সোণামতী ( Sonamoti) অসম বুৰঞ্জীৰ সততে চৰ্চা নোহোৱা এক নাৰী, যাক গদাপাণি বা চ্যু-পাত-ফাই আত্মগোপন কালত লগ পাইছিল আৰু তেওঁক পলুৱাই পঠিওৱা বাবে চাওদাঙৰ দ্বাৰা সোণামতী নিৰ্যাতিতা হৈছিল৷ ড° মঞ্জু বৰাই পৰিচালনা কৰা অসমীয়া চলচ্চিত্ৰ জয়মতীত (২০০৬) সোণামতী চৰিত্ৰটি চিত্ৰায়িত কৰা হৈছে৷
সংক্ষিপ্ত জীৱনী
সোণামতী শিৱসাগৰৰ বকতা জাপিসজীয়া গাঁৱৰ ভদামৰ জীয়েক আৰু জয়মল ওৰফে জয়ৰামৰ পুত্ৰ ভলুকাৰ সৈতে বিবাহ ঠিক হৈ আছিল৷ গদাপাণি চ্যু-লিক-ফাৰ ভয়ত পলাই ফুৰোঁতে এদিন সোণামতীৰ ঘৰত উপস্থিত হয় আৰু পানী খাবলৈ বিচাৰে৷ তেনেসময়তে চাওদাঙে চ্যু-পাত-ফাক ধৰিবলৈ অহাত সোণামতীয়ে তেওঁক ঘৰৰ পিছদুৱাৰেদি পলুৱাই পঠিয়ায়৷ চাওদাঙে সোণামতীক গদাপাণি পলোৱা পথৰ কথা সোধাত কোনো উত্তৰ নাপাই চমতাৰে কোবাই ধৰি চোঁচৰাই দিৰৈ নৈলৈ লৈ যায়৷১ চোঁচৰাই নিওঁতে সোণামতীৰ প্ৰাণ যায় আৰু চাওদাঙে মাটিৰ ঢিপ এটা কৰি তাতে পুতি থয়৷ সেই ঢিপটো এতিয়াও সোণামতীৰ টোপ নামে জনাজাত৷ সোণামতীক চমতাৰে কোবাই চান বাচিছিল বাবেই সেই ঠাইখন ’চান বচা’ গাঁও আৰু যিখন মুকলি পথাৰেৰে চোঁচৰাই নিছিল সেইখন “চোচৰাল’’ বা “চৰাল পথাৰ’’ নামে এতিয়াও জনাজাত৷২ বুৰঞ্জীত সোণামতীৰ বহুল চৰ্চা পোৱা নাযায়৷ গদাপাণি গদাধৰ সিংহ নাম লৈ সিংহাসনত উঠাৰ পিছত আত্মগোপনকালত তেওঁক সহায় কৰা সকলো মানুহকে পুৰস্কৃত কৰি তেওঁলোকৰ সন্মানাৰ্থে আলি, পুখুৰী, দৌল আদি নিৰ্মাণ কৰিছিল৷ গদাধৰ সিংহই আন বহুতো কামৰ লগতে লংকাকত “সোণাদৈ পুখুৰী’’ খন্দোৱাৰ কথা শ্ৰীনাথ দুৱৰা বৰুৱাৰ “তুংখুঙীয়া বুৰঞ্জী’’ আৰু পদ্মানাথ গোহাঞি বৰুৱাৰ বুৰঞ্জীত উল্লেখ আছে৷৩ অৱশ্যে, সোণাদৈ পুখুৰী কাৰ স্মৃতিত খন্দোৱা হৈছিল তাৰ উল্লেখ নাই৷ অসমীয়া বুৰঞ্জীমূলক কাহিনী গীতত সোণামতীৰ কথা পোৱা যায়৷ মাৰে কান্দিলে বাপৰে কান্দিলে কান্দিলে ককাই ৰমাই৷ জয়মলৰ পুতেক ভলুকাই কান্দিলে দিৰৈৰ কাষতে বিনাই৷ গদা কোঁৱৰে থতমত হেৰুৱাই তোকে খুজি খালে পানী৷ পানী দি কোঁৱৰক পিছফালে পঠালি চাওদাংহঁত পালেহি বুলি৷১
তথ্যসূত্ৰ
- ↑ হাকাচাম, ড° উপেন ৰাভা. (২০১৭). সমকালীন অসমীয়া লোকসাহিত্য. অলিম্পিয়া প্ৰকাশন. পৃ. ৪৪৬
- ↑ সোণামতীৰ মৈদাম আৰু এটা মনোৰম বেলাৰ ছবি
- ↑ গোহাঞি বৰুৱা, পদ্মনাথ. (২০১৭). অসমৰ বুৰঞ্জী. এ, বি, টি, পাব্লিকেশ্বনচ্. পৃ. ১০২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণামতী” প্ৰবন্ধৰ সংশোধন ৫৫৮৯৮১ (২৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।