টাই খামটি (খামতি) বা খামটি শান হল চীনৰ য়ুন্নান প্ৰদেশ, ম্যানমাৰৰ কাচিন ৰাজ্যৰ খাম টি লুং, মগয়ুং আৰু মিটকীয়ান ঠাইৰ পৰা মূলবসতি ধৰি উত্তৰপূবৰ অসম আৰু অৰুণাচলত বসবাস কৰা উত্তৰপূবৰ টাই জাতিৰ এটা ঠাল।১ অসমত খামটিসকলৰ জনসংখ্যা প্ৰায় ৬০,০০০ ত কৈ অধিক। আহোমসকলৰ পাছতে খামটি সকল অসমৰ অন্য এটা বৃহৎ টাই জনগোষ্ঠী। টেঙাপানী অঞ্চলত খামটিসকলৰ কিছু জনসংখ্যা দেখা যায়। খামটি সকলে থেৰাবাদী বৌদ্ধ ধৰ্ম পালন কৰে। তেওঁলোকৰ নিজা লিপি আছে যি শান লিপিৰ পৰা উদ্ভৱ হোৱা। তেওঁলোকৰ মাতৃভাষা খামটি ভাষা।
জীৱন নিৰ্বাহ
খামটিসকলে থেৰাবাদী বৌদ্ধধৰ্মত বিশ্বাস কৰে। তেওঁলোকে ৰাতিপুৱা আৰু গধূলি বুদ্ধক স্মৰণ কৰে। খামটি সকলে পৰম্পৰাগত ভাবে মজিয়াখন কাঠেৰে আৰু বেৰসমূহ বাঁহেৰে নিৰ্মাণ কৰা ঘৰত বাস কৰে। খামটিসকলৰ মূল জীৱিকা কৃষি আৰু তেওঁলোকে পৰম্পৰাগতভাবে আলু, সৰিয়হ, ধান আদি উৎপাদন কৰে। খামটিসকলৰ মুখ্য খাদ্য হল ভাত। খামটিসকল আমিষভোজী।
ভাষা আৰু লিপি
খামটিসকলে খামটি ভাষা ব্যৱহাৰ কৰে যিটো এক প্ৰকাৰৰ দক্ষিণ-পশ্চিমীয়া টাইভাষা। খামটি ভাষাৰ মুঠ তিনিটা উপভাষা আছে। সেয়া হল- উত্তৰ মান খামটি, অসম খামটি আৰু চিংকলিং খামটি। খামটিসকলে খামটি ভাষাৰ উপৰি অসমীয়া আৰু মান ভাষাৰো ব্যৱহাৰ কৰে। খামটিসকলে নিজৰ লিপিটোক লিক-টাই বুলি কয়। খামটিসকলৰ লিপি কেইশ বছৰ আগতে লিক ট' ঙাওক নামৰ লিপিৰ পৰা বিকাশ ঘটিছিল। তেওঁলোকৰ লিপিত ৩৫টা আখৰ আছে। এই লিপিটো পৰম্পৰাগত ভাবে বুদ্ধ জাতক কথা, ত্ৰিপিটিকা, ইতিহাস আদি গ্ৰন্থ সমূহ লিখোঁতে আৰু পঢ়োঁতে ব্যৱহাৰ হৈছিল। পাছলৈ২০০৩ চনত ইয়াত উচ্চাৰণৰ চিহ্ন উত্তৰ মান আৰু অৰুণাচলৰ বিদ্বানসকলে ব্যৱহাৰ কৰি নতুন ৰূপ দিয়ে।
তথ্যসূত্ৰ
- ↑ Roland J. L. Breton (1997). Atlas of the Languages and Ethnic Communities of South Asia. SAGE Publications. p. 188. ISBN 0-8039-9367-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খামটি জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৪৬৭৯৮৫ (২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।