

কাম্যনা মহীলা (Kamyana Mohyla, Кам'яна Могила; Kamiennaya Mogila),, ইউক্ৰেইনৰ জাপৰিজঝিয়া অব্লাষ্টৰ মেলিটোপোল ৰায়নৰ টেৰ্পিনিয়া গাঁৱৰপৰা প্ৰায় এক মাইল দূৰত মোলোচনা নদীৰ (গাখীৰীয়া নদী) উপত্যকাত আৱস্থিত এক প্ৰত্নতাত্ত্বিক স্থান। কাম্যনা মহীলাৰ শিলাচিত্ৰসমূহৰ কাল উচ্চ পুৰাতন প্ৰস্তৰ যুগৰ (কুক্ৰেক সংস্কৃতি) পৰা মধ্যযুগলৈকে বিস্তৃত। ইয়াৰে প্ৰস্তৰ যুগৰ চিত্ৰসমূহেই প্ৰত্নতাত্ত্বিকসকলৰ সৰ্বাধিক আগ্ৰহৰ বিষয়। এই স্থান ইউক্ৰেইনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ সম্ভাৱ্য তালিকাত অন্তৰ্ভুক্ত।
স্থানটোত বালিশিলৰ কেইবাটাও বিচ্ছিন্ন শিলাখণ্ড আছে। এইবোৰৰ উচ্চতা ১২ মিটাৰলৈকে আৰু প্ৰায় ৩,০০০ বৰ্গমিটাৰ এলেকাজুৰি সিঁচৰতি হৈ আছে। নোগাই কিংবদন্তি অনুসৰি, দুজন বাঘাতুৰ যোদ্ধাৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই স্থানৰ সৃষ্টি হৈছিল। তেওঁলোকে পাল পাতি ইজনে সিজনৰফালে শিল দলিয়াইছিল। প্ৰকৃততে এই স্থানৰ উৎপত্তি টেথিছ মহাসাগৰৰ এখন বালিৰ চৰৰপৰা হৈছিল। বহুদিন ধৰি ই মোলোচনা নদীৰ মাজত এখন দ্বীপ আছিল। পিছলৈ নদীখন পলসেৰে ভৰি যায় আৰু নদীখন এতিয়াৰ স্থানটোৰপৰা অলপ পশ্চিমেৰে বৈ গৈছে। ইয়াক আজভ-কুবান অৱনমনত থকা একমাত্ৰ বালিশিলৰ উন্মুক্ত শিলাস্তৰ বুলি ভবা হয়। এই বালিময় পাহাৰটোৰ আকৃতি কুৰ্গানৰ সৈতে মিল আছে, যিবোৰ পণ্টিক–কাস্পিয়ান তৃণভূমিত সিঁচৰতি হৈ আছে।
শিলাচিত্ৰ কেৱল কাম্যনা মহীলাৰ গুহা আৰু শিলৰ আশ্ৰয়স্থানসমূহৰ ভিতৰতহে পোৱা যায় আৰু ইয়াৰে বহুতো এতিয়াও বালিৰে ভৰি আছে। আজিলৈকে এইবোৰক প্ৰাকৃতিক ক্ষয়ৰপৰা পৰ্যাপ্ত সুৰক্ষা দিয়া হোৱা নাই। ওচৰ-পাজৰত প্ৰাচীন মানৱ বসতিৰ অতি কম চিনহে পোৱা গৈছে। সেয়েহে বহুতো পণ্ডিতে বিশ্বাস কৰে যে পাহাৰটো হয়তো এটা দূৰৱৰ্তী পৱিত্ৰ স্থান হিচাপে ব্যৱহাৰ কৰা হৈছিল। পৃষ্ঠৰ কিছুমান অংশত ৰঙা ৰঙৰ অস্পষ্ট চিন এতিয়াও দেখা যায়। শিলাচিত্ৰসমূহ মধ্য প্ৰস্তৰ যুগৰ নে নৱ প্ৰস্তৰ যুগৰ, সেই বিষয়ে পণ্ডিতসকল একমত হ'ব পৰা নাই।
ইতিহাস

১৮৮৯ চনত ৰাছিয়ান প্ৰত্নতত্ত্ববিদ নিকোলাই ভেছেলোভস্কিক এই ৰহস্যমজ় স্থানটো অনুসন্ধান কৰিবলৈ আহ্বান জনোৱা হয় আৰু তেওঁ পিছৰ বছৰতে খননকাৰ্য আৰম্ভ কৰে। স্থানটো এটা সমাধি টিলা বুলি নিশ্চিত হোৱাৰ পিছতে খননকাৰ্য বন্ধ কৰা হয়। ২০শ শতিকাৰ প্ৰথম তৃতীয়াংশত এই স্থানৰ বৈজ্ঞানিক অনুসন্ধান অতি সীমিত আছিল।
