ক’হিমাৰ যুদ্ধ (Battle of Kohima) ১৯৪৪ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানীসেনাৰ (Japanese U Go offensive) ভাৰতৰ সৈতে যুদ্ধৰ এক গুৰুত্বপূৰ্ণ যুদ্ধ৷ ১৯৪৪ চনত উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ ক’হিমাত ৪ এপ্ৰিলৰ পৰা ২২ জুনলৈকে তিনিটা পৰ্য্যায়ত এই যুদ্ধখন সংঘটিত হৈছিল৷ ৩ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈকে জাপানী সেনাই ক’হিমা পাহাৰ (Kohima ridge) দখল কৰিবলৈ চেষ্টা কৰে৷ এই পাহাৰত থকা পথেৰেই ইম্ফলত থকা ভাৰতীয় আৰু ব্ৰিটিছ সৈন্যবাহিনীলৈ ৰছদ-পাতি পঠিওৱা হৈছিল৷ ১৮ এপ্ৰিলৰ পৰা তেৰ’ মে’ৰ ভিতৰত নতুনকৈ অহা ব্ৰিটিছ আৰু ভাৰতীয় সৈন্যবাহিনীয়ে ইতিমধ্যে জাপানী সৈন্যই দখল কৰা ঠাইসমূহৰ পৰা ওফৰাবলৈ প্ৰতি আক্ৰমণ আৰম্ভ কৰে৷ জাপানী সৈন্যই ক’হিমা পাহাৰৰ পৰা পিছহুহুকিবলৈ বাধ্য হয় কিন্তু ক’হিমা-ইম্ফল বাটটো ভেটি ৰাখে৷ ১৬ মে’ৰ পৰা ২২ জুনলৈ ব্ৰিটিছ আৰু ভাৰতীয় সেনাই অধিক পৰাক্ৰমেৰে জাপানী সৈন্যক বাধা দি বাটটো মুকলি কৰিবলৈ সক্ষম হয়৷ ২২ জুনৰ দিনা ক’হিমা আৰু ইম্ফলৰ পৰা ব্ৰিটিছ আৰু ভাৰতীয় সৈন্যবাহিনীয়ে ১০৯ নং মাইলষ্ট’ন পোৱাৰ পিছতে এই যুদ্ধৰ অৱসান ঘটে৷
ক’হিমা যুদ্ধক প্ৰায়ে ’পূবৰ ষ্টেলিনগ্ৰেড’ ("Stalingrad of the East") বুলি অভিহিত কৰা হয়৷১২ ২০১৩ চনত ব্ৰিটিছ নেশ্যনেল আৰ্মি সংগ্ৰহালয়ে (National Army Museum) ক’হিমাৰ যুদ্ধক ’ব্ৰিটেইনৰ সৰ্বশ্ৰেষ্ঠ যুদ্ধ’ ("Britain's Greatest Battle") বুলি আখ্যা দিয়ে৷৩
ইতিহাস
জাপানৰ ভাৰত আক্ৰমণ (ক’ড নাম: অপাৰেশ্যন U-Go), মণিপুৰৰ ইম্ফলত বাহৰ পাতি থকা ব্ৰিটিছ সৈন্য (British IV Corps) কৰা আক্ৰমণ আছিল৷ এই যুদ্ধৰ মূল উদেশ্য আছিল মিত্ৰপক্ষৰ আক্ৰমণৰ পৰিকল্পনাসমূহত যতি পেলোৱা৷ জাপানৰ পোন্ধৰতম সৈন্যবাহিনী (Japanese Fifteenth Army) ৰ কমাণ্ডাৰ জেনেৰেল ৰেনিয়া মোটাগুচ্চি (Lieutenant General Renya Mutaguchi) এই পৰিকল্পনাকে বিকাশ কৰি ভাৰত আক্ৰমণ কৰি ব্ৰিটিছ শাসনকে ওফৰোৱাৰ সিদ্ধান্ত লয়৷৪ জাপানী সৈন্যই ভাৰতৰ ভূমিত নিজৰ দখল আনিব পাৰিলে জাপানী সৈন্যই ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলক উৎসাহিত কৰাৰো পৰিকল্পনা আছিল৷৫ তাৰোপৰি ইম্ফলৰ চাৰিওকাষৰ ঠাইসমূহ জাপানে দখল কৰিলে আমেৰিকাই সেইসময়ত চীনৰ চিয়াং চাই শ্বেক (Chiang Kai Shek) ৰ সৈন্যক দি থকা সাহায্যটো বাধা পৰিলহেঁতেন৬৭ এই যুক্তিসমূহেৰে সকলো বিভাগতে পতিয়ন নিয়াই ভাৰত আক্ৰমণ কৰাৰ সিদ্ধান্ত ১৯৪৪ চনৰ ৭ জানুৱাৰীৰ দিনা ইম্পেৰিয়েল জেনেৰেল হেডকোৱাৰ্টাৰ (Imperial General Headquarters) ত গৃহীত হয়৷৮
এই পৰিকল্পনাৰ এটা অংশ আছিল জাপানী ৩১ম ডিভিজনৰ সৈন্যবাহিনী (৫৮ নং ৰেজিমেন্ট, ১২৪ নং ৰেজিমেন্ট, ১৩৮ নং ৰেজিমেন্ট আৰু ৩১ম মাউন্টেইন আৰ্টিলেৰী ৰেজিমেন্টেৰে গঠিত) ক ক’হিমা দখল কৰিবলৈ পঠোৱা আৰু ইম্ফলৰ সৈতে যোগাযোগ বিছিন্ন কৰি দিয়া৷ মোটাগুচ্চিয়ে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সেইসময়ৰ মূল পৰিচালনা কেন্দ্ৰ ডিমাপুৰলৈকে ৩১ম ডিভিজনক পঠিয়াই ক’হিমা বিজয়ৰ সুবিধা লোৱাৰো পৰিকল্পনা কৰে৷৯
