অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মুম্বাই বিশ্ববিদ্যালয়

অনানুষ্ঠানিকভাৱে মুম্বাই বিশ্ববিদ্যালয় (MU) নামে জনাজাত মুম্বাই বিশ্ববিদ্যালয় ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত এখন ৰাজহুৱা আৰু চৰকাৰী বিশ্ববিদ্যালয়।

হালনাগাদ: ২৩ নৱেম্বৰ ২০২৫ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

অনানুষ্ঠানিকভাৱে মুম্বাই বিশ্ববিদ্যালয় (MU) নামে জনাজাত মুম্বাই বিশ্ববিদ্যালয় ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত এখন ৰাজহুৱা আৰু চৰকাৰী বিশ্ববিদ্যালয়। ব্ৰিটিছশাসিত বোম্বে যুগতে যাত্ৰাৰম্ভ কৰা বিশ্ববিদ্যালয়খন ভাৰতৰ পুৰণি শিক্ষানুষ্ঠানৰ ভিতৰত অন্যতম৷

মুম্বাই বিশ্ববিদ্যালয় বিশ্বৰ অন্যতম বৃহৎ বিশ্ববিদ্যালয়। ১ ২০১৩ চনলৈকে বিশ্ববিদ্যালয়খনত ৭১১ খন সংযুক্ত মহাবিদ্যালয় আছিল।২ বিশ্ববিদ্যালয়খনৰ উপদেষ্টা পৰিষদৰ নিযুক্তিপ্ৰাপ্ত মুৰব্বী হৈছে ৰতন টাটা। ৩

ইতিহাস

১৮৫৪ চনত ছাৰ চাৰ্লছ উডে খচৰা প্ৰস্তুত কৰা "Wood's despatch" অনুসৰি ১৮৫৭ চনত বোম্বে এছ'চিয়েচনৰ ফালৰ পৰা ভাৰতৰ ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰৰ ওচৰত এখন আবেদন দাখিল কৰাৰ পিছত দ্য ইউনিভাৰ্চিটি অৱ বম্বে স্থাপন কৰা হয়।৪ মুম্বাই বিশ্ববিদ্যালয়খন যুক্তৰাজ্যৰ একেধৰণৰ বিশ্ববিদ্যালয়সমূহৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল, বিশেষকৈ লণ্ডন বিশ্ববিদ্যালয়ৰ আৰ্হিত৷৪

বিশ্ববিদ্যালয়ৰ অধীনত পোনপ্ৰথমে প্ৰতিষ্ঠা লাভ কৰা বিভাগ দুটা হৈছে:১৮৩৫ চনত এলফিনষ্টন কলেজত 'ফেকাল্টি অৱ আৰ্টছ' আৰু ১৮৪৫ চনত গ্ৰাণ্ট মেডিকেল কলেজত 'ফেকাল্টি অৱ মেডিচিন'।৪ বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ আগতেই এই দুয়োখন মহাবিদ্যালয়ৰ অস্তিত্ব আছিল আৰু তেওঁলোকে নিজৰ ডিগ্ৰী প্ৰদানৰ বিশেষাধিকাৰ বিশ্ববিদ্যালয়খনক দিছিল। ১৮৬২ চনত প্ৰদান কৰা প্ৰথম ডিগ্ৰীসমূহ আছিল 'কলা শাখাত স্নাতক' আৰু 'চিকিৎসা বিজ্ঞানত অনুজ্ঞাপত্ৰ'।৪ হায়দৰাবাদত থকা সিন্ধ মেডিকেল স্কুলৰ দৰে চিকিৎসা বিদ্যালয়সমূহো বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত হৈছিল।

