অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ইজৰাইলৰ নাৰী

২০১৯ চনৰ পৰিসংখ্যা অনুসৰি ইজৰাইলৰ ৫০.২৬ শতাংশ মহিলা।ইজৰাইলত চৰকাৰী সংবিধান নাই যদিও ১৯৪৮ চনৰ ইজৰাইলৰ স্বাধীনতা ঘোষণাপত্ৰত কোৱা হৈছে যে “ইজৰাইল ৰাষ্ট্ৰই (...) ধৰ্ম, জাতি বা লিংগ নিৰ্বিশেষে ইয়াৰ সকলো বাসিন্দাৰ সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ সম্পূৰ্ণ সমতা নিশ্চিত কৰিব।” ইজৰাইলৰ আইনত নিয়োগ আৰু মজুৰিৰ…

হালনাগাদ: ৯ জুন ২০২৬ ৫০১ শব্দ · ৩ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

২০১৯ চনৰ পৰিসংখ্যা অনুসৰি ইজৰাইলৰ ৫০.২৬ শতাংশ মহিলা।১ইজৰাইলত চৰকাৰী সংবিধান নাই যদিও ১৯৪৮ চনৰ ইজৰাইলৰ স্বাধীনতা ঘোষণাপত্ৰত কোৱা হৈছে যে “ইজৰাইল ৰাষ্ট্ৰই (...) ধৰ্ম, জাতি বা লিংগ নিৰ্বিশেষে ইয়াৰ সকলো বাসিন্দাৰ সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ সম্পূৰ্ণ সমতা নিশ্চিত কৰিব।”

ইজৰাইলৰ আইনত নিয়োগ আৰু মজুৰিৰ দৰে বিষয়ত লিংগভিত্তিক বৈষম্য নিষিদ্ধ কৰা হৈছে আৰু শ্ৰেণী-ক্ৰিয়া গোচৰৰ ব্যৱস্থা কৰা হৈছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে পুৰুষ আৰু মহিলাৰ মাজত লিংগবাদী মজুৰিৰ বৈষম্য দেশখনৰ কিছু অংশৰ বাবে এটা চৰ্চিত বিষয় হৈয়েই আছে।২ ২০১২ চনত ৫৯খন উন্নত দেশৰ মাজত সম্পন্ন হোৱা এক সমীক্ষামতে, কৰ্মক্ষেত্ৰত মহিলাসকলৰ অংশগ্ৰহণৰ ক্ষেত্ৰত ইজৰাইলে ১১ নম্বৰ স্থান লাভ কৰিছিল। একেটা সমীক্ষাতে ইজৰাইলে ক্ষমতাৰ কাৰ্যবাহী পদত সেৱা আগবঢ়োৱা মহিলাৰ অনুপাতৰ ক্ষেত্ৰত ২৪ নম্বৰ স্থান লাভ কৰিছিল।৩

২০১৮ চনত দক্ষিণ আফ্ৰিকাৰ নিউ ৱৰ্ল্ড ৱেলথে ইজৰাইলক মহিলাৰ বাবে বিশ্বৰ অষ্টম নিৰাপদ দেশ হিচাপে স্থান দিছিল।৪

সামৰিক সেৱা

ইজৰাইল বিশ্বৰ কেইখনমান দেশৰ ভিতৰত অন্যতম, য'ত মহিলাৰ বাবে বাধ্যতামূলক সামৰিক সেৱাৰ প্ৰয়োজনীয়তা আছে।৫৬৭৮১৯৪৮ চনত ৰাষ্ট্ৰখন প্ৰতিষ্ঠা হোৱাৰ আগতে আৰু তাৰ পৰৱৰ্তী সময়ত ইজৰাইলৰ সামৰিক বাহিনীত মহিলাসকলে অংশগ্ৰহণ কৰিছে৷৯১০ বৰ্তমান ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ (Israel Defense Forces) সৈনিক মহিলাৰ সংখ্যা ৩৩% আৰু মহিলা বিষয়াৰ সংখ্যা ৫১% ৷১১তেওঁলোকে স্থলসেনা, নৌসেনা অথবা বায়ুসেনাত বিভিন্ন ভূমিকা পালন কৰি আছে। ২০০০ চনৰ সামৰিক সেৱা আইনখনৰ সমতা সংশোধনীত কোৱা হৈছে যে " ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ মহিলাৰ যিকোনো ভূমিকাত সেৱা আগবঢ়োৱাৰ অধিকাৰ পুৰুষৰ অধিকাৰৰ সমান।"৮ বাহিনীৰ সকলো ভূমিকাৰ ৮৮% মহিলা প্ৰাৰ্থীৰ বাবে মুকলি৷ মহিলাসকলক ৬৯% পদতে দেখা পোৱা যায়।৬