৩১ম ডিভিজনৰ কমাণ্ডাৰ লেফটেনেন্ট জেনেৰেল ক’ট’কো চাটু (Kotoku Sato) য়ে তেওঁক দিয়া ভূমিকাক লৈ সন্তুষ্ট হ’ব পৰা নাছিল৷ তেওঁ পৰিকল্পনাৰ পৰ্য্যা্যত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হোৱা নাছিল আৰু ক’হিমা বিজয় সম্পৰ্কে তেওঁ সন্দিহানো আছিল৷ তেওঁ ইতিমধ্যে সৈন্যবাহিনীক কৈছিল যে তেওঁলোক সকলো ভোকাতুৰ হৈ মৃত্যমুখত পৰাৰ সম্ভাৱনাই অধিক৷১০ চাটুৰ লগতে ভালেসংখ্যক জাপানী বিষয়াৰ মোটাগুচ্চিক লৈ ভাল ভাৱ নাছিল৷ ১১
স্মৃতিচাৰণ

The War Cemetery in Kohima of 1,420 Allied war dead is maintained by the Commonwealth War Graves Commission.১২ The cemetery lies on the slopes of Garrison Hill, in what was once the Deputy Commissioner's tennis court.১৩ The Epitaph carved on the memorial of the 2nd British Division in the cemetery has become world-famous as the Kohima Epitaph. It reads:১৪১৫
When you go home, tell them of us and say, For your tomorrow, we gave our today
The verse is attributed to John Maxwell Edmonds (1875–1958), and is thought to have been inspired by the epitaph written by Simonides to honour the Spartans who fell at the Battle of Thermopylae in 480 BC.১৫১৬
লগতে চাওক
- Allen, Louis. (2000). Burma: The Longest War 1941–45. Phoenix Press. ISBN 1-84212-260-6
- Ashcroft, Michael. (2007). Victoria Cross Heroes. Headline Review. ISBN 978-0-7553-1633-5
- Brayley, Martin. (2002). The British Army 1939–45 (3): The Far East. Osprey Publishing. ISBN 1-84176-238-5
- Brett-James, Antony. (1951). Ball of Fire: The Fifth Indian Division in the Second World War. Gale & Polden
- Dennis, Peter; Lyman, Robert. (2010). Kohima 1944: The Battle That Saved India. Osprey. ISBN 978-1-84603-939-3
- Dougherty, Martin J. (2008). Land Warfare. Thunder Bay Press. ISBN 978-1-59223-829-3
- Fowler, William. (2009). We Gave Our Today: Burma 1941–1945. Hachette. ISBN 978-0-29785-761-7
- Hantzis, Steven James. (2017). Rails of War: Supplying the Americans and Their Allies in China-Burma-India. University of Nebraska Press. ISBN 978-1-61234-937-4
- Keane, Fergal. (2010). Road of Bones: The Siege of Kohima 1944. HarperPress. ISBN 978-0-00-713240-9
- Luto, James. (2013). Fighting with the Fourteenth Army in Burma. Pen and Sword Military. ISBN 978-1-78303-031-6
- McLynn, Frank. (2011). The Burma Campaign: Disaster Into Triumph, 1942-45. Yale University Press. ISBN 978-0-30017-162-4
