সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সৰ্ব ভাৰতীয় মহিলা সন্মিলন
সৰ্ব ভাৰতীয় মহিলা সন্মিলন (All India Women's Conference) ভাৰতৰ নতুন দিল্লীত অৱস্থিত এক বেচৰকাৰী সংগঠন। মহিলা আৰু শিশুসকলৰ বাবে শৈক্ষিক প্ৰচেষ্টা উন্নত কৰাৰ বাবে ইয়াক ১৯২৭ চনত মাৰ্গাৰেট কাজিনছে প্ৰতিষ্ঠা কৰিছিল। নাৰী অধিকাৰৰ লগত জড়িত সমস্যাৰ মোকাবিলা কৰাৰ বাবে ইয়াৰ পৰিসৰ সম্প্ৰসাৰিত কৰি আহিছে।
-
অসমীয়া খাদ্যাভ্যাস
অসমৰ খাদ্যসম্ভাৰ অথবা অসমীয়া আহাৰ অসমৰ স্থায়ী বাসিন্দাসকলৰ খাদ্য প্ৰণালী। অসমীয়া আহাৰত পাহাৰীয়া শুকান বা আচাৰ কৰা খাদ্যাভ্যাসৰ লগতে সমতলৰ সতেজ উপকৰণ দুয়োটা প্ৰভাৱেই বিদ্যমান। বিভিন্ন সংস্কৃতিৰ প্ৰভাৱ পৰাৰ বাবে এই অঞ্চলটোৰ খাদ্যাভ্যাসৰ মাজতো বিভিন্নতা বিৰাজমান।
-
অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী
অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী (Sino-Tibetan and Tai peoples of Assam) বা অসমৰ মংগোলীয় জনগোষ্ঠী প্ৰাচীন আৰু মধ্যযুগীয় কালত চীন আৰু মানদেশ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰা জনগোষ্ঠী।
-
খামটি জনগোষ্ঠী
টাই খামটি (খামতি) বা খামটি শান হল চীনৰ য়ুন্নান প্ৰদেশ, ম্যানমাৰৰ কাচিন ৰাজ্যৰ খাম টি লুং, মগয়ুং আৰু মিটকীয়ান ঠাইৰ পৰা মূলবসতি ধৰি উত্তৰপূবৰ অসম আৰু অৰুণাচলত বসবাস কৰা উত্তৰপূবৰ টাই জাতিৰ এটা ঠাল। অসমত খামটিসকলৰ জনসংখ্যা প্ৰায় ৬০,০০০ ত কৈ অধিক।
-
বিশ্ব হিন্দু পৰিষদ
বিশ্ব হিন্দু পৰিষদ (Vishva Hindu Parishad) হৈছে হিন্দু জাতীয়তাবাদৰ ওপৰত ভিত্তি কৰি গঠিত ভাৰতীয় সোঁপন্থী হিন্দু সংগঠন।১৯৬৪ চনত এম.এছ.গোলৱালকাৰ আৰু এছ.এছ আপ্তেৰ নেতৃত্বত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে "হিন্দু সমাজখনক সংগঠিত কৰা, একত্ৰিত কৰা আৰু হিন্দু ধৰ্মৰ সেৱা আৰু সুৰক্ষা কৰা"।
-
বেথুন কলেজ
বেথুন কলেজ ভাৰতৰ কলকাতাত অৱস্থিত এখন মহিলা মহাবিদ্যালয়। ১৮৪৯ চনত এইখন বালিকা বিদ্যালয় হিচাপে স্থাপন কৰা হৈছিল। পিছলৈ ১৮৭৯ চনত ইয়াক মহাবিদ্যালয়লৈ উন্নীত কৰা হয়। কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত বেথুন কলেজ এছিয়াৰ আটাইতকৈ পুৰণি মহিলা মহাবিদ্যালয়।
-
মুম্বাই বিশ্ববিদ্যালয়
অনানুষ্ঠানিকভাৱে মুম্বাই বিশ্ববিদ্যালয় (MU) নামে জনাজাত মুম্বাই বিশ্ববিদ্যালয় ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত এখন ৰাজহুৱা আৰু চৰকাৰী বিশ্ববিদ্যালয়।
-
হিজিৰা
হিজিৰা বুলিলে নপুংসক, উভয়লিংগী আৰু ট্ৰান্সজেণ্ডাৰ ব্যক্তিৰ এক বিশেষ গোট বা সমাজত বাস কৰা আৰু এক উমৈহতীয়া গুৰু পৰম্পৰা অনুসৰি নীতি-নিয়ম মানি চলা ব্যক্তিসকলক বুজায়। হিজিৰা সকলে গুৰু পৰম্পৰা মানি চলে আৰু বিশেষ ৰীতি-নীতিৰে হিজিৰা সমাজত অন্তৰ্ভুক্ত হোৱাৰ পিছত হে 'হিজিৰা' নাম লাভ কৰে।
