ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় হৈছে ভাৰতৰ কলিকতাত অৱস্থিত এটি ঐতিহাসিক ৰাজ্যিক বিশ্ববিদ্যালয়। ১৯৬১ চনত পশ্চিমবংগ চৰকাৰে ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় আইন অনুসৰি ১৯৬২ চনৰ ৮ মে তাৰিখে কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়।১ এই বিশ্ববিদ্যালয়খন ঠাকুৰ পৰিয়ালৰ বংশ ঘৰ,জোড়াসাঁকো ঠাকুৰবাৰীত অৱস্থিত। বিশ্ববিদ্যালয়খনে কলা অনুষদৰ অধীনত পৰিবেশন কলা (পাৰফৰ্মিং আৰ্টছ) আৰু দৃশ্য কলা(ভিজুৱেল আৰ্টছ),মানৱীয় বিজ্ঞান,সামাজিক বিজ্ঞান আৰু অন্যান্য বিষয়ৰ অনুষদৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়।২
উল্লেখযোগ্য ছাত্ৰ-ছাত্ৰী
গৱেষক
- মেথিল দেৱীকা, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ৰ জ্যেষ্ঠ গৱেষণা সহযোগী।
শৈক্ষিক
- জন ফেলিক্স ৰাজ, ভাৰতীয় অধ্যাপক আৰু অধ্যক্ষ।
নৃত্য
- চিত্ৰেশ দাস, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী।
- বেনজিৰ চালাম, বাংলাদেশৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী
চিত্ৰকৰ
- সুভপ্ৰসন্ন, ভাৰতীয় চিত্ৰকৰ।
সংগীতজ্ঞসকল
- অনুপ ঘোষাল, ভাৰতীয় নেপথ্য গায়ক।
- অজয় চক্ৰৱৰ্তী, ভাৰতীয় কণ্ঠশিল্পী, সুৰকাৰ আৰু গীতিকাৰ।
- বনানী ঘোষ, ভাৰতীয় কণ্ঠশিল্পী,
- মধুশ্ৰী, ভাৰতীয় নেপথ্য গায়ক।
- প্ৰিয়ংকা গোপে, বাংলাদেশী নেপথ্য গায়ক।
- স্বাগতলক্ষ্মী দাসগুপ্ত, ভাৰতীয় কণ্ঠশিল্পী।
- শান্তি থাটাল, ভাৰতীয় নেপালী ভাষাৰ সুৰকাৰ আৰু নেপথ্য গায়ক।
- শুভমিতা বেনাৰ্জী, ভাৰতীয় কণ্ঠশিল্পী, সুৰকাৰ আৰু গীতিকাৰ।
লেখক
- মনিৰুদ্দিন খান,ভাৰতীয় লেখক আৰু প্ৰবন্ধকাৰ।
- কলিপদ সোৰেণ, সান্তলী নাট্যকাৰ, লেখক আৰু সম্পাদক।
চলচ্চিত্ৰ
- অনিৰ্বাণ ভট্টাচাৰ্য, ভাৰতীয় অভিনেতা, গায়ক, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা।
- অপৰাজিতা ঘোষ দাস, ভাৰতীয় অভিনেত্ৰী।
- বাসবদত্ত চেটাৰ্জী, ভাৰতীয় অভিনেত্ৰী।
- দৰ্শনা বানিক, ভাৰতীয় মডেল আৰু অভিনেত্ৰী।
- শিৰিন গুহা, ভাৰতীয় অভিনেত্ৰী।
- তথাগতা মুখাৰ্জী, ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা।
- ৱাহিদা মলিক জলী, বাংলাদেশী অভিনেত্ৰী।
অন্য
- দীপা দাসমুন্সি, পশ্চিমবংগৰ সংসদ সদস্য তথা দিল্লী মহিলা ফুটবল সন্থাৰ সভানেত্ৰী।
তথ্যসূত্ৰ
- ↑ About University. Rabindra Bharati University
- ↑ Prospectus. Rabindra Bharati University. পৃ. 2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫২৫৯২২ (২২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।