সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মাতৃ
এগৰাকী মাতৃ ( Mother) হৈছে এগৰাকী মহিলা অভিভাৱক। মাতৃসকল হৈছে এনে একোগৰাকী মহিলা যি তেওঁলোকৰ সন্তানৰ সৈতে এক সম্পৰ্ক বহনৰ ভূমিকা পালন কৰে। এই সন্তান তেওঁলোকৰ জৈৱিক সন্তান হ'বও পাৰে বা নহ'বও পাৰে।
-
যোৰহাট চিকিৎসা মহাবিদ্যালয়
যোৰহাট চিকিৎসা মহাবিদ্যালয় (Jorhat Medical College) হৈছে অসমৰ চতুৰ্থখন চিকিৎসা মহাবিদ্যালয়। ই সমগ্ৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু মাজুলীৰ লগতে চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লোকৰ স্বাস্থ্য সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।
-
হাজং জনগোষ্ঠী
হাজং জনগোষ্ঠী ভাৰত উপমহাদেশৰ এক চীনা তিব্বতীয় জনগোষ্ঠী। এই জনগোষ্ঠী লোকসকলে ঘাইকৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম,মেঘালয় ৰাজ্যসমূহত আৰু বাংলাদেশৰ উত্তৰ অংশত বাস কৰে। হাজং সকলৰ সংখ্যাগৰিষ্ঠ লোকে ভাৰতত বাস কৰে। হাজং সকল সাধাৰণতে ধান খেতি কৰে। কথিত আছে যে তেওঁলোকে গাৰো পাহাৰত ধান খেতি আৰম্ভ কৰিছিল।
-
আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা
আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা চমুকৈ আই এল অ ৰাষ্ট্ৰসংঘৰ এটা সংস্থা। ইয়াৰ মূল উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় শ্ৰম মানদণ্ড নিৰ্ধাৰণ কৰি সামাজিক আৰু অৰ্থনৈতিক ন্যায় আগবঢ়োৱা। ১৯১৯ চনৰ অক্টোবৰ মাহত জাতিসংঘৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।
-
এলজিবিটি সমাজ
এলজিবিটিকিউ+ সমাজ (LGBTQ+ Community, বৈজ্ঞানিক ভাবে:পৃথকঅভিমুখী আৰু লিংগ সংখ্যালঘু সমাজ (Sexual and Gender Minorities)) হ'ল সাংস্কৃতিক আৰু সামাজিকভাৱে একত্ৰিত সংখ্যালঘু যৌন আৰু প্ৰেম অভিমুখিতা (Sexual and romantic orientation) থকা লেছবিয়ান (Lesbian), গে’ (Gay), বাইচেক্সুৱেল (Bisexual) আৰু পৃথক…
-
কলিতা জনগোষ্ঠী
কলিতা (Kalita) হৈছে উত্তৰ-পূব ভাৰত তথা অসমৰ এক প্ৰাচীন জনগোষ্ঠী। পৌৰাণিক কামৰূপ ৰাজ্যৰ বাসিন্দা আছিল কলিতাসকল। কলিতাসকল প্ৰধানত অসমৰ কৃষিজীৱী জনগোষ্ঠী। অসমত বসবাস কৰি অহা ভূমিপুত্ৰ জনগোষ্ঠীটোৱে কৃষিকাৰ্য, কুমাৰ, কঁহাৰ, শিপিনী আদি কৰ্মৰ সৈতে জড়িত হৈ এক স্বগোষ্ঠীয় পৰিচয় বহন কৰি আহিছে।
-
গামখাৰু
গামখাৰু হৈছে অসমীয়া পুৰুষ-মহিলা উভয়ে সৌন্দৰ্য বৰ্ধনৰ বাবে হাতত পিন্ধা খাৰু বিশেষ। গামখাৰু অসমীয়া গহনাৰ এবিধ পুৰণি অলংকাৰ। পুৰণি দিনত ইয়াৰ ব্যৱহাৰ সাধাৰণ আছিল যদিও বৰ্তমান বিহুৰ সময়তহে নাচনীৰ হাতত গাম খাৰু দেখা যায়।
-
পেলেষ্টাইনৰ মহিলা
