অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিশ্ব হিন্দু পৰিষদ

বিশ্ব হিন্দু পৰিষদ (Vishva Hindu Parishad) হৈছে হিন্দু জাতীয়তাবাদৰ ওপৰত ভিত্তি কৰি গঠিত ভাৰতীয় সোঁপন্থী হিন্দু সংগঠন।১৯৬৪ চনত এম.এছ.গোলৱালকাৰ আৰু এছ.এছ আপ্তেৰ নেতৃত্বত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে "হিন্দু সমাজখনক সংগঠিত কৰা, একত্ৰিত কৰা আৰু হিন্দু ধৰ্মৰ সেৱা আৰু সুৰক্ষা কৰা"।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৪৮ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বিশ্ব হিন্দু পৰিষদ (Vishva Hindu Parishad) হৈছে হিন্দু জাতীয়তাবাদৰ ওপৰত ভিত্তি কৰি গঠিত ভাৰতীয় সোঁপন্থী হিন্দু সংগঠন।১১৯৬৪ চনত এম.এছ.গোলৱালকাৰ আৰু এছ.এছ আপ্তেৰ নেতৃত্বত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে "হিন্দু সমাজখনক সংগঠিত কৰা, একত্ৰিত কৰা আৰু হিন্দু ধৰ্মৰ সেৱা আৰু সুৰক্ষা কৰা"। হিন্দু মন্দিৰ নিৰ্মাণ আৰু সংস্কাৰ, আৰু গৰু বধ ৰোধকৰণ আৰু ধৰ্মান্তৰকৰণৰ বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ইয়াক স্থাপন কৰা হৈছিল। ই সংঘ পৰিয়াল গোটৰ সদস্য,২৩ আৰু আৰ.এছ.এছৰ নেতৃত্বত হিন্দু জাতীয়তাবাদী সংগঠনৰ পৰিয়াল।৪

ইতিহাস

১৯৬৪ চনত আৰ.এছ.এছৰ নেতাসকল ক্ৰমে এম.এছ গোলৱালকাৰ আৰু এছ.এছ. আপ্তেয়ে হিন্দু আধ্যাত্মিক নেতা চিন্ময়ানন্দ সৰস্বতীৰ সহযোগত বিশ্ব হিন্দু পৰিষদ গঠন কৰে।৫৬চিন্ময়ানন্দৰ মতে ভি.এইচ.পিৰ উদ্দেশ্য আছিল হিন্দুসকলৰ বহুধা জাতিত বিভক্ত হৈ থকাসকলক একত্ৰিত আৰু নিজৰ ধৰ্ম আৰু দেশৰ প্ৰতি জাগ্ৰত কৰি তোলা।৭

চিন্ময়ানন্দক ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে মনোনীত হোৱাৰ বিপৰীতে আপ্তেক ইয়াৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰা হয়। সভাত সিদ্ধান্ত লোৱা হ'ল যে প্ৰস্তাৱিত সংগঠনটোৰ নাম "বিশ্ব হিন্দু পৰিষদ" হ'ব আৰু ১৯৬৬ চনত অনুষ্ঠিত হোৱা কুম্ভ মেলাৰ সময়ত প্ৰয়াগ (এলাহাবাদ)ত ইয়াক প্ৰতিষ্ঠা কৰিবলৈ বিশ্ব অধিৱেশন অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও সিদ্ধান্ত লোৱা হ’ল যে ই এটা অৰাজনৈতিক সংগঠন হ’ব আৰু কোনো ৰাজনৈতিক দলৰ কোনো বিষয়ববীয়াই একেলগে পৰিষদৰ বিষয়ববীয়া হ’ব নোৱাৰিব।৮ প্ৰতিষ্ঠাপকসকলৰ প্ৰতিনিধি দলত ভাৰতীয় বিদ্যা ভৱন প্ৰতিষ্ঠাপক কে. এম মুনশী, গুজৰাটী পণ্ডিত কেশৱৰাম কাশীৰাম শাস্ত্ৰী, শিখ নেতা তাৰা সিং, নামধাৰী শিখ নেতা সৎগুৰু জগজিৎ সিং আৰু বিশিষ্ট ৰাজনীতিবিদ যেনে চি. পি ৰামাস্বামী আয়েৰ।৯৮

