অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

গুলাবি গেং

গুলাবি গেং (হিন্দী শব্দ গুলাবিৰ অৰ্থ "গুলপীয়া") হৈছে এটি সজাগ গোট বা দল। দলটো প্ৰথমে উত্তৰ প্ৰদেশৰ বান্দা জিলাত ব্যাপক ঘৰুৱা উৎপীড়ন আৰু মহিলাৰ বিৰুদ্ধে হোৱা অন্যান্য হিংসাৰ বিৰুদ্ধে থিয় দিবলৈ বুলি সৃষ্টি হৈছিল। প্ৰাৰম্ভিক পৰ্যায়ত দলটোৰ নেতৃত্ব দিছিল সম্পত পাল দেৱীয়ে।

হালনাগাদ: ২৩ জুলাই ২০২৪ ৬৫৩ শব্দ · ৪ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

গুলাবি গেং (হিন্দী শব্দ গুলাবিৰ অৰ্থ "গুলপীয়া") হৈছে এটি সজাগ গোট বা দল। দলটো প্ৰথমে উত্তৰ প্ৰদেশৰ১ বান্দা জিলাত ব্যাপক ঘৰুৱা উৎপীড়ন আৰু মহিলাৰ বিৰুদ্ধে হোৱা অন্যান্য হিংসাৰ বিৰুদ্ধে থিয় দিবলৈ বুলি সৃষ্টি হৈছিল। ২ প্ৰাৰম্ভিক পৰ্যায়ত দলটোৰ নেতৃত্ব দিছিল সম্পত পাল দেৱীয়ে।

গোটটোত ১৮ ৰ পৰা ৬০ বছৰ বয়সৰ মহিলা আছে। ৩ ২০১০ চনৰ পৰা এই দলটো বহু অঞ্চললৈ প্ৰসাৰিত হয়,৪ আৰু ই বৰ্তমান সমগ্ৰ উত্তৰ ভাৰতৰ ৰাজপথ আৰু স্থানীয় ৰাজনীতিত সক্ৰিয় হৈ আছে।৫৬

পটভূমি

গুলাবি গেঙৰ মুখ্য কাৰ্যালয়টো অনানুষ্ঠানিক ভাৱে উত্তৰ প্ৰদেশৰ বান্দা জিলাৰ বাদাউচাত অৱস্থিত। ৩ ২০০৩ চনলৈকে এই জিলাখন পিছপৰাৰ সূচীৰ ওপৰত ভিত্তি কৰি পৰিকল্পনা আয়োগৰ ৪৪৭খন জিলাৰ তালিকাত ১৫৪ তম স্থানত আছিল।৭ জিলাখনত প্ৰচুৰ পৰিমাণে দলিত শ্ৰেণীৰ লোক আছে। বিভিন্ন সময়ত এই লোক সকল প্ৰায়ে অন্যান্য ঠাইৰ মানুহৰ দ্বাৰা বৈষম্যৰ চিকাৰ হ'ব লগত পৰে।

