নাৰীবাদী তত্ত্ব (Feminist Theory) হৈছে নাৰীবাদৰ তাত্ত্বিক, কাল্পনিক বা দাৰ্শনিক বক্তৃতাৰ সম্প্ৰসাৰণ। ইয়াৰ লক্ষ্য লিংগ বৈষম্যৰ স্বৰূপ বুজি পোৱা। ইয়াত নাৰী আৰু পুৰুষৰ সামাজিক ভূমিকা, অভিজ্ঞতা, আগ্ৰহ, কাম-কাজ আৰু নাৰীবাদী ৰাজনীতি বিভিন্ন ক্ষেত্ৰত পৰীক্ষা কৰা হয়৷ তাৰে ভিতৰত নৃতত্ত্ব আৰু সমাজবিজ্ঞান, যোগাযোগ, সংবাদ মাধ্যমৰ অধ্যয়ন, মনোবিশ্লেষণ,১ ৰাজনৈতিক তত্ত্ব, গৃহ অৰ্থনীতি, সাহিত্য, শিক্ষা, আৰু দৰ্শন আদি উল্লেখযোগ্য।২
নাৰীবাদী তত্ত্বই প্ৰায়ে লিংগ বৈষম্য বিশ্লেষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নাৰীবাদী তত্ত্বত প্ৰায়ে অন্বেষণ কৰা বিষয়বস্তুসমূহৰ ভিতৰত আছে বৈষম্য, বস্তুনিষ্ঠতা (বিশেষকৈ যৌন বস্তুনিষ্ঠতা), অত্যাচাৰ, পিতৃতন্ত্ৰ,৩৪ কু-সংস্কাৰ, শিল্প ইতিহাস৫ আৰু সমসাময়িক শিল্প,৬৭ আৰু নান্দনিকতা।৮৯
ইতিহাস
১৭৯৪ চনতে মেৰী উলষ্টোনক্ৰাফ্টৰ "এ ভিণ্ডিকেচন অৱ দ্য ৰাইটছ অৱ উইমেন", "দ্য চেঞ্জিং ৱমেন"১০, "এইন'ট আই এ উইমেন"১১, "স্পিচ আফটাৰ এৰেষ্ট ফৰ আইলেগল ভোটিং" ১২আদি প্ৰকাশনত নাৰীবাদী তত্ত্বৰ প্ৰথম উত্থান ঘটিছিল৷ "দ্য চেঞ্জিং ৱমেন" হৈছে এটা Navajo কল্পকাহিনী যিয়ে এগৰাকী মহিলাক পৃথিৱীখনক জনবসতিপূৰ্ণ কৰি তোলাৰ কৃতিত্ব দিছিল।১৩ ১৮৫১ চনত ছ'জাৰ্নাৰ ট্ৰুথে তেওঁৰ প্ৰকাশন "আইন'ট আই এ ৱমেন"ৰ জৰিয়তে মহিলাৰ অধিকাৰৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ছ’জাৰ্নাৰ ট্ৰুথে নাৰীৰ প্ৰতি পুৰুষৰ ত্ৰুটিপূৰ্ণ ধাৰণাৰ বাবে মহিলাৰ অধিকাৰ সীমিত হোৱাৰ বিষয়টোক লৈ আলোচনা কৰে। ট্ৰুথে যুক্তি দিছিল যে যদি কোনো বিশেষ বৰ্ণৰ মহিলাই পুৰুষৰ মাজতে সীমাবদ্ধ বুলি বিবেচিত হোৱা কামবোৰ কৰিব পাৰে, তেন্তে যিকোনো বৰ্ণৰ যিকোনো মহিলাই সেই একেবোৰ কাম কৰিব পাৰে। অবৈধভাৱে ভোটদানৰ বাবে গ্ৰেপ্তাৰ হোৱাৰ পিছত চুজান বি এন্থনীয়ে আদালতৰ ভিতৰত ভাষণ দিছিল, য'ত তেওঁ ১৮৭২ চনত তেওঁৰ প্ৰকাশন "অবৈধ ভোটদানৰ বাবে গ্ৰেপ্তাৰৰ পিছত ভাষণ"ত নথিভুক্ত সংবিধানৰ অভ্যন্তৰীণ ভাষাৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰে। এন্থনীয়ে সংবিধানৰ কৰ্তৃত্বশীল নীতিসমূহৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে আৰু ইয়াৰ পুৰুষ-লিংগ ভাষাকো প্ৰশ্নচিহ্ন তোলে। তেওঁ এই প্ৰশ্ন উত্থাপন কৰে যে আইনৰ অধীনত শাস্তি পাবলৈ মহিলা কিয় জবাবদিহি হয়? অথচ একেখন আইনকে তেওঁলোকে নিজৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে ? (বিশেষকৈ মহিলাই ভোট দিব নোৱাৰিলে, সম্পত্তিৰ মালিক হ’ব নোৱাৰিলে, বিবাহত নিজৰ তত্ত্বাৱধান বজাই ৰাখিব নোৱাৰিলে?)