অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বেথুন কলেজ

বেথুন কলেজ ভাৰতৰ কলকাতাত অৱস্থিত এখন মহিলা মহাবিদ্যালয়। ১৮৪৯ চনত এইখন বালিকা বিদ্যালয় হিচাপে স্থাপন কৰা হৈছিল। পিছলৈ ১৮৭৯ চনত ইয়াক মহাবিদ্যালয়লৈ উন্নীত কৰা হয়। কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত বেথুন কলেজ এছিয়াৰ আটাইতকৈ পুৰণি মহিলা মহাবিদ্যালয়।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৬ ৩৭৬ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বেথুন কলেজ ভাৰতৰ কলকাতাত অৱস্থিত এখন মহিলা মহাবিদ্যালয়। ১৮৪৯ চনত এইখন বালিকা বিদ্যালয় হিচাপে স্থাপন কৰা হৈছিল। পিছলৈ ১৮৭৯ চনত ইয়াক মহাবিদ্যালয়লৈ উন্নীত কৰা হয়। কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত বেথুন কলেজ এছিয়াৰ আটাইতকৈ পুৰণি মহিলা মহাবিদ্যালয়।১

ইতিহাস

১৮১৮ চনত কলকাতাত ডেভিড হেয়াৰ স্কুল ছোচাইটি প্ৰতিষ্ঠা হোৱাৰ পিছৰ পৰায়ে নাৰীৰ শিক্ষাৰ অধিকাৰ পুৰুষৰ সমান হয় নে নহয় এই বিষয়ত বহু তৰ্ক-বিতৰ্ক হৈছিল। এই ছোচাইটিৰ এগৰাকী সচিব ৰজা ৰাধাকান্ত দেৱৰ নাৰীশিক্ষাৰ পক্ষত মত থাকিলেও অন্যান্য সদস্য সকলৰ মত বিৰোধ আছিল। ১৮২১ চনত ব্ৰিটিছ ফৰেইন ছোচাইটিৰ মিছ মেৰী এন কুকক ভাৰতত নাৰী শিক্ষাৰ প্ৰসাৰৰ বাবে ভাৰতলৈ পঠিওৱা হৈছিল। তেওঁৰ লগত ডেভিড হেয়াৰ স্কুল ছোচাইটিৰ লগত মতানৈক্য হোৱাৰ বাবে তেওঁ চাৰ্চ মিছন ছোচাইটিৰ লগত কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰচেষ্টাৰ বাবেই ২৭৭ গৰাকী বালিকায়ে ১০ খন স্কুলত পঢ়াৰ সুবিধা লাভ কৰে। ইয়াৰ পিছত লৰ্ড আৰ্মহাষ্টৰ পত্নীয়ে "বেংগল লেডীছ ছোচাইটি" গঠন কৰে। ১৮৩৮ চনৰ এক চৰকাৰী প্ৰতিবেদন অনুসৰি অঞ্চলটোৰ ১৯ খন বালিকা বিদ্যালয়ত ৪৫০ গৰাকী বালিকায়ে নামভৰ্তি কৰিছিল।

১৮৫০ চনৰ ৬ নৱেম্বৰ তাৰিখে বেথুন কলেজৰ আধাৰশিলা অনুষ্ঠান
১৮৫০ চনৰ ৬ নৱেম্বৰ তাৰিখে বেথুন কলেজৰ আধাৰশিলা অনুষ্ঠানছবি: Original uploader was Jayantanth at bn.wikipedia · Public domain