-
আফগানিস্তানৰ নাৰী
আফগানিস্তানত নাৰীৰ (Women in Afghanistan)অধিকাৰ সময়বিশেষে সলনি হৈ আহিছে। ১৯২০ চনত ৰজা আমানুল্লাহ খানে দেশত আধুনিকীকৰণৰ প্ৰচেষ্টা চলোৱাৰ পিছত ১৯৬৪ চনৰ সংবিধানৰ অধীনত মহিলাসকলে আনুষ্ঠানিকভাৱে সমতা লাভ কৰে।
-
উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান
উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (North East Institute of Science and Technology; পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ) হৈছে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংসদৰ (Council of Scientific and Industrial Research চমুকৈ CSIR) অধীনস্থ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আঞ্চলিক গৱেষণাগাৰ।
-
একে লিংগৰ বিয়া
একে লিংগৰ বিয়া ( Same sex marriage) হল অনুষ্ঠানিকভাবে দুজন পুৰুষ বা দুগৰাকী মহিলাৰ মাজত হোৱা বিয়া যি সমকামিতাৰ ফলত হোৱা একে লিংগৰ প্ৰেমৰ পৰিনাম হয়। একে লিংগৰ বিয়া ভিন্ন প্ৰাচীন সভ্যতা যেনে ৰোমান আৰু চীনা ফুজিয়ানৰ মাজত প্ৰাচীন কালৰে পৰা অনুষ্ঠিত হৈ আহিছে।
-
দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থা
দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থা (ছাৰ্ক)(ইংৰাজী: South Asian Association for Regional Cooperation) হৈছে দক্ষিণ এচিয়াত অৱস্থিত আঠখন সদস্য ৰাষ্ট্ৰৰ এক অৰ্থনৈতিক আৰু ৰাজনৈতিক সংগঠন।
-
ভাৰতীয় বিজ্ঞান একাডেমী
১৯৩৪ চনৰ ২৭ এপ্ৰিল তাৰিখে ছাৰ চি ভি ৰমণে ভাৰতীয় বিজ্ঞান একাডেমী (Indian Academy of Sciences) প্ৰতিষ্ঠা কৰে। সেই বছৰৰে ৩১ জুলাই তাৰিখে ৬৫ জন সদস্যৰে সৈতে প্ৰতিষ্ঠানটোৰ শুভাৰম্ভণি কৰা হয়। সেইদিনাই অনুষ্ঠিত হোৱা এখন সভাত ছাৰ চি ভি ৰমণক প্ৰতিষ্ঠানটোৰ সভাপতিৰূপে নিৰ্বাচিত কৰি সংবিধানখনো ৰচনা কৰা হয়।
-
যুদ্ধ
যুদ্ধ হৈছে সশস্ত্ৰ সংঘাত। যি ৰাজ্যসমূহৰ সশস্ত্ৰ বাহিনীৰ মাজত, বা চৰকাৰী বাহিনীৰ সৈতে সংগঠিত সশস্ত্ৰ গোটসমূহৰ মাজত সংঘটিত হয়। এইটো সাধাৰণতে ব্যাপক হিংসা, ধ্বংস আৰু মৃত্যু দ্বাৰা চিহ্নিত হয়, য'ত নিয়মীয়া সেনা বা অনিয়মীয়া সেনা ব্যৱহৃত হয়।
-
সাক্ষৰতা
সাক্ষৰতা (Literacy) বুলিলে সাধাৰণতে কমেও এটা পদ্ধতিত পঢ়া আৰু লিখাৰ সামৰ্থ্যক বুজা যায়; মূলসুঁতিৰ অভিধানসমূহতো এই অৰ্থই প্ৰতিফলিত হয়। এই দৃষ্টিভংগীত নিৰক্ষৰতা বুলিলে পঢ়িবলৈ আৰু লিখিবলৈ অক্ষম বুলি গণ্য কৰা হয়। কিছুমান গৱেষকৰ মতে "সাক্ষৰতা" শব্দটো ঐতিহাসিকভাৱে দুটা সময়ত বিভক্ত কৰিব পাৰি।
-
ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়
ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় হৈছে ভাৰতৰ কলকাতাত অৱস্থিত এটি ঐতিহাসিক ৰাজ্যিক বিশ্ববিদ্যালয়। ১৯৬১ চনত পশ্চিমবংগ চৰকাৰে ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় আইন অনুসৰি ১৯৬২ চনৰ ৮ মে তাৰিখে কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়।
-
ইজৰাইলৰ নাৰী
২০১৯ চনৰ পৰিসংখ্যা অনুসৰি ইজৰাইলৰ ৫০.২৬ শতাংশ মহিলা।ইজৰাইলত চৰকাৰী সংবিধান নাই যদিও ১৯৪৮ চনৰ ইজৰাইলৰ স্বাধীনতা ঘোষণাপত্ৰত কোৱা হৈছে যে “ইজৰাইল ৰাষ্ট্ৰই (...) ধৰ্ম, জাতি বা লিংগ নিৰ্বিশেষে ইয়াৰ সকলো বাসিন্দাৰ সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ সম্পূৰ্ণ সমতা নিশ্চিত কৰিব।” ইজৰাইলৰ আইনত নিয়োগ আৰু মজুৰিৰ…
-
ছোৱালী
ছোৱালী (Girl) বুলিলে এগৰাকী কিশোৰী বা শিশু বয়সৰ পৰাই এগৰাকী মহিলাক বুজা যায়। ছোৱালী এজনী যেতিয়া প্ৰাপ্তবয়স্ক হয় তেতিয়া তেওঁক নাৰী বুলি সঠিকভাৱে বৰ্ণনা কৰা হয়। কিন্তু ছোৱালী শব্দটো যুৱতীকে ধৰি আন অৰ্থৰ বাবেও ব্যৱহাৰ কৰা হয়।
-
জ্যোতি নিবাস কলেজ
জ্যোতি নিবাস কলেজ (স্বায়ত্তশাসিত) ভাৰতৰ কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত কেথলিক মহিলা উচ্চ শিক্ষানুষ্ঠান। ১৯৬৬ চনত চিষ্টাৰছ অৱ ছেইণ্ট জোচেফৰদ্বাৰা স্থাপিত এই মহাবিদ্যালয়খনে কলা, বিজ্ঞান, বাণিজ্য আৰু পৰিচালনাৰ ক্ষেত্ৰত স্নাতক, স্নাতকোত্তৰ আৰু বৃত্তিমূলক কাৰ্যসূচী আগবঢ়ায়।
-
দেৱৰাজ ৰয় মহাবিদ্যালয়
দেৱৰাজ ৰয় মহাবিদ্যালয় বা ডি আৰ কলেজ হৈছে গোলাঘাটৰ জোনাকী নগৰত অৱস্থিত এখন চৰকাৰী মহাবিদ্যালয়। ১৯৪৯ চনত স্থাপিত এই মহাবিদ্যালয়খনত কলা আৰু বিজ্ঞান উভয় শাখাৰে মুঠ ১৫ টা বিভাগ আছে।
-
নাৰীবাদী তত্ত্ব
নাৰীবাদী তত্ত্ব (Feminist Theory) হৈছে নাৰীবাদৰ তাত্ত্বিক, কাল্পনিক বা দাৰ্শনিক বক্তৃতাৰ সম্প্ৰসাৰণ। ইয়াৰ লক্ষ্য লিংগ বৈষম্যৰ স্বৰূপ বুজি পোৱা। ইয়াত নাৰী আৰু পুৰুষৰ সামাজিক ভূমিকা, অভিজ্ঞতা, আগ্ৰহ, কাম-কাজ আৰু নাৰীবাদী ৰাজনীতি বিভিন্ন ক্ষেত্ৰত পৰীক্ষা কৰা হয়৷ তাৰে ভিতৰত নৃতত্ত্ব আৰু সমাজবিজ্ঞান,…
-
পায়স
পায়স, পাহ, পাহভাত, ক্ষীৰ বা ক্ষীৰী হৈছে এক মিঠা ব্যঞ্জন আৰু ভাৰতীয় উপমহাদেশত জনপ্ৰিয় এক প্ৰকাৰৰ লুপথুপিয়া পুডিং। সাধাৰণতে গাখীৰ, চেনি বা গুড় আৰু চাউল উতলাই সিজাই এই খাদ্য তৈয়াৰ কৰা হয়। কেতিয়াবা চাউলৰ পৰিৱৰ্তে অন্যান্য মাহ জাতীয় শস্য যেনে দাইল, ঘেঁহু, বজৰা, কোমল গোমধান আদিও ব্যৱহাৰ কৰা হয়।
-
হমফবিয়া
হমফবিয়া (Homophobia) হ'ল সমকামিতাক লৈ অৰ্থাৎ গে' তথা লেচবিয়ানৰ বিৰুদ্ধে থকা অযুক্তিকৰ প্ৰত্যাখ্যান, অৱমাননামূলক, বৈষম্যমূলক, আপত্তিজনক বা প্ৰতিকূল মনোভাৱৰ বিদ্বেষ। এই নেতিবাচক, পক্ষপাতিত্বমূলক আৰু বৈষম্যমূলক মনোভাৱ বিশ্বৰ বহু দেশৰ আইন প্ৰণয়নত এক অপৰাধ।
