অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

খ্ৰীষ্টান ধৰ্মসংস্কাৰ আন্দোলন

খ্ৰীষ্টান ধৰ্মসংস্কাৰ আন্দোলন (Reformatio) আছিল ১৬শ শতিকাৰ ইউৰোপৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ৰাজনৈতিক আন্দোলন, যিয়ে কেথলিক গীৰ্জাৰ প্ৰচলিত প্ৰথা আৰু শিক্ষাৰ বিৰুদ্ধে বিদ্ৰোহ গঢ়ি তোলে। এই আন্দোলনৰ ফলত প্ৰটেষ্টেণ্ট ধৰ্মৰ জন্ম ঘটে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

খ্ৰীষ্টান ধৰ্মসংস্কাৰ আন্দোলন (Reformatio) আছিল ১৬শ শতিকাৰ ইউৰোপৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ৰাজনৈতিক আন্দোলন, যিয়ে কেথলিক গিৰ্জাৰ প্ৰচলিত প্ৰথা আৰু শিক্ষাৰ বিৰুদ্ধে বিদ্ৰোহ গঢ়ি তোলে। এই আন্দোলনৰ ফলত প্ৰটেষ্টেণ্ট ধৰ্মৰ জন্ম ঘটে।১

সূচনা

এই আন্দোলনৰ আৰম্ভণি সাধাৰণতে ১৫১৭ চনত মাৰ্টিন লুথাৰৰ “Ninety-five Theses” প্ৰচাৰেৰে যুক্ত। তেওঁ জাৰ্মানীৰ উইটেনবাৰ্গ গীৰ্জাৰ দুৱাৰত এই লিখন ওলমাই ৰাখিছিল, য’ত তেখেতে গীৰ্জাৰ পক্ষপাতমূলক অভ্যাস, বিশেষকৈ "Indulgence" বিক্ৰীৰ বিৰুদ্ধে আপত্তি জনাইছিল।২

মুখ্য ব্যক্তিত্ব

  • মাৰ্টিন লুথাৰ — “বিশ্বাসৰ দ্বাৰা মুক্তি” মতবাদ আগবঢ়াইছিল।
  • জন কেলভিন — কেলভিনবাদৰ আধাৰত “Predestination” মতবাদ আগবঢ়াইছিল।
  • হেনৰী অষ্টম — ৰোমৰ পোপৰ পৰা বিছিন্ন হৈ ইংলেণ্ডত ইংলিকেন গীৰ্জা প্ৰতিষ্ঠা কৰে।৩

প্ৰভাৱ

  • ধৰ্মীয় বিভাজন — ইউৰোপত কেথলিক, লুথাৰান, কেলভিনবাদী আৰু ইংলিকেন ধৰ্মৰ সৃষ্টি হয়।
  • শিক্ষা আৰু ভাষা — বাইবেল স্থানীয় ভাষালৈ অনুবাদ কৰা হয়। সাধাৰণ মানুহেও ধৰ্মীয় পাঠ উপলব্ধি কৰিবলৈ সক্ষম হয়।
  • ৰাজনৈতিক প্ৰভাৱ — ৰাজন্যবৰ্গে গীৰ্জাৰ নিয়ন্ত্ৰণৰ বিৰুদ্ধে স্বাধীনতা দাবী কৰে, যাৰ ফলত ৰাষ্ট্ৰ-ৰাষ্ট্ৰৰ ভিতৰত ধৰ্মীয় যুদ্ধ সংঘটিত হয়।৪

কাউণ্টাৰ-ৰিফৰ্মেশন

কেথলিক গিৰ্জাই এই আন্দোলনৰ উত্তৰ হিচাপে নিজেই এক সংস্কাৰ আন্দোলন আৰম্ভ কৰে, যাক "Counter-Reformation" বা "Catholic Reformation" বোলা হয়। Council of Trent (১৫৪৫-১৫৬৩) এই প্ৰচেষ্টাৰ কেন্দ্ৰ আছিল।৫

ঐতিহ্য

খ্ৰীষ্টান ধৰ্মসংস্কাৰ আন্দোলনে আধুনিক ইউৰোপীয় ধৰ্মীয়, সামাজিক, আৰু ৰাজনৈতিক ইতিহাসত গভীৰ প্ৰভাৱ পেলাইছে। ধৰ্মীয় সহনশীলতা, ব্যক্তি বিশ্বাসৰ অধিকাৰ আৰু জাতীয় গীৰ্জাৰ ধাৰণাৰ বিকাশ এই আন্দোলনৰ ফল।

তথ্যসূত্ৰ

  1. ↑ Reformation. Encyclopedia Britannica
  2. ↑ Lindberg, Carter. (2009). The European Reformations. Blackwell Publishing. ISBN 978-1-4051-5764-0
  3. ↑ Key Figures of the Reformation. BBC Bitesize
  4. ↑ MacCulloch, Diarmaid. (2003). The Reformation: A History. Viking Penguin. ISBN 978-0-670-03298-4
  5. ↑ Council of Trent. Encyclopedia Britannica

সম্পৰ্কিত শ্ৰেণী

ইতিহাসআন্দোলনখ্ৰীষ্টান ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খ্ৰীষ্টান ধৰ্মসংস্কাৰ আন্দোলন” প্ৰবন্ধৰ সংশোধন ৬৩১৩৮৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।