অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান

উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (North East Institute of Science and Technology; পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ) হৈছে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংসদৰ (Council of Scientific and Industrial Research চমুকৈ CSIR) অধীনস্থ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আঞ্চলিক গৱেষণাগাৰ।

হালনাগাদ: ২৫ আগষ্ট ২০২১ ৩৮৬ শব্দ · ২ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (North East Institute of Science and Technology; পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ) হৈছে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংসদৰ (Council of Scientific and Industrial Research চমুকৈ CSIR) অধীনস্থ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আঞ্চলিক গৱেষণাগাৰ। এই প্ৰতিষ্ঠানটো ১৯৬১ চনৰ ১৮ মাৰ্চত যোৰহাটত প্ৰতিষ্ঠা কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ বিপুল সম্পদৰাজিৰ ওপৰত গৱেষণা কৰি এইবোৰৰ সুব্যৱহাৰৰ জৰিয়তে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত বৰঙণি আগবঢ়োৱাই এই গৱেষণাৰ মূল লক্ষ্য। অঞ্চলটোৰ দীৰ্ঘকালীন সমস্যাসমূহ সমাধানৰ জৰিয়তে উদ্যোগিকৰণত সহায় কৰা, অঞ্চলটোৰ গৱেষণা সংক্ৰান্তিয় সমস্যাসমূহ সমাধান কৰা আৰু অঞ্চলটোৰ ৰাজ্যিক অনুষ্ঠানসমূহৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন গৱেষণাগাৰসমূহৰ লগত সম্পৰ্ক স্থাপন কৰি অঞ্চলটোৰ অৰ্থনৈতিক অনগ্ৰসৰতা দূৰ কৰাৰ বাবে কাম কৰা আদি লক্ষ্য আগত ৰাখি এই গৱেষণাগাৰে প্ৰচেষ্টা চলাই আহিছে। ১৯৮১ চনত অৰুণাচল প্ৰদেশৰ ইটানগৰত ইয়াৰ এটা শাখা খোলা হয়।১

কৰ্মৰাজি

মূল প্ৰৱেশদ্বাৰ
মূল প্ৰৱেশদ্বাৰছবি: Chiring chandan · CC BY-SA 4.0

এই প্ৰতিষ্ঠানত হোৱা গৱেষণাৰ পৰিসৰ অতি বহল। ইয়াত গৱেষণা হোৱা বিভিন্ন বিষয়সমূহ হ'ল‌- জীৱবিদ্যা (Bioscience), কেমিকেল ইঞ্জিনিয়াৰিং (Chemical Engineering), চিভিল ইঞ্জিনিয়াৰিং (Civil Engineering), কয়লা, ঔষধ আৰু ঔষধি দ্ৰব্য (Drugs and Pharmaceuticals), সাধাৰণ ইঞ্জিনিয়াৰিং (General Engineering), ভূ-বিজ্ঞান (Geo Science), অজৈৱ ৰসায়ন (Inorganic Chemicals), ঔষধি গুণযুক্ত আৰু অৰ্থনৈতিক দিশৰ পৰা প্ৰয়োজনীয় গছ (Medicinal and Economic Plants), প্ৰাকৃতিক সম্পদসমূহ (Natural Products), পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ (Petroleum and Natural Gas), মাটি আৰু অনুজীৱবিদ্যা (Soil Microbiology), বিশেষভাৱে তৈয়াৰ কৰা কাগজ ব'ৰ্ড (Speciality Papers and Boards) আৰু সাংশ্লেষিক ৰসায়নবিজ্ঞান (Synthetic Chemistry)। ইয়াৰোপৰি এই প্ৰতিষ্ঠানে বৈশ্লেষিক সেৱা (Analytical service) আগবঢ়ায়।

নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাত এই গৱেষণাগাৰৰ পৰীক্ষামূলক ফাৰ্ম আছে। উত্তৰ-পূবৰ ১২খন ঠাইত ৰাষ্ট্ৰীয় ভূভৌতিক গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত স্থাপন কৰা ভূমিকম্প পৰ্যবেক্ষণ কেন্দ্ৰত অহৰহ তথ্য সংগ্ৰহ কৰি ভূমিকম্পৰ ওপৰত অধ্যয়ন কৰা হয়। তদুপৰি এই অঞ্চলৰ দৰিদ্ৰ গাঁৱৰ ৰাইজৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে ভিতৰুৱা গাঁও কিছুমান বাছি উলিয়াই সেইবোৰৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতি উন্নতিৰ বাবে প্ৰচেষ্টা চলাই আহিছে। গাঁৱত পোৱা বিভিন্ন কেঁচামালেৰে সৰু উদ্যোগ প্ৰতিষ্ঠা কৰা, কম খৰচতে গাঁৱত ব্যৱহাৰ কৰিব পৰা প্ৰযুক্তি বিদ্যাৰ উদ্ভাৱন আদিৰ বাবে কাম কৰিছে। ইয়াৰ ভিতৰত চিত্ৰনলাৰ পৰা তেল উলিওৱা পদ্ধতি, খোৱা কাঠফুলাৰ খেতি কৰা পদ্ধতি, কম খৰচত পানী ছেকন কৰাৰ উপায় আদিয়েই প্ৰধান।

আন্তঃৰাষ্ট্ৰীয় আৰু বিদেশী অনুষ্ঠানৰ সহযোগিতাত যুটীয়া ভাৱে বহুতো প্ৰকল্পৰ গৱেষণাৰ কাম এই প্ৰতিষ্ঠানত চলি আছে। সময়ে সময়ে ইয়াত বৈজ্ঞানিক, উদ্যোগ প্ৰতিষ্ঠানৰ উদ্যমী লোক, উদ্যোগী আৰু উদ্যোগ প্ৰতিষ্ঠানৰ কৰ্ম-কৰ্তাসকলক প্ৰশিক্ষণ দিয়া হয়। তদুপৰি বছৰি বিভিন্ন বিষয়ত বিজ্ঞানীসকলৰ মাজত ভাব বিনিময়ৰ বাবে ছেমিনাৰ অনুষ্ঠিত কৰা হয়। যোৰহাটৰ এই প্ৰতিষ্ঠানৰ গৱেষণাগাৰত উদ্ভাৱন কৰা প্ৰযুক্তিবিদ্যাৰে বহুতো উদ্যোগ গঢ় লৈ উঠিছে। আনহাতে তেল আৰু গেছ,কীটনাশক ঔষধ, চিমেণ্ট আদি উদ্যোগৰ কাৰ্যদক্ষতা বৃদ্ধিৰ বাবে এই গৱেষণাগাৰত উদ্ভাৱন কৰা বিভিন্ন পদ্ধতি উদ্যোগ সমূহত ব্যৱহাৰ কৰি যথেষ্ট উপকৃত হৈছে।

তথ্যসূত্ৰ

  1. ↑ চিত্ৰ-বিচিত্ৰ অসম. (২০০৩). উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান. জ্যোতি প্ৰকাশন

সম্পৰ্কিত শ্ৰেণী

অসমৰ গৱেষণা প্ৰতিষ্ঠানসমূহযোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ২৯২৩৯৯ (২৫ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।