ইতিহাস
প্ৰাচীন সভ্যতাৰ পৰা আধুনিক কাললৈ — ৰাজ্য, যুদ্ধ, আন্দোলন আৰু ঘটনাপ্ৰবাহ · ৫৮৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কামিয়ানেটচ অৱৰোধ
কামিয়ানেটচ অৱৰোধ কৰা হৈছিল ১৬৭২ চনৰ ১৮ আগষ্টত অটোমান সাম্ৰাজ্যৰদ্বাৰা পোলণ্ডৰ সুৰক্ষিত কামিয়ানেটচ-পোডিলস্কী দুৰ্গত, যিটো বৰ্তমান ইউক্ৰেইনৰ অন্তৰ্গত। এই অৱৰোধ ২৭ আগষ্টলৈকে চলিছিল, যেতিয়া চহৰখন প্ৰতিৰক্ষা কৰি থকা পোলিশ বাহিনীয়ে আত্মসমৰ্পণ কৰিছিল।
-
কাম্যনা মহীলা
কাম্যনা মহীলা (Kamyana Mohyla, Кам'яна Могила; Kamiennaya Mogila),, ইউক্ৰেইনৰ জাপৰিজঝিয়া অব্লাষ্টৰ মেলিটোপোল ৰায়নৰ টেৰ্পিনিয়া গাঁৱৰপৰা প্ৰায় এক মাইল দূৰত মোলোচনা নদীৰ (গাখীৰীয়া নদী) উপত্যকাত আৱস্থিত এক প্ৰত্নতাত্ত্বিক স্থান।
-
কামৰূপী সংস্কৃতি
কামৰূপী সংস্কৃতি বুলিলে ঔপনিৱেশিক যুগৰ কামৰূপ জিলাৰ লোকসকলে অনুসৰণ কৰা সাংস্কৃতিক মূল্যবোধক বুজোৱা হয়।
-
কালোস লিমেন
কালোস লিমেন (Kalos Limen, Καλός Λιμήν; Калос-Лімен; Калос Лимен) প্ৰাচীন গ্ৰীকৰ এক উপনিৱেশ। ই ক্ৰিমিয়ান উপদ্বীপৰ পশ্চিম উপকূলত অৱস্থিত আছিল আৰু খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাৰপৰা খ্ৰীষ্টপূৰ্ব ১ম শতিকালৈ ইয়াৰ অস্তিত্ব আছিল।
-
কাশ্মিৰী হিন্দুৰ নিৰ্বাসন
কাশ্মীৰী হিন্দু বা কাশ্মিৰী পণ্ডিতৰ নিৰ্বাসন বা বৰ্হিগমন বা বিতাড়ন, (Exodus of Kashmiri Hindus) কাশ্মীৰৰ সংখ্যাগৰিষ্ঠ মুছলমানৰ ক্ৰমবৰ্দ্ধমান বিদ্ৰোহে সৃষ্টি কৰা হিংসাৰ পৰা পৰিত্ৰাণ পাবলৈ কাশ্মীৰ ত্যাগ কৰা এক ঘটনাপ্ৰৱাহ।
-
কিভ অৱৰোধ (১৬৫৮)
কিভ অৱৰোধ বা কিভ প্ৰতিৰক্ষা আছিল দানিয়েল ভিহোভস্কিৰ নেতৃত্বত কিভ চহৰত চলোৱা এক সামৰিক অৱৰোধ। চহৰখনৰ ৰাছিয়ান সৈন্যদলৰ কমাণ্ডাৰ আছিল ভাচিলি শ্বেৰেমেন্তেভ। এই যুদ্ধৰ ফলত ৰাছিয়াৰ সৈন্যই কছাক ৰেজিমেণ্টসমূহক সম্পূৰ্ণৰূপে পৰাস্ত কৰে আৰু কিভক সফলতাৰে ৰক্ষা কৰে।
-
কুঁৱৰী মেল