বেথুন চাহাব হিচাপে খ্যাত জন এলিয়ট ড্ৰিংকৱাটাৰ বিটনে ভাৰতত নাৰী শিক্ষাৰ প্ৰসাৰৰ বাবে কাম আৰম্ভ কৰে। তেওঁৰ প্ৰচেষ্টাতে কলিকতাৰ মিৰ্জাপুৰৰ ৰজা দক্ষিণাৰঞ্জন মুখোপাধ্যায়য়ে দান কৰা মাটিত হিন্দু মহিলা বিদ্যালয় স্থাপন হয়। ১৮৪৯ চনৰ ৭ মে' তাৰিখে ইয়াৰ নাম পৰিৱৰ্তিত কৰি বেথুন স্কুল ৰখা হয়। পণ্ডিত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ এই স্কুলৰ কাৰ্য্যকৰী সমিতিৰ প্ৰথম সভাপতিৰ পদ অলংকৃত কৰিছিল। বেথুন চাহাবে তেওঁৰ যাৱতীয় সকলো সম্পত্তি এই স্কুলৰ নামত দান কৰে। ১৮৫০ চনৰ ৬ নৱেম্বৰ তাৰিখে বংগ প্ৰদেশৰ ডেপুটি গভৰ্নৰে ইয়াৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে।২

কলেজলৈ উন্নীতকৰণ

বেথুন স্কুলৰ সভাপতি বিচাৰপতি ছাৰ ৰিচাৰ্ড গাৰ্থ আৰু সম্পাদক মনমোহন ঘোষৰ প্ৰচেষ্টাৰ ফলত ১৮৭৮ চনৰ ১ আগষ্ট তাৰিখে বেথুন স্কুলৰ লগত বংগ মহিলা বিদ্যালয়ৰ সৈতে সংযুক্ত কৰা হয়।২১৮৭৯ চনৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা বেথুন স্কুলৰ প্ৰথম স্নাতক কাদম্বিনী গাংগুলীয়ে উচ্চশিক্ষাৰ ইচ্ছা প্ৰকাশ কৰে। তেওঁৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই বেথুন স্কুলক কলেজলৈ উন্নীত কৰা হয়। এগৰাকী মাত্ৰ ছাত্ৰী কাদম্বিনী গাংগুলীকলৈ নিয়ে বেথুন কলেজৰ পাঠদান আৰম্ভ হয়।২ ১৮৮৮ চনৰ ফেব্ৰুৱাৰী মাহত কলিকতা বিশ্ববিদ্যালয়ে এই কলেজৰ বি.এ. ডিগ্ৰী সম্পূৰ্ণৰূপে অনুমোদন জনায়।২

বিখ্যাত প্ৰাপ্তন ছাত্ৰী

  • কাদম্বিনী গাংগুলী, ভাৰতৰ প্ৰথম দুগৰাকী মহিলা স্নাতকদ্বয়ৰ এগৰাকী আৰু ইউৰোপীয় চিকিৎসা পদ্ধতিত শিক্ষিত প্ৰথম দক্ষিণ এছিয়ান মহিলা চিকিৎসক
  • চন্দ্ৰমুখী বসু, কাদম্বিনী গাংগুলিৰ সৈতে স্নাতক, তাৰপিছত বেথুন কলেজৰ অধ্যক্ষ আৰু দক্ষিণ এছিয়াৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠানৰ প্ৰথম মহিলা অধ্যক্ষ
  • অমলপ্ৰভা দাস, প্ৰখ্যাত গান্ধীবাদী সমাজকৰ্মী তথা অসমৰ প্ৰথম পদ্মশ্ৰী বিজয়ী মহিলা
  • কামিনী ৰায়, কবি, সমাজকৰ্মী ও নাৰীবাদী
  • সুধালতা দুৱৰা, অসমৰ প্ৰথম মহিলা স্নাতক আৰু এলাহবাদ ক্ৰচৱেইট কলেজৰ অধ্যক্ষা।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bethune College – Banglapedia. en.banglapedia.org
  2. ↑ Acharya, Poromesh. Calcutta, the Living City. Oxford University Press. পৃ. 86–7. ISBN 0-19-563696-1

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেথুন কলেজ” প্ৰবন্ধৰ সংশোধন ৬৩৪৯১৭ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।