অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

দেৱৰাজ ৰয় মহাবিদ্যালয়

দেৱৰাজ ৰয় মহাবিদ্যালয় বা ডি আৰ কলেজ হৈছে গোলাঘাটৰ জোনাকী নগৰত অৱস্থিত এখন চৰকাৰী মহাবিদ্যালয়। ১৯৪৯ চনত স্থাপিত এই মহাবিদ্যালয়খনত কলা আৰু বিজ্ঞান উভয় শাখাৰে মুঠ ১৫ টা বিভাগ আছে।

হালনাগাদ: ৪ ফেব্ৰুৱাৰী ২০২৫ ২৩৯ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

দেৱৰাজ ৰয় মহাবিদ্যালয় বা ডি আৰ কলেজ হৈছে গোলাঘাটৰ জোনাকী নগৰত অৱস্থিত এখন চৰকাৰী মহাবিদ্যালয়। ১৯৪৯ চনত স্থাপিত এই মহাবিদ্যালয়খনত কলা আৰু বিজ্ঞান উভয় শাখাৰে মুঠ ১৫ টা বিভাগ আছে। ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ চমুকৈ নাকে (NAAC) ক্ৰমে ২০১১ চনত আৰু ২০২৩ চনত মহাবিদ্যালয়খনক A গ্ৰেডেৰে মূল্যাংকন কৰে। মহাবিদ্যালয়খনত বৰ্তমান উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত ২৫০০ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। ২০১০ আৰু ২০১৪ চনত বিশ্ববিদ্যালয় অনুদান আয়োগে মহাবিদ্যালয়খনক 'উৎকৰ্ষৰ সম্ভাৱনীয়তাপুষ্ট মহাবিদ্যালয়'(College with Potential for Excellence) হিচাপে চিহ্নিত কৰিছে।

ইতিহাস

১৯৪৯ চনৰ ১ছেপ্টেম্বৰত সেই সময়ৰ ছাত্ৰনেতা অযোধ্যা প্ৰসাদ গোস্বামী, স্বাধীনতা সংগ্ৰামী নেতা গোলাপ চন্দ্ৰ গোস্বামী, ড° প্ৰমোদাভিৰাম দাস, যদুনাথ শইকীয়া আদি ব্যক্তিৰ প্ৰচেষ্টাত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। দেৱৰাজ ৰয় মহাবিদ্যালয় আছিল গোলাঘাট জিলাৰ (সেই সময়ৰ অবিভক্ত শিৱসাগৰ জিলা) প্ৰথমখন মহাবিদ্যালয়। ১৯৬৫ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়খন সেই বছৰত অসম চৰকাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনলৈ আনে।১

বিভাগসমূহ

মহাবিদ্যালয়খনত তলত উল্লিখিত ১৫ টা বিভাগ আছে।

কলা শাখা

  • অসমীয়া
  • অৰ্থনীতি
  • ইংৰাজী
  • ইতিহাস
  • দৰ্শন
  • ৰাজনীতি বিজ্ঞান
  • শিক্ষা

বিজ্ঞান শাখা

  • পদাৰ্থ বিজ্ঞান
  • ৰসায়ন বিজ্ঞান
  • গণিত
  • জীৱ বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • পৰিসংখ্যা বিজ্ঞান
  • জৈৱপ্ৰযুক্তি
  • কম্পিউটাৰ বিজ্ঞান

পাঠ্যক্ৰমসমূহ

সাধাৰণ পাঠ্যক্ৰম

  • কলা আৰু বিজ্ঞানৰ দুবছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম
  • কলা আৰু বিজ্ঞানৰ তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰম
  • অৰ্থবিজ্ঞান আৰু জীৱবিজ্ঞান বিষয়ত দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম
  • জীৱবিজ্ঞান বিষয়ৰ তত্ত্বাৱধায়ক অধ্যাপকৰ অধীনত পি এইচ ডি গৱেষণা

ব্যৱহাৰিক পাঠ্যক্ৰম

  • কম্পিউটাৰ এপ্লিকেচন

অন্যান্য

  • ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত ডিপ্ল'মা আৰু চাৰ্টিফিকেট পাঠ্যক্ৰম
  • কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত ডিপ্ল'মা আৰু চাৰ্টিফিকেট পাঠ্যক্ৰম
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰৱৰ্তী শিক্ষাৰ অধীনত অসমীয়া, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি আৰু গণিতৰ স্নাতকোত্তৰ পাঠ্যক্ৰম

তথ্যসূত্ৰ

  1. ↑ (2019-02-09). College History. DR College

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱৰাজ ৰয় মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৬৯৫৭২ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।