \"মোগাও\"ৰ অৰ্থ হ'ব পাৰে \"অপ্ৰতিদ্বন্দ্বী\" বা \"অতুলনীয়\" (আক্ষৰিক অৰ্থত \"কোনোতকৈ উচ্চ\", য'ত \"মো\"ৰ অৰ্থ হ'ল \"কোনোৱে
  8. ↑ Roderick Whitfield; Susan Whitfield; Neville Agnew. (2015). Cave Temples of Mogao at Dunhuang: Art History on the Silk Road: Second Edition. Getty Publications. পৃ. 55. ISBN 978-1-60606-445-0
  9. ↑ McPherson, Naomi. (1998). Frescoes and Fables: Mural Stories from the Mogao Grottoes in Dunhuang. New World Press. পৃ. 14. ISBN 978-7-80005-400-6
  10. ↑ (27 June 2016). zh:敦煌市历史沿革. XZQH.org
  11. ↑ (2016). zh:2016年统计用区划代码和城乡划分代码:敦煌市. National Bureau of Statistics of the People's Republic of China
  12. ↑ Unesco
  13. ↑ Fokan Ji 《佛龕記》 Original text: 莫高窟者厥,秦建元二年,有沙门乐僔,戒行清忠,执心恬静。当杖锡林野,行至此山,忽见金光,状有千佛。□□□□□,造窟一龛。
  14. ↑ Le Huu Phuoc. (2010). Buddhist Architecture. Grafikol. ISBN 978-0-9844043-0-8
  15. ↑ Bell, Alexander Peter. (2000). Didactic Narration: Jataka Iconography in Dunhuang with a Catalogue of Jataka Representations in China. LIT Verlag Münster. পৃ. 107. ISBN 978-3-8258-5134-7
  16. ↑ Whitfield, Roderick; Whitfield, Susan; Agnew, Neville. (15 September 2015). Cave Temples of Mogao at Dunhuang: Art History on the Silk Road: Second Edition. Getty Publications. পৃ. 55. ISBN 978-1-60606-445-0
  17. ↑ Dunhuang – Mogao Caves
  18. ↑ Tan, Chung. (1994). Dunhuang art: through the eyes of Duan Wenjie. Indira Gandhi National Centre for the Arts. ISBN 81-7017-313-2
  19. ↑ (2017-12-31). Art, Religion, and Politics in Medieval China. University of Hawaii Press. পৃ. 106–134. ISBN 978-0-8248-6149-0

সম্পৰ্কিত শ্ৰেণী

চীনচীনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰবিশ্ব ঐতিহ্য ক্ষেত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোগাও গুহা” প্ৰবন্ধৰ সংশোধন ৬৩৩৬৯২ (৩১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।