কুঁৱৰী মেল( Kunwari Mel) আহোম যুগত কুঁৱৰীসকলক ভোগ কৰিবলৈ দিয়া ৰাজকীয় মৰ্যাদা৷ আহোম শাসন কালত যিসকল ৰাজকোঁৱৰে প্ৰশাসনিক দায়িত্ব নাপাইছিল, তেওঁলোকক ৰাজকীয় মৰ্যাদাৰে জীৱন অতিবাহিত কৰাৰ সুযোগ দি একোখণ্ড মাটি দি তাত উৎপাদন কৰিবৰ বাবে ৰজাঘৰৰ পৰা পাইক আৰু বিষয়া নিযুক্ত কৰা হৈছিল৷ এই ভূমিখণ্ডক “মেল’’…
-
কোকোচনিক
কোকোচনিক হৈছে ছাৰাফানৰ লগত মহিলা আৰু ছোৱালীয়ে পিন্ধা পৰম্পৰাগত ৰাছিয়ান হেডড্ৰেছ। দশম শতিকাৰপৰাই ভেলিকি নভগ'ৰড চহৰত কোকোছনিক পৰম্পৰাৰ অস্তিত্ব আছে। ই মূলতঃ ৰাছিয়াৰ উত্তৰ অঞ্চলত বিয়পি পৰিছিল আৰু ১৬ শতিকাৰপৰা ১৯ শতিকালৈকে ই অতি জনপ্ৰিয় আছিল।
-
কোচা ৰাভা
<ref group="<ref> জনজাতি সমাজ সংস্কৃতি ">কোচা ৰাভা অসমৰ জনগোষ্ঠীৰ প্ৰধান জনজাতি ৰাভাৰ কেইটিমান ফৈদ আছে তাৰে ভিতৰত কোচা ৰাভা এটি উল্লেখযোগ্য | কোচা ৰাভা সকল প্ৰধানকৈ অসমৰ কোকৰাঝাৰ, ধুবুৰী জিলাৰ লগতে পশ্চিম বংগৰ কিছু এলেকাত আন কিছু দেশত বসবাস কৰি আছে | এওঁ লোকৰ নিজস্ব ভাষা সংস্কৃতি লোকাচাৰ আছে|…
-
কোচিৰ সংস্কৃতি
কোচি, ভাৰতৰ কেৰালা ৰাজ্যৰ এটা চহৰ আৰু বন্দৰ। চহৰখনৰ সংস্কৃতি মূলতঃ দক্ষিণ ভাৰতীয়। কোচিৰ বাসিন্দাসকলক কোচিটিছ বুলি কোৱা হয়। তেওঁলোক দক্ষিণ ভাৰতীয় সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংশ। কেৰালাৰ সৰ্ববৃহৎ চহৰ হিচাপে, কোচিৰ সংস্কৃতি ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ তুলনাত যথেষ্ট নগৰীয়া।
-
কোৰআনৰ ঐতিহাসিক নিৰ্ভৰযোগ্যতা
কোৰআনৰ ঐতিহাসিক নিৰ্ভৰযোগ্যতা কোৰআনত বৰ্ণনা কৰা বা দাবী কৰা পৰিঘটনাসমূহৰ ঐতিহাসিকতাৰ প্ৰশ্নটোৰ সৈতে জড়িত। কোৰআনক ইছলামৰ শাস্ত্ৰীয় ভেটি বুলি গণ্য কৰা হয় আৰু মুছলমানসকলে বিশ্বাস কৰে যে ইয়াক আল্লাহে (ঈশ্বৰ) নমাই পঠিয়াইছিল আৰু মুহাম্মাদৰ ওচৰত অৱতীৰ্ণ কৰিছিল ফিৰিস্তা জিব্ৰিয়েল (গেব্ৰিয়েল)য়ে।
-
ক্ৰুচেদ
ক্ৰুছেড আছিল মধ্যযুগত পোপৰ দ্বাৰা আৰম্ভ কৰা, সমৰ্থিত আৰু কেতিয়াবা পৰিচালনা কৰা ধৰ্মীয় যুদ্ধৰ শৃংখলা। ইয়াৰে আটাইতকৈ উল্লেখযোগ্য আছিল জেৰুজালেম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহক মুছলমান শাসনৰ পৰা পুনৰ দখল কৰাৰ লক্ষ্যৰে পবিত্ৰ ভূমিলৈ কৰা অভিযান।
-
কৰ্ণালা দুৰ্গ