বৰ্ণনা

আৰক্ষীৰ সমৰ্থনৰ অভাৱৰ প্ৰতিক্ৰিয়াস্বৰূপে ঘৰুৱা হিংসাৰ বলিহোৱা লোকসকলৰ বাবে সম্পত পাল দেৱীয়ে ২০০৬ চনত গুলাবি গেং প্ৰতিষ্ঠা কৰিছিল। ৩ এই দলটোৰ বেছিভাগেই, সামাজিক ভাৱে নিম্ন বৰ্ণৰ সদস্য। দলটোৱে ভাৰতৰ আটাইতকৈ দৰিদ্ৰ অঞ্চলটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে, ইয়াৰ জনসংখ্যাৰ প্ৰায় আধা অংশ দৰিদ্ৰতা, শিক্ষাৰ অভাৱ আৰু অন্যান্য উদ্বেগজনক সমস্যাৰ সন্মুখীন হৈ আহিছে।৮ দলটোৱে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে মহিলাৰ অধিকাৰৰ বাবে যুঁজ দিয়ে। এই দলটোৰ সদস্য হিচাপে জয় প্ৰকাশ শিৱহাৰীৰ দৰে পুৰুষ সদস্যও আছে, যি চৰকাৰী দুৰ্নীতি, বাল্য বিবাহ আৰু যৌতুকৰ বাবে মৃত্যুৰ দৰে বিষয়ৰ বিৰুদ্ধে একত্ৰিত হৈ থিয় দিবলৈ দলটোত যোগদান কৰিছিল।৯ ২০১০ চনত, চৰকাৰৰ দ্বাৰা এক আইন প্ৰণয়ন কৰা হৈছিল যিয়ে মহিলাসকলৰ বাবে সংসদীয় আসনৰ ৩৩ শতাংশ সংৰক্ষণ কৰাত সহায় কৰিছিল, কিন্তু গুলাবি গেঙে তেওঁলোকৰ কামৰ যৱনীকা পেলোৱা নাছিল, কিয়নো তেওঁলোকে তাৎক্ষণিক ফলাফল স্বৰূপে দেখিবলৈ পাইছিল যে পুৰুষৰ দৰে আনকি মহিলা ৰাজনীতিবিদসকলো দুৰ্নীতিৰে লিপ্ত হয়। তেওঁলোকে ৰাজনীতিবিদসকলৰ সৈতে কাম কৰাৰ পৰিৱৰ্তে সজাগতা, ন্যায় আদি পছন্দ কৰে, পালে উল্লেখ কৰে যে তেওঁলোকে তেওঁলোকৰ ভাল কামবোৰ নিজ চেষ্টাৰেই বৰ্তাই ৰাখিব পাৰে যাতে তেওঁলোকক বেলেগে চৰকাৰী পক্ষৰ সমৰ্থনৰ প্ৰয়োজন নহয় আৰু লগতে চৰকাৰী সংগঠনৰ সলনি তেওঁলোকে নিজে স্বাধীন ভাৱে কাম কৰিবলৈ পছন্দ কৰে। ২ দলটোৰ কিছুমান সদস্য নিবনুৱা, কিছুমান কৃষি কৰ্মী, আৰু কিছুমানে আত্ম-সহায়ক গোটৰ জৰিয়তে উপাৰ্জন কৰে। এই কামবোৰৰ ভিতৰত আছে পাচলি বিক্ৰী কৰা, চিলাই কৰা, বা অন্যান্য সামগ্ৰীৰ ব্যৱসায় কৰা। ১০ আল জাজিৰাই প্ৰকাশ কৰা মতে ২০১৪ চনলৈকে গোটটোৰ আনুমানিক ৪,০০,০০০ সদস্য আছিল; হিন্দুস্তান টাইমছৰ মতে এই সদস্য সংখ্যাটো আছিল ২,৭০,০০০।১১১২

পালে বৰ্ণনা কৰে যে- তেওঁলোক সাধাৰণ অৰ্থত এটা দল নহয়, বিপৰীতে তেওঁলোক "ন্যায়ৰ বাবে এটা দল।" তেওঁ ১২ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হোৱাৰ সময়ত তেওঁৰ ন্যায়বোধক অনুপ্ৰেৰণা দিয়াৰ বাবে তেওঁৰ লালন-পালনক কৃতিত্ব দিয়ে, অৱশ্যে, ২ মাৰ্চ ২০১৪ তাৰিখে, ব্যক্তিগত স্বাৰ্থৰ বাবে অসৎ উপায়ে অৱলম্বন কৰাৰ অভিযোগত পালক গুলাবি গেঙৰ মুৰব্বীহিচাপে তেওঁৰ ভূমিকাৰ পৰা অব্যাহতি দিয়া হৈছিল।২১৩ পালে এই অভিযোগ অস্বীকাৰ কৰে আৰু বৰ্তমানো দলটোৰে আংশিক ভাৱে জড়িত হৈ আছে।১৪