যদিও ৮ মাৰ্চত বিশ্বই নাৰী দিৱস উদযাপন কৰে, পেলেষ্টাইনৰ মহিলাসকলে নিজৰ অধিকাৰ আৰু লিংগ সমতাৰ বাবে আজিও সংগ্ৰাম অব্যাহত ৰাখিছে। তাৰ মূল কাৰণ হৈছে: ইজৰাইলৰ দখল আৰু অভ্যন্তৰীণ পিতৃতান্ত্ৰিক সমাজ নিয়ন্ত্ৰণ।।
-
মাকৈ
মাকৈ (Maize, হিন্দী: মক্কা, বাংলা: ভুট্টা) হৈছে একপ্ৰকাৰ গ্ৰীষ্মকালীন খাদ্যশস্য, যাক বৈজ্ঞানিকভাৱে Zea mays নামেৰে জনা যায়। ই ঘাঁহ পৰিয়ালৰ অন্তৰ্গত আৰু মানুহৰ খাদ্য, পশুখাদ্য, আৰু উদ্যোগিক কেঁচামাল হিচাপে বিশ্বজুৰি বহুলভাৱে ব্যৱহৃত। মাকৈৰ গৰাকী বুলি মায়াক কোৱা হয়।
-
মাধৱদেৱ বিশ্ববিদ্যালয়
মাধৱদেৱ বিশ্ববিদ্যালয় অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। ১৯৬৪ চনত নাৰায়ণপুৰ কলেজ নামেৰে প্ৰতিষ্ঠা হোৱা আৰু পাছলৈ মাধৱদেৱ মহাবিদ্যালয় নামৰে পুনঃনামকৰণ কৰা মহাবিদ্যালয়খন উন্নীত কৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।
-
মিছ ৱৰ্ল্ড
মিছ ৱৰ্ল্ড (Miss World) বা বিশ্ব সুন্দৰী হৈছে এক আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতা। এই আটাইতকৈ পুৰণি আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতাখন ১৯৫১ চনত এৰিক মৰ্লিয়ে যুক্তৰাজ্যত সৃষ্টি কৰিছিল। ২০০০ চনত তেওঁৰ মৃত্যুৰ পিছৰে পৰা মৰ্লিৰ বিধৱা পত্নী জুলিয়া মৰ্লিয়ে এই প্ৰতিযোগিতাৰ সহ-সভাপতিত্ব কৰে।
-
য়েমেনৰ নাৰী
য়েমেনৰ মহিলাসকলক ঐতিহাসিকভাৱে এক অসুবিধাজনক অৱস্থাত ৰখা হৈছে, যাৰ অন্তৰালত এখন পিতৃতান্ত্ৰিক সমাজ বিদ্যমান। য়েমেনৰ মহিলাসকলৰ অধিকাৰ উন্নত কৰিবলৈ য়েমেন চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে যদিওবহুতো সাংস্কৃতিক আৰু ধৰ্মীয় নীতি-নিয়মৰ লগতে এই আইনখনৰ দুৰ্বল বলবৎকৰণৰ ফলস্বৰূপে য়েমেন চৰকাৰৰ পৰা য়েমেনৰ…
-
অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লী
অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান - নতুন দিল্লী (এইমছ্ নতুন দিল্লী) ভাৰতৰ নতুন দিল্লীত অৱস্থিত এখন ৰাজহুৱা চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান। ই ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ এখন স্বায়ত্বশাসিত প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখন এইমছ্ আইন, ১৯৫৬ অনুসৰি পৰিচালিত হয়।
-
ইথিঅ’পিয়াৰ নাৰী
ইথিঅ’পিয়াৰ নাৰীক (Women in Ethiopia) লৈ কেইবাটাও অধ্যয়ন এতিয়ালৈকে কৰা হৈছে। ঐতিহাসিকভাৱে ইথিঅ’পিয়াৰ অভিজাত মহিলাসকলক প্ৰশাসক আৰু যোদ্ধা হিচাপে দেখিবলৈ পোৱা গৈছে৷ অৱশ্যে ইয়াৰ ফলত নাৰীৰ অধিকাৰ অধিক উন্নত হোৱা বুলি ক'ব নোৱাৰি৷ মহিলাসকলে উত্তৰাধিকাৰী সূত্ৰে সম্পত্তিৰ মালিক হোৱা আৰু গুৰুত্বপূৰ্ণ…
-
ইলোৰা বিজ্ঞান মঞ্চ
