অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

গগৈ

গগৈ (ইংৰাজী ভাষা:Gogoi, 𑜕𑜥𑜕𑜩𑜨Gu-Goi) হৈছে টাই-আহোমসকলৰ এটা বংশ বিভাজন তথা বৰ্তমানৰ এটা আহোম উপাধি। চুখ্ৰুংফাই টাই-আহোম বংশ স্পষ্ট কৰিবলৈ সাতঘৰীয়া টাই-আহোমক গগৈ আৰু গোহাঁই বুলি ভাগ কৰিছিল। গগৈ শব্দটো গোগৈ (𑜕𑜥𑜕𑜩𑜨 Gu-Goi) টাই-আহোম ভাষাৰ "আহোম বুৰঞ্জী"ত উল্লেখ কৰা‌ হৈছে।

হালনাগাদ: ৫ মাৰ্চ ২০২৬ ২৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

গগৈ (ইংৰাজী ভাষা:Gogoi, 𑜕𑜥𑜕𑜩𑜨Gu-Goi১) হৈছে টাই-আহোমসকলৰ এটা বংশ বিভাজন তথা বৰ্তমানৰ এটা আহোম উপাধি।২ চুখ্ৰংফাই টাই-আহোম বংশ স্পষ্ট কৰিবলৈ সাতঘৰীয়া টাই-আহোমক গগৈ আৰু গোহাঁই বুলি ভাগ কৰিছিল। গগৈ শব্দটো গোগৈ (𑜕𑜥𑜕𑜩𑜨 Gu-Goi) টাই-আহোম ভাষাৰ "আহোম বুৰঞ্জী"ত উল্লেখ কৰা‌ হৈছে৩৪।

বুৰঞ্জী

গগৈ-গোহাঞি বিভাজন

চাওফা চুখ্ৰংফাই টাই-আহোম বংশৰ চিন ৰাখিবলৈ সাতঘৰীয়া আহোমক ("সাত ঘৰ টাই-আহোম অভিজাত বংশক") গোহাঞি আৰু গগৈ নামৰ প্ৰধান দুটা ভাগত বিভক্ত কৰিছে।৫ এই নিয়ম অনুসৰী গোহাঞিসকলক বাদ দি আন সকলো সাতঘৰীয়া আহোমৰ বংশধৰে গগৈ উপাধি ব্যৱহাৰ কৰিব লাগিব আৰু সাতঘৰৰ বাহিৰৰ আন কোনো আহোমে গগৈ উপাধি ব্যৱহাৰ কৰিব নোৱাৰিব।৬ তিনিজন গোহাঁই ফৈদৰ বংশধৰ, বৰগোহাঞি, বুঢ়াগোহাঞি আৰু বৰ পাত্ৰ গোহাঞিয়ে কেৱল গোহাঞি উপাধি ব্যৱহাৰ কৰিব পাৰিব।৭

উপাধিলৈ উন্নীতকৰণ

১৮৯৩ চনৰ আহোম সভাত প্ৰস্তাৱ কৰি গগৈ উপাধিটো সকলোৱে লিখিব পৰা ব্যৱস্থা কৰি দিয়া হয়। যাৰ বাবে ইয়াৰ পৰৱৰ্তী সময়ছোৱাত আহোমৰ বিভিন্ন খেলৰ লোকসকলে গগৈটো উপাধি হিচাপে লিখিবলৈ আৰম্ভ কৰে। বিভিন্ন ফৈদৰ আহোম মানুহে গগৈক উপাধি হিচাপে ব্যৱহাৰ কৰে। কিছু বুৰঞ্জীবিদৰ মতে হাবুংৰ বলিয়া বুঢ়াগোহাঁইৰ বংশধৰ সকলে গগৈ উপাধি ব্যৱহাৰ কৰিছিল।

উল্লেখযোগ্য গগৈ উপাধিৰ ব্যক্তি

গগৈ উপাধিৰ কেইজনমান উল্লেখযোগ্য ব্যক্তি হ'ল-

লগতে চাওক

টাই-আহোম জনগোষ্ঠী

উৎস প্ৰসংগ

  • Borboruah, Hiteswar (1997). Ahomar Din Ed. 2nd (in Assamese) (2nd ed.). Publication board of Assam.

তথ্যসূত্ৰ

  1. ↑ Barua, Gopal Chandra, Ahom Buranji,p. 303
  2. ↑ Kumar, D. P. Challenge to India's unity: Assam students' agitation and government. B.R. Pub. Corp. ISBN 9788170185932
  3. ↑ Barua, Gopal Chandra, Ahom Buranji,p. 303,‌ "The son of one Gogoi of Railungia Buragohain family was made Buragohain"
  4. ↑ Barua, Gopal Chandra, Ahom Buranji,p. 330,"The king ordered one Dihingia Gogoi to be Borphukan."
  5. ↑ "...আৰু স্বৰ্গদেৱে এই নিৰ্বদ্ধ কৰিলে বোলে,আৰু আগলৈ মানুহৰ চিন থাকিব লাগে"Borboruah 1997, পৃ. 235
  6. ↑ "... আনবোৰ গোহাঁই নাম নলব। ই তিনি বঙ্গহৰ বাহিৰে আন সাতঘৰীয়া আহোমৰ লৰাই গগৈ বুলিব, তাক বাহিৰে আন আহোমে আহোমহে বুলিব গগৈ বুলিব নোৱাৰিব ..."Borboruah 1997, পৃ. 235
  7. ↑ Borboruah 1997, পৃ. 235

সম্পৰ্কিত শ্ৰেণী

আহোম ৰাজ্যউপাধি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গগৈ” প্ৰবন্ধৰ সংশোধন ৫৮৪৮৭৬ (৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।