১৯৩০ৰ দশকত মেলিটোপোলৰপৰা অহা পণ্ডিতসকলৰ এটা দলে ভেলেণ্টিন দানিলেংকোৰ (১৯১৩–৮২) নেতৃত্বত এই স্থানটো অনুসন্ধান কৰে। যুৱ প্ৰত্নতত্ত্ববিদজনে শিলাচিত্ৰযুক্ত ত্ৰিছটা গুহা আৱিষ্কাৰ কৰাৰ দাবী কৰে আৰু সেইবোৰৰ কাল খ্ৰীষ্টপূৰ্ব ২০শ শতিকাৰপৰা খ্ৰীষ্টীয় ১৭শ শতিকালৈ বুলি নিৰ্ধাৰণ কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত দানিলেংকোৱে স্থানটোত পুনৰ কাম আৰম্ভ কৰে আৰু শিলাচিত্ৰযুক্ত অতিৰিক্ত তেৰটা গুহা আৱিষ্কাৰ কৰাৰ দাবী কৰে।
১৯৫৪ চনত স্থানটো প্ৰত্নতাত্ত্বিক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হয়। জলাধাৰ নিৰ্মাণৰ পিছত এলেকাটো বানপানীত বুৰ যোৱাৰপৰা ৰক্ষা কৰাই এই পদক্ষেপৰ উদ্দেশ্য আছিল। পৰৱৰ্তী দশকসমূহত শিলাচিত্ৰসমূহৰ অৱস্থা দৃশ্যমানভাৱে অৱনতি ঘটিছিল।
২০০৬ চনত ইউক্ৰেইন চৰকাৰে স্থানটো বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে মনোনীত কৰে। সামগ্ৰিকভাৱে শিলৰ সমাধিৰ চিত্ৰসমূহে দক্ষিণ-পূব ইউৰোপৰ এই তৃণভূমি অঞ্চলত খ্ৰীষ্টপূৰ্ব ২০শ শতিকাৰপৰা খ্ৰীষ্টীয় ১৭শ শতিকালৈকে চিকাৰী আৰু পশুপালকসকলৰ ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ চিন প্ৰতিনিধিত্ব কৰে। কিছুমান গুহা কৃত্ৰিমভাৱে নিৰ্মিত; সেইবোৰৰ সাংস্কৃতিক স্তৰসমূহ নৱ প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু প্ৰাৰম্ভিক লৌহ যুগৰ লগতে মধ্যযুগৰ বুলি নিৰ্ধাৰণ কৰা হৈছে।
কাম্যনা মহীলাৰ বুল গ্ৰ'ট' গুহাৰ ভিতৰৰ খোদিত চিত্ৰসমূহ—যাৰ অংকনক কেতিয়াবা মেমথ বুলি বিবেচনা কৰা হৈছে—২১শ শতিকাত ডিজিটেল সঁজুলিৰ সহায়ত অধ্যয়ন কৰা হৈছে।১২
অধিক পঠন
- Рудинський М. Я. Кам’яна Могила (корпус наскельных рисунков), видавництво АН УССР, Київ, 1961.
- Даниленко В. М. Кам’яна Могила, «Наукова Думка», Київ, 1986.
- Михайлов Б. Д. Петроглифы Каменной Могилы в Украине, Запорожье, 1994.
- Кифишин А. Г., Древнее святилище Каменная Могила. Опыт дешифровки протошумерского архива XII-III тысячелетий до н.э., «Аратта», Киев, 2001.
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Kotova, N. S.; Dzhos, V. S.; Makhortykh, S. V. (2021-09-30). Metal Knives of the Bronze Age from the Vicinity of Kamyana Mohyla (Western Azov Sea Region). Archaeology and Early History of Ukraine. পৃ. 157–174
- ↑ Kamyana Mohyla complex – A 3D model collection by Seeing through time (@simon.radchenko). Sketchfab
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাম্যনা মহীলা” প্ৰবন্ধৰ সংশোধন ৬২৮৭৮১ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।