অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

কোচিৰ সংস্কৃতি

কোচি, ভাৰতৰ কেৰালা ৰাজ্যৰ এটা চহৰ আৰু বন্দৰ। চহৰখনৰ সংস্কৃতি মূলতঃ দক্ষিণ ভাৰতীয়। কোচিৰ বাসিন্দাসকলক কোচিটিছ বুলি কোৱা হয়। তেওঁলোক দক্ষিণ ভাৰতীয় সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংশ। কেৰালাৰ সৰ্ববৃহৎ চহৰ হিচাপে, কোচিৰ সংস্কৃতি ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ তুলনাত যথেষ্ট নগৰীয়া।

হালনাগাদ: ১৮ আগষ্ট ২০২৬ ৬৭২ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কোচি, ভাৰতৰ কেৰালা ৰাজ্যৰ এটা চহৰ আৰু বন্দৰ।

চহৰখনৰ সংস্কৃতি মূলতঃ দক্ষিণ ভাৰতীয়। কোচিৰ বাসিন্দাসকলক কোচিটিছ বুলি কোৱা হয়। তেওঁলোক দক্ষিণ ভাৰতীয় সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংশ। কেৰালাৰ সৰ্ববৃহৎ চহৰ হিচাপে, কোচিৰ সংস্কৃতি ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ তুলনাত যথেষ্ট নগৰীয়া।১ বিদেশী পৰ্যটকৰ সঘন আহ-যাহৰ বাবে এই চহৰখন বহু দিশত কচমোপলিটান। কোচিত নৈশ জীৱন আটকীয়া, কিয়নো নিশা ১০বজাৰ লগে লগে চহৰখনৰ প্ৰায়ভাগ দোকান-পোহাৰ বন্ধ হৈ যায়। তথাপি ইয়াত মহিলাৰ বাবে উপযোগী ‘এভিনিউ ৰিজেণ্ট’, ‘টনিকো কেফে’ আদি কেইটামান নিৰ্দিষ্ট বাৰ আৰু গভীৰ নিশাৰ (লেট নাইট) কেফে আছে। ইয়াৰে টনিকো কেফে পুৱা ২ বজালৈকে খোলা থাকে।

ঐতিহাসিক প্ৰভাৱ

কোচিতথকা এটা হিন্দু মন্দিৰৰ গোপুৰম]]

হাজাৰোধিক বছৰ ধৰি চলা প্ৰব্ৰজনে কোচিৰ সংস্কৃতিক ভিন্ন ধৰণে সমৃদ্ধ কৰিছে। এসময়ত এই চহৰখনত ইহুদীসকলৰ এক বৃহৎ সম্প্ৰদায়ে বাস কৰিছিল, যি ব্যৱসায় আৰু অৰ্থনৈতিক স্তৰত এক বিশিষ্ট স্থান লাভ কৰিছিল।২ মালাবাৰ য়েহুডেন নামেৰে পৰিচিত আৰু এতিয়া ক্ৰমান্বয়ে কোচিন ইহুদী ৰূপে জনাজাত, এই সম্প্ৰদায়টো এতিয়া প্ৰায় সম্পূৰ্ণৰূপে ইজৰাইল আৰু আমেৰিকালৈ প্ৰব্ৰজন কৰিছে। কোচি হৈ পৰিছিল ৰাজ্যখনৰ অৰ্থনৈতিক আৰু বিত্তীয় ৰাজধানী আৰু লাহে লাহে ই ভাৰতৰ অন্যতম বাণিজ্যিক চহৰলৈ পৰিণত হৈছে। দীৰ্ঘদিন ধৰি কোচিৰ একমাত্ৰ খ্ৰীষ্টান পৰম্পৰা আছিল চেণ্ট থমাছ খ্ৰীষ্টান ধৰ্ম।৩ কিন্তু ষোল শতিকাত পতুৰ্গীজসকলৰ আগমণৰ পাছত ইয়াত ৰোমান কেথেলিক ধৰ্মৰ প্ৰাদুৰ্ভাৱ হয় আৰু পৰৱৰ্তী সময়ত ইয়ে মূল শক্তি হৈ পৰে।৩