- Murray, Williamson; Millet, Alan. (2000). A War To Be Won. Harvard. ISBN 0-674-00163-X
- Ritter, Jonathan Templin. (2017). Stillwell and Mountbatten in Burma: Allies at War, 1943–1944. University of North Texas. ISBN 978-1-57441-674-9
- Rooney, David. (1992). Burma Victory: Imphal and Kohima, March 1944 to May 1945. Cassell. ISBN 0-304-35457-0
- Slim, William. (1956). ((Defeat into Victory)). Cassell
- Swinson, Arthur. (2015). Kohima. Head of Zeus. ISBN 978-1-78408-177-5
- Thompson, Julian. (2010). Forgotten Voices of Burma: The Second World War's Forgotten Conflict. Forgotten Voices. Random House. ISBN 0091932378
- Wilson, David. (2001). The Sum of Things. Spellmount. ISBN 1-86227-134-8
- Colvin, John. (2012). Not Ordinary Men: The Story of the Battle of Kohima. Leo Cooper. ISBN 9781848848719
- Edwards, Leslie. (2009). Kohima: The Furthest Battle. The History Press. ISBN 978-1-86227-488-4
- Graham, Gordon. (2005). The Trees Are All Young on Garrison Hill. The Kohima Educational Trust. ISBN 0-9552687-0-2
- Karnad, Raghu. (2015). Farthest Field: An Indian Story of the Second World War. W.W. Norton & Company Ltd. ISBN 978-0-393-24809-8
বাহ্যিক সংযোগ
- The Kohima Museum
- The Kohima Educational Trust
- British Military History
- Ball of Fire: 5th Indian Division in World War II, by Anthony Brett-James
- Tom Hope (a Wearside man) recalls horrors of the brutal Battle of Kohima
- – With the Durham Light Infantry 25 years ago
- (2004). The Battle of Kohima, North-East India, 4 April – 22 June 1944. Ministry of Defence (UK). পৃ. 4
তথ্যসূত্ৰ
- ↑ Dougherty 2008, p. 159
- ↑ Ritter 2017, p. 123
- ↑ Britain's Greatest Battles. National Army Museum
- ↑ Allen 2000, pp. 154–155
- ↑ Allen 2000, p. 154
- ↑ Keane 2010, p. 5
- ↑ (6 December 2006). Burma Campaign: Seizing Imphal and Kohima In World War II. HistoryNet
- ↑ Allen 2000, pp.166–167
- ↑ Allen 2000, p. 285
- ↑ Allen 2000, p. 232
- ↑ Allen 2000, pp. 284–285
- ↑ Kohima War Cemetery. Commonwealth War Graves Commission
- ↑ (2004). The Battle of Kohima, North-East India, 4 April – 22 June 1944. Ministry of Defence (UK). পৃ. 17
- ↑ Burma 1944 – 1945. Worcestershire Regiment website (Includes a photograph)
- ↑ The Kohima 2nd Division Memorial. www.burmastar.org.uk
- ↑ Imperial War Museum. What is the Kohima Epitaph?. archive.iwm.org.uk
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক’হিমাৰ যুদ্ধ” প্ৰবন্ধৰ সংশোধন ৬৩২৪২৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।