মহিলাসকলে টোপ বাহিনী, পদাতিক আৰু সাজসজ্জিত বিভাগত যুদ্ধ সমৰ্থন আৰু লঘু যুদ্ধৰ ভূমিকাত আবেদন কৰিবলৈ আৰম্ভ কৰিছিল। ইজৰাইলত কাৰাকেল বেটেলিয়ন গঠন কৰা হৈছিল যাৰ ফলত পুৰুষ আৰু মহিলাই একেলগে লঘু পদাতিক বাহিনীত সেৱা আগবঢ়াব পাৰিছিল। বহু মহিলাই সীমান্ত আৰক্ষীত যোগদান কৰে।৭ ইজৰাইলৰ বায়ুসেনাৰ বিমান একাডেমীত পাইলট নিৰ্বাচন পৰ্যায়ত বহু ইজৰাইলী মহিলাক গ্ৰহণ কৰা হৈছিল। প্ৰথম মহিলা জেট যুঁজাৰু পাইলট ৰনি জুকাৰমেনে ২০০১ চনত ৱিংগছ লাভ কৰে।১২ ২০০৬ চনৰ ভিতৰত প্ৰথম মহিলা পাইলট আৰু নেভিগেটৰসকলে ইজৰাইল বায়ু সেনাৰ প্ৰশিক্ষণ পাঠ্যক্ৰমৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু কেইবাশ মহিলাই যুদ্ধ গোটত প্ৰৱেশ কৰে৷ তেওঁলোকে মূলতঃ চোৰাংচোৱা সংগ্ৰাহক, প্ৰশিক্ষক, সমাজকৰ্মী, চিকিৎসা আৰু অভিযন্তাৰ দৰে ভূমিকাত অৱতীৰ্ণ হয়। দ্বিতীয় লেবানন যুদ্ধ আৰম্ভ হোৱাৰ সময়ত মহিলাসকলে পুৰুষৰ সৈতে ক্ষেত্ৰ অভিযানত অংশগ্ৰহণ কৰিছিল। এয়াৰবৰ্ণ হেলিকপ্টাৰ অভিযন্তা চাৰ্জেণ্ট মেজৰ ড. (res.) কেৰেন টেণ্ডলাৰ আছিল ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ প্ৰথমগৰাকী মহিলা যুদ্ধ সৈনিক যিয়ে কৰ্মক্ষেত্ৰত নিহত হৈছিল।৭ ২০০৭ চনৰ নৱেম্বৰ মাহত বায়ুসেনাই ইয়াৰ প্ৰথম মহিলা উপ-স্কাড্ৰন কমাণ্ডাৰ নিযুক্তি দিয়ে।১৩

ৰাজনীতি

ইজৰাইল ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ পিছৰে পৰা তুলনামূলকভাৱে কম সংখ্যক মহিলাই ইজৰাইল চৰকাৰত সেৱা আগবঢ়াইছে আৰু এতিয়াও কম সংখ্যকক মহিলাকহে আগশাৰীৰ মন্ত্ৰী কাৰ্যালয়ত সেৱা আগবঢ়োৱা দেখা যায়। ইজৰাইল কম সংখ্যক দেশৰ ভিতৰত অন্যতম য’ত এগৰাকী মহিলা (গোল্ডা মেইৰে) প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে৷ কিন্তু সংসদ আৰু চৰকাৰ উভয় ক্ষেত্ৰত মহিলাৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত ই বেছিভাগ পশ্চিমীয়া দেশৰ পিছত স্থান পাইছে।

ইজৰাইলৰ স্বাধীনতা ঘোষণাপত্ৰত কোৱা হৈছে যে: “ইজৰাইল ৰাষ্ট্ৰই (...) ধৰ্ম, জাতি বা লিংগ নিৰ্বিশেষে ইয়াৰ সকলো বাসিন্দাৰ সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ সম্পূৰ্ণ সমতা নিশ্চিত কৰিব,”৷ অৱশ্যে হাৰেদি ৰাজনৈতিক দলসমূহে (শ্বাছ আৰু ইউনাইটেড টোৰা ইহুদী ধৰ্ম) নেচেট নিৰ্বাচনৰ বাবে কেতিয়াও মহিলাসকলক তেওঁলোকৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ অনুমতি দিয়া নাছিল।১৪১৫ কিন্তু ২০১৪ চনৰ ডিচেম্বৰ মাহত হাৰেদি সম্প্ৰদায়ৰ মহিলা কৰ্মীসকলে নিৰ্বাচনত মহিলাক অন্তৰ্ভুক্ত নকৰিলে আগন্তুক নিৰ্বাচনত হাৰেদি দল বৰ্জন কৰাৰ হুংকাৰ দিছিল।