। সংবিধানখনৰ পুৰুষ-লিংগ ভাষাৰ বাবেও সমালোচনা কৰি মহিলাসকলে কিয় নাৰীক নিৰ্দিষ্ট নকৰা আইন মানি চলিব লাগে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে।
নেন্সি কটে আধুনিক নাৰীবাদ আৰু ইয়াৰ পূৰ্বসূৰী বিশেষকৈ ভোটাধিকাৰৰ সংগ্ৰামৰ মাজত পাৰ্থক্যক বিবেচনালৈ আনে। আমেৰিকাত তেওঁ ১৯২০ চনত (১৯১০–১৯৩০) মহিলাসকলে ভোট লাভ কৰাৰ আগৰ আৰু পিছৰ দশকবোৰত তেওঁ এক বিচাৰ্য বিন্দু স্থাপন কৰে। তেওঁৰ মতে পূৰ্বৰ নাৰী আন্দোলনটো মূলতঃ নাৰীক এক সাৰ্বজনীন সত্তা হিচাপে লৈ আৰম্ভ হৈছিল৷ আনহাতে এই ২০ বছৰৰ সময়ছোৱাত এই আন্দোলনে নিজকে মূলতঃ সামাজিক পাৰ্থক্যৰ সৈতে জড়িত, ব্যক্তিত্ব আৰু বৈচিত্ৰ্যৰ প্ৰতি মনোযোগী আন্দোলনলৈ ৰূপান্তৰিত হৈছে। নতুন বিষয়সমূহে নাৰীৰ অৱস্থাক সামাজিক গঠন হিচাপে, লিংগ পৰিচয়, আৰু লিংগৰ ভিতৰত আৰু লিংগৰ মাজৰ সম্পৰ্কৰ বিষয়ে অধিক আলোচনা কৰিছে। ৰাজনৈতিকভাৱে ই সোঁপন্থীৰ সৈতে আৰামদায়ক মতাদৰ্শগত প্ৰান্তীয়কৰণৰ পৰা বাওঁপন্থীৰ সৈতে অধিক আমূলভাৱে জড়িত প্ৰান্তীয়কৰণলৈ পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰিছে।১৪
শাখাসমূহ
জ্ঞানতত্ত্ব
জ্ঞান কেনেকৈ উৎপন্ন হয়, সৃষ্টি হয় আৰু বিতৰণ কৰা হয় সেই সম্পৰ্কীয় প্ৰশ্নসমূহ নাৰীবাদী তত্ত্বৰ পশ্চিমীয়া ধাৰণা আৰু নাৰীবাদী জ্ঞানতত্ত্বৰ আলোচনাৰ কেন্দ্ৰীয় বিষয় হৈ আহিছে।
আন্তঃবিভাজনীয়তা
জাতি, লিংগ, শ্ৰেণী, জাতি আৰু যৌন অভিমুখৰ আধিপত্যশীল কাৰক সম্পৰ্কে মানুহক বিভিন্ন ধৰণে পৰীক্ষা কৰাটোৱেই হৈছে আন্তঃবিভাজন।
ভাষা
মূল প্ৰবন্ধ: নাৰীবাদী ভাষা সংস্কাৰ
এই বিতৰ্কত নাৰী লেখিকাসকলে পুৰুষ লিংগভিত্তিক ভাষাৰ জৰিয়তে পুৰুষসুলভ লেখাৰ বিষয়সমূহ সম্বোধন কৰিছে যিয়ে নাৰী জীৱনৰ সাহিত্যিক বুজাবুজিক ঠাই নিদিবও পাৰে।
মনোবিজ্ঞান
মূল প্ৰবন্ধ: নাৰীবাদী মনোবিজ্ঞান
নাৰীবাদী মনোবিজ্ঞান হৈছে সমাজৰ গাঁথনি আৰু লিংগক কেন্দ্ৰ কৰি মনোবিজ্ঞানৰ এক প্ৰকাৰ। নাৰীবাদী মনোবিজ্ঞানে ঐতিহাসিকভাৱে কৰি অহা মানসিক গৱেষণাক প্ৰায়েই পুৰুষৰ দৃষ্টিকোণৰ পৰা নিৰীক্ষণ কৰা ধাৰণাটোক সমালোচনা কৰে৷ ১৫
মনোবিশ্লেষণ
