অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

কিভ অৱৰোধ (১৬৫৮)

কিভ অৱৰোধ বা কিভ প্ৰতিৰক্ষা আছিল দানিয়েল ভিহোভস্কিৰ নেতৃত্বত কিভ চহৰত চলোৱা এক সামৰিক অৱৰোধ। চহৰখনৰ ৰাছিয়ান সৈন্যদলৰ কমাণ্ডাৰ আছিল ভাচিলি শ্বেৰেমেন্তেভ। এই যুদ্ধৰ ফলত ৰাছিয়াৰ সৈন্যই কছাক ৰেজিমেণ্টসমূহক সম্পূৰ্ণৰূপে পৰাস্ত কৰে আৰু কিভক সফলতাৰে ৰক্ষা কৰে।

হালনাগাদ: ২৫ আগষ্ট ২০২৬ ৪৮৫ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কিভ অৱৰোধ বা কিভ প্ৰতিৰক্ষা আছিল দানিয়েল ভিহোভস্কিৰ নেতৃত্বত কিভ চহৰত চলোৱা এক সামৰিক অৱৰোধ। চহৰখনৰ ৰাছিয়ান সৈন্যদলৰ কমাণ্ডাৰ আছিল ভাচিলি শ্বেৰেমেন্তেভ। এই যুদ্ধৰ ফলত ৰাছিয়াৰ সৈন্যই কছাক ৰেজিমেণ্টসমূহক সম্পূৰ্ণৰূপে পৰাস্ত কৰে আৰু কিভক সফলতাৰে ৰক্ষা কৰে।

পটভূমি

বোহদান খমেলনিটস্কিৰ মৃত্যুৰ পিছত ইভান ভিহোভস্কি ইউক্ৰেইনৰ নতুন হেটমেন হয়। তেওঁ পোলিশ-লিথুৱানিয়ান কমনৱেলথ আৰু ৰাছিয়ান জাৰতন্ত্ৰৰ মাজত ভাৰসাম্য বজাই ৰাখি এটা স্বাধীন কছাক ৰাজ্য গঢ়ি তুলিবলৈ আশা কৰিছিল। পোলেণ্ডৰ ৰজা জন দ্বিতীয় কাছিমিৰে কৰা প্ৰতিশ্ৰুতিসমূহে কছাক হেটমেনক আকৰ্ষিত কৰিছিল আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ভিহোভস্কিয়ে মস্কোৰ সৈতে বিশ্বাসঘাটকতা কৰি পোলিশ-লিথুৱানিয়ান কমনৱেলথৰ পক্ষত যোগ দিয়ে।১

ভিহোভস্কিয়ে কছাক আৰু তাতাৰসকলৰ মাজত "ভাতৃত্ববোধৰ মিত্ৰতা"ও নবীকৰণ কৰে আৰু ক্ৰিমিয়াৰ প্ৰতিভাশালী কমাণ্ডাৰ কাৰাচ-বে’ৰ সমৰ্থন লাভ কৰে।

ইতিমধ্যে ৫ আগষ্টত ভিহোভস্কিয়ে মুকলিকৈ ঘোষণা কৰিছিল যে তেওঁ অতি সোনকালে কিভলৈ সৈন্য প্ৰেৰণ কৰিব।

কিভত ৬,০৭৫ জনীয়া এটা ৰাছিয়ান সৈন্যদল আছিল আৰু ইয়াক এটা বহুত ডাঙৰ বাহিনীয়ে অৱৰোধ কৰিছিল।২

শ্বেৰেমেন্তেভে নিজে লিখিছিল যে সম্ভৱত ১,০০,০০০ সৈন্যৰ এটা বাহিনীয়ে তেওঁলোকক ঘেৰি ধৰিছিল, য’ত ৪০,০০০ কছাক আৰু ৬০,০০০ তাতাৰ আছিল।৩

অৱশ্যে আধুনিক ইতিহাস চৰ্চাত অৱৰোধকাৰীৰ সংখ্যা প্ৰায় ২১,৫০০ বুলি অনুমান কৰা হৈছে।৪৫

যুদ্ধ

প্ৰথম দিন

১৬ আগষ্টত হাবিলৈ পঠোৱা সৈন্যসকলে কিভলৈ দৌৰি আহি শ্বেৰেমেন্তেভক খবৰ দিয়ে যে তেওঁলোকক কছাকসকলে আক্ৰমণ কৰিছে। কৰ্ণেলজনে অশ্বাৰোহী টহলদাৰী দলক আগবঢ়াই পঠায় আৰু তেওঁলোকে নিশ্চিত কৰে যে কছাক ৰেজিমেণ্টসমূহ দক্ষিণৰ পৰা কিভৰ ফালে গতি কৰিছে। কিভৰ ওচৰত সৈন্যৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে আৰু সন্ধিয়াৰ ভিতৰত ভিহোভস্কি নিজে কছাক আৰু তাতাৰসকলৰ সৈতে আহি উপস্থিত হয়।৬