ইলোৰা বিজ্ঞান মঞ্চ (Ellora Vigyan Mancha) অসমত বৈজ্ঞানিক দৃষ্টিভংগী বিয়পাই অন্ধ বিশ্বাসৰ বিৰুদ্ধে যুঁজিবলৈ আৰু স্বাস্থ্য সজাগতা, জলবায়ু পৰিৱৰ্তনৰ বাবে অভিযান আৰু আন্দোলন আৰম্ভ কৰিবলৈ প্ৰতিষ্ঠা কৰা এক অলাভজনক, বেচৰকাৰী সংস্থা। ২০০৪ চনৰ ১৫ মে' তাৰিখে ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা কৰা হৈছিল।
-
কলাখাৰ
কলাখাৰ বা খাৰ হ’ল কলৰ বাকলি অথবা মূঢ়া শুকুৱাই পুৰিলে ওলোৱা ছাইত পানী দি থৈ পিছত তাৰ পৰা নিগৰি ওলোৱা খাৰ-পানী। সাধাৰণতে ভীমকল গছৰ পটুৱা ছিৰলা-ছিৰিলিকৈ ফালি ৰ’দত শুকুৱাই, জুইত পুৰি, তাৰ ছাইৰ পৰা কলাখাৰ তৈয়াৰ কৰা হয়।
-
কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰামাণীকৰণ পৰিষদ
কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ পৰিষদ (Central Board of Film Certification, CBFC) বা কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰামাণীকৰণ পৰিষদ হৈছে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক বিধিগত চলচ্চিত্ৰ প্ৰমাণীকৰণ সংস্থা।
-
কৈৱৰ্ত জনগোষ্ঠী
কৈৱৰ্ত বা জালিয়া কৈৱৰ্ত সকল অসমৰ এটা প্ৰাচীনতম জনগোষ্ঠী। কৈৱৰ্তসকল মূলতে মাছমৰীয়া সম্প্ৰদায় আছিল, পিছলৈ সংস্কৃতকৰণৰ জৰিয়তে তেওঁলোকৰ বাণিজ্যিক সমৃদ্ধি আৰু বৈষ্ণৱীয় সংযোগৰ সহায়ত বৃহত্তৰ হিন্দুসম্প্ৰদায়ৰ অন্তৰ্গত এক সন্মানীয় জাতিগত পৰিচয় লাভ কৰে।
-
খৰিচা
খৰিচা হৈছে বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য। এছিয়া মহাদেশৰ বিভিন্ন দেশৰ খাদ্যাভ্যাসত খৰিচাৰ ব্যৱহাৰ হয় আৰু ইয়াক বিভিন্ন নামেৰে জনা যায়। অসম তথা উত্তৰ-পূব ভাৰতৰ ভৈয়ামৰ জাতি-জনজাতিৰ দৰে পাহাৰীয়া জন-জনজাতিৰো এয়া উপাদেয় খাদ্য। ইয়াৰ বহুতো ঔষধিয় গুণ আছে।
-
চুঙা চাউল
চুঙা চাউল তিয়াই লোৱা বৰা চাউল কুমলীয়া বাঁহৰ চুঙাত ভৰাই চুঙাটো জুইত পুৰি তৈয়াৰ কৰা এবিধ আহাৰ। জুইত সেকি লেৰেলাইলোৱা কলপাতেৰে চুঙাটোত সোপা দি লোৱা হয়। চুঙাটোৰ ভিতৰৰ চাউলখিনি ভাপত সিজি খোৱাৰ উপযোগী হয়।
-
তৃতীয় লিংগ
তৃতীয় লিংগ (third gender) হৈছে এনে এক ধাৰণা য’ত ব্যক্তিক নিজৰ দ্বাৰা বা সমাজৰ দ্বাৰা পুৰুষ বা নাৰী বুলি শ্ৰেণীভুক্ত কৰা নহয়। তিনিটা বা তাতকৈ অধিক লিংগক স্বীকৃতি দিয়া সমাজত ই এক সামাজিক শ্ৰেণী।
-
দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়
দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় বা ডিচিবি গাৰ্লছ কলেজ যোৰহাটৰ কৃষ্ণকান্ত সন্দিকৈ পথত অৱস্থিত এখন চৰকাৰী মহাবিদ্যালয়। ১৯৫৫ চনত স্থাপিত এই মহাবিদ্যালয়খন উজনি অসমৰ প্ৰথমখন মহিলা মহাবিদ্যালয়।
-
পাতত দিয়া