১৯৯০ চনৰ মাজভাগত বিশ্বজুৰি ভি.এইচ.পিৰ ১৬ লাখৰো অধিক সদস্য আছিল।১০ ২০০৮ চনৰ এক হিচাপ অনুসৰি ভি.এইচ.পিয়ে প্ৰায় ৬৮ লাখ সদস্য আছে বুলি দাবী কৰিছিল।১১

মতাদৰ্শ

১৯৬৪ চনৰ ২৯ আগষ্টত বোম্বাইৰ পাৱৈৰ সন্দীপনি সাধনালয়ত অনুষ্ঠিত হোৱা এখন সন্মিলনত প্ৰথমবাৰৰ বাবে ভি.এইচ.পিৰ গঠনৰ দাবী উত্থাপন হয়। জন্মাষ্টমী উৎসৱৰ লগত সংগতি ৰাখি এই তাৰিখটো বাছি লোৱা হৈছিল। সভাত হিন্দু, শিখ, বৌদ্ধ আৰু জৈন ধৰ্মৰ কেইবাজনো প্ৰতিনিধি উপস্থিত থকাৰ লগতে দালাই লামাও উপস্থিত আছিল।১২ গোলৱালকাৰে বুজাই দিছিল যে "ভাৰতীয় মূলৰ সকলো ধৰ্মীয় বিশ্বাস একত্ৰিত হোৱাৰ প্ৰয়োজন", তেওঁ কয় যে "হিন্দু" ("হিন্দুস্তান"ৰ মানুহ) শব্দটো ওপৰৰ সকলো ধৰ্মৰ অনুগামীৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য।১৩ আপ্তেই ঘোষণা কৰিছিল:

বিশ্বক খ্ৰীষ্টধৰ্ম, ইছলাম আৰু কমিউনিষ্ট হিচাপে বিভক্ত কৰা হৈছে। তেওঁলোক সকলোৱে হিন্দু সমাজখনক অতি মিহি চহকী খাদ্য হিচাপে লয়, যাৰ ওপৰত ভোজ খাব আৰু নিজকে মোটা কৰিব পাৰি। এই সংঘাতৰ যুগত হিন্দু জগতখনক তিনিওটাৰে দুষ্টতাৰ পৰা ৰক্ষা কৰিবলৈ চিন্তা কৰি সংগঠিত কৰাটো প্ৰয়োজনীয়।১৪

তথ্যসূত্ৰ

  1. ↑ Jaffrelot, Christophe. (2008-12-31). Hindu Nationalism and the (Not So Easy) Art of Being Outraged: The Ram Setu Controversy. South Asia Multidisciplinary Academic Journal
  2. ↑ Jelen, Ted Gerard; Wilcox, Clyde. (2002). Religion and Politics in Comparative Perspective: The One, The Few, and The Many.. Cambridge University Press. পৃ. 253. ISBN 978-0-521-65031-1
  3. ↑ DP Bhattacharya, ET Bureau. (2014-08-04). Communal skirmishes rising after Narendra Modi's departure from Gujarat - Economic Times. Articles.economictimes.indiatimes.com
  4. ↑ Timeline of events, including formation of VHP. RSS
  5. ↑ Katju 2013, পৃ. 5
  6. ↑ Kurien, Prema. (2001). Religion, ethnicity and politics: Hindu and Muslim Indian immigrants in the United States. Ethnic and Racial Studies. পৃ. 268
  7. ↑ Katju, Manjari. (1998). The Early Vishva Hindu Parishad: 1964 to 1983. Social Scientist. পৃ. 34–60
  8. ↑ Inception of VHP. vhp.org
  9. ↑ Katju 2013
  10. ↑ J. Gordon Melton; Martin Baumann. (2010-09-21). Religions of the World: A Comprehensive Encyclopedia of Beliefs and Practices, 2nd Edition (6 volumes): A Comprehensive Encyclopedia of Beliefs and Practices. ABC-CLIO. ISBN 9781598842043
  11. ↑ (2008-10-13). New Delhi left grasping for answers to violence. The National
  12. ↑ Long, Jeffery D. (2011). Historical dictionary of Hinduism. Scarecrow Press. পৃ. 319. ISBN 978-0-8108-6764-2
  13. ↑ Smith 2003, পৃ. 189
  14. ↑ Smith 2003, পৃ. 189

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব হিন্দু পৰিষদ” প্ৰবন্ধৰ সংশোধন ৬৩১৬০৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।