কৰ্ণালা দুৰ্গ ভাৰতৰ মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ পানভেল চহৰৰপৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বত থকা এটা পাহাৰীয়া দুৰ্গ বা ফানেল হিল বুলিও কোৱা হয় কৰ্ণালা দুৰ্গ। বৰ্তমান ই কৰ্ণালা পক্ষী অভয়াৰণ্যৰ ভিতৰত এক সংৰক্ষিত স্থান।
-
ক’হিমাৰ যুদ্ধ
ক’হিমাৰ যুদ্ধ (Battle of Kohima) ১৯৪৪ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানীসেনাৰ (Japanese U Go offensive) ভাৰতৰ সৈতে যুদ্ধৰ এক গুৰুত্বপূৰ্ণ যুদ্ধ৷ ১৯৪৪ চনত উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ ক’হিমাত ৪ এপ্ৰিলৰ পৰা ২২ জুনলৈকে তিনিটা পৰ্য্যায়ত এই যুদ্ধখন সংঘটিত হৈছিল৷ ৩ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈকে…
-
খেউন ৰৌণ মাই ক্ব
খেউন ৰৌণ মাই ক্ব(Kheun Rwan Mai Kwa' or Singarigharutha) বা চিঙ্গাড়ীঘৰুথা হ'ল মধ্যযুগীয় অসমত ৰাজত্বকাৰী আহোম ৰাজ্যৰ চাওফাৰ ঐতিহাসিক ৰাজ্যভিষেক অনুষ্ঠান।
-
খেৰ্চনেচাছ
খেৰ্চনেচাছ (ইংৰাজী: Chersonesus) বা মধ্যযুগীয় গ্ৰীক ভাষাত সংকুচিত ৰূপত খেৰ্চন আছিল এখন প্ৰাচীন গ্ৰীক উপনিৱেশ, যিখন প্ৰায় ২,৫০০ বছৰ পূৰ্বে ক্ৰিমিয়া উপদ্বীপৰ দক্ষিণ-পশ্চিম অংশত প্ৰতিষ্ঠা কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাত বিথিনিয়াৰ হাৰাক্লিয়া পোণ্টিকাৰ উপনিৱেশকাৰীসকলে এই উপনিৱেশখন স্থাপন কৰিছিল।
-
খ্ৰীষ্টান ধৰ্মসংস্কাৰ আন্দোলন
খ্ৰীষ্টান ধৰ্মসংস্কাৰ আন্দোলন (Reformatio) আছিল ১৬শ শতিকাৰ ইউৰোপৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ৰাজনৈতিক আন্দোলন, যিয়ে কেথলিক গীৰ্জাৰ প্ৰচলিত প্ৰথা আৰু শিক্ষাৰ বিৰুদ্ধে বিদ্ৰোহ গঢ়ি তোলে। এই আন্দোলনৰ ফলত প্ৰটেষ্টেণ্ট ধৰ্মৰ জন্ম ঘটে।
-
গংগু তেলী
গংগু তেলী বা গংগা তেলী ভাৰতৰ কাল্পনিক ব্যক্তিত্ব।তেলী (তেল-পেৰা) জাতিৰ এজন সাধাৰণ মানুহ।তেওঁ কহান ৰাজা ভোজ, কহান গংগু তেলী ("ৰজা ভোজা ক'ত, আৰু তৈলমান গংগু ক'ত আছে") প্ৰবাদটোত দেখা যায়, যাক এজন গুৰুত্বপূৰ্ণ বা উচ্চ পদস্থ ব্যক্তিক (যেনে ভোজা) এজন সাধাৰণ বা নিম্ন-স্থিতিৰ ব্যক্তিৰ (যেনে গঙ্গু) সৈতে…