-
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ইং: Akhil Bharatiya Vidyarthi Parishad ),সৰ্বভাৰতীয় পৰ্যায়ত শিক্ষাৰ ক্ষেত্ৰত কৰ্মৰত সোপন্থী ছাত্ৰ সংগঠন। অ ভা বি প ৰ প্ৰতিষ্ঠা হৈছিল ১৯৪৮ চনত আৰু পিছলৈ ১৯৪৯ চনৰ ৯ জুলাই তাৰিখে আনুষ্ঠানিক ভাৱে পঞ্জীভুত হয়। ই ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন।
-
ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়
ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় ১৯৪৫ চনৰ ১৫ জুনত ডিব্ৰুগড়ৰ কদমনিত প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয় খনৰ স্নাতক মহলা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত। ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ ডাঙৰীয়াই এই মহাবিদ্যালয় উদ্বোধন কৰিছিল।
-
নিচি জনগোষ্ঠী
ডফলা বা নিচি (Nyishi) জনগোষ্ঠী হৈছে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ সৰ্ববৃহৎ জনগোষ্ঠী৷ এই জনগোষ্ঠীৰ লোক অৰুণাচল প্ৰদেশৰ আঠখন জিলাত বিয়পি আছে। সেই জিলা কেইখন হ'ল: ক্ৰা দাদি, কুৰুং কুমেই, পূব কামেং, পশ্চিম কামেং, পাপুম পাৰে, নামনি সোৱণশিৰি, কামলে, আৰু পক্কে কেছাং জিলা।
-
নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড
এনডিএফবি বা নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড হৈছে এটা সশস্ত্ৰ বিচ্ছিন্নতাবাদী সংগঠন যিয়ে বড়োসকলৰ বাবে এখন সাৰ্বভৌম বড়োলেণ্ডৰ পোষকতা কৰে। এই সংগঠনটো ভাৰত চৰকাৰে এক সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে। ১৯৮৬ চনত গঠন হোৱা বড়ো ছিকিউৰিটি ফ'ৰ্চ নামৰ সংগঠনটোৱে পিছলৈ এনডিএফবি নাম লৈছিল।
-
বাংলা একাডেমী
পশ্চিমবঙ্গ বাংলা একাডেমী হৈছে ভাৰতৰ পশ্চিমবঙ্গত থকা এগৰাকী চৰকাৰী সংস্থা। এই সংস্থাটো ২০ মে, ১৯৮৬ত প্ৰতিষ্ঠা কৰা হৈছিল। একাডেমীয়ে বাংলা ভাষা আৰু সাহিত্যৰ উন্নয়ন আৰু সংৰক্ষণৰ বাবে কাম কৰে। এই একাডেমীখন ফৰাচী একাডেমীৰ আদৰ্শত সৃষ্টি কৰা হৈছিল। ১৯৯৪ চনত এইটো স্বায়ত্তশাসিত সংস্থা হৈ পৰে।
-
বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়
বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় অসমৰ গুৱাহাটীত অৱস্থিত আইন মহাবিদ্যালয়। ১৯১৪ চনত স্থাপিত এই মহাবিদ্যালয় পূৰ্বতে আৰ্ল ল কলেজ হিচাপে জনাজাত আছিল। ই অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আইন মহাবিদ্যালয়।
-
ব্যৱসায়
ব্যৱসায় (Business) হৈছে জীৱিকা উপাৰ্জন অথবা ধন লাভ কৰাৰ কাৰণে ক্ৰয়-বিক্ৰয়ৰ জৰিয়তে সামগ্ৰী উৎপাদন অথবা বিতৰণ কৰাৰ কাৰ্য। এইটো "যিকোনো কাৰ্যকলাপ বা উদ্যোগ যি লাভৰ উদ্দেশ্যে কৰা হয়" বুলি বৰ্ণনা কৰা হৈছে।