সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (Jawaharlal Nehru University, ISO: Javāharalāla Neharū Viśvavidyālaya) ভাৰতৰ দিল্লীত অৱস্থিত এখন ৰাজহুৱা গৱেষণা বিশ্ববিদ্যালয়। এইখন ১৯৬৯ চনত প্ৰতিষ্ঠা কৰা হয় আৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নামেৰে নামাকৰণ কৰা হয়।
-
ৰাষ্ট্ৰীয় মহিলা আয়োগ
ৰাষ্ট্ৰীয় মহিলা আয়োগ ভাৰত চৰকাৰে স্থাপন কৰা এক সাংবিধানিক আয়োগ। ই মহিলাক প্ৰভাৱিত কৰা নীতি সমূহৰ বিষয়ে ভাৰত চৰকাৰক পৰামৰ্শ আগবঢ়ায়। ইয়াৰ লগতে ই মহিলাৰ সাংবিধানিক অধিকাৰৰ হকে কাম কৰে আৰু আইনী সাহায্য প্ৰদান কৰে।
-
গে'
গে (Gay) মানে হৈছে সমকামী পুৰুষ যি অন্য পুৰুষৰ প্ৰতি প্ৰেম, শাৰীৰিক আৰু আবেগিকভাৱে আকৰ্ষিত হয়। বৰ্তমান বৃহৎ সংখ্যক চিকিৎসাবিজ্ঞান আৰু মনোবিজ্ঞানৰ গৱেষণাই প্ৰমাণ কৰি দেখুৱাইছে যে গে' বা লেছবিয়ান হোৱাটো মানসিকভাৱে আৰু সামাজিকভাৱে সাধাৰণ।ভাৰতত বৰ্তমান সমকামী সম্পৰ্ক বৈধ।
-
নাৰী সবলীকৰণ
নাৰী সবলীকৰণ (Women's empowerment) হ'ল নাৰী ক্ষমতায়নৰ প্ৰক্ৰিয়া। সবলীকৰণক বিভিন্ন উপায়ত সংজ্ঞায়িত কৰিব পৰা যায়, কিন্তু, নাৰীৰ সবলীকৰণৰ কথা কওতে ক্ষমতায়নৰ অৰ্থ সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াৰ বাহিৰৰ মানুহ (মহিলাসকল) ইয়াক গ্ৰহণ কৰা আৰু তেওঁলোকক অনুমতি দিয়া।
-
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (National School of drama, NSD) ভাৰতৰ নতুন দিল্লীত অৱস্থিত এখন নাট্য প্ৰশিক্ষণ প্ৰতিষ্ঠান। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ ই এটা স্বায়ত্তশাসিত সংগঠন।
-
ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান
ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (Film and Television Institute of India বা চমুকৈ FTII) ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ আৰু ভাৰত চৰকাৰৰ দ্বাৰা সাহায্যপ্ৰাপ্ত এক স্বয়ংশাসিত প্ৰতিষ্ঠান। ই পুনেৰ পূৰ্বৰ প্ৰভাত ফিল্ম কোম্পানীৰ পৰিসৰত অৱস্থিত। ১৯৬০ চনত আৰম্ভ হোৱাৰ পিছত, এফ.