মনোবিশ্লেষণাত্মক নাৰীবাদ আৰু নাৰীবাদী মনোবিশ্লেষণ ফ্ৰয়েড আৰু তেওঁৰ মনোবিশ্লেষণাত্মক তত্ত্বৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে যদিও ইয়াৰ দ্বাৰা ইয়াৰ এক গুৰুত্বপূৰ্ণ সমালোচনাও যোগান ধৰা হৈছে। ইয়াৰ মতে লিংগ জৈৱিক নহয়, বৰঞ্চ ব্যক্তিৰ মনো-যৌন বিকাশৰ ওপৰত ভিত্তি কৰিহে ই গঢ় লৈ উঠে৷ ইয়াৰ উপৰি যৌন পাৰ্থক্য আৰু লিংগৰ ধাৰণা বেলেগ।
সাহিত্য তত্ত্ব
মূল প্ৰবন্ধ: নাৰীবাদী সাহিত্য সমালোচনালগতে চাওক: নাৰীবাদী সাহিত্য
নাৰীবাদী সাহিত্য সমালোচনা হৈছে নাৰীবাদী তত্ত্ব বা ৰাজনীতিৰ দ্বাৰা অৱগত সাহিত্য সমালোচনা। ইয়াৰ ইতিহাসে জৰ্জ এলিয়ট, ভাৰ্জিনিয়া উলফ,১৬ আৰু মাৰ্গাৰেট ফুলাৰৰ দৰে মহিলা লেখিকাৰ ধ্ৰুপদী গ্ৰন্থৰ পৰা আৰম্ভ কৰি "তৃতীয় ঢৌ" লেখকৰ মহিলা অধ্যয়ন আৰু লিংগ অধ্যয়নৰ শেহতীয়া তাত্ত্বিক কামক সামৰি লৈছে।১৭
চলচ্চিত্ৰ তত্ত্ব
মূল প্ৰবন্ধ: নাৰীবাদী চলচ্চিত্ৰ তত্ত্ব
ল'ৰা মালভেৰ দৰে বহু নাৰীবাদী চলচ্চিত্ৰ সমালোচকে ধ্ৰুপদী হলিউডৰ চলচ্চিত্ৰ নিৰ্মাণত প্ৰধান "পুৰুষ দৃষ্টি"ৰ দিশটোলৈ আঙুলিয়াই দিছে।
ইতিহাস
মূল প্ৰবন্ধ: নাৰীবাদী ইতিহাস
নাৰীবাদী ইতিহাসে নাৰীবাদী দৃষ্টিকোণৰ পৰা ইতিহাসৰ পুনৰ অধ্যয়ন আৰু পুনৰ ব্যাখ্যাক চিহ্নিত কৰে।
ভূগোল
মূল প্ৰবন্ধ: নাৰীবাদী ভূগোল
নাৰীবাদী ভূগোলক প্ৰায়ে বিষয়টোৰ প্ৰতি বহল উত্তৰ আধুনিক দৃষ্টিভংগীৰ অংশ বুলি গণ্য কৰা হয় যি মূলতঃ নিজৰ মাজতে ধাৰণাগত তত্ত্বৰ বিকাশৰ সৈতে জড়িত নহয়; বৰঞ্চ ব্যক্তি আৰু গোটৰ নিজৰ স্থানীয়তাৰ বাস্তৱ অভিজ্ঞতাৰ ওপৰত, তেওঁলোকে বাস কৰা ভূগোলৰ ওপৰত গুৰুত্ব দিয়ে।
দৰ্শন
মূল প্ৰবন্ধ: নাৰীবাদী দৰ্শন
নাৰীবাদী দৰ্শনে নাৰীবাদী দৃষ্টিকোণৰ পৰা গ্ৰহণ কৰা দৰ্শনক বুজায়। নাৰীবাদী দৰ্শনত নাৰীবাদী আন্দোলনসমূহৰ কাৰ্যক আগুৱাই নিবলৈ ব্যৱহাৰ কৰা দৰ্শনৰ পদ্ধতিসমূহ জড়িত হৈ থাকে৷
যৌন বিজ্ঞান
মূল প্ৰবন্ধ: নাৰীবাদী যৌনবিজ্ঞান
নাৰীবাদী যৌনবিজ্ঞান হৈছে যৌনতাবিজ্ঞানৰ পৰম্পৰাগত অধ্যয়নৰ এটা শাখা যিয়ে নাৰীৰ যৌন জীৱনৰ সৈতে সম্পৰ্কিত লিংগ আৰু লিংগৰ আন্তঃবিভাজনতাক গুৰুত্ব আৰোপ কৰে।
আইনী তত্ত্ব
মূল প্ৰবন্ধ: নাৰীবাদী আইনী তত্ত্বলগতে চাওক: নাৰীবাদী ন্যায় নীতি
নাৰীবাদী আইনী তত্ত্বৰ ভিত্তি হৈছে এটা নাৰীবাদী মত যিয়ে ক'ব খোজে যে, পুৰুষ সম্পৰ্কে আইনে নাৰীৰ প্ৰতি কৰা ব্যৱহাৰ ন্যায্য নহয়।
তথ্যসূত্ৰ
- ↑ Chodorow, Nancy J., Feminism and Psychoanalytic Theory (Yale University Press: 1989, 1991)
