চুবেদাৰ ৰূপসিং চুবেদাৰ ৰূপসিং আছিল ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন হিন্দুস্থানী চিপাহী। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহক সহায় কৰাৰ উদ্দেশ্যেৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া কেপ্তেইন ৱেলছৰ তত্বাৱধানত কিছুমান ব্ৰিটিছ চিপাহী আৰু কিছুমান দেশীয় চিপাহী মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ অসমলৈ পঠিয়াই দিছিল। ইংৰাজসকলে মোৱামৰীয়া বিদ্ৰোহ উজনি অসমৰ ৰংপুৰত দমন কৰাৰ পাছত আহোমৰ ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কেপ্টেইন ৱেলছক কেইজনমান দেশীয় সৈন্য কোম্পানীৰ পৰা বিচাৰে। ৱেলছ চাহাব অসম এৰি যোৱাৰ পাছত আহোম ৰজাঘৰীয়াই ৰূপসিং চুবেদাৰক একুৰি চিকা মাহেকীয়া ভিত্তিত বন্দোবস্ত কৰি টাই-আহোম জনগোষ্ঠীৰণুৱাৰ ওপৰত চুবেদাৰ পাতে আৰু ৰজাঘৰৰ পহৰীয়াসকলৰ ওপৰতো চকু ৰাখিবলৈ চৰ্দাৰ হিচাপে নিযুক্তি দিয়ে। ১৮১৬ খৃষ্টাব্দত বদন বৰফুকনে প্ৰায় ৮০০০ মান সৈন্যৰে সৈতে অসম আক্ৰমণৰ বাবে আহোঁতে ঘিলাধাৰীত ৰূপসিং চুবেদাৰ নেতৃত্ব থকা স্বত্তেও অসমীয়া সৈন্যই পৰাজয় বৰণ কৰে। ১ মান সকলে যোৰহাট অধিকাৰ কৰি চন্দ্ৰকান্ত সিংহক ৰজা পাতে আৰু ১৮১৭ চনত মান দেশলৈ এগৰাকী আহোম গাভৰু হেমো আইদেউক লগতে লৈ যায়। ৰূপসিং চুবেদাৰ এজন শিক্ষিত লোক আছিল। মানৰ হাতত পৰাস্ত হোৱাত তেওঁ শোকত ম্ৰিয়মান হৈছিল। এইজন চুবেদাৰ ৰূপসিঙে অসমলৈ মান অনা তথা চন্দ্ৰকান্ত সিংহৰ প্ৰধান মন্ত্ৰী বদন বৰফুকনক হত্যা কৰিছিল। ২ ৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ web.archive.org/web/20120817232618/http://online
- ↑ মৰাণ মটক মায়ামৰা, শ্ৰী কুমাৰ দহোটীয়া,পৃষ্ঠা২১১
- ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) 1968 page 200
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুবেদাৰ ৰূপসিং” প্ৰবন্ধৰ সংশোধন ৪৬৩৩১৩ (১১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।