অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী

অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী (Sino-Tibetan and Tai peoples of Assam) বা অসমৰ মংগোলীয় জনগোষ্ঠী প্ৰাচীন আৰু মধ্যযুগীয় কালত চীন আৰু মানদেশ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰা জনগোষ্ঠী।

হালনাগাদ: ২১ জুলাই ২০২৬ ৩৮৭ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী (Sino-Tibetan and Tai peoples of Assam) বা অসমৰ মংগোলীয় জনগোষ্ঠী প্ৰাচীন আৰু মধ্যযুগীয় কালত চীন আৰু ম্যানমাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰা জনগোষ্ঠী।১২ তেওঁলোকে অসমৰ জনসংখ্যাৰ সৰ্ববৃহৎ অংশক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত প্ৰবল প্ৰভাৱ পেলাইছে।

জনগোষ্ঠী সমূহৰ নাম

মান-তিব্বতীয়

টাই

ইতিহাস

অসমলৈ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠীৰ কেইবাটাও ঢৌ আহিছিল।

প্ৰাগঐতিহাসিক

চীনা-তিব্বতীয়সকলৰ পূৰ্বপুৰুষসকলে প্ৰায় ১০,০০০ - ৫,০০০ খ্ৰীষ্টপূৰ্বত চীনৰ হালধীয়া নদীৰ ওপৰৰ মধ্যম অৱবাহিকাত বাস কৰিছিল আৰু চীনৰ আদিম নৱপ্ৰস্তৰ যুগৰ অন্যতম সংস্কৃতি গঢ়ি তুলিছিল।৫ উত্তৰ-পূব ভাৰতত ব্ৰহ্মপুত্ৰৰ উপত্যকালৈ সম্প্ৰসাৰণ হোৱা কছাৰী (বড়ো-কছাৰী) লোকৰ ৮৫% আৰু ৰাভা জনগোষ্ঠী লোকৰ ৭৬.৫% উচ্চ কম্পাঙ্কত পিতৃবংশৰ ফালৰ O-M134 জিন পোৱা যায়।৬৭

মধ্যযুগীয়

দ্বিতীয় ঢৌ আছিল টাই-আহোম জনগোষ্ঠী যি দাই-চীনা জনগোষ্ঠীৰ। তেওঁৰ দলটোক বৰ্তমানৰ দক্ষিণ চীনৰ পৰা পাটকাইৰ পাংছাউ পাছৰ মাজেৰে অসমলৈ নেতৃত্ব দিছিল।৮ আহোমসকলৰ পিছত বৌদ্ধ ধৰ্মাৱলম্বী আন টাই জনগোষ্ঠী: খামটি, খাময়াং, আইতন, ফাকে আৰু তুৰুং যিসকলে উজনি অসম আৰু অৰুণাচল প্ৰদেশত বসতি স্থাপন কৰিছিল।৮

ৰাজ্য গঠন

মূল প্ৰবন্ধ: বৰ্মন বংশ, ম্লেছ বংশ, আহোম ৰাজ্য, চুতীয়া ৰাজ্য

ম্লেছ বংশ হৈছে চীনা-তিব্বতীয় বংশ যিয়ে ৬৫৫–৯০০ চনলৈকে প্ৰায় সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত শাসন কৰিছিল।সুনীত কুমাৰ চেটাৰ্জীৰ মতে এই বৰ্মন বংশ আৰু ম্লেছ বংশ চীনা-তিব্বতীয়।৯ হিউ বি. আৰ্বানে (২০১১)ও অনুমান কৰিছে যে বৰ্মনসকল অনাৰ্য জনগোষ্ঠীৰ পৰাই আহিছে।৯ মধ্যযুগীয় যুগত অধিকাংশ ৰাজ্য এই চীনা-তিব্বতীয়সকলে নিৰ্মাণ কৰিছিল। তাৰ ভিতৰত আহোম, চুতীয়া, কছাৰী ৰাজ্য আৰু কোচ বংশ উল্লেখযোগ্য।৯

উৎস প্ৰসংগ

  • Su, Bing; Xiao, Chunjie; Deka, Ranjan. (2000). Y chromosome haplotypes reveal prehistorical migrations to the Himalayas. Human Genetics. পৃ. 582–590
  • Gogoi, J. (2002). Agrarian System of Medieval Assam. Concept Publishing Company. ISBN 978-81-7022-967-4
  • Taher, Mohammad (1993), "The Peopling of Assam and contemporary social structure", in Ahmad, Aijazuddin (ed.), Social Structure and Regional Development, New Delhi: Rawat Publication, pp. 201–218
  • Reddy, B. Mohan; Langstieh, B. T.; Kumar, Vikrant. (2007-11-07). Austro-Asiatic Tribes of Northeast India Provide Hitherto Missing Genetic Link between South and Southeast Asia. PLoS ONE. Public Library of Science (PLoS). পৃ. e1141
  • Burling, Robbins (2013). "The Tibeto-Burman Languages of Northeastern India". In LaPollo, Randy J. Sino-Tibetan languages. Routledge. ISBN 9781135797171. Search this book on
  • Choudhury, S.; Indian Institute of Advanced Study. (2007). The Bodos: Emergence and Assertion of an Ethnic Minority. Indian Institute of Advanced Study. ISBN 978-81-7986-054-0
  • DeLancey, Scott. (2012-01-01). North East Indian Linguistics. Foundation Books
  • Endle, Sidney. (2024-06-26). The Kacharis: Sidney Endle. Internet Archive
  • Jaquesson, François (2017). Translated by van Breugel, Seino. "The linguistic reconstruction of the past: The case of the Boro-Garo languages". Linguistics of the Tibeto-Burman Area. 40 (1): 90–122. doi:10.1075/ltba.40.1.04van.

তথ্যসূত্ৰ

  1. ↑ The second group to have come to Assam from the north-east and east are the people speaking Tibeto-Burman languages, especially eastern Himalayan, north Assam, Bodo and Naga groups of languages Taher 1993, পৃ. 202-203
  2. ↑ Gogoi 2002, পৃ. 25
  3. ↑ Benedict, Paul K. (1972), Matisoff, J. A. (ed.), Sino-Tibetan: A conspectus, Cambridge: Cambridge University Press, ISBN 978-0-521-08175-7
  4. ↑ "...they are an ethnic tribe of Tai Mongolian origin," Gogoi, Karabi Baruah. (2020-09). Assamese Language and Ethno Dialect Variety as Spoken by the Matak Community of Assam. International Journal of Creative Research Thoughts. IJCRT. পৃ. 2773
  5. ↑ Su Xiao Deka, পৃ. 582–590
  6. ↑ Su Xiao Deka
  7. ↑ BM Reddy 2007
  8. ↑ Terwiel, B.J. (1996). "Recreating the Past: Revivalism in Northeastern India.". Bijdragen Tot de Taal-, Land- en Volkenkunde খণ্ড 152 (2): 275–92. doi:10.1163/22134379-90003014
  9. ↑ Urban, Hugh B. (2011). "The Womb of Tantra: Goddesses, Tribals, and Kings in Assam". The Journal of Hindu Studies. 4 (3): 231–247. doi:10.1093/jhs/hir034

সম্পৰ্কিত শ্ৰেণী

অসমৰ জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৬১৮৪৮৫ (২১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।