-
গগৈ
গগৈ (ইংৰাজী ভাষা:Gogoi, 𑜕𑜥𑜕𑜩𑜨Gu-Goi) হৈছে টাই-আহোমসকলৰ এটা বংশ বিভাজন তথা বৰ্তমানৰ এটা আহোম উপাধি। চুখ্ৰুংফাই টাই-আহোম বংশ স্পষ্ট কৰিবলৈ সাতঘৰীয়া টাই-আহোমক গগৈ আৰু গোহাঁই বুলি ভাগ কৰিছিল। গগৈ শব্দটো গোগৈ (𑜕𑜥𑜕𑜩𑜨 Gu-Goi) টাই-আহোম ভাষাৰ "আহোম বুৰঞ্জী"ত উল্লেখ কৰা হৈছে।
-
গুলাবি গেং
গুলাবি গেং (হিন্দী শব্দ গুলাবিৰ অৰ্থ "গুলপীয়া") হৈছে এটি সজাগ গোট বা দল। দলটো প্ৰথমে উত্তৰ প্ৰদেশৰ বান্দা জিলাত ব্যাপক ঘৰুৱা উৎপীড়ন আৰু মহিলাৰ বিৰুদ্ধে হোৱা অন্যান্য হিংসাৰ বিৰুদ্ধে থিয় দিবলৈ বুলি সৃষ্টি হৈছিল। প্ৰাৰম্ভিক পৰ্যায়ত দলটোৰ নেতৃত্ব দিছিল সম্পত পাল দেৱীয়ে।
-
গুৰু কা তাল
গুৰু কা তাল নৱম গুৰু শ্ৰীগুৰু টেগ বাহাদুৰদেৱৰ স্মৃতিত উছৰ্গিত এক ঐতিহাসিক শিখ তীৰ্থস্থান। গুৰু কা তাল আগ্ৰাৰ ছিকন্দ্ৰাৰ ওচৰত। গুৰু টেগ বাহাদুৰে মোগল সম্ৰাট ঔৰংগজেৱৰ ওচৰত আত্মসমৰ্পনৰ প্ৰস্তাৱ দিয়া ঠাইত গুৰুদ্বাৰা নিৰ্মাণ কৰা হৈছিল।
-
গো টপলেচ ডে
গো টপলেচ ডে (বিভিন্নভাৱে নেচনেল গ' টপলেছ ডে', আন্তৰ্জাতিক গ' টপলেছ ডে' বুলি জনা যায়) হৈছে আমেৰিকা, কানাডা আৰু চুইজাৰলেণ্ডত লিংগ-সমতাৰ ভিত্তিত মহিলাসকলৰ ৰাজহুৱা স্থানত টপলেছ হোৱাৰ অধিকাৰৰ সমৰ্থনত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠান।
-
গোলকীয় নাগৰিকত্ব
গোলকীয় নাগৰিকত্ব হৈছে এই ধাৰণা যে ব্যক্তি এজনৰ পৰিচয় ভৌগোলিক বা ৰাজনৈতিক সীমা অতিক্ৰম কৰে আৰু তেওঁৰ দায়িত্ব বা অধিকাৰসমূহ এক বহল শ্ৰেণীৰ, যি হৈছে "মানৱতা", পৰা আহৰণ কৰা হয়।
-
গৌড় অঞ্চল
গৌড় প্ৰাচীন আৰু মধ্যযুগীয় যুগত বংগ ত অৱস্থিত এটা ভূ-খণ্ড আছিল আৰু গৌড় ৰাজ্যৰ অংশ আছিল। প্ৰথমতে, ই সপ্তম শতিকাৰপৰা দ্বাদশ শতিকালৈ বৌদ্ধ পাল বংশৰ ৰাজধানী আছিল তাৰ পিছত দ্বাদশ শতিকাৰপৰা পঞ্চদশ শতিকালৈকে হিন্দু সেন বংশৰ ৰাজধানী আছিল যিটো পিছলৈ তুৰ্কীস্তানৰপৰা খিলজীসকলে আৰু পিছলৈ আফগানসকলে আৰু শেষত…
-
গ্যাৰহ মূৰ্তি
গ্যাৰহ মূৰ্তি (Gyarah Murti) হ'ল মহাত্মা গান্ধীৰ নেতৃত্বত দেশৰ স্বাধীনতা সংগ্ৰামৰ স্মৃতিত ভাৰতৰ নতুন দিল্লীত অৱস্থিত এটা কীৰ্তিচিহ্ন। ইয়াৰ ভাস্কৰ্য শিল্পী হিচাপে দেৱী প্ৰসাদ ৰয় চৌধুৰীক কৃতিত্ব দিয়া হয়।ই এঘাৰটা মূৰ্তিৰ এটা গোট, দহটা মূৰ্তিয়ে গান্ধীক নেতৃত্ব দি বিভিন্ন সামাজিক-সাংস্কৃতিক,…
-
গ্ৰেট মোগল ডায়মণ্ড
গ্ৰেট মোগল আছিল এটা বৃহৎ হীৰা, যিটো সম্ভৱতঃ ১৬৫০ চনৰ আশে-পাশে দক্ষিণ ভাৰতৰ গোলকোণ্ডা অঞ্চলৰ কোল্লুৰ খনিৰ পৰা উদ্ধাৰ কৰা হৈছিল। জাঁ-বেপ্টিষ্ট টাভাৰ্নিয়াৰে হীৰাটিৰ বৰ্ণনা এইদৰে দিছিল: "শিলটোৰ আকৃতি এনেকুৱা যেন কোনোবাই এটা কণী মাজভাগত কাটি থৈছে"। ইয়াৰ ওজন ২৮০ কেৰেট (৫৬ গ্ৰাম)।
-
চতুৰ্থ মে' আন্দোলন
চতুৰ্থ মে' আন্দোলন (May Fourth Movement) আছিল চীনৰ সাংস্কৃতিক আৰু সাম্ৰাজ্যবাদ বিৰোধী ৰাজনৈতিক আন্দোলন। ১৯১৯ চনৰ ৪ মে'ত বেইজিঙত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ পৰা এই আন্দোলন গঢ় লৈ উঠিছিল।
-
চাঈদা ফয়েজ
মুহতাৰামে চাঈদা ফয়েজ চাহিবা (Saeeda Faiz; ৯ জুন ১৯২৫ - ১৪ ছেপ্টেম্বৰ ২০১০) উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এগৰাকী শিক্ষাবিদ আৰু সমাজ সংস্কাৰক। তেওঁ বিশেষকৈ গাজীপুৰৰ মহিলাসকলৰ শৈক্ষিক সংস্কাৰৰ বাবে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
-
চুনি কোটাল
চুনি কোটাল (Chuni Kotal) হ'ল ভাৰতৰ অনুসূচিত জনজাতি লোধা শবৰ জনগোষ্ঠীৰ দলিত আদিবাসী মহিলা আৰু ১৯৮৫ চনত লোধা শবৰৰ ভিতৰৰ প্ৰথম মহিলা স্নাতক। বছৰ বছৰ ধৰি বিষয়াসকলৰ হাৰাশাস্তিৰ পিছত ১৯৯২ চনৰ ১৬ আগষ্টত আত্মহত্যাৰ জৰিয়তে তেওঁৰ মৃত্যুৱে লোধা শবৰ সম্প্ৰদায়ক এক বৃহৎ ৰূপত একত্ৰিত কৰি তুলিছিল।
-
চুবেদাৰ ৰূপসিং
চুবেদাৰ ৰূপসিং চুবেদাৰ ৰূপসিং আছিল ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন হিন্দুস্থানী চিপাহী। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহক সহায় কৰাৰ উদ্দেশ্যেৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া কেপ্তেইন ৱেলছৰ তত্বাৱধানত কিছুমান ইংৰাজ চিপাহী আৰু কিছুমান দেশীয় চিপাহী মোৱামৰীয়া বিদ্ৰোহ দমন…