পিছলৈ ছমাৰভিল কলেজত আইন অধ্যয়ন কৰি অক্সফৰ্ডৰ প্ৰথম মহিলা আইন ছাত্ৰী আৰু ভাৰতৰ প্ৰথম মহিলা অধিবক্তা হিচাপে পৰিগণিত হোৱা কৰ্ণেলিয়া ছ'ৰাবজী ১৮৮৮ চনত বিশ্ববিদ্যালয়খনৰ প্ৰথমগৰাকী মহিলা স্নাতক আছিল।৫৬

১৯০৪ চনলৈকে বিশ্ববিদ্যালয়খনে কেৱল পৰীক্ষা অনুষ্ঠিত কৰিছিল, মহাবিদ্যালয়সমূহক অনুমোদন প্ৰদান কৰিছিল, পাঠ্যক্ৰম প্ৰস্তুত কৰিছিল আৰু পাঠ্যক্ৰম প্ৰস্তুত কৰা মহাবিদ্যালয়সমূহৰ বাবে নিৰ্দেশনা প্ৰস্তুত কৰিছিল।৪১৯০৪ চনৰ পৰাহে শিক্ষকতা বিভাগ, গৱেষণা শাখা, স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হয়, আৰু কেইবাটাও অতিৰিক্ত বিভাগ স্থাপন কৰা হয়। ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫৩ চনৰ বম্বে বিশ্ববিদ্যালয় আইন অনুসৰি বিশ্ববিদ্যালয়খনৰ কাৰ্য আৰু ক্ষমতাসমূহ পুনৰ্সংগঠিত কৰা হয়।৭ ১৯৯৬ চনত বিশ্ববিদ্যালয়খনৰ নাম বম্বে বিশ্ববিদ্যালয়ৰ পৰা মুম্বাই বিশ্ববিদ্যালয়লৈ সলনি কৰা হয়।৮

১৯৪৯ চনত ৮০ খন সংযুক্ত মহাবিদ্যালয়ৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি আছিল ৪২,২৭২ গৰাকী। ১৯৭৫ চনত এই সংখ্যা হৈছিলগৈ যথাক্ৰমে ১,৫৬,১৯০ আৰু ১১৪।৪

ন্যায়াধীশ মহাদেৱ গোৱিন্দ ৰাণাডে ভৱন
ন্যায়াধীশ মহাদেৱ গোৱিন্দ ৰাণাডে ভৱনছবি: Virani q · CC BY-SA 4.0
১৮৯০ চনৰ আশে-পাশে মুম্বাই বিশ্ববিদ্যালয়ৰ বাগিচা
১৮৯০ চনৰ আশে-পাশে মুম্বাই বিশ্ববিদ্যালয়ৰ বাগিচাছবি: Unknown author · Public domain
বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনটি, নেপথ্যত বোম্বাই ষ্টক এক্সেঞ্জ
বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনটি, নেপথ্যত বোম্বাই ষ্টক এক্সেঞ্জছবি: தகவலுழவன் · CC BY-SA 3.0

তথ্যসূত্ৰ

  1. ↑ "Mumbai University records 60% rise in students": DNA – Daily News and Analysis newspaper article, Monday, 21 March 2011
  2. ↑ With 811 colleges, Pune varsity 2nd largest in country The Times of India newspaper article: 4 November 2013
  3. ↑ Ratan Tata to head Mumbai University's first advisory council
  4. ↑ Aroon Tikekar. (2006). The Cloister's Pale: A Biography of the University of Mumbai. Popular Prakashan. ISBN 978-81-7991-293-5
  5. ↑ First lady – Moneylife
  6. ↑ (13 December 2012). University strengthens ties with India. Cherwell
  7. ↑ Ṭikekara, Aroon. (2006). The Cloisters Pale. Popular Prakashan. পৃ. 327. ISBN 978-817991293-5
  8. ↑ Government of Maharashtra Gazette 4 September 1996

সম্পৰ্কিত শ্ৰেণী

বিশ্ববিদ্যালয়ভাৰতৰ শিক্ষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুম্বাই বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৫৫৭০০ (২৩ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।