গুৰু কা তাল নৱম গুৰু শ্ৰীগুৰু টেগ বাহাদুৰদেৱৰ স্মৃতিত উছৰ্গিত এক ঐতিহাসিক শিখ তীৰ্থস্থান। গুৰু কা তাল আগ্ৰাৰ ছিকন্দ্ৰাৰ ওচৰত। গুৰু টেগ বাহাদুৰে মোগল সম্ৰাট ঔৰংগজেৱৰ ওচৰত আত্মসমৰ্পনৰ প্ৰস্তাৱ দিয়া ঠাইত গুৰুদ্বাৰ নিৰ্মাণ কৰা হৈছিল। এই গুৰুদ্বাৰাত প্ৰতি বছৰে কেইবাজনো ভক্তই সমবেত হৈ মহান শিখ গুৰুজন(যিজন তেওঁৰ অনুগামীৰ সৈতে শ্বহীদ হৈছিল নিজৰ বিশ্বাস পালনৰ স্বাধীনতাৰ স্বাৰ্থত)ক শ্ৰদ্ধাঞ্জলি জনায়।
ইতিহাস
এই ঐতিহাসিক গঠন ১৭ শতিকাৰ। আগতে ই চিকন্দ্ৰাৰ ওচৰৰ অঞ্চলৰ এটা তাল (জলাশয়) আছিল। জাহাংগীৰৰ ৰাজত্বকালত আগ্ৰাৰ বৰষুণৰ পানী সংগ্ৰহ আৰু সংৰক্ষণৰ বাবে ১৬১০ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। জলাশয়টোৰ পানী খৰালি কালত জলসিঞ্চনৰ কামত ব্যৱহাৰ কৰা হৈছিল। জলাশয়টোত শিলৰ খোদিত শিল্পকৰ্ম অলংকৃত কৰা হৈছিল। এই ঠাইত গুৰু তেগ বাহাদুৰে ঔৰংগজেৱক স্বেচ্ছা গ্ৰেপ্তাৰৰ প্ৰস্তাৱ দিবলৈ অস্ত্ৰ-শস্ত্ৰ এৰি থৈছিল বুলি কোৱা হয়। সত্তৰ দশকত সন্ত বাবা সাধু সিংহজী "মৌনি"ৰ অৱদান আৰু কষ্টকৰ প্ৰচেষ্টাৰ বাবে গুৰু কা তাল নামৰ গুৰুদ্বাৰটো নিৰ্মাণ কৰা হৈছিল।
স্থাপত্য
তালত বাৰটা টাৱাৰ আছিল যদিও সময়ৰ পৰীক্ষাত মাত্ৰ আঠটা টাৱাৰহে ৰক্ষা পৰিছে আৰু এতিয়া উদ্ধাৰ কৰা হৈছে। এই ৰঙা শিলৰ গঠনটোৱে মোগলৰ আন বহুতো আশ্চৰ্যকৰ গঠন যেনে আগ্ৰা দুৰ্গ, ফাতেহপুৰ ছিক্ৰী আদিৰ সৈতে সাদৃশ্য বহন কৰে।
বাহ্যিক সংযোগ
- Aerial View of Guru Ka Tal
- Gurudwara, Guru Ka Tal, Agra
- https://web.archive.org/web/20110525061000/http://archnet.org/library/documents/one-document.jsp?document_id=4923
- গুৰু টেগ বাহাদুৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৰু কা তাল” প্ৰবন্ধৰ সংশোধন ৬৩৬০৮৫ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।