সমকালীন সংস্কৃতি

কোচিত হিন্দু, খ্ৰীষ্টধৰ্ম, ইহুদী, মুছলমান, জৈন ধৰ্ম, শিখ, কোংকনী আৰু বৌদ্ধ ধৰ্ম আদি ধৰ্মগোষ্ঠীৰে গঠিত এক বৈচিত্ৰময়, বহুতৰপীয়া সংস্কৃতি আৰু ধৰ্মনিৰপেক্ষ সম্প্ৰদায় আছে। কেৰালাৰ বিভিন্ন অঞ্চলৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তৰ লোকৰে এক সংমিশ্ৰিত সংস্কৃতিৰ মানুহ বৰ্তমান কোচি চহৰৰ বাসিন্দা। দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জনগোষ্ঠীয় লোকৰ প্ৰভুত উপস্থিতিয়ে এই মহানগৰীখনক সৰ্বভাৰতীয় পৰ্যায়ত উজলাই তুলিছে।৪ দক্ষিণ নৌসেনাৰ কমাণ্ডৰ মুখ্য কাৰ্যালয়ৰ উপস্থিতিয়ে চহৰখনৰ কচমোপলিটান প্ৰকৃতিৰ শ্ৰীবৃদ্ধি কৰিছে।

মানুহবোৰো ক্ৰমান্বয়ে ফেশ্বন-সচেতন হৈ পৰিছে, কেৰালাৰ পৰম্পৰাগত সাজ-পোছাক এৰি অধিকতৰ কোচি নিবাসীয়ে এতিয়া পশ্চিমীয়া সাজ-পাৰ পৰিধান কৰে।৫ কোচিত ফেশ্বনটিভিয়ে পৃষ্ঠপোষকতা কৰা এটা ফেশ্বন-শ্ব’ অনুষ্ঠিত হোৱাৰ লগতে আন কেইবাটাও হাই-প্ৰফাইল ফেশ্বন শ্ব’ৰ আয়োজিত হৈছে।৬

কোচিত বাৰ্ষিক কোচিন ফুলৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।

খাদ্য

কোচিবাসীসকলে সাধাৰণতে কেৰালাৰ থলুৱা খাদ্যাভ্যাসেই অনুসৰণ কৰে, য’ত প্ৰচুৰ পৰিমাণে নাৰিকল আৰু মছলাৰ ব্যৱহৃত হয়। দক্ষিণ ভাৰতীয় আৰু চীনা খাদ্যও তেওঁলোকে পচন্দ কৰে। ইয়াত ফাষ্ট ফুডৰো প্ৰচুৰ প্ৰচলন আছে আৰু কে এফ চি, মেকডনাল্ড, পিজ্জা হাটৰ দৰে বহুবোৰ মাল্টিনেচনেল কোম্পানীয়ে ইয়াত তেওঁলোকৰৰ নিজা বিপনন ক্ষেত্ৰ চলায়।৭ বৰ্তমান কোচিত উত্তৰ-ভাৰতীয় আৰু কণ্টিনেনটেল খাদ্যও জনপ্ৰিয় হ’বলৈ ধৰিছে।

উৎসৱ

১৯২৯ চনৰ ৬ অক্টোবৰত থেভাৰাত অনুষ্ঠিত পূজনীয় ভাৰ্গেজ পায়াপ্লিৰ অন্ত্যেষ্টিক্ৰিয়া
১৯২৯ চনৰ ৬ অক্টোবৰত থেভাৰাত অনুষ্ঠিত পূজনীয় ভাৰ্গেজ পায়াপ্লিৰ অন্ত্যেষ্টিক্ৰিয়াছবি: Mathen Payyappilly Palakkappilly · CC BY-SA 4.0