- ↑ Brabeck, Mary; Brown, Laura. (1997). Shaping the Future of Feminist Psychology: Education, Research, and Practice. American Psychological Association. পৃ. 15–35. ISBN 1-55798-448-4
- ↑ Gilligan, Carol, 'In a Different Voice: Women's Conceptions of Self and Morality' in Harvard Educational Review (1977)
- ↑ Lerman, Hannah, Feminist Ethics in Psychotherapy (Springer Publishing Company, 1990)
- ↑ Pollock, Griselda. Looking Back to the Future: Essays on Art, Life and Death. G&B Arts. 2001
- ↑ de Zegher, Catherine. Inside the Visible. Massachusetts: MIT Press 1996
- ↑ Armstrong, Carol and de Zegher, Catherine. Women Artists at the Millennium. Massachusetts: October Books / MIT Press 2006
- ↑ Arnold, Dana and Iverson, Margaret (Eds.). Art and Thought. Blackwell. 2003
- ↑ Florence, Penny and Foster, Nicola. Differential Aesthetics. Ashgate. 2000
- ↑ "The Changing Woman" (Navajo Origin Myth). Feminist Theory: A Reader. 2nd Ed. Edited by Kolmar, Wendy and Bartowski, Frances. New York: McGraw-Hill, 2005. 64
- ↑ Truth, Sojourner. "Ain't I a Woman". Feminist Theory: A Reader. 2nd Ed. Edited by Kolmar, Wendy and Bartowski, Frances. New York: McGraw-Hill, 2005. 79
- ↑ Anthony, Susan B. "Speech After Arrest for Illegal Voting". Feminist Theory: A Reader. 2nd Ed. Edited by Kolmar, Wendy and Bartowski, Frances. New York: McGraw-Hill, 2005. 91-95
- ↑ Native American Indian Legends - Changing Woman - Navajo
- ↑ Cott, Nancy F. The Grounding of Modern Feminism. New Haven: Yale University Press, 1987
- ↑ Crawford, M. & Unger, R. (2000). Women and Gender: A feminist psychology (3rd ed.). Boston, MA: McGraw-Hill Companies Inc
- ↑ Humm, Maggie, Modernist Women and Visual Cultures. Rutgers University Press, 2003
- ↑ Barry, Peter, 'Feminist Literary Criticism' in Beginning theory (Manchester University Press: 2002)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰীবাদী তত্ত্ব” প্ৰবন্ধৰ সংশোধন ৬৩২১৯১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।