অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

কামৰূপী সংস্কৃতি

কামৰূপী সংস্কৃতি বুলিলে ঔপনিৱেশিক যুগৰ কামৰূপ জিলাৰ লোকসকলে অনুসৰণ কৰা সাংস্কৃতিক মূল্যবোধক বুজোৱা হয়।

হালনাগাদ: ২৫ অক্টোবৰ ২০২৫ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

কামৰূপী সংস্কৃতি বুলিলে ঔপনিৱেশিক যুগৰ কামৰূপ জিলাৰ লোকসকলে অনুসৰণ কৰা সাংস্কৃতিক মূল্যবোধক বুজোৱা হয়।

ভাষা

কামৰূপৰ কথ্য ভাষা হ’ল অসমীয়াৰ কামৰূপী উপভাষা।১

ধৰ্ম

পাৰম্পৰিকভাৱে হিন্দু ধৰ্মই কামৰূপীসকলৰ মুখ্য ধৰ্ম। কামৰূপৰ সাংস্কৃতিক বিকাশ হিন্দু জীৱন-পদ্ধতিয়ে গভীৰভাৱে প্ৰভাৱিত কৰিছে, যি দিন-প্ৰতি জীৱনত প্ৰত্যক্ষ দেখা যায়। কামাখ্যা দেৱালয়ক বিভিন্ন পুৰাণত কামৰূপৰ হৃদয় হিচাপে বৰ্ণনা কৰা হৈছে।২

সাহিত্য

কামৰূপী সাহিত্যৰ লিখিত ৰূপ আৰম্ভ হৈছিল কমৰূপৰ ৰজাসকলৰ তাম্ৰপট্ট আৰু শিলালিপিৰ পৰা, লগতে চৰ্যাপদৰদ্বাৰাও, যি পূব ভাৰতৰ এক গুৰুত্বপূৰ্ণ সৃষ্টি। লুইপাদ, মৎস্যেন্দ্ৰনাথ, হেম সৰস্বতী, অনন্ত কন্দলি, হৰিবৰ বিপ্ৰ, ৰুদ্ৰ কন্দলী আৰু ভট্টদেৱ আদিক জনপ্ৰিয় কামৰূপী সাহিত্যিক হিচাপে গণ্য কৰা হয়।

লোকসাহিত্য

কামৰূপী নৃত্য বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱৰ অন্তৰ্গত নৃত্য ৰূপ, যি কামৰূপী লোকসাহিত্যৰ অংশ।৩

সংগীত

মূল প্ৰবন্ধ: কামৰূপী লোকগীত

কামৰূপী লোকগীত হৈছে পুৰণি কালৰপৰা গোৱা পৰম্পৰাগত গীতসমূহ, য’ত বিবাহ, তথা জীৱনৰ বিভিন্ন দিশক সামৰি লৈছে।৪

উৎসৱ

কামৰূপ অঞ্চলেৰ মুখ্য উৎসৱসমূহ হ’ল ভঠেলি; ‘‘ভঠেলি’’ — এপ্ৰিলৰ মাজভাগত অনুষ্ঠিত বাঁহ পূজা, অম্বুবাচী, আৰু বিভিন্ন পূজা। শীতকালত দলবদ্ধভাৱে গোৱা ‘‘মহো-হো উৎসৱ’’ নামেৰে মহ খেদা এক জনপ্ৰিয় পৰম্পৰা আছে। লগতে ‘‘ওজাপালি’’ নামেৰে দেৱী মনসাৰ কাহিনীভিত্তিক এক গীতিকাৰ পৰম্পৰা আছে।

আৰু চাওক

উৎস

তথ্যসূত্ৰ

  1. ↑ Goswami, Upendranath. (1970). A study on Kamrupi: a dialect of Assamese. Dept. of Historical Antiquarian Studies
  2. ↑ Sharma, Sharma, Suresh, Usha. (2005). North-East India: A Panoramic View. Dept. of Historical Antiquarian Studies
  3. ↑ Banerji, Projesh. (1959). The folk-dance of India. Kitabistan. পৃ. 72
  4. ↑ Sangeet Natak Akademi. (1974). Sangeet Natak: Issues 31–34

সম্পৰ্কিত শ্ৰেণী

কামৰূপ জিলাঅসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামৰূপী সংস্কৃতি” প্ৰবন্ধৰ সংশোধন ৫৪৫৩৮২ (২৫ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।