২৩ আগষ্টত দানিয়েলে হেটমেনৰ নিৰ্দেশ অবিহনেই চহৰখনত আক্ৰমণ আৰম্ভ কৰে। ৰাছিয়াৰ সৈন্যই কছাকসকলৰ আক্ৰমণ প্ৰতিহত কৰে আৰু আনকি গোল্ডেন গেটৰ পৰাও আক্ৰমণ চলাই যুদ্ধ আৰম্ভ কৰে। একে সময়তে চহৰখনত কৰ্ণেল ইয়ানেনকোৰ কছাক বাহিনীয়েও আক্ৰমণ চলায়, যিয়ে পূৰ্বে আনুগত্যৰ শপত খাই ৰাছিয়াৰ পক্ষত যুদ্ধত প্ৰৱেশ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। শ্বেৰেমেন্তেভে লিখিছে, "তেওঁৰ সকলো কথা মিছা আছিল।" শ্বেৰেমেন্তেভে সফলতাৰে বৰটোপ ব্যৱহাৰ কৰে আৰু বিদ্ৰোহীসকলৰ বিৰুদ্ধে নিজৰ ৰাইফেলধাৰী সৈন্য প্ৰেৰণ কৰে।

জামকোভা হোৰা (দুৰ্গ পাহাৰ) আক্ৰমণ কৰি দখল কৰা হয় আৰু দক্ষিণত হোৱা যুদ্ধতো ৰাছিয়ানসকল সফল হয়। অৱশ্যে এয়া যুদ্ধৰ প্ৰথম পৰ্যায়হে আছিল। দানিয়েলৰ নিৰ্দেশত কছাকসকলে চহৰখনৰ দক্ষিণ-পূবত পেচেৰস্ক দুৱাৰৰ বিপৰীতে খাৱৈ খান্দি স্থিতি লয়।৭

দ্বিতীয় দিন আৰু ভাসিলকভৰ ওচৰৰ যুদ্ধ

এই সময়তে যুৱৰাজ বাৰিয়াতিনস্কিৰ সামৰিক দলে ভাসিলকভৰ ওচৰত কছাকৰ মূল বাহিনীক আক্ৰমণ কৰে আৰু তেওঁলোক পলায়ন কৰে। ইয়াত বহু লোকৰ মৃত্যু হয়, ৪৭খন পতাকা আৰু কেইবাটাও বৰটোপ জব্দ কৰা হয়।৮

হেটমেনৰ ভাতৃ ভাসিলি ভিহোভস্কিক বন্দী কৰা হয় আৰু তেওঁৰ সৈতে ৰাছিয়ানসকলে হেটমেনৰ গদা লাভ কৰে, যিটো বৰ্তমানো মস্কোৰ ক্ৰেমলিন আৰ্মৰীত সংৰক্ষিত হৈ আছে।

ইয়াৰ সমান্তৰালভাৱে কিভৰ কৰ্ণেল ইয়ানেনকোৱে পুনৰ চহৰৰ দেৱালত আক্ৰমণ কৰে। ৰাছিয়ানসকলৰ সফল প্ৰতিৰক্ষাই তেওঁলোকক সময় লাভ কৰাত সহায় কৰে। ইয়াৰ ফলত দানিয়েলৰ সৈন্যক পৰাস্ত কৰি অহা বাৰিয়াতিনস্কিয়ে ইয়ানেনকোৰ ৰেজিমেণ্টকো খেদি পঠিয়াবলৈ সক্ষম হয়।৯

পৰিণতি

শ্বেৰেমেন্তেভে ডনিপাৰ নদীৰ পাৰত থকা মূল দুৰ্গটো দখল কৰাৰ ভাবুকি দূৰ কৰিবলৈ সমৰ্থ হয়। দানিয়েল ভিহোভস্কিৰ বৃহৎ সৈন্যবাহিনী সিঁচৰিত হৈ পৰে আৰু হেটমেন নিজে যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰে।

গ্ৰন্থপঞ্জী

  • Malov, A. (2006). Русско-Польская война 1654-1667 гг.. ISBN 5-94038-111-1
  • Babulin, I. (2015). Борьба за Украину и битва под Конотопом (1658-1659). ISBN 978-5-903389-99-5
  • Berh, Vasiliy. (1831). Царствование Алексея Михайловича. Типография Гинце
  • Velikanov, Vladimir S.; Lazarev, Yakov A. (2020). Царские воеводы и гарнизоны на Украине 1654-1669. Русские витязи. ISBN 978-5-907245-00-6

তথ্যসূত্ৰ

  1. ↑ Malov, A. (2006). Русско-Польская война 1654-1667 гг.. পৃ. 24. ISBN 5-94038-111-1
  2. ↑ Babulin, I. (2015). Борьба за Украину и битва под Конотопом (1658-1659). পৃ. 93. ISBN 978-5-903389-99-5
  3. ↑ Berh, Vasiliy. (1831). Царствование Алексея Михайловича. Типография Гинце. পৃ. 127
  4. ↑ Babulin, I. (2015). Борьба за Украину и битва под Конотопом (1658-1659). পৃ. 95. ISBN 978-5-903389-99-5
  5. ↑ Velikanov, Vladimir S.; Lazarev, Yakov A. (2020). Царские воеводы и гарнизоны на Украине 1654-1669. Русские витязи. পৃ. 76. ISBN 978-5-907245-00-6
  6. ↑ Babulin, I. (2015). Борьба за Украину и битва под Конотопом (1658-1659). পৃ. 93-94. ISBN 978-5-903389-99-5
  7. ↑ Babulin, I. (2015). Борьба за Украину и битва под Конотопом (1658-1659). পৃ. 95. ISBN 978-5-903389-99-5
  8. ↑ Berh, Vasiliy. (1831). Царствование Алексея Михайловича. Типография Гинце. পৃ. 127
  9. ↑ Babulin, I. (2015). Борьба за Украину и битва под Конотопом (1658-1659). পৃ. 96. ISBN 978-5-903389-99-5

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিভ অৱৰোধ (১৬৫৮)” প্ৰবন্ধৰ সংশোধন ৬৩০৬১৩ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।