-
মানৱ অধিকাৰ
মানৱ অধিকাৰ হৈছে সাৰ্বজনীনভাৱে স্বীকৃতিপ্ৰাপ্ত নৈতিক নীতি বা নীতি যিয়ে মানৱ আচৰণৰ মানদণ্ড স্থাপন কৰে আৰু ইয়াক প্ৰায়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আইন উভয়ৰে দ্বাৰা সুৰক্ষিত কৰা হয়।
-
আই ইউ চি এন ৰঙা তালিকা
আই ইউ চি এন ৰঙা তালিকা (IUCN Red List বা IUCN Red List of Threatened Species) ১৯৬৩ চনত প্ৰতিষ্ঠিত বিশ্বৰ অধিকাংশ জীৱৰ বৰ্তমান অৱস্থা আৰু আনুষাঙ্গিক তথ্য সম্বলিত তালিকা বিশেষ; যি তালিকাৰ যোগে প্ৰতিটো প্ৰজাতিৰ বৰ্তমান অৱস্থা অথবা বিলুপ্তিৰ সম্ভাৱনা সম্পৰ্কে সম্যক ধাৰণা পোৱা যায়।
-
চেনি
চেনি (Sugar) হৈছে মিঠা সোৱাদযুক্ত, পানীত দ্ৰৱনীয় কাৰ্বহাইড্ৰটৰ সাধাৰণ নাম। বেছিভাগ চেনি খাদ্য হিচাপে ব্যৱহৃত হয়। বিভিন্ন প্ৰকাৰৰ চেনি বিভিন্ন উৎসৰ পৰা আহৰণ কৰা হয়। সৰল চেনি, যাক মনোচেকাৰাইড বুলিও কোৱা হয়, গ্লুক’জ, ফ্ৰুক্ট’জ আৰু গেলেক্ট’জ আদি অন্তৰ্ভুক্ত।
-
টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান
টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান ভাৰতবৰ্ষৰ মুম্বাই আৰু হায়দৰাবাদত অৱস্থিত এক গৱেষণা কেন্দ্ৰ। ইয়াত মূলতঃ গণিত আৰু বিজ্ঞানৰ গৱেষণাৰ বাবে উৎসৰ্গিত অনুষ্ঠান। ভাৰতবৰ্ষৰ আণৱিক শক্তি বিভাগৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠানটি স্বতন্ত্ৰ আৰু ই মুম্বাইৰ কলৱাৰ নেৱী নগৰত আৰু হায়দৰাবাদৰ নাৰ্ছিঙীত অৱস্থিত।
-
ধুতি
ধুতি বা চুৰিয়া হৈছে এক বস্ত্ৰ বিশেষ। ই ভাৰতীয় মূলৰ এক পৰম্পৰাগত কাপোৰ। ভাৰতীয় পুৰুষে দৈনন্দিনৰ বস্ত্ৰ হিচাপে বা পৰম্পৰাগত ভাৱে কোনো বিশেষ অনুষ্ঠান যেনে: বিবাহ ইত্যাদিত ধুতি পৰিধান কৰে। ভাৰতৰ বিভিন্ন স্থানত ইয়াক বিভিন্ন নামেৰে জনা যায়। পুৰুষ সকলে কঁকালৰ পৰা নিম্ন অংশ ঢাকিবলৈ এই ধুতি পৰিধান কৰে।
-
সমাজ
সমাজ (Society) হৈছে সাধাৰণতে একে ৰাজনৈতিক কৰ্তৃত্ব আৰু প্ৰভাৱশালী সাংস্কৃতিক বৈশিষ্টসম্পন্ন একে সামাজিক সম্পৰ্কেৰে জড়িত ব্যক্তিৰ এটা গোট, বা একে স্থানিক বা সামাজিক ক্ষেত্ৰত বসবাস কৰা এক বৃহৎ সামাজিক গোট(Group)।
-
অসম কৃষি বিশ্ববিদ্যালয়
অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University) অসমৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়। ১৯৬৯ চনৰ ১ এপ্ৰিলত যোৰহাটত স্থাপিত হোৱা এই বিশ্ববিদ্যালয়খনে অসমত কৃষি-শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে।
-
ভাত
ভাত হৈছে সিজোৱা চাউল। সৰহ পানীত উতলাই বা কম পানীত ভাপৰ সহায়ত চাউল সিজাই ভাত তৈয়াৰ কৰা হয়। খাদ্য হিচাপে ভাত যথেষ্ট জনপ্ৰিয়। ভাত ৰান্ধিবৰ বাবে এছিয়া, আফ্ৰিকা বা যিকোনো ঠাইত উপলব্ধ ধানৰ দীঘল, মধ্যমীয়া বা চুটি চাউল ব্যৱহাৰ কৰিব পাৰি। চাউলবোৰ সম্পূৰ্ণকৈ বা আধা সিজাই ভাত তৈয়াৰ কৰা হয়।