বিভিন্ন ভাষা-ভাষীৰ প্ৰব্ৰজনকাৰীৰ লগত খাপ খুৱাই কোচিয়ে অতি উলহ-মালহেৰে উত্তৰ ভাৰতীয় হ’লি (Holi) আৰু দীপাৱলীৰ দৰে উৎসৱৰ লগতে ওনাম আৰু বিষুৰ দৰে কেৰেলাৰ পৰম্পৰাগত উৎসৱসমূহ পালন কৰে। খ্ৰীষ্টমাছ, ইষ্টাৰ, ঈদ উল-ফিতৰ, মিলাদ-ই-শ্বেৰিফ আদি খ্ৰীষ্টান আৰু ইছলাম ধৰ্মাৱলম্বী উৎসৱসমূহো কোচিত পালন কৰা হয়। প্ৰতি বছৰে ফ’ৰ্ট কোচিত ডিচেম্বৰৰ শেষৰ দহ দিনত কোচিন কাৰ্নিভেল শীৰ্ষক এটি ভোজমেলৰ আয়োজন হয়। ইয়াৰ লগত সংগতি ৰাখি ডাৰ্ট বাইক ৰেচ, বীচ ভলীবলৰ দৰে বিভিন্ন খেলৰ আয়োজন হয় আৰু লগতে আটচবাজীও প্ৰদৰ্শিত হয়। ঔপনিৱেশিক কালত ইয়াত অনুষ্ঠিত হোৱা পৰ্তুগীজ নৱবৰ্ষৰ উদযাপনৰ ধাৰাবাহিকতা ৰক্ষাৰ হেতু এই কাৰ্নিভেল উদযাপন কৰা হয়।

কোচিত ইণ্ডিয়া ইণ্টাৰনেচনেল ব’ট শ্ব’, ইণ্ডিয়া ইণ্টাৰনেচনেল একুৱা শ্ব’ আৰু কোচি ইণ্টাৰনেচনেল বুক ফেষ্টিভেলও আয়োজিত হয়।

চিনেমা, কলা আৰু সাহিত্য

কোচি হৈছে চংগমপুঝা কৃষ্ণ পিল্লাই, কেশৰী কৃষ্ণ পিল্লাই, জি শংকৰা কুৰূপ আৰু বাইলোপিল্লী শ্ৰীধৰ মেননৰ দৰে মালয়ালয় সাহিত্যৰ বিদগ্ধ পণ্ডিতৰ নিবাসস্থান। ৰোমাণ্টিক ধাৰাৰে লিখা ৰামায়ণৰ বাবে বিক্ৰীৰ অভিলেখ ভংগ কৰি চংগমপুঝাই জনপ্ৰিয়তা লাভ কৰিছিল।

ৰাজ্যখনৰ মলীউডৰ অন্যতম স্নায়ু কেন্দ্ৰ কোচি। বিশেষকৈ ফ’ৰ্ট কোচিৰ দৰে ঠাইবোৰৰ দৃশ্যপটৰ সৌন্দৰ্য্যই ইয়াক চিনেমা প্ৰদৰ্শনৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান কৰি তুলিছে। ২০টাতকৈও অধিক চিনেমা হলত মালয়ালম ভাষা, তামিল ভাষা, ইংৰাজী ভাষা আৰু হিন্দী ভাষাৰ চিনেমা প্ৰদৰ্শিত হয়। মহানগৰীত প্ৰতি বছৰে কোচিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (CIFF) অনুষ্ঠিত হয়।

কোচিৰ ‘দৰবাৰ হল’ খেলপথাৰত চহৰখনৰ অসংখ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ জনপ্ৰিয় স্থান ৰূপে মহানগৰীৰ উপকণ্ঠ অঞ্চলৰ চংগামপুঝা পাৰ্কৰো নাম আছে।

