অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ইং: Akhil Bharatiya Vidyarthi Parishad ),সৰ্বভাৰতীয় পৰ্যায়ত শিক্ষাৰ ক্ষেত্ৰত কৰ্মৰত সোপন্থী ছাত্ৰ সংগঠন। অ ভা বি প ৰ প্ৰতিষ্ঠা হৈছিল ১৯৪৮ চনত আৰু পিছলৈ ১৯৪৯ চনৰ ৯ জুলাই তাৰিখে আনুষ্ঠানিক ভাৱে পঞ্জীভুত হয়।১ ই ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন। ২
২০১৪ চনৰ নবেম্বৰৰ অনুসৰি ড° ৰাজচৰণ শ্বাহি(চেন্নাই)পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি আৰু যজ্ঞবল্ক শুক্লা\(দিল্লী) ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক পদত অধিষ্ঠিত। ৩
ইতিহাস
ছাত্ৰশক্তিক ৰাষ্ট্ৰ পুনৰ্নিৰ্মাণৰ বাবে উদ্বুদ্ধ কৰাৰ লক্ষৰে অ ভা বি প ৰ জন্ম হৈছিল ভাৰতৰ স্বাধীনতাৰ এবছৰ পিছতে ১৯৪৮ চনত। কেইজন মান ছাত্ৰ শিক্ষকে আগভাগ লোৱা পৰিষদৰ পৰিৱৰ্তি সময়ত ১৯৪৯ চনৰ ৯ জুলাইত পঞ্জীভূত হয়। প্ৰথম কেইবছৰমান ধীৰ গতিত আগবঢ়া পৰিষদখন, ১৯৫৮ চনত য়চৱন্ত কেলকাৰে দায়িত্ব লোৱাৰ পিছত নতুন গতি লাভ কৰে। কেলকাৰ আছিল বম্বেৰ এজন প্ৰৱক্তা। তেওঁ পৰিষদৰ বৰ্তমানৰ অৱস্থা পোৱাত অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁক পৰিষদৰ মুখ্য গুৰি ধৰোঁতা হিছাপে অভিহিত কৰা হয়।৪
ক্ৰমান্বয়ে পৰিষদৰ কৰ্মৰ পৰিসৰ ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়লৈ বিয়পি পৰিল।৫ ভাজপাৰ ছাত্ৰ সংগঠন বুলি এক গুজৱ চলি থাকে যদিও, পৰিষদ প্ৰকৃততে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(আৰ এচ এচ)ৰ হে ছাত্ৰ সংগঠন বুলি নিজকে অভিহিত কৰে।৬৭ ইয়াৰ প্ৰতিষ্ঠা ভাজপাতকৈ বহু আগত। অৱশ্যে পৰিষদে ভাজপাৰ যুৱ সংগঠন ভাৰতীয় যুৱ মৰ্চাৰ লগত কিছু সমযত যুটীয়া কাৰ্যসূচী গ্ৰহণ কৰে।৮৯
কাৰ্যকলাপ
পৰিষদে ৰাষ্ট্ৰীয় অখণ্ডতাৰ লক্ষ্যৰে বহুতো প্ৰকল্প হাতত লৈছে। তদুপৰি সামাজিক দায়িত্ব বোধেৰে বিভিন্ন অৰ্থ-সামাজিক সমস্যা তথা অন্যান্য সমস্যাৰ সমাধানৰ লক্ষ্যৰে বহুতো প্ৰকল্প হাতত লৈছে। পৰিষদে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সমূহ হ’ল:
- কিতাপ-বেংক
- আন্তঃমহাবিদ্যলয় আৰু আন্তঃবিশ্ববিদ্যালয়ভিত্তিক সংগীত প্ৰতিযোগিতা
- চিত্ৰাংকণ প্ৰতিযোগিতা
- সাহিত্য প্ৰতিযোগিতা
- ছাত্ৰ লিখক মিট
- ক্ৰীড়া মিট
- প্ৰযুক্তি, চিকিৎসা,ব্যৱস্থাপনা ও কৃষি সম্পৰ্কীয় ছাত্ৰ কৰ্মশালা
- অভিযান্ত্ৰিক ও প্ৰযুক্তিবিদ্যা প্ৰদৰ্শনী
- Students' Vacation Employment Bureau
- First Class First Felicitation functions
- Social participation camps
- Personality development camps
- Indo-foreign Students' Bureau
- Study circles and art circles
- My Home is India
ইয়াৰ উপৰিও পৰিষদে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে কাম কৰি আহিছে। ১০ বিভিন্ন বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা জৰিয়তেও এই সমস্যাবোৰ সমাধানত গুৰুত্ব আৰোপ কৰিছে।
অভাবিপৰ বিভিন্ন উপসংস্থাসমূহ
- World Organisation of Students and Youth (WOSY) ১১
- Students for Development (SFD)১২
- Student's Experience in Interstate Living (SEIL) ১৩
- আৰোহণ(অভিযান্ত্ৰিক উপসংস্থা, অসম)
প্ৰকাশন
অভাবিপৰ নিজা বাৰ্তালোচনীখন হ'ল "ৰাষ্ট্ৰীয় ছাত্ৰশক্তি।" এই বাৰ্তালোচনীখন নতুন দিল্লীৰ পৰা মাহেকীয়া ভাৱে হিন্দী ভাষা ভাষাত প্ৰকাশ হয়।১৪ তদুপৰি পৰিষদে বিভিন্ন বিষয়ত আলোচনা-পুথি প্ৰকাশ কৰে।
লগতে চাওক
- ABVP. (2005-12-24). Resolutions
- (2004-05-02). ABVP urges policy to stop commercialisation of education. Deccan Herald
- ABVP Karyakartas take up Tsunami Relief Work
- ABVP protests against attacks on Indians in Australia
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Foundation; retrieved 31 March 2011
- ↑ retrieved on 5 September 2014
- ↑ retrieved 15 April 2015
- ↑ ABVP history. Abvp.org
- ↑ ABVP largest in world
- ↑ (2011-10-13). ABVP not a student wing of mim. Indiatoday.intoday.in
- ↑ ABVP leaders
- ↑ Protests by BJYM, ABVP mar ICET counselling
- ↑ BJYM, ABVP protest against incursion by Chinese
- ↑ (2012-09-11). ABVP educational reforms. Thehindu.com
- ↑ wosy.org/
- ↑ SFD a forum of ABVP
- ↑ আৰ্কাইভ কপি
- ↑ Обновление FLV Player. Abvp.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ” প্ৰবন্ধৰ সংশোধন ৬৩৯৪২৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।