কামিয়ানেটচ অৱৰোধ কৰা হৈছিল ১৬৭২ চনৰ ১৮ আগষ্টত অটোমান সাম্ৰাজ্যৰদ্বাৰা পোলণ্ডৰ সুৰক্ষিত কামিয়ানেটচ-পোডিলস্কী দুৰ্গত, যিটো বৰ্তমান ইউক্ৰেইনৰ অন্তৰ্গত। এই অৱৰোধ ২৭ আগষ্টলৈকে চলিছিল, যেতিয়া চহৰখন প্ৰতিৰক্ষা কৰি থকা পোলিশ বাহিনীয়ে আত্মসমৰ্পণ কৰিছিল।১ অৱৰোধৰ সময়ত পোলণ্ডৰ কিংবদন্তি নায়ক তথা লঘু অশ্বাৰোহী বাহিনীৰ কৰ্ণেল জেৰ্জী ভলোডিজোৱস্কীয়ে কেইবাটাও সফল প্ৰতি-আক্ৰমণৰ নেতৃত্ব দিছিল।
"পোডোলিয়াৰ চাবি-কাঠি" হিচাপে পৰিচিত কামিয়ানেটচ-পোডিলস্কীত গধুৰ কিন্তু পুৰণি প্ৰতিৰক্ষামূলক প্ৰাচীৰ আছিল আৰু ইয়াত প্ৰায় ১৫०० পোল আৰু লিথুৱানিয়ান সৈন্যৰ এটা দল মোতায়েন আছিল। অটোমান সৈন্যবাহিনী কোঁপ্ৰুলু ফাজিল আহমেদ পাছাৰ নেতৃত্বত আছিল আৰু ইয়াত টাটাৰ, মলডোভিয়ান, ৱালাচিয়ান আৰু কছাকসকলৰ সৈন্য অন্তৰ্ভুক্ত হৈ ইয়াৰ সংখ্যা ১ লাখ ৫০ হাজাৰ হৈছিলগৈ। পোলিশ বাহিনীৰ নেতৃত্বত আছিল পোডোলৰ প্ৰশাসক মিকোলাই পটকী। ইয়াৰ ভিতৰত ক্ৰাকাউৰ বিশ্বপ আন্দ্ৰজে ত্ৰজেবিকীৰ পদাতিক বাহিনী, কেপ্তেইন ভাচোভিচ আৰু বুকাৰৰ দুটা ৰেজিমেণ্ট, মেজৰ কোৱাচিবোৰস্কীৰ স্থায়ী সৈন্যদল আৰু অন্যান্য সৰু সৰু গোট আছিল। এনে এটা বৃহৎ দুৰ্গ সফলতাৰে প্ৰতিৰক্ষা কৰিবলৈ ১,৫০০ জনীয়া পোলিশ বাহিনী আছিল একেবাৰে অপৰ্যাপ্ত।
১২ আগষ্টত প্ৰথম ক্ৰিমিয়ান টাটাৰ সৈন্যদল কামিয়ানেটচ-পোডিলস্কীৰ ওচৰত দেখা দিয়ে আৰু দুদিন পাছত মূল অটোমান সৈন্যবাহিনীয়ে চহৰখনৰ কাষত শিবিৰ স্থাপন কৰে। সাতটা ডাঙৰ সামৰিক মঠ নিৰ্মাণ কৰাৰ পাছত তুৰ্কী গোলন্দাজ বাহিনীয়ে তেওঁলোকৰ ১২০টা আধুনিক বৰটোপেৰে ধাৰাবাহিক গুলীবৰ্ষণ আৰম্ভ কৰে। ই পোলিশ প্ৰতিৰক্ষাক স্তব্ধ কৰি দিছিল আৰু ২০ আগষ্টত তুৰ্কী সৈন্যই পুৰণি দুৰ্গৰ এটা টাৱাৰত পোনপটীয়া আঘাত হানিবলৈ সক্ষম হয়, যিটো ভঁৰাল হিচাপে ব্যৱহাৰ কৰা হৈছিল। টাৱাৰটো এক ডাঙৰ বিস্ফোৰণত উৰি যায় আৰু ইয়াৰ পিছতে তুৰ্কী সৈন্যই কামিয়ানেটচৰ ওপৰত আক্ৰমণ চলায়। পোলসকলে দুৰ্গটো প্ৰতিৰক্ষা কৰিবলৈ সক্ষম হৈছিল যদিও তেওঁলোকৰ বিস্তৰ ক্ষতি হৈছিল। এই আক্ৰমণৰ পিছত মিকোলাই পটকীয়ে নতুন দুৰ্গটো পৰিত্যাগ কৰাৰ সিদ্ধান্ত লয়, কিয়নো তুৰ্কী সুৰংগ খণ্ডকসকলে ইয়াৰ তলত গভীৰ সুৰংগ খান্দি বিস্ফোৰক সামগ্ৰী স্থাপন কৰিছিল। মধ্যযুগীয় দেৱাল থকা পুৰণি দুৰ্গটো আধুনিক অৱৰোধৰ বাবে প্ৰস্তুত নাছিল আৰু পটকীৰ এই সিদ্ধান্তই প্ৰতিৰক্ষাকাৰীসকলক এক অতি কঠিন পৰিস্থিতিত পেলাইছিল। ২৫ আগষ্টত তুৰ্কী সৈন্যই এটা টাৱাৰৰ তলত সুৰংগ খান্দি তাক ধ্বংস কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত আন এটা আক্ৰমণ চলোৱা হয়, যাক পোলসকলে আকৌ এবাৰ প্ৰতিহত কৰে।
১৬৭২ চনৰ ২৬ আগষ্টত পটকীয়ে আত্মসমৰ্পণ কৰাৰ সিদ্ধান্ত লয় আৰু ৩০ আগষ্টত পোলিশ বাহিনীয়ে কামিয়ানেটচ ত্যাগ কৰে। তিনি দিন পাছত পাছা চহৰখনত প্ৰৱেশ কৰে। তুৰ্কী দখলদাৰীসকল ১৬৯৯ চনলৈকে অৰ্থাৎ ২৭ বছৰ ধৰি কামিয়ানেটচত আছিল। ১৬৯২ চনত সম্ভাৱ্য তুৰ্কী আক্ৰমণ ৰোধ কৰিবলৈ সেনাধ্যক্ষ স্তানিস্লাভ জান জাবলোনভস্কীয়ে কামিয়ানেটচৰপৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত পৱিত্ৰ ত্ৰিনিটিৰ এক দুৰ্গ নিৰ্মাণ কৰিছিল।
১৬৭২ চনৰ ১৭ অক্টোবৰত পোলণ্ডে বুচাচ চুক্তি স্বাক্ষৰ কৰে, য’ত পোলণ্ড আৰু লিথুৱানিয়াই তুৰ্কীসকলক বাৰ্ষিক ২২,০০০ ডুকাট কৰ দিবলৈ সন্মত হয়। অৱশ্যে এই ব্যৱস্থাসমূহ পোলণ্ডৰ সংসদে গ্ৰহণ কৰা নাছিল। এটা নতুন সৈন্যবাহিনী গঠন কৰা হয়, যাৰ নেতৃত্বত সেনাধ্যক্ষ জান ছোবিয়েস্কীয়ে ১৬৭৩ চনৰ নৱেম্বৰ মাহত খোটিনত তুৰ্কীসকলক সম্পূৰ্ণৰূপে পৰাস্ত কৰে। এই যুদ্ধ ১৬৭৬ চনলৈকে চলিছিল। অৱশেষত ১৬৯৯ চনত কাৰ্লোৱিটচ চুক্তিৰ পিছত কামিয়ানেটচ পুনৰ পোলণ্ডৰ অধীনলৈ আহে।
গ্ৰন্থসূচী
- ডেভিছ, ব্ৰায়ান এল (২০০৭)। ৱাৰফেয়াৰ, ষ্টেট এণ্ড চচাইটি অন দ্য ব্লেক চি ষ্টেপ, ১৫০০-১৭००। লণ্ডন: ৰুটলেজ। আই.এচ.বি.এন. 9780415239851।
তথ্যসূত্ৰ
- ↑ Türkiye Diyanet Vakfı İslâm ansiklopedisi: Cilt 33. Türkiye Diyanet Vakfı, İslâm Ansiklopedisi Genel Müdürlüğü, 2007. ISBN 9789753894272
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামিয়ানেটচ অৱৰোধ” প্ৰবন্ধৰ সংশোধন ৬৩০৩৯৬ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।