ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় ১৯৪৫ চনৰ ১৫ জুনত ডিব্ৰুগড়ৰ কদমনিত প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয় খনৰ স্নাতক মহলা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত। ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ ডাঙৰীয়াই এই মহাবিদ্যালয় উদ্বোধন কৰিছিল। প্ৰথমে এই মহাবিদ্যালয় ডিব্ৰুগড় মহাবিদ্যালয় নামেৰে জনাজাত আছিল। পিছলৈ ১৯৫৭ চনত এই মহাবিদ্যালয় খনৰ দাতা হনুমানবক্স সুৰজমল কানৈৰ নামেৰে নামকৰণ কৰা হয়।
অৱস্থান
মহাবিদ্যালয়খন ডিব্ৰুগড়ৰ কদমনিৰ কেশৱ চন্দ্ৰ গগৈ পথত অৱস্থিত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মহাবিদ্যালয় খনৰ কাষেৰে পাৰ হৈ গৈছে। ডিব্ৰুগড় ৰেল ষ্টেচন আৰু ডিব্ৰুগড় বিমানবন্দৰ মহাবিদ্যালয় খনৰ পৰা ক্ৰমে ৫ আৰু ১৬ কিঃমিঃ নিলগত অৱস্থিত।
শিক্ষা
মহাবিদ্যালয়খনে কলা আৰু বিজ্ঞান শাখাত দুবছৰীয়া উচ্চতৰ মাধ্যমিক আৰু তিনি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়ায়। উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু স্নাতক পাঠ্যক্ৰম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত।

বিভাগ সমূহ
- ইংৰাজী বিভাগ (English Department)
- অসমীয়া বিভাগ (Assamese Department)
- বাংলা বিভাগ (Bengali Department)
- সংস্কৃত বিভাগ (Sanskrit Department)
- শিক্ষা বিভাগ (Education Department)
- অৰ্থনীতি বিভাগ (Economics Department)
- বাণিজ্য বিভাগ (Commerce Department)
- ইতিহাস বিভাগ (History Department)
- ৰাজনীতি বিজ্ঞান বিভাগ (Political Science Department)
- নৃতত্ত্ব বিভাগ (Anthropology Department)
- ভূগোল বিভাগ (Geography Department)
- দৰ্শন বিভাগ (Philosophy Department)
- হিন্দী বিভাগ (Hindi Department)
- গণিত বিভাগ (Mathematics Department)
- উদ্ভিদবিজ্ঞান বিভাগ (Botany Department)
- প্ৰাণী বিজ্ঞান বিভাগ (Zoology Department)
- ৰসায়ন বিভাগ (Chemistry Department)
- পদাৰ্থ বিজ্ঞান (Physics Department)
- কম্পিউটাৰ বিজ্ঞান বিভাগ (Computer Science Department)
- পৰিসংখ্যা বিজ্ঞান বিভাগ (Statistical Science Department)১
বহিঃ সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ২৯২২৬১ (২৪ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।