২০১৬ চন পৰ্যন্ত ইজৰাইলৰ ১২০ জনীয়া নেচেটৰ ২৬.৭% মহিলাৰ সংখ্যা আছিল, যাৰ ফলত মহিলাসকলক বিধায়িনী দলত অন্তৰ্ভুক্ত কৰা ১৮৫১৬দেশৰ ভিতৰত ৫৪ নম্বৰ স্থানত আছে। তুলনামূলকভাৱে স্ক্যাণ্ডিনেভিয়াত মহিলাৰ অনুপাত ৪০%ৰ ওপৰত, ইউৰোপীয় সংঘৰ গড় ১৭.৬%, আনহাতে আৰব বিশ্বত ই ৬.৪%।১৭ জনগাঁথনি অনুসৰি মহিলাৰ প্ৰতিনিধিত্ব যথেষ্ট ভিন্ন৷ বেছিভাগ মহিলা ৰাজনীতিবিদেই ধৰ্মনিৰপেক্ষ দলক প্ৰতিনিধিত্ব কৰিছে, আনহাতে ধৰ্মীয় ইহুদী বা আৰব দলৰ পৰা অতি কম সংখ্যকহে আহিছে।১৮১৯

কৰ্মক্ষেত্ৰত

২০১২ চনত প্ৰকাশিত আইএমডিৰ এক সমীক্ষাত কৰ্মক্ষেত্ৰত মহিলাসকলৰ অংশগ্ৰহণৰ ক্ষেত্ৰত ৫৯খন উন্নত দেশৰ ভিতৰত ইজৰাইলক একাদশ স্থানত স্থান দিয়া হৈছে। একেটা সমীক্ষাতে ইজৰাইলে কাৰ্যবাহী পদত সেৱা আগবঢ়োৱা মহিলাৰ অনুপাতৰ ক্ষেত্ৰত ২৪ নম্বৰ স্থান লাভ কৰিছিল।৩ ইজৰাইলৰ আইনত নিয়োগ আৰু মজুৰিৰ ক্ষেত্ৰত লিংগৰ ওপৰত ভিত্তি কৰি বৈষম্য নিষিদ্ধ কৰা হৈছে আৰু ক্লাছ একচন ছুটৰ ব্যৱস্থা কৰা হৈছে৷ ২ তথাপিও পুৰুষ আৰু মহিলাৰ মাজত মজুৰিৰ যথেষ্ট বৈষম্যৰ অভিযোগ আছে।২০১৬ চনত OECDয়ে (অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়নৰ বাবে সংস্থা) প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ইজৰাইলত মহিলাৰ পুৰুষৰ মাজত আয়ৰ বৈষম্য অ’ইচিডিৰ অন্যান্য দেশৰ তুলনাত বিশেষভাৱে বেছি। গড় হিচাপত ইজৰাইলৰ পুৰুষে মহিলাতকৈ ২২ শতাংশ বেছি উপাৰ্জন কৰে, যাৰ ফলত ইজৰাইলক পুৰুষ আৰু মহিলাৰ মাজত সৰ্বাধিক মজুৰিৰ বৈষম্য থকা জাপান, ইষ্ট’নিয়া আৰু দক্ষিণ কোৰিয়াৰ পিছতে স্থান দিয়া হৈছে। OECD ৰ গড় ১৫ শতাংশ।২০

তথ্যসূত্ৰ

  1. ↑ Population, female (% of total population) - Israel · Data. data.worldbank.org
  2. ↑ 2010 Human Rights Report: Israel and the occupied territories. U.S. Department of state. This article incorporates public domain material from this source
  3. ↑ Lior, Gad. (7 March 2012). Israel ranks 24th in number of women executives. Ynetnews
  4. ↑ Pash, Chris. (2018-01-23). The 10 safest countries in the world for women. Business Insider
  5. ↑ The World Factbook. Cia.gov
  6. ↑ (25 August 2010). Statistics: Women's Service in the IDF for 2010, 25 Aug 2010. Israel Defense Forces
  7. ↑ Lauren Gelfond Feldinger. (September 21, 2008). Skirting history. The Jerusalem Post
  8. ↑ (8 March 2009). Integration of women in the IDF. Israeli Ministry of Foreign Affairs
  9. ↑ (7 March 2011). Women in the IDF. Israel Defense Forces
  10. ↑ 60 Years of Women's Service in the IDF. Israel Defense Forces
  11. ↑ (30 November 2011). More female officers in more positions in the IDF. IDF spokesperson
  12. ↑ (June 2, 2006). First woman pilot in Israeli Air Force dies. The Jewish news weekly of Northern California
  13. ↑ Yuval Azoulay. (November 28, 2007). Israel Air Force appoints first female deputy squadron commander. Haaretz.com
  14. ↑ (26 August 2002). Even China has more female politicians than Israel. Haaretz
  15. ↑ (28 November 2008). Ask the Rabbi: Queen for a day. The Jerusalem Post
  16. ↑ (1 February 2016). Women in national parliaments. Inter-Parliamentary Union
  17. ↑ (2004-11-19). Report on the Status of Women in Israel (2004). Jewish Virtual Library
  18. ↑ Israeli Women In Politics & Public Life. Jewish Virtual Library
  19. ↑ Current Knesset Members. Knesset.gov.il
  20. ↑ Hasson, Liran Saar and Yair. (14 January 2016). Israel's poverty rates highest among OECD nations. Ynetnews

সম্পৰ্কিত শ্ৰেণী

দেশভেদে নাৰীইজৰাইল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইজৰাইলৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৬১১৫৬৭ (৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।