গোলকীয় নাগৰিকত্ব হৈছে এই ধাৰণা যে ব্যক্তি এজনৰ পৰিচয় ভৌগোলিক বা ৰাজনৈতিক সীমা অতিক্ৰম কৰে আৰু তেওঁৰ দায়িত্ব বা অধিকাৰসমূহ এক বহল শ্ৰেণীৰ, যি হৈছে "মানৱতা", পৰা আহৰণ কৰা হয়। ইয়াৰ অৰ্থ এইটো নহয় যে এনে এজন ব্যক্তিয়ে তেওঁলোকৰ ৰাষ্ট্ৰীয়তা বা অন্যান্য স্থানীয় পৰিচয়ক নিন্দা কৰে বা ত্যাগ কৰে, ইয়াৰ বিপৰীতে তেওঁলোকে এনে পৰিচয়বোৰক এক গোলকীয় সম্প্ৰদায়ত তেওঁলোক পৰিচয়ৰ পাছতহে স্থান দিয়া হয়।১ ইয়াৰোপৰি এই ধাৰণাটোৱে গোলকীকৰণৰ যুগত গোলকীয় সমাজৰ অৱস্থা সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰে।২
সাধাৰণ ব্যৱহাৰত, শব্দটোৰ অৰ্থ "বিশ্ব নাগৰিক" বা বিশ্বজনীনৰ দৰে একে হ'ব পাৰে, কিন্তু ইয়াৰ বিভিন্ন প্ৰসংগত অতিৰিক্ত, বিশেষ অৰ্থও আছে। বিশ্ব সেৱা কৰ্তৃপক্ষৰ দৰে বিভিন্ন সংগঠনে বিশ্বব্যাপী নাগৰিকত্বৰ পোষকতা কৰি আহিছে।
ব্যৱহাৰ
শিক্ষা
শিক্ষাৰ ক্ষেত্ৰত, এই শব্দটো প্ৰায়ে শিক্ষা অভিমুখী এক বিশ্ববীক্ষা বা মূল্যবোধ বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয় (উদাহৰণ স্বৰূপে, ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ নেতৃত্বত গ্লোবেল এডুকেশ্বন ফাৰ্ষ্ট ইনিশ্বিয়েটিভৰ প্ৰাধন্যতা)।৩ "গোলকীয় সমাজ" শব্দটো কেতিয়াবা শিক্ষাৰ্থীসকলক গোলকীয় নাগৰিকত্বৰ বাবে প্ৰস্তুত কৰাৰ বাবে দিয়া শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় (উদাহৰণ স্বৰূপে, পিটছবাৰ্গ বিশ্ববিদ্যালয়ৰ গ্লোবেল ষ্টাডিজ চেণ্টাৰ)।৪
জি.চি.ই.ডি.-য়ে মনোযোগ আকৰ্ষণ কৰাৰ সৈতে, পণ্ডিতসকলে ক্ষেত্ৰখন অনুসন্ধান কৰি আছে আৰু দৃষ্টিভংগী বিকশিত কৰি আছে। নিম্নলিখিতবোৰ হৈছে কেইটামান অধিক সচৰাচৰ দৃষ্টিভংগী:
তথ্যসূত্ৰ
- ↑ What Does it Mean to be a Global Citizen?. www.kosmosjournal.org
- ↑ Shaw, Martin. (2000). Global Society and International Relations: Sociological and Political Perspectives. Polity Press
- ↑ "Priority #3: Foster Global Citizenship." Global Education First Initiative, Secretary-General of the United Nations.
- ↑ Global Studies Center. University of Pittsburgh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলকীয় নাগৰিকত্ব” প্ৰবন্ধৰ সংশোধন ৪৫৭৫৯২ (২৪ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।