এই দলটোৱে লিংগৰ ওপৰত আধাৰিত কোনো বৈষম্যক প্ৰচ্ছয় নিদিয়ে কিয়নো দলটোৱে কেৱল মহিলাৰ ওপৰত পুৰুষৰ অধিকাৰকে গুৰুত্ব নিদিয়ে, মানৱ অধিকাৰ আৰু পুৰুষৰ উৎপীড়নৰ ওপৰতো তেওঁলোকে মাত মতে। ১৫ গুলাবি গেঙৰ সদস্যসকলক পুৰুষসকলে স্থানীয় ভাৱেও অন্যান্য ক্ষেত্ৰত সক্ৰিয় থাকিবলৈ আহ্বান জনাইছিল। যেতিয়া বান্দাৰ প্ৰায় ৭০০০ কৃষকে শস্যৰ উৎপাদনৰ ক্ষেত্ৰত বিফলতাৰ সন্মুখীন হ'ব লগা হৈছিল, তেওঁলোকে ইয়াৰবাবে ক্ষতিপূৰণ দাবী কৰিবলৈ ৰাজপথত প্ৰতিবাদ কৰিছিল। এই প্ৰতিবাদী কাৰ্যসূচীত গুলাবি গেংৰ উপস্থিতিও কামনা কৰা হৈছিল।১৬ দলটোৰ সামূহিক সেৱাৰ প্ৰচেষ্টাৰ ভিতৰত আছে গ্ৰাম্য অঞ্চলৰ গাওঁবাসীক খাদ্য আৰু শস্য বিতৰণ, বৃদ্ধ বয়সত নিজৰ ভৰণপোষণৰ উপায় নথকা বিধৱাসকলক পেঞ্চন, আৰু মহিলা আৰু শিশুৰ উৎপীড়ন প্ৰতিহত কৰাত সহায় কৰা। গুলাবি গেঙে মহিলাসকলক আত্মৰক্ষা আৰু কেনেদৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগে তাক শিকায়।১৭

গুলাবি গেঙে 'কেলভিনেটৰ ১১ তম জিআৰ৮' বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়! এইটো হৈছে ভাৰতীয় দূৰদৰ্শন একাডেমীৰ দ্বাৰা বিশেষকৈ মহিলা সকলৰ বাবে আগবঢ়োৱা এক বঁটা। তেওঁলোকে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু দিল্লীত আগবঢ়োৱা সামাজিক সাহসিকতাৰ বাবে 'গডফ্ৰে ফিলিপছ সাহসিকতা বঁটা'ও অৰ্জন কৰিছিল। ১৮

গুলাবি গেঙৰ কৰ্পোৰেট অংশীদাৰীত্বৰ ভিতৰত আছে ভিটালেক্ট নামৰ এক প্ৰযুক্তি আৰু সেৱা কোম্পানী যি তেওঁলোকৰ প্ৰযুক্তিগত প্ৰয়োজনীয়তাত সহায় কৰিবলৈ অলাভজনক সংগঠনবোৰৰ সৈতে কাম কৰে। আন এক অংশীদাৰী কোম্পানী হৈছে চচিয়েল ছলিউচন ইণ্ডিয়া (এছ.এছ.আই.), ই এক অলাভজনক কোম্পানী যি এন.জি.অ' সমূহৰ স্থিৰতা বৃদ্ধিত সহায় কৰে।১০

শিক্ষা

সম্পত পালৰ লক্ষ্য আছিল যুৱতীসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ হ্ৰাস কৰা। ২০০৮ চনত, বান্দাত এখন বিদ্যালয় সৃষ্টি কৰা হৈছিল, য'ত কমেও ৪০০ গৰাকী যুৱতী শিক্ষাৰে সংযোগ হয়।১৯

জনপ্ৰিয় সংস্কৃতিত

  • গুলাবি গেং হৈছে ২০১২ চনত নিষ্ঠা জৈনৰ তথ্যচিত্ৰ গুলাবি গেঙৰ দৰেই কিম লংগিনোট'ৰ ২০১০ চনৰ পিংক চাৰিছ চলচ্চিত্ৰৰ বিষয়বস্তু।২০২১
  • প্ৰথমাৱস্থাত খবৰ পোৱা গৈছিল যে মাধুৰী দীক্ষিত আৰু জুহি চাওলাক মুখ্য চৰিত্ৰত প্ৰক্ষেপিত কৰা বলীউডৰ চলচ্চিত্ৰ গুলাব গেং সম্পাত পালৰ জীৱনৰ ওপৰত আধাৰিত। কিন্তু পৰিচালকে এই কথা অস্বীকাৰ কৰি কয় যে তেওঁ নিজৰ কামৰ প্ৰশংসা কৰে যদিও চিনেমাখন তেওঁৰ জীৱনৰ ওপৰত আধাৰিত নহয়। ২২২৩
  • ২০১৩ চনত গেঙৰ উৎপত্তি আৰু কৰ্মৰ বিষয়ে এখন গ্ৰন্থ প্ৰকাশিত হয় যাৰ নাম হৈছে পিংক ছাৰী ৰিভ'লিউছন: এ টেল অৱ ৱমেন এণ্ড পাৱাৰ ইন ইণ্ডিয়া। ২৪
  • গুলাবি গেঙক ফৰাচী সংগীত শিল্পী তালে ২০১৭ চনৰ তেওঁৰ এলবাম তালৰ এটি গীত ডেচ ফ্লেউৰচ এট ডেচ ফ্লেমছত দেখুৱায়।২৫
  • গুলাবি গেঙক এন.এইচ. চেঞ্জাইৰ উপন্যাস টিকট টু ইণ্ডিয়াতো উল্লেখ কৰা হৈছে। ২৬

