১৯৩৪ চনৰ ২৭ এপ্ৰিল তাৰিখে ছাৰ চি ভি ৰমণে ভাৰতীয় বিজ্ঞান একাডেমী (Indian Academy of Sciences) প্ৰতিষ্ঠা কৰে। সেই বছৰৰে ৩১ জুলাই তাৰিখে ৬৫ জন সদস্যৰে সৈতে প্ৰতিষ্ঠানটোৰ শুভাৰম্ভণি কৰা হয়। সেইদিনাই অনুষ্ঠিত হোৱা এখন সভাত ছাৰ চি ভি ৰমণক প্ৰতিষ্ঠানটোৰ সভাপতিৰূপে নিৰ্বাচিত কৰি সংবিধানখনো ৰচনা কৰা হয়।১
উদ্দেশ্য
প্ৰতিষ্ঠানটোৰ মূল উদ্দেশ্য:
- প্ৰায়োগিক আৰু বিশুদ্ধ বিজ্ঞানৰ প্ৰগতি
- বিজ্ঞানৰ বিভিন্ন শাখাৰ গৱেষণাত উদগণি জনোৱা
- ভাৰতৰ বৈজ্ঞানিক গৱেষণাক বিশ্বৰ দৰবাৰলৈ লৈ যোৱা
- বিভিন্ন প্ৰতিষ্ঠানবোৰত হৈ থকা গৱেষণাৰ খবৰ মানুহৰ মাজলৈ লৈ যোৱা
- বিজ্ঞান একাডেমীত জমা দিয়া বিভিন্ন গৱেষণা পত্ৰত ওপৰত আলোচনা
- বিজ্ঞান সম্পৰ্কীয় কাম কাজত চৰকাৰক পৰামৰ্শ প্ৰদান
ৰমণ আসন
১৯৭২ চনৰ পৰা ভাৰত চৰকাৰে ছাৰ চি ভি ৰমণৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ বিশিষ্ট বিজ্ঞানীক ছয় সপ্তাহৰ পৰা ছয় মাহৰ এক সময়ৰ বাবে এই সন্মান প্ৰদান কৰে।
অন্যান্য কাম
একাডেমীয়ে সমগ্ৰ ভাৰতৰ নিৰ্বাচিত শিক্ষকৰ বাবে দুসপ্তাহজোৰা এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। তাৰোপৰি নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী তথা শিক্ষকৰ বাবে ফেল'শ্বিপ প্ৰদানৰ এক কাৰ্যক্ৰমো প্ৰতি বছৰে অনুষ্ঠিত হয়। কিছু নিৰ্দিষ্ট বিষয়ৰ ওপৰত বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বক্তৃতা অনুষ্ঠানো হয়।
তথ্যসূত্ৰ
- ↑ D. P. Burma; Maharani Chakravorty. (2011). From Physiology and Chemistry to Biochemistry. Pearson Education India. পৃ. 169–. ISBN 978-81-317-3220-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় বিজ্ঞান একাডেমী” প্ৰবন্ধৰ সংশোধন ৩৫৫২৫৫ (২২ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।