পাতত দিয়া (cooked in banana leaf) হৈছে ভাৰতকে ধৰি ইণ্ডোনেছিয়া, মালয়েছিয়া, লাওছ আদি এছিয়াৰ বিভিন্ন দেশৰ লগতে মেক্সিকো, হাৱাই আদি দেশৰ বিভিন্ন জনগোষ্ঠীৰ এক ৰন্ধনশৈলী। এই পদ্ধতিত সাধাৰণতে কলপাতেৰে খাদ্য বস্তু মেৰিয়াই ৰন্ধা হয়।
-
ফাকে জনগোষ্ঠী
টাইফাকে জনগোষ্ঠী হল অসম আৰু অৰুণাচলৰ এটা টাই জাতিৰ অন্তৰ্গত উত্তৰপূবৰ টাই জনগোষ্ঠী। এওঁলোক এটা ক্ষুদ্ৰ জনগোষ্ঠী। গ্ৰীয়েৰ্চনৰ মতে ফাকেসকল ১৭৬০ চনত অসমত প্ৰৱেশ কৰিছিল৷ ১৯৭৫ চনত চীনৰ হুকং উপত্যকাৰপৰা অসমলৈ তেওঁলোকৰ প্ৰব্ৰজন ঘটে।
-
বিদ্যা ভাৰতী
বিদ্যা ভাৰতী (Vidya Bharati; সম্পূৰ্ণ নাম: বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থান) হৈছে সমগ্ৰ ভাৰতত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ ঘটোৱা এটা বেচৰকাৰী শৈক্ষিক অনুষ্ঠান। ই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ এক ভগ্নী অনুষ্ঠান।
-
বিশ্ব বাণিজ্য সংস্থা
বিশ্ব বাণিজ্য সংস্থা (World Trade Organization) বা চমুকৈ ডব্লিউ টি অ’ (WTO) হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উদাৰীকৰণৰ উদ্দেশ্যৰে গঠিত এক আন্তৰ্জাতিক সংগঠন। ১৯৪৮ চনত গঠন হোৱা জেনেৰেল এগ্ৰীমেণ্ট অন টেৰিফছ এণ্ড ট্ৰেড (General Agreement on Tariffs and Trade) বা চমুকৈ গেট (GATT) এই সংগঠনটোৰ পূৰ্বসূৰী আছিল।
-
বৃন্দাবনী বস্ত্ৰ
বৃন্দাৱনী বস্ত্ৰ ( Brindavoni Bastra) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত অসমীয়া শিপিনিয়ে বৈ উলিওৱা এখন দীঘলীয়া বস্ত্ৰ। বস্ত্ৰখনত বৃন্দাবনত কৰা শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে।
-
লিংগভিত্তিক অধ্যয়ন
লিংগভিত্তিক অধ্যয়ন (Gender studies) লিংগ পৰিচয় তথা লিংগ প্ৰতিনিধিত্ব বিশ্লেষণৰ বাবে নিবেদিত এটি আন্তঃশৃঙ্খলা শিক্ষামূলক ক্ষেত্ৰ। ইয়াৰ অন্তৰ্গত বিষয় সমূহ হৈছে মহিলাসকলৰ অধ্যয়ন (নাৰী, নাৰীবাদ, লিংগ তথা ৰাজনীতি সম্পৰ্কিত), পুৰুষ অধ্যয়ন আৰু কুইয়াৰ অধ্যয়ন।
-
লেহেংগা
লেহংগা (হিন্দী: लेहंगा), লেহেংগা বা লাংগা (ঘগ্ৰা, চানিয়ো, পাৰো, পাৱড়া, বা লাচা বুলিও জনা যায়) হৈছে ভাৰতীয় উপমহাদেশৰ মহিলা সকলে পৰিধান কৰা গোৰোহালৈকে দীঘল স্কাৰ্টৰ এটা প্ৰকাৰ। লেহেংগা সজ্জিত কৰিবলৈ পৰম্পৰাগত এম্ব্ৰয়ডাৰীৰ বিভিন্ন আৰ্হি আৰু শৈলী ব্যৱহাৰ কৰা হয়।
-
ৰুটী
ৰুটী হৈছে গোল চেপেটা আটা বা ময়দাৰে প্ৰস্তুত কৰা এবিধ খাদ্য। ইয়াক চাপাটি বুলিও জনা যায়। ইয়াৰ ব্যৱহাৰ প্ৰথমে ভাৰতীয় উপমহাদেশত আৰম্ভ হয়। ইয়াক শিলত গুৰি কৰা ঘেঁহুৰ আটাৰ লগত পানী, নিমখ আৰু তেল মিহলাই প্ৰথমে লাৰুৰ দৰে কৰি বেলনাৰে বেলি গোল আৰু চেপেটা কৰি লোৱা হয়।