তথ্যসূত্ৰ

  1. ↑ Fontanella-Khan, Amana. (19 July 2010). Wear a Rose Sari and Carry a Big Stick: The gangs of India. Slate magazine
  2. ↑ Biswas, Soutik. (26 November 2007). India's 'pink' vigilante women. BBC News
  3. ↑ Sen, Atreyee. (20 December 2012). Women's Vigilantism in India: A Case Study of the Pink Sari Gang. Mass Violence & Resistance
  4. ↑ Gulabi Gang: India’s women warriors · India · Al Jazeera. www.aljazeera.com
  5. ↑ Krishna, Geetanjali. (5 June 2010). The power of pink. Business Standard
  6. ↑ Gulabi gang engagement in politics
  7. ↑ Planning Commission of India. Riders for NREGA: Challenges of backward districts. Mahatma Gandhi National Rural Employment Guarantee Act
  8. ↑ (2017-04-15). In MP's Bundelkhand, Gulabi Gang is illicit alcohol traders' nightmare. Hindustan Times
  9. ↑ White, Aaronette; Rastogi, Shagun. (23 July 2009). Justice by Any Means Necessary: Vigilantism among Indian Women. Feminism & Psychology. পৃ. 313–327
  10. ↑ Miller, Katy. (2013-06-12). Gulaabi gang as a social movement: An analysis of strategic choice. George Mason University
  11. ↑ Desai, Shweta. (4 March 2014). Gulabi Gang: India's women warriors. Al Jazeera
  12. ↑ Kumar, Rajesh. (7 March 2014). Gulabi Gang opposes chief Sampat Pal's political aspirations. Hindustan Times
  13. ↑ (4 March 2014). Sampat Pal Devi ousted from Gulabi Gang. The Times of India
  14. ↑ (2014-09-30). How One All-Female Gang in India is Causing a Revolution. Fembot Magazine
  15. ↑ Stephens, Elijah. (18 March 2014). Equality, Empowerment, and the Gulabi Gang. Guardian Liberty Voice
  16. ↑ Prasad, Raekha. (15 February 2008). Banda Sisters. The Guardian
  17. ↑ White, Aaronette; Rastogi, Shagun. (23 July 2009). Justice by Any Means Necessary: Vigilantism among Indian Women. Feminism & Psychology. পৃ. 313–327
  18. ↑ Gulabi Gang:: Awards. gulabigang.in
  19. ↑ (2015-04-02). Pink Sari gang fights injustice · Panos London
  20. ↑ Melissa Silverstein. (17 September 2010). Trailer Alert: Pink Saris | Women & Hollywood. Womenandhollywood.com
  21. ↑ Gulabi Gang. Dubai Film Fest
  22. ↑ Singh, Renu. (10 March 2013). Will take 'Gulab Gang' makers to court: Sampat Pal. The Times of India
  23. ↑ Chandra, Anjali. (10 May 2012). Madhuri Dixit's comeback film in trouble!. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  24. ↑ Fontanella-Khan, Amana. (2018-10-06). Pink sari revolution: a tale of women and power in India in SearchWorks catalog. searchworks.stanford.edu. ISBN 9780393062977
  25. ↑ Clip "Des fleurs et des flammes": Tal célèbre le courage des femmes du monde (màj). Variete Francaise
  26. ↑ Senzai, N. H. (2016-11-15). Ticket to India. ISBN 9781481422598

সম্পৰ্কিত শ্ৰেণী

সামাজিক আন্দোলনভাৰতৰ মহিলা সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুলাবি গেং” প্ৰবন্ধৰ সংশোধন ৪২৬৪২৮ (২৩ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।