শেহতীয়াকৈ কোচিত এডাপল্লী এন এইচ বাইপাছ ৰোডত অ’বেৰন মল উদ্বোধন কৰা হৈছে। মেৰিন ড্ৰাইভৰ বে প্ৰাইড মলৰ পিছতে মহানগৰীত এইটো দ্বিতীয়টো মল। ভাৰতৰ অন্যতম বৃহৎ মল কোচি লুলু ইণ্টাৰনেশ্যনেল শ্বপিং মলও কোচিত আছে।

খেল আৰু খেলপথাৰ

ক্ৰিকেট আৰু ফুটবল হৈছে কোচিৰ আটাইতকৈ জনপ্ৰিয় খেল। কোচিৰ জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম ভাৰতৰ অন্যতম বৃহৎ বহু ব্যৱহৃত ষ্টেডিয়াম।৮ এই ষ্টেডিয়ামখন এফ চি কোচিন ফুটবল ক্লাবৰ ঘৰুৱা খেলপথাৰ। ইয়াত ৬০ হাজাৰ লোকৰ বহাৰ ক্ষমতা আছে আৰু ইয়াত নিশা খেলাৰ বাবে ফ্লাডলাইট লগোৱা হৈছে। ইয়াৰ আঞ্চলিক ক্ৰীড়া কেন্দ্ৰটো মহানগৰীৰ ক্ৰীড়া বিষয়ক কাৰ্যকলাপৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। এই কেন্দ্ৰটোত ইনড’ৰ ষ্টেডিয়াম আছে আৰু ইয়াত টেনিছ, বেডমিণ্টন, বাস্কেটবল, ক্ৰিকেট, ৰোলাৰ স্কেটিং আৰু টেবুল টেনিছৰ দৰে খেলৰ সুবিধা আছে।

আন আন গুৰুত্বপূৰ্ণ ষ্টেডিয়ামসমূহ হ’ল বি.আৰ.আম্বেদকাৰ ষ্টেডিয়াম, পেলেচ অ’ভেল গ্ৰাউণ্ড আৰু মহাৰাজাজ কলেজ গ্ৰাউণ্ড, য’ত হকী আৰু টেনিছ খেলা হয়।

কোচিৰ উল্লেখযোগ্য ব্যক্তি

  1. য়েছুদাস, গায়ক
  2. আব্ৰাহম বাৰাক চালেম
  3. সহোদৰন আয়াপ্পন, সমাজ-কৰ্মী
  4. পণ্ডিত কৰুপ্পন, সমাজ-কৰ্মী
  5. শ্ৰীশান্ত, আন্তঃৰাষ্টীয় খেলুৱৈ
  6. আচিন, মডেল আৰু অভিনেতা
  7. ৰেৱতী, অভিনেতা
  8. কোচিন হানিফা, অভিনেতা
  9. আনন্দ জন, ফেশ্বন ডিজাইনাৰ
  10. আগষ্টাইন জোচেফ, গায়ক
  11. পানমপিলী গোবিন্দ মেনন, প্ৰাক্তন মুখ্যমন্ত্ৰী

তথ্যসূত্ৰ

  1. ↑ Rakee Mohan. (2006-04-08). Developing metro and quaint environs. Economic Times
  2. ↑ The Jews, Israel, and India. An Interview with Nathan Katz. Jerusalem Centre for public affairs
  3. ↑ Kerala: Asia's Cradle of Christianity. Christian traditions in Kerala. Indian Embassy
  4. ↑ T S Sudhir. (2006-04-29). Kochi's 'mini-India'. NDTV
  5. ↑ (2006-05-09). Retail booooom. New Indian Express
  6. ↑ (2006-04-01). FTV by the Kochi backwaters. The Hindu
  7. ↑ (2005-11-28). Fast food overtakes the spice route. The Hindu
  8. ↑ Stadiums in India. List of stadiums in India in order of seating capacity. worldstadiums.com

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ সংস্কৃতিকোচি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোচিৰ সংস্কৃতি” প্ৰবন্ধৰ সংশোধন ৬২৮৭২৯ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।