অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়

বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় অসমৰ গুৱাহাটীত অৱস্থিত আইন মহাবিদ্যালয়। ১৯১৪ চনত স্থাপিত এই মহাবিদ্যালয় পূৰ্বতে আৰ্ল ল কলেজ হিচাপে জনাজাত আছিল। ই অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আইন মহাবিদ্যালয়।

হালনাগাদ: ১৪ নৱেম্বৰ ২০২৪ ২৪৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় অসমৰ গুৱাহাটীত অৱস্থিত আইন মহাবিদ্যালয়। ১৯১৪ চনত স্থাপিত এই মহাবিদ্যালয় পূৰ্বতে আৰ্ল ল কলেজ হিচাপে জনাজাত আছিল। ই অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আইন মহাবিদ্যালয়। তদুপৰি এইখন মহাবিদ্যালয় ১৯০১ চনত স্থাপন হোৱা কটন বিশ্ববিদ্যালয়ৰ পিছতে অসমৰ দ্বিতীয়খন উচ্চ শিক্ষানুষ্ঠান। মহাবিদ্যালয় খনে পাঁচবছৰীয়া সমদ্বিত কলা আৰু আইনৰ স্নাতক ডিগ্ৰী, তিনিবছৰীয়া আইনৰ স্নাতক আৰু দুবছৰীয়া আইনৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়।১ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আৰু ভাৰতীয় উকীল পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।২৩

ইতিহাস

১৮৯৬ চনত ছাৰ হেনৰী ষ্টাডমেন কটন অসমৰ চীফ কমিচনাৰ হিচাপে নিযুক্ত হয়। অসমত এখন মহাবিদ্যালয় স্থাপনৰ বাবে মাণিক চন্দ্ৰ বৰুৱাই তেওঁলৈ আবেদন জনায় আৰু সেই মৰ্মে ১৮৯৯ চনত তেওঁ এখন মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত ঘোষণা কৰে।৪ সেই মতে ১৯০১ চনৰ ২৭ মে'ত কটন বিশ্ববিদ্যালয় স্থাপিত হয়। কটন মহাবিদ্যালয় স্থাপন হোৱাৰ পিছৰে পৰা ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱায়ে ব্ৰিটিছ চৰকাৰক অসমত এখন আইন মহাবিদ্যালয় স্থাপনৰ বাবে আবেদন জনাইছিল। ১৯১২ চনত তেতিয়াৰ অসমৰ মুখ্য আয়ুক্ত ছাৰ আৰ্চডেল আৰ্ল ডাঙৰীয়ায়ে অসমত এখন আইন মহাবিদ্যালয় স্থাপনৰ অনুমোদন দিয়ে। এই প্ৰচেষ্টাতে ১৯১৪ চনত আৰ্ল ল কলেজ নামেৰে মহাবিদ্যালয়খনৰ আৰম্ভণি হয়।৪ এইখন অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আইন মহাবিদ্যালয়। প্ৰথমতে ইয়াৰ নাম সেইসময়ৰ অসমৰ মুখ্য আয়ুক্ত ছাৰ আৰ্চডেল আৰ্লৰ নামেৰে আৰ্ল ল কলেজ ৰখা হৈছিল। ভাৰতৰ স্বাধীনতাৰ পিছত ইয়াৰ নাম সলনি কৰি স্বাধীনতা সংগ্ৰামী বিষ্ণুৰাম মেধিৰ নামেৰে বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় নামেৰে নামাকৰণ কৰা হৈছিল। বিখ্যাত সাহিত্যিক আৰু শিক্ষাবিদ জ্ঞানদাভিৰাম বৰুৱা মহাবিদ্যালয়খনৰ প্ৰথম অধ্যক্ষ আছিল।৫ ১৯১৪ চনৰ পৰা ১৯৪৭ চনলৈ এই মহাবিদ্যালয় কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আছিল। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাত মহাবিদ্যালয়খনে ইয়াত অন্তৰ্ভুক্ত হয়।৬

অৱস্থান

বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় বৰ্তমান গুৱাহাটীৰ শিল্পগ্ৰাম পথৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিচেই কাষৰ জ্যোতিপ্ৰসাদ আগৰৱালা পথত অৱস্থিত। ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত হোৱাৰ বাবে যাতায়ত ব্যৱস্থা সুচল। ইয়াৰ পুৰণি অৱস্থান গুৱাহাটীৰ পাণবজাৰত আছিল।

পাঠ্যক্ৰম

মহাবিদ্যালয় খনে পাঁচবছৰীয়া সমদ্বিত কলা আৰু আইনৰ স্নাতক ডিগ্ৰী, তিনিবছৰীয়া আইনৰ স্নাতক আৰু দুবছৰীয়া আইনৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আৰু ভাৰতীয় উকীল পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।

তথ্যসূত্ৰ

  1. ↑ B.R.M. Govt. Law College, Assam - Address, Reviews, Admissions and Fees 2019. iCBSE
  2. ↑ List of Law Colleges having approval of affiliation of the Bar Council of India
  3. ↑ B.r.m. Govt. Law College, Guwahati. Kamrup -Admissions 2019, Ranking, Placement, Fee Structure. www.targetadmission.com
  4. ↑ Handique, Rajib. (1989). The life and philosophy of Manik Chandra Barooah: A profile. Souvenir of 9th MCB menorial estern region inter-college debating competition. পৃ. 34-38
  5. ↑ An old building that dazzles with a legacy in legal education - Heritage / Earle Law College. www.telegraphindia.com
  6. ↑ Welcome to B.R.M.Government Law College. www.brmgovtlawcollege.org.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৪৪৮৮৮ (১৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।