-
লিংগ বৈষম্য
লিংগৰ ভিত্তিত মানুহক সম-ব্যৱহাৰ নকৰা সামাজিক পৰিঘটনাটোৱেই হৈছে লিংগ বৈষম্য (Gender inequality)। জীৱবিজ্ঞান, মনোবিজ্ঞান বা সমাজত প্ৰচলিত সাংস্কৃতিক নীতি-নিয়মৰ সম্পৰ্কীয় পাৰ্থক্যৰ পৰাই এই বৈষম্যৰ নিৰ্মূল হ’ব পাৰে।
-
অসমীয়া জাতি
{{Infobox ethnic group |group = অসমীয়া জাতি |native_name = অসমীয়া |population = ১৩,২৬৮,৪৮৪ (২০০১ জণগণনামতে) |region1 = |pop1 = ১৩,১৩৩,২৩৭ (২০০১ জণগণনামতে) |ref1 = |region2 = |pop2 = ২২,৪৫৬ (২০০১) |ref2 = |region3 = |pop3 = ৫৪,২৬৮ (২০১১1) |ref3 = |region4 = |pop4 = |ref4 = |region5 = |pop5 = |ref5…
-
খাদ্য
খাদ্য হৈছে জীৱৰ পুষ্টিত সহায়তা প্ৰদানৰ বাবে খোৱা কিছুমান পদাৰ্থ। খাদ্যত সাধাৰণত উদ্ভিদ বা প্ৰাণীজ উৎস থাকে আৰু প্ৰয়োজনীয় পুষ্টি উপাদান যেনে শৰ্কৰা, চৰ্বী, প্ৰটিন, ভিটামিন বা খনিজ লৱণ থাকে। শক্তি আহৰণ, জীৱন ধাৰণ আৰু বৃদ্ধি উদ্দীপনৰ বাবে জীৱই বা জীৱকোষে খাদ্য গ্ৰহণ কৰে।
-
গাহৰিৰ মাংস
গাহৰিৰ মাংস হ'ল ঘৰচীয়া গাহৰিৰ পৰা পোৱা মাংসৰ ৰন্ধনপ্ৰণালী। ই বিশ্বজুৰি সৰ্বাধিক ব্যৱহৃত খাদ্য, গাহৰিৰ পোহনীয়া হোৱাৰ প্ৰমাণ খ্ৰীষ্টপূৰ্ব ৫০০০ চনৰপৰাই পোৱা যায়। গাহৰিৰ মাংস সতেজ ৰন্ধা আৰু সংৰক্ষিত দুয়োটা অৱস্থাতে খোৱা হয়।
-
যৌন অভিমুখিতা
যৌন অভিমুখিতা (Sexual orientation) হ'ল এগৰাকী ব্যক্তিয়ে অনুভৱ কৰা যৌন, প্ৰেমসম্বন্ধীয় আৰু মানসিক আকৰ্ষণ। অকামিতা হ'ল এনে এক প্ৰকাৰৰ যৌন অভিমুখিতা য'ত কোনো ব্যক্তিয়ে যৌন আকৰ্ষণ অনুভৱ নকৰে।
-
অসম মাধ্যমিক শিক্ষা পৰিষদ
অসম মাধ্যমিক শিক্ষা পৰিষদ (Secondary Education Board of Assam) (SEBA) অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহক স্বীকৃতি প্ৰদান, বিদ্যালয়সমূহত উন্নত মানৰ শিক্ষাৰ নিশ্চিতকৰণ আৰু পৰীক্ষা আয়োজনৰ কৰ্তৃত্ব থকা ৰাজ্যিক পৰ্যায়ৰ এক পৰিষদ আছিল।
-
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি বা চমুকৈ আই এম এফ হৈছে ১৮৮খন সদস্য ৰাষ্ট্ৰৰে গঠিত এক আন্তঃৰাষ্ট্ৰীয় সংস্থা। সংস্থাটোৰ প্ৰধান কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিত অৱস্থিত।
-
নগা জনগোষ্ঠী
নগা জনগোষ্ঠী (Naga people) বুলিলে উত্তৰ-পূব ভাৰত আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ স্থানীয় বিভিন্ন নৃগোষ্ঠীয় লোকৰ গোটক সামূহিকভাৱে বুজোৱা হয়। এই গোষ্ঠীবোৰৰ একে ধৰণৰ সংস্কৃতি আৰু পৰম্পৰা আছে আৰু তেওঁলোকে ভাৰতৰ নাগালেণ্ড ৰাজ্যত আৰু ম্যানমাৰৰ নগা স্বায়ত্ত্বশাসিত অঞ্চলত সংখ্যাগৰিষ্ঠা দেখা যায়।
-
ভাৰতীয় গণনাট্য সংঘ
ভাৰতীয় গণনাট্য সংঘ ( Indian People's Theatre Association, IPTA) ভাৰতৰ থিয়েটাৰ শিল্পীসকলৰ আটাইতকৈ পুৰণি সংস্থা। ব্ৰিটিছৰ শাসন কালত ১৯৪৩ চনত গণনাট্য সংঘ প্ৰতিষ্ঠা কৰা হৈছিল আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে সম্পৰ্কিত বিষয়-বস্তুৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দিছিল।
-
কুইয়াৰ
কুইয়াৰ (Queer) শব্দটি যৌন আৰু লিংগীয় সংখ্যালঘু ব্যক্তিসকলক বুজাবলৈ ব্যৱহৃত হয়। সাধাৰণতে সামাজিকভাৱে স্বাভাৱিক বুলি গণ্য কৰা লিংগ আৰু যৌনতাৰ সংজ্ঞাৰ বাহিৰৰ ব্যক্তিক বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰা হয়।
-
বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়
বিশ্বভাৰতী বিশ্ববিদ্যালয়, ভাৰতৰ পশ্চিম বংগৰ শান্তিনিকেতনত অৱস্থিত এখন ৰাজহুৱা খণ্ডৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে আৰু তেৱেঁই বিশ্ববিদ্যালয়খনক ‘বিশ্বভাৰতী’ বুলি অভিহিত কৰিছিল, যাৰ অৰ্থ হৈছে বিশ্বৰ ভাৰতৰ সৈতে মিলন।
-
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ হৈছে অসমৰ এটা বেচৰকাৰী সামাজিক তথা ধাৰ্মিক অনুষ্ঠান। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ, সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হৈছে এই অনুষ্ঠানৰ মূল উদ্দেশ্য। সঙ্ঘৰ নিজা সংবিধান আৰু মহাপুৰুষ জনাৰ জন্মৰ পৰা গণনা কৰা শঙ্কৰাব্দ নামৰ দিনপঞ্জী আছে।
-
কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বা কটন কলেজিয়েট স্কুল গুৱাহাটীৰ পানবজাৰত অৱস্থিত এখন বিদ্যালয়। ব্ৰিটিছৰ ৰাজত্বৰ কালত ঔপনিবেশিক অসমৰ কমিছনাৰ কেপ্তেইন ফ্ৰান্সিছ জেনকিন্স ডাঙৰীয়ায়ে ১৮৩৫ চনত এই বিদ্যালয় "গৌহাটী গভমেণ্ট চেমিনাৰী" নামেৰে স্থাপন কৰিছিল।
-
শিক্ষক দিৱস
শিক্ষক দিৱস (Teachers' Days) বহু দেশত শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা এটা দিৱস। এই দিনত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়। দেশভেদে শিক্ষক দিৱস আয়োজন কৰা দিনটো ভিন ভিন।
-
জাতিসংঘ
জাতিসংঘ (League of Nations; লিগ অফ নেশ্বনছ) আছিল বিশ্বৰ প্ৰথম আন্তঃচৰকাৰী সংস্থা, যাৰ মূল লক্ষ্য আছিল বিশ্ব শান্তি বজায় ৰখা। প্ৰথম বিশ্বযুদ্ধৰ অৱসানৰ পাছত ১৯১৯ চনৰ আৰম্ভণিতে বহা 'পেৰিচ শান্তি সম্মিলন'-ত এই সংস্থাৰ গঠনৰ চিন্তা-চৰ্চা কৰা হয়। পাছত ১৯২০ চনৰ ১০ জানুৱাৰীত জাতিসংঘ প্ৰতিষ্ঠিত হয়।
-
শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় গুৱাহাটী, অসমত অৱস্থিত একমাত্